মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ডিমাচাৰ ‘হাংচেউ মানাওবা’:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমাচাৰ ‘হাংচেউ মানাওবা’:

ডিমাচাৰ ‘হাংচেউ মানাওবা’: উৎসব-

 

ডিমাচাসকলে ‘হাংচেউ মানাওবা’ নামেৰে বিহু উৎসৱ পালন কৰে। এই উৎসৱৰ বাবে এসপ্তাহ লাগে। আৰম্ভণিৰ পৰা শেষলৈকে দিনে-ৰাতিয়ে বাদ্যযন্ত্ৰ বন্ধ নোহোৱাকৈ বাজি থাকে আৰু দল সলনা-সলনি কৰি নাচি থাকিব লাগে। এই উৎসৱত নগাসকলৰ কৃষ্টিৰ প্ৰভাৱ সোমাই পৰিছে বুলিয়েই বিশ্বাস।

‘হাংচেউ’ হৈছে নগা শব্দ। ইয়াৰ অৰ্থ ডেকাদল। ইয়াৰ গুৰি বিচাৰি গ’লে পোৱা যায় যে উত্তৰ কাছাৰৰ ডিমা ৰজাই এগৰাকী নগা ছোৱালী বিয়া কৰাইছিল। উক্ত ৰাণীৰ কথামতেই ৰজাই কহিমাত ডেকা দলক নগা কৃষ্টি শিকাবলৈ পঠিয়াইছিল। তাৰেই প্ৰভাৱত হাউবা আদি নগা কৃষ্টিৰ আমদানি হৈছে বুলি বৰ্তমান হাফলঙৰ সাহিত্যিক পেন্সনাৰ প্ৰয়াত শিক্ষা মন্ত্ৰী জয়ভদ্ৰ হাগজেৰৰ সহধৰ্মিণী নিৰুপমা হাগজেৰে জনাইছিল। ডিমাচাসকলে মাঘৰ বিহুৰ সময়তে এই উৎসৱ পালন কৰে। ডিমাচাসকলে মাঘৰ বিহুক ‘বুচু’ বোলে। ব’হাগ বিহু, কাতি বিহু এওঁলোকে ভৈয়ামৰ দৰে পালন নকৰে। অৱশ্যে বৰ্তমান মঞ্চ বিহুত ডিমাচাসকলেও কনিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই উৎসৱ পালন কৰিবলৈ এবছৰ আগৰ পৰাই সিদ্ধান্ত গ্ৰহণ কৰে। লগে লগে ‘গাজাইবাউ’ ঠিক কৰে। ‘গাজাইবাউ’ মানে যাৰ ঘৰৰ চোতালত বিহুতলী কৰিব পাৰে তাৰ গিৰিহঁতনী। এই শব্দটোও নগা ভাষাৰ পৰা অহা। গাজাইবাউ অতি ধৈৰ্যশীল হ’ব লাগে, নহ’লে উপযুক্ত নহয় বুলি ডেকা-গাভৰুসকলে বদনাম দিয়ে। এমাহ আগৰে পৰা ডেকা-গাভৰুসকলৰ খেল-ধেমালি, অহা-যোৱাৰ উৎপাত সহ্য কৰি থাকিব লাগে। হাঁহি মুখেৰে মিঠা মাতেৰে তেওঁলোকৰ লগত কথা পাতিব লাগে। এই সময়ত গাঁৱৰ ডেকা-গাভৰুসকলে দূৰণিৰ সম্বন্ধীয়া মানুহক নিয়ন্ত্ৰণ কৰে। প্ৰচুৰ পৰিমাণৰ ‘জু’ৰ প্ৰয়োজন হয় বাবে কমেও পাঁচ কুইন্টল চাউলৰ জু তৈয়াৰ কৰে। জীয়ৰী-বোৱাৰীসকলে এমাহমান আগৰ পৰাই ধান খুন্দা, জু বনোৱা আদি কামত ব্যস্ত হৈ পৰে। আৰম্ভণিৰ পৰাই ডিমাচাসকলৰ আপুৰুগীয়া কৃষ্টি খ্ৰাম মড়ী বজোৱা আৰম্ভ হয়। খোৱা বস্তুৰ ভিতৰত মদ-মাংসই প্ৰধান। ইয়াৰ লগতে বৰাভাত খাবলৈ পায়। বৰাভাত খাব নোৱৰাসকলে ভাত খায়। ডেকা-গাভৰুসকলে চোতালত নাচত ব্যস্ত থকা সময়ত বুঢ়া-বুঢ়ীসকলে ঘৰৰ ভিতৰত বহি গীতেৰে তৰ্কাতৰ্কি কৰে। বৰ্তমান ডিমাচাসকলৰ মাজত বিহু নৃত্যৰ প্ৰচলন প্ৰায় নাইকিয়া হৈছে। নিৰুপমা হাগজেৰে বাঙালী কৃষ্টি আৰু বাংলা ভাষাৰ প্ৰভাৱ ডিমাচা সমাজত পৰা বুলি উল্লেখ কৰে। ডিমাচাসকলে প্ৰাথমিক বিদ্যালয়তো বৰ্তমান বাংলা ভাষাকে অধ্যয়ন কৰি থকাৰ বাবে জিলা ভাষা-কৃষ্টিৰ প্ৰতি উদাসীন হোৱা বুলি মন্তব্য কৰে। মাঘৰ বিহুৰ সময়তে মেজি-ভেলাঘৰ আদিৰ দৰে এওঁলোকেও ঘৰৰ বাহিৰত ঘৰ এটি সাজে। তাতেই গোটেই নিশা খ্ৰাম মড়ী বজাই ৰং-ধেমালীৰে নৃত্য কৰি সকলোৰে জু, মাংসৰ লগতে উৰুকাৰ নিশাটোত ভোজ-ভাত খাই আনন্দ উৎসৱ কৰে। ডিমাচাসকলে ব্ৰাহ্মণসকলৰ জৰিয়তেই পূজা-পাতল কৰিছিল যদিও ব্ৰাহ্মণসকল এই জিলাত নাইকিয়া হোৱাত তেওঁলোকৰ ভিতৰৰে পূজাৰী বা দেউৰী এগৰাকী নিৰ্বাচিত কৰি পূজা-পাতল কৰিবলৈ ল’লে। এওঁলোক ‘জন্টা’ই বুলি জনাজাত। জন্টাইসকলৰ অবিহনে বিহু, পূজা-পাতল আদি নহয়। সমাজত এওঁলোক আজিও অপৰিহাৰ্য হৈ আছে।

লেখক:কুমুদ চন্দ্ৰ ডেকা(অসমীয়া প্ৰতিদিন)

2.76
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top