অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঢেঁকী আৰু উৰাল-গায়েন লোককৃষ্টিৰ বাহক:

ঢেঁকী আৰু উৰাল-গায়েন লোককৃষ্টিৰ বাহক:

 

অসমীয়া সমাজ জীৱনত ঢেঁকী আৰু উৰাল-গায়েন বৰ প্ৰয়োজনীয় সমল আছিল এটা সময়ত। জনজাতি সমাজতো ঢেঁকী, বিশেষকৈ উৰাল-গায়েনৰ চাহিদা বেছি। গ্ৰামাঞ্চলত বাস কৰা প্ৰতিটো পৰিয়ালতে আনকি চহৰ অঞ্চলৰো পুৰণা বাসিন্দাসকলৰ ঘৰত ঢেঁকী আছিল। লোককৃষ্টিত অৰিহণা যোগোৱা এই দুবিধ সম্পদ এসময়ত নহ’লেই নোহোৱা সম্পদ আছিল। তাহানি গ্ৰামাঞ্চলত এই ঢেঁকী আৰু উৰাল-গায়েনত ধান বানে, জলপান তৈয়াৰ কৰে। আঘোণ মাহৰপৰা মাঘ বিহু পৰ্যন্ত অসমীয়া জীয়ৰী-বোৱাৰীৰ ধান বনা, জলপান খুন্দা আদি কামত তৎ নাইকিয়া হয়।

এই ঢেঁকী দীঘলে ছয়-সাতফুটমান হয়। ইয়াক শিলিখা, কঁঠাল আদি টান কাঠেৰে সজা হয়। ঢেঁকীৰ মূৰটোত এটা ফুটা কৰা হয়, য’ত থোৰা লগোৱা হয়। থোৰাৰ মুখখন এডাল লোহাৰ গুলছ লগোৱা হয় ধান, চাউল আদি সোনকালে গুড়ি হ’বলৈ। ঢেঁকীটো যি ঠাইত পতা হয় সেই ঠাইখনক ঢেঁকীশাল বোলে। তাহানি সেই ঢেঁকীশালখনেই আছিল অসমীয়া জীয়াৰী-বোৱাৰীৰ আডড়াৰ থলী। ঢেঁকীশালখনত ঢেঁকীৰ সঁজুলী ডলা, কূলা, চালনী, খৰাহী, বাঢ়নি আদি ৰখা হয়। বিহু, বিয়া আদি উৎসৱ-পাৰ্বণত এই ঢেঁকীশালখনতেই মহিলাসকলে জলপান প্ৰস্তুত কৰাৰ খোলা পাতে। মুঠতে ঢেঁকীশালখনতেই জলপান, পিঠা-পনা আদি নানা ৰং-ৰহইচৰ মাজেৰে মহিলাসকলে তৈয়াৰ কৰে। ধান বনা বা যিকোনো জলপান খুন্দিবলৈ খুবলি পতা হয়। এই খুবলিটো টান কাঠ বা শিলৰে মাজতে ফুটা কৰি বনোৱা হয়। ঢেঁকীটো দুযোৰ কতৰাৰ মাজেৰে সুমুৱাই দিয়া হয়। ঢেঁকীৰ পিছৰ অংশক ফিছা বুলি কোৱা হয়। ফিছাখনৰ মাজেদিও এটা ফুটা কৰা হয়। সেই ফুটাটোৰে এডাল কাঠৰ মোটা শলা ভৰাই সেই কতৰা দুযোৰৰ মাজেদি সুমুৱাই দিয়া হয়। মোটা শালডালক কোৱা হয় আখল শলা। এনেদৰেই একোটা ঢেঁকী অসমীয়া লোকে তাহানি প্ৰস্তুত কৰিছিল।

