মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তাহানিৰ অসমৰ গৌৰৱ তাম শিল্প
অংশিদাৰী

তাহানিৰ অসমৰ গৌৰৱ তাম শিল্প

শদিয়াৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰ| হয়, শদিয়াৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰ

শদিয়াৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰ| হয়, শদিয়াৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰ আৰু কামাখ্যাৰ নাট মন্দিৰ আছিল তামেৰে নিৰ্মান কৰা| তাহানিতে তামেৰে নিৰ্মাণ কৰা বা তৈয়াৰী অনেক বস্তুৰ ব্যৱহাৰ আমাৰ সমাজত এতিয়াও আছে| পুৰুষানুক্ৰমে কিছুমান পৰিয়ালত ব্যৱহৃত এনে বস্তুবোৰ একোটা বংশৰ সম্পত্তি ৰুপে পৰিগণিত হয়| তাহানি অসমত তামৰ খনি থকাৰ কথা তাম্ৰপত্ৰত উল্লেখ আছে| তামৰ পাত্ৰত সোনপানী আৰু ৰুপপানী চৰাই দেখিবলৈ অতি সুন্দৰ কৰা হয়| তাহানিৰ ৰজা মহাৰজা সকলৰ মাজত তামৰ নানা পাত্ৰই বিশেষ সমাদৰ লাভ কৰিছিল| তলত এনেবোৰ নানা কথাই আলোচনা কৰিবলৈ লৈছো-

তাম ধাতু আৰু ইয়াৰ ইতিহাস

দিলীপ কুমাৰ বুঢ়াগোহাঞিৰ গ্ৰন্থ ‘বুৰঞ্জীৰ পৰশ’ত আছে এনেদৰে-‘তাম এবিধ প্ৰাচীন ধাতু| ইংৰাজী ভাষাত তামক কপাৰ বুলি কোৱা হয়| ইয়াৰ পৰমাণু ক্ৰমাংক ২৯ আৰু পাৰমাণৱিক ভৰ ৬৩.৫| ৰোমান আৰু গ্ৰীকসকলে ইয়াক ‘কিউ গ্ৰাম’ বুলি কৈছিল| এই ধাতু ১০৮°c ত গলে ইয়াক মুদ্ৰা ধাতু বুলিও কোৱা হয়|

পশ্চিমীয়া বিজ্ঞানীসকলৰ মতে খ্ৰী:পূ: প্ৰায় আঠ হাজাৰ বছৰৰ পূৰ্বে নৱপ্ৰস্তৰ যুগৰ আদিম মানুহে তামৰ সন্ধান পাইছিল| সেই সময়ত খনিজ তামৰ আকাৰৰ পৰা জুইৰ সহায়ত তাম ধাতুৰ পৰা নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি লৈছিল| খ্ৰী:পূ: ছয় হাজাৰ বছৰৰ পূৰ্বে মধ্যপ্ৰাচ্যৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ মাজৰ উপত্যকাত তাম ধাতুৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যাপক প্ৰচলন আছিল বুলি জনা যায়| তামৰ সামগ্ৰীৰ উত্তৰণ ঘটিছিল মিছৰ দেশত|

খ্ৰী:পূ: ