মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তাই বৌদ্ধধৰ্মীসকলৰ লোক উৎসৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তাই বৌদ্ধধৰ্মীসকলৰ লোক উৎসৱ :

তাই বৌদ্ধধৰ্মীসকলৰ লোক উৎসৱৰ বিষয়ে লিখা হৈছে ।

 

তাই ফাকে, তাই খাময়াং, তাই খামতি, তাই আইতন আৰু তাই তুৰ্ংসকলক লৈ গঠিত হৈছে অসমৰ তাই বৌদ্ধধৰ্মীয় সমাজ। ঋতু অনুযায়ী তাই বৌদ্ধধৰ্মী লোকসকলে কেইবাটাও পৰম্পৰাগত লোক উৎসৱ পালন কৰা দেখা যায়। উদাহৰণস্বৰুপে পয় ছাংকেন, পয় মাই ক’ চুম ফাই, পয় কিথিং, পয় কান্ত’ সাংঘা আদি উৎসৱৰ নাম উল্লেখযোগ্য। তেওঁলোকৰ মাজত প্ৰচলিত প্ৰতিটো উৎসৱ-অনুষ্ঠানতে বৌদ্ধধৰ্মৰ প্ৰভাৱ সুস্পষ্ট।

অসমৰ তাই বৌদ্ধধৰ্মী লোকসকলে পয় ছাংকেন উৎসৱৰ যোগেদি বসন্ত ঋতুক আদৰণি জনায়। ছাংকেন শব্দটো সংক্ৰান্তি শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোনো কোনোৱে ক’ব খোজে। ব’হাগ মাহৰ সংক্ৰান্তিৰ সময়ত উদযাপিত হয় বাবে এই উৎসৱক পয় ছাংকেন বা ছাংকেন বোলা হয়। তাই পঞ্জিকা চাক্ৰেটত উল্লিখিত সময়মতে তাই বৌদ্ধধৰ্মী লোকসকলে ফ্ৰা অৰ্থাৎ ভগৱান বুদ্ধৰ মুৰ্তিসমুহ মাটিলৈ নমায়। এই কাৰ্যক তেওঁলোকে ‘ফ্ৰা লুং’ বোলে। তেওঁলোকে অত্যন্ত শ্ৰদ্ধা ভক্তিৰে এই মুৰ্তিসমুহ ক্যংফ্ৰালৈ কঢ়িয়াই নিয়ে। মুৰিসমুহ ক্যংফ্ৰাত প্ৰতিষ্ঠা কৰাৰ পাছত গাঁৱৰ ৰাইজে মিলি ভগৱান বুদ্ধলৈ সেৱা জনাই কান্ত’ (প্ৰাৰ্থনা) কৰে। কান্ত’ কৰাৰ অন্তত গাঁৱৰ মহিলা তথা যুৱতীসকলে পৱিত্ৰ জলেৰে ছনফ্ৰা (বুদ্ধ) মুৰ্তিক স্নান কৰোৱা কাৰ্য সম্পন্ন কৰে। তেওঁলোকে ক্যংফ্ৰাৰ কাষতে থকা এখন নাৱত পানী ঢালে। সেই পানী বাগৰি গৈ কোঙপান (এবিধ চেৰেকী সদৃশ যন্ত্ৰ ) ত পৰাৰ লগে লগে কোঙপানটো ঘুৰিবলৈ ধৰে। তেনেদৰে ঘুৰোঁতে কোঙপানৰ গাত থকা সৰু সৰু বিন্ধাৰে পানীসমুহ ছিটিকি গৈ ক্যংফ্ৰাত স্থাপন কৰা বৌদ্ধ মুৰ্তিৰ গাত পৰে। এনেদৰে ছনফ্ৰা কৰোঁতে মহিলাসকলে বিভিন্ন বৌদ্ধস্তুতি তথা ছনফ্ৰাৰ গীত পৰিৱেশন কৰা দেখা যায়। পিছদিনা পুৱাৰ লগে লগে গাঁৱৰ মহিলাসকলে বৌদ্ধবিহাৰৰ ভন্তেক পৱিত্ৰ অন্ন দান কৰে। এই কাৰ্যক তেওঁলোকে খাওচম কৰা বোলে। ইয়াৰ পাছত ক্যংফ্ৰাৰ কাষত গাঁৱৰ পুৰুষ মহিলাসকল সমৱেত হৈ শৰাইত দৌলাকৃতিত পৱিত্ৰ অন্ন সজাই কান্ত’ কৰি ফ্ৰালৈ সেই নৈবেদ্য অগবঢ়ায়। তেওঁলোকে ইয়াক ‘তাংচম’ কৰা বোলে। এনেদৰে ধৰ্মীয় ৰীতিৰে তাংচম কৰিলে সুখ সমৃদ্ধি বৃদ্ধি পায় বুলি তেওঁলোকে বিশ্বাস কৰে।

তাংচম কৰাৰ পাছত পুনৰ বৌদ্ধমুৰ্তিক চনফ্ৰা কৰাৰ কাৰ্য আৰম্ভ হয়। চনফ্ৰাৰ লগে লগে গাঁৱৰ ৰাইজে বৌদ্ধ বিহাৰৰ চৌহদৰ ভিতৰত থকা স্তম্ভ, গছ-গছনি আদি সকলোতে পানী ঢালি বছৰটোৰ বাবে পৱিত্ৰ কৰে। প্ৰচলিত ৰীতি অনুযায়ী তেওঁলোকে তাই লিপিত বৌদ্ধস্তুতি লিখিত এডাল ৰছীক স্নান কৰায়। এই ৰছীডালক তেওঁলোকে ‘ছাই লিক’ বোলে। গাঁৱৰ পুৰুষ, মহিলা, ডেকা, গাভৰু, ল’ৰা-ছোৱালী সকলোৱে ইজনে আনজনৰ গালৈ পানী ছটিয়াই ৰং ৰহইচ কৰে। এনে কৰিলে বছৰটোৰ বাবে বিপদ বিঘিনি দুৰ হয় বুলি তেওঁলোকে বিশ্বাস কৰে।

গাঁৱৰ বয়োজ্যেষ্ঠসকলে বৌদ্ধ বিহাৰৰ প্ৰাংগণত ৰঙা চন্দন, বগা চন্দন, দুবৰিবন, বট গছ, নাহৰ পাত আদিৰ সংমিশ্ৰণত এবিধ পানীয় প্ৰস্তুত কৰে। এই পানীয়ক তেওঁলোকে ‘নাম নং চিকতা’ বোলে। এই পানীয়ৰ প্ৰয়োগে বছৰটোলৈ সকলোৰে শৰীৰৰ পৰা ৰোগ ব্যাধি দুৰ কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। সন্ধিয়াৰ লগে লগে কোনো কোনো গাঁৱত ডেকা-গাভৰুসকলে মিলি নৃত্য-গীতেৰে সমগ্ৰ পৰিৱেশটো মুখৰ কৰি তোলা পৰিলক্ষিত হয়। বিশেষকৈ শিৱসাগৰ জিলাৰ ছলাপথাৰ অঞ্চলত এই পৰম্পৰ আজিও অব্যাহত আছে।

ছাংকেন উৎসৱ আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে অৰণ্যলৈ গৈ বনৰীয়া শাক-পাচলি যেনে-খাইলং পাত, কচু, ঢেকীয়া, তৰাৰ গজালি আদি সংগ্ৰহ কৰে। ছাংকেনৰ কেইদিন তেওঁলোকে শাক পাত তোলা, জীৱ হত্যা কৰা আদি কাৰ্যৰ পৰা বিৰত থাকে।

চাক্ৰেটত উল্লিখিত সময়মতে তাই বৌদ্ধধৰ্মী লোকসকলৰ সমাজৰ বয়োজ্যেষ্ঠ পুৰুষসকলে ক্যংফ্ৰাৰ পৰা বৌদ্ধমুৰ্তিসমুহ কঢ়িয়াই পুনৰ বৌদ্ধ বিহাৰৰ বেদীত প্ৰতিষ্ঠা কৰে। এই কাৰ্যক তেওঁলোকে ‘ফ্ৰা খুন’ বোলে। ইয়াৰ পাছত সকলোৱে মিলি ভগৱান বুদ্ধলৈ কান্ত’ কৰে। ‘খামচিন থমত্ৰা’ ৰ শেষত তেওঁলোকে নিজ ঘুৰলৈ ঘুৰি গৈ ঘৰৰ মুল খুঁটাটোৰ কাষত প্ৰাৰ্থনা কৰে। এই খুঁটাটোক তেওঁলোকে ‘ফিলাম খুঁটা’ বোলে। ফিলাম খুঁটাক তেওঁলোকে অত্যন্ত পৱিত্ৰ হিচাপে গণ্য কৰে।

ছাংকেন উৎসৱ শেষ হোৱাৰ পাছত গাঁৱৰ ৰাইজে মিলি এটা নিৰ্দিষ্ট দিন ঠিক কৰি ৰাজহুৱাকৈ মাংগালা অনুষ্ঠান অনুষ্ঠিত কৰে। মাংগালা অনুষ্ঠান পালন কৰিবলৈ প্ৰস্তুত কৰি উলিওৱা ঠাইডোখৰত তেওঁলোকে কেইবা খলপীয়াকৈ মাটিৰে এটি দৌল নিৰ্মাণ কৰে। এই দলটোক তেওঁলোকে চ্যেতি কংম’ বোলে। ভন্তেৰ পৰিচালনাত সকলোৱে বৌদ্ধস্তুতিৰে বছৰটোৰ বাবে মংগল কামনা কৰি পয় ছাংকেন উৎসৱ সম্পুৰ্ণ ৰুপে সামৰণি মাৰে।

তিনিমহীয়া বৰ্ষাবাসৰ পাছত তাই বৌদ্ধধৰ্মী লোকসকলে কঠিন চীৱৰ দান নামৰ এটি অনুষ্ঠান পালন কৰে। তাই ভাষাত এই উৎসৱক তেওঁলোকে পয় কিথিং বোলে। আশ্বিনী পুৰ্ণিমাৰ পাছত প্ৰতিপদ তিথিৰ পৰা কাৰ্তিকী পুৰ্ণিমাৰ ভিতৰত এটা শুভ দিন নিৰ্বাচন কৰি কঠিন চীৱৰ দান উৎসৱ অনুষ্ঠিত কৰা হয়। অতীজতে বিশাখা নামৰ এগৰাকী মহীয়সী নাৰীৰ নেতৃত্বত সৰু সৰু মহিলাৰ হোটসমুহে একে ৰাতিৰ ভিতৰতে চীৱৰ বৈ ধৰ্মীয় ৰীতিৰে দান কৰা কাৰ্যৰ কাহিনীটোৰ পৰাই এই কঠিন চীবৰ দান উৎসৱৰ জন্ম হয় বুলি তেওঁলোকে ক’ব খোজে।

চীবৰ দানৰ আগদিনা সন্ধিয়াৰে পৰা তাই বৌদ্ধধৰ্মীয় সমাজৰ মহিলাসকলে চীবৰ তৈয়াৰ কৰিবৰ কাৰণে তাঁতশালৰ সঁজুলিসমুহ এডোখৰ নিৰ্দিষ্ট স্থানত স্থাপন কৰে। বৌদ্ধবিহাৰৰ কাষতে দিনৰ ভাগতে এখন বাৰী তৈয়াৰ কৰা হয়। এই বাৰীখনক তেওঁলোকে কপাহবাৰী বুলি অভিহিত কৰে। অতীজতে চীবৰ তৈয়াৰ কৰিবৰ কাৰণে অৰণ্যৰ পৰা কপাহ সংগ্ৰহ কৰিব লগা হৈছিল। সেই ইতিহাসৰে প্ৰতীকী উপস্থাপন উক্ত কপাহ বাৰীখন। প্ৰতীকাত্মকভাৱে নিৰ্মাণ কৰা এই কপাহবাৰীখনত ৰোপণ কৰা গছত চীবৰ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সুতাসমুহ আঁৰি থোৱা হয়। সন্ধিয়াপৰত কেইগৰাকীমান নাৰীয়ে (কোনো কোনো অঞ্চলত কিশোৰীয়ে)সম্পুৰ্ণ ধৰ্মীয় ভাবাপন্নভাৱে সেই বাৰীত প্ৰৱেশ কৰে। ভুত-প্ৰেত, অপশক্তিৰ ভাও লোৱা কেইগৰাকীমান পুৰুষে মহিলা কেইগৰাকীক উক্ত বাৰীখনত সোমাই সুতা সংগ্ৰহ কৰাত বাধা দিয়ে। বিভিন্ন কথা- বতৰা পাতি দৰদাম কৰাৰ পাছত তেওঁলোকে মহিলাকেই গৰাকীক সুতা সংগ্ৰহ কৰিবলৈ অনুমতি দিয়ে। অপশক্তিৰ ভাও লোৱা পুৰুষকেইজনৰ অভিনয়কেন্দ্ৰিক কথনভংগী, চালচলন আদিত ফুটি উঠা হাস্যৰস বহুক্ষেত্ৰত সকলো দৰ্শকৰ বাবে যথেষ্ট উপভোগ্য হৈ উঠে। কপাহবাৰীৰ পৰা সুতা সংগ্ৰহ কৰাৰ পাছত মহিলা সকলে তাঁত লগোৱাৰ যো-জা কৰে। অতীজতে অসমৰ ৰমণীয়ে যুদ্ধলৈ যোৱা প্ৰিয়জনৰ সুৰক্ষাকৱচ হিচাপে একেৰাতিৰ ভিতৰতে যি এক আন্তৰিকতা আৰু পৱিত্ৰতাৰে কৱচ কাপোৰ বৈ উলিয়াইছিল সেই একে ধৰণৰ তৎপৰতাৰে খাময়াং মহিলাসকলে এই চীবৰ একে ৰাতিৰ ভিতৰতে বৈ উলিয়ায়। এই কাপোৰ তৈয়াৰ কৰা কাৰ্যক তেওঁলোকে অত্যন্ত পুণ্যৰে কাম বুলি গণ্য কৰে। পুৱা কাউৰীয়ে কা নৌকৰোঁতেই পাঁচজন ভিক্ষুৰ উপস্থিতিত এই চীবৰ ভগৱান বুদ্ধলৈ দান কৰা হয়। তেওঁলোকে ভন্তেসকললৈও চীবৰ দান কৰে। এনেদৰে চীবৰ দান কৰা কাৰ্যক তাই বৌদ্ধধৰ্মী লোকসকলে অত্যন্ত পৱিত্ৰ কৰ্ম হিচাপে গণ্য কৰে।

কোনো কোনো অঞ্চলত তেওঁলোকে এই উৎসৱৰ লগত সংগতি ৰাখি প-তে-চা দান উৎসৱো পালন কৰা দেখা যায়। তেওঁলোকে বাঁহ, ৰঙীন কাগজ আদিৰে এজোপা কল্পতৰু বৃক্ষ সাজি উলিয়ায়। এই কল্পতৰু বৃক্ষ (পতেচা) ত ৰাইজে মনোকামনা পুৰণৰ অৰ্থে ধৰ্মীয় পুথি , মম, ধুপ, বস্ত্ৰ, ত্বানখন, কাগজৰ টকা আদি নানা সামগ্ৰী ওলোমাই দিয়ে। আবেলিৰ ভাগ লৈ এই পতেচা ডেকা-গাভৰুসকলে কঢ়িয়াই লৈ ঢোল-তাল বজাই নৰিত্য-গীত কৰি গাঁও পৰিভ্ৰমণ কৰে। পতেচা পৰিভ্ৰমণৰ সময়ত তেওঁলোকৰ মাজত যথেষ্ট আনন্দ-উল্লাস পৰিলক্ষিত হয়। এনেদৰে কঢ়িয়াই অনাৰ পাছত গাঁৱৰ-সকলো ৰাইজে মিলি ভন্তেৰ পৰিচালনাত সম্পুৰ্ণ ধৰ্মীয় ৰীতিৰে এই পতেচাক ভগৱান বৌদ্ধৰ চৰণত অৰ্পণ কৰে। পুৱাৰ ভাগলৈ গাঁৱৰ পুৰুষ-মহিলা সকলোৱে বৌদ্ধবিহাৰত উপস্থিত হৈ ভন্তেসকলৰ পৰেইচালনাত ভগৱান বৌদ্ধক আৰাধনা কৰি সকলোৰে কুশল মংগল কামনাৰে কঠিন চীবৰ দান উৎসৱৰ সামৰণি মাৰে।

মাঘ মাহৰ পুৰ্ণিমা তিথিত তাই বৌদ্ধ ধৰ্মাৱল লোকসকলে পয় মাই ক’ চুম ফাই উৎসৱ পালন কৰে। কাঠ খৰিৰে মেজি সাজি পৰম্পৰাগতভাৱে পালন কৰা উৎসৱেই হ’ল পয় মাই ক’ চুম ফাই (পয়-উৎসৱ, মাই ক’-খৰিৰ দ’ম, চুম ফাই-অগ্নি সংযোগ কৰা)। উৎসৱৰ দহ পোন্ধৰ দিন, আগৰ পৰাই গাঁৱৰ ডেকাসকলে মাই ক (মেজি)প্ৰস্তুত কৰিবৰ বাবে যাবতীয় খৰি-কাঠ যোগাৰ কৰি ৰাখে। খৰিবোৰ শুকোৱাৰ পিছত তেওঁলোকে উৎসৱৰ তিনি-চাৰিদিন আগতে মাইক’ সজাৰ কাম আৰম্ভ কৰে। মাজৰ ডোখৰ ফোঁপোলাকৈ ৰাখি এক বিশেষ পদ্ধতিৰে তেওঁলোকে ঠাক ঠাককৈ খৰিসমুহ জাপি যায়। খৰিবোৰ তললৈ বাগৰি নপৰাকৈ মাইক’টোৰ চৌপাশে কেইবাডালো বাঁহ বান্ধি দিয়া হয়। তেওঁলোকে মেজিসমুহ সাধাৰণতে ওপৰ আৰু তলৰ অংশতকৈ মাজৰ অংশ সামান্য শকতকৈ নিৰ্মাণ কৰে। এই মাইক’টো যথেষ্ট ওখকৈ নিৰ্মাণ কৰা হয়। এনেদৰে নিৰ্মাণ কৰাৰ পাছ তেওঁলোকে ৰঙীন কাগজৰ ফুল, পতাকা আদিৰে মাইক’টো সুসজ্জিত কৰি তোলে। মাইক’টোৰ একে বাৰে শীৰ্ষ অংশত বাঁহ আৰু ৰঙীন কাগজেৰে নিৰ্মিত এটি ফুলাম কিৰিটি পিন্ধোৱা হয়। উৎসৱৰ আগদিনা ভন্তেসকলৰ পৰিচালনাত মাইক’টো সম্পুৰ্ণ ধৰ্মীয় ৰীতিৰে উছৰ্গা কৰা হয়। সন্ধিয়া পৰত গাঁৱৰ মহিলা আৰু যুৱতীসকলে মাইক’টোৰ কাষত মম-ধুপ আদি জ্বলাই আগন্তুক জীৱনৰ সুখ-সমৃদ্ধি কামনা কৰে। সন্ধিয়া মাইক’ উছৰ্গাৰ পাছত বিভিন্ন নৃত্য-গীতেৰে সমগ্ৰ পৰিৱেশটো আনন্দমুখৰ হৈ পৰে। মাইক’ চুম ফাই উপলক্ষে পৰিৱেশিত নৃত্যৰ ভিতৰত খাময়াংসকলৰ কা নাংফি, তাই নৃত্য, তাই আইতনসকলৰ কা নাংৱেন, কা মেংৱি,, কা ফি ফাই, খামতিসকলৰ কা টে খেং আদি অন্যতম। কথিত আছে যে মাঘ মাহৰ পুৰ্ণিমা তিথিত ভগৱান বুদ্ধই অনুগামীসকলৰ আগত তেওঁৰ পৰিনিৰ্বাণৰ দিন ক্ষণৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। সেই বাৰ্তা শুনি সকলোৱেই সুখত ম্ৰিয়মাণ হৈ সম্পুৰ্ণ ধৰ্মীয় ৰীতিৰে মাঘী পুৰ্ণিমাত এটি পয় অনুষ্ঠিত কৰিছিল। স্বাভাৱিকতে ই আছিল এক দুখৰ উৎসৱ। কিন্তু এই কাহিনীৰ লগতে তাই জনগোষ্ঠীৰ লোকসকলৰ আন এটি কাহিনীও কালক্ৰমত জড়িত হৈ পৰে। যাৰ বাবে মাঘী পুৰ্ণিমাৰ এই দিনটো তেওঁলোকৰ বাবে এক আনন্দৰ উৎসৱ হিচাপে পৰিগণিত হয়। তাই আইতন সমাজত প্ৰাপ্ত এই কাহিনীৰ মতে এসময়ত এখন ৰাজ্যত অসুৰে বৰ উপদ্ৰৱ চলাইছিল। সেই অসুৰটোক বধ কৰিবৰ বাবে ৰজা প্ৰজা সকলোৱে চেষ্টা কৰি ব্যৰ্থ হয়। অৱশেষত সেই দেশৰ ৰাজকুমাৰে পিতৃ আজ্ঞা শিৰোধাৰ্য কৰি অসুৰ বধ কৰিবলৈ অসুৰ ৰাজ্যলৈ যাত্ৰা কৰে। যাত্ৰাপথত তেওঁ দেৱৰাজৰ সাক্ষাৎ লাভ কৰে। দেৱৰাজে তেওঁক যুদ্ধ জয়ৰ বাবে আশীৰ্বাদ কৰি কেইপদমান দিব্য অস্ত্ৰ উপহাৰ দিয়ে। তেওঁ অসুৰৰ সৈতে যুদ্ধ কৰি যথাসময়ত বিজয় বাৰ্তা লৈ স্বদেশলৈ ঘুৰি আহে। বিজয় বাৰ্তা পাই সমগ্ৰ দেশবাসীয়েই আনন্দত মতলীয়া হৈ পৰে। তেওঁ স্বদেশলৈ ঘুৰি অহাৰ সেই পৱিত্ৰ দিনটো আছিল মাঘ মাহৰ পুৰ্ণিমা তিথি। সেই দিন ধৰি তেওঁলোকে উক্ত দিনটো আনন্দৰ দিন হিচাপে পালন কৰি আহিছে। ৰাজকোঁৱৰ আৰু অসুৰৰ বীৰত্বপুৰ্ণ যুদ্ধৰ সোঁৱৰণতৰ্তাই আইতনসকলে আজিও মাঘী পুৰ্ণিমাৰ সেইদিনটোত কা ফি ফাই নৃত্য পৰিৱেশন কৰে। কোঁৱৰ স্বদেশলৈ উভতি আহোতে স্বৰ্গৰ পৰীসকলে তেওঁক নাচি নাচি আগবঢ়াই থৈ গৈছিল। পৰীসকলৰ সেই নাচোনৰ পটভুমিতে কালক্ৰমত আইতনসকলৰ সমাজত কা নাংৱেন আৰু কা মেংৱি নামে নৃত্য দুটিৰ সৃষ্টি হয়।

তাই বৌদ্ধধৰ্মী লোকসকলে মাইক’টোৰ একেবাৰে শীৰ্ষ অংশত এক বিশেষ পদ্ধতিৰে অগ্নিসংযোগ কৰে। মেজি (মাইক’) টোৰ তলৰ পৰা শীৰ্ষ অংশলৈকে তেওঁলোকে  চাৰিডাল  তাঁৰ বান্ধে। এই তাঁৰকেইডালত একোটা চলন্ত আতচবাজী সংযোগ কৰা হয়। যাক তেওঁলোকে তাই ভাষাত ‘মা ফাই’ (চলন্ত জুই) বোলে। এই আতচবাজীত অগ্নিসংযোগ কৰাৰ লগে লগে সি মাইক’টোৰ শীৰ্ষ অংশত আঘাত কৰি মাইক’ টোৰ আগ ভাগ জ্বলাই তোলে। পুৰ্বেতেই সেই অংশত জুইৰ ফিৰিঙতি পৰিলেই জ্বলি উঠা কেতবোৰ দ্ৰব্য ৰখা হয় যুয়ে এই জুই জ্বলি উঠাত সহায় কৰে। সন্ধিয়া কোনো কোনো অঞ্চলত পংফাই (আকাশ বন্তি) জ্বলোৱাৰ নিয়মো প্ৰচলিত। বাঁহৰ কাঠী আৰু ৰঙীন কাগজেৰে সজা প্ংফাইটোৰ তলৰ অংশত মিঠাতেলত তিওৱা এক বুজন পৰিমাণৰ কপাহী কাপোৰৰ শলিতা সংযোগ কৰা হয়। এই শলিতাত অগ্নিসংযোগ কৰাৰ লগে লগে তাৰ ধোঁৱাই প্ংফাইটোক আকাশলৈ উৰুৱাই নিয়ে। এনেদৰে উৰুৱাই দিয়া পংফাইটোৱে উৰি উৰি আকাশৰ কিছু অংশ পোহৰাই ৰাখে। মাইক চুম ফাই উৎসৱৰ অন্যতম আকৰ্ষণ হ’ল তাই জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভাসৰ সমাহাৰ। এই উৎসৱত খিচিৰী ভাত ‘খয়াকু’ খোৱাটো খোৱাটো বাধ্যতামুলক। তদুপৰি পয় উপলক্ষে তেওঁলোকে খাওলাম, টংটেপ, টোপোলা ভাত আদি পৰম্পৰাগত খাদ্যসমুহ প্ৰস্তুত কৰে। বৌদ্ধপুৰ্ণিমাৰ সৈতে সংগতি ৰাখি তাই বৌদ্ধধৰ্মী লোকসকলে পয় নৌনহৌক পালন কৰে। পৱিত্ৰ বৰ্ষাবাসৰ আৰম্ভ কৰা হয় পয় খাওৱা উৎসৱেৰে। বৰ্ষাব্ৰত পালন কৰা ব্যক্তিসকলে এই উৎসৱ উদযাপন দিনৰ পৰা তিনিমাহ ধৰি পৰম্পৰাগত নিয়মেৰে বিভিন্ন ব্ৰতাচাৰ পালন কৰে। বৰ্ষাবাস চলি থকাৰ মাজতে ভাদ মাহৰ পুৰ্ণিমা তিথিত বিভিন্ন খাদ্য দ্ৰব্য বৌদ্ধ বিহাৰত দান কৰা হয়। খাদ্য দ্ৰব্য দান কৰাৰ এই পৱিত্ৰ উৎসৱটিক চা-লে বোলা হয়। এই উৎসৱৰ পোন্ধৰ দিন পাছত তেওঁলোকে মে-পি উৎসৱ পালন কৰে। এই উৎসৱৰ সৈতে সংগতি ৰাখি তেওঁলোকে দুৱাৰ খিৰিকী আদিত কাঁইতীয়া গছৰ ডাল আঁৰি ৰাখে। পয় অকৱা উৎসৱেৰে তিনিমহীয়া বৰ্ষাব্ৰতৰ সমাপ্তি ঘটোৱা হ’ল। পয় মৌ হেইং উৎসৱত  ভগৱানলৈ এহেজাৰ পাহ পদুম ফুল আগবঢ়োৱা হয়। পয় অকৱাৰ এমাহৰ ভিতৰত উজনি অসমৰ আনকেইটি বৌদ্ধধৰ্মী জনগোষ্ঠীয়ে পয় কান্ত’ সাংঘা অনুষ্ঠিত কৰে। খামচাং অনুষ্ঠানৰ দ্বাৰা তেওঁলোকৰ সমাজত শিশু বা কিশোৰক শ্ৰমণলৈ দীক্ষিত কৰা হয়। শ্ৰমণ দীক্ষাৰে দীক্ষিত হোৱাৰ পাছত বৌদ্ধধৰ্মত মতে বৰ্ষগণনা আৰু সাধনা অনুযায়ী ক্ৰমে ভিক্ষু, স্থবিৰ আৰু মহাস্থবিৰলৈ তেওঁলোক উন্নীত হয়। মহাস্থবিৰলৈ উন্নীত হোৱা লোকজন তেওঁলোকৰ সমাজত সদায়ে সন্মানীয় ব্যক্তি ৰুপে সমাদৃত হয়। এনে ব্যক্তিৰ মৃত্যু হ’লে তেওঁলোকে ৰাজহুৱাভাৱে পয় লেং উৎসৱ উদযাপন কৰে। মৃত ভন্তেজনক এখন ৰথত তুলি তেওঁলোকে ধুপ-ধুনা জ্বলাই ৰথৰ দুয়োদিশে সংলগ্ন ৰছী টানি পৰিভ্ৰমণ কৰে। এনেদৰে পয় লেং উৎসৱত ভাগ লোৱা কাৰ্যক তেওঁলোকে অত্যন্ত পৱিত্ৰ কাৰ্য হিচাপে গণ্য কৰে। তাই বৌদ্ধধৰ্মী লোকসকলে ঘৰুৱা সুখ সমৃদ্ধি কামনা কৰি মাংগালা আৰু আনট্ৰে উৎসৱ অনুষ্ঠিত কৰে।

লেখক: ড° চন্দ্ৰ কমল চেতিয়া

 

 

 

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top