তেনেদৰে ‘উৰাল-গায়েন’ অসমীয়া কৃষিজীৱী লোকৰ বাবে বৰ প্ৰয়োজনীয় সামগ্ৰী। এই উৰাল-গায়েন সাধাৰণতে শাল, কঁঠাল আদি টান কাঠেৰে প্ৰস্তুত কৰা হয়। প্ৰায় তিনি-চাৰিফুটমান বহল, আৰু ডেৰ-দুই ফুটমান ওখ কৰি উৰাল বনোৱা হয়। ডাঙৰ কাঠৰ টুকুৰাৰ মাজটো বটালিৰে খুলি লয়। উৰালটো নাফাটিবৰ বাবে প্ৰায় দহ-পোন্ধৰ দিনমান পানীত গোৰাই থয়। গায়েন হৈছে উৰালত ব্যৱহাৰ কৰা মাৰিডাল। গায়েন নহ’লে উৰালৰ কোনো অস্তিত্ব নাই। প্ৰায় চাৰি-পাঁচফুটমান দীঘল পাঁচ-ছয় ইঞ্চিমান বহল এডাল কাঠৰ মাৰিয়ে হৈছে গায়েন। এই গায়েনডালো টান কাঠেৰে তৈয়াৰ কৰে। গায়েনডালৰ মূৰটোত এছটা টান লোহাৰ বেৰ লগোৱা হয়। তেতিয়া ধান আৰু যিকোনো দ্ৰব্য সোনকালে গুৰি হয়। এই লোহাডালক ‘গামা’ বুলি কয়। বিহু, বিয়া আদি উৎসৱ-পাৰ্বণত এই উৰাল-গায়েনৰ প্ৰয়োজন ঢেঁকীৰ দৰে যথেষ্ট। উৰাল-গায়েন আমি দ্বাপক যুগত থকাৰো উমান পাওঁ। দ্বাপৰ যুগত মাক যশোদাই(শ্ৰীমদ্ভাগৱতত বৰ্ণিত) শ্ৰীকৃষ্ণই উৰালত বন্ধাৰ বৰ্ণনা পোৱা যায়। উৎপতীয়া কৃষ্ণই উৰালৰ সৈতে টানি নি নাৰদৰ শাপগ্ৰস্ত যমলাৰ্জ্জুন দুজোপা ডাঙৰ গছৰ ফেৰেঙণিৰ মাজেৰে পাৰ হৈ গছ দুজোপা বগৰাই দিয়ে। শাপগ্ৰস্তা নলকুবেৰ পুত্ৰদ্বয় শাপমুক্ত হৈ কৃষ্ণৰ প্ৰণামী গুচি যায়। গতিকে তেতিয়াও উৰাল-গায়েনৰ প্ৰচলন আছিল বুলি জানিব পাৰি। তেনেদৰে ঢেঁকীটোও নাৰদমুনিৰ বাহন আছিল বুলি জনা যায়।

বৰ্তমান আধুনিক যুগত প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱত এই ঢেঁকী , উৰাল-গায়েন যেন ক্ৰমান্বয়ে লুপ্ত হোৱাৰ পথত। আধুনিক ধান বনা কল আৰু মিক্সিয়ে এই ঢেঁকী  আৰু উৰাল-গায়েনৰ ঠাই অধিকাৰ কৰিছে। তথাপি গ্ৰামাঞ্চলত আজিও অৱশ্যে এই দুই সম্পদ একেবাৰে নাইকিয়া হৈ যোৱা নাই। গ্ৰামাঞ্চলত আত্মসহায়ক গোটসমূহে আজিও ঢেঁকী আৰু উৰাল-গায়েনত জলপান প্ৰস্তুত কৰি বিক্ৰী কৰি মহিলাসকলে উপাৰ্জনৰ পথ মুকলি কৰিছে। লোককৃষ্টিৰ বাহক এই দুই সম্পদ লুপ্ত হ’বলৈ নিদি সযতনে ৰখাৰহে প্ৰয়োজন।

লেখিকা: ঊষা দেৱী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate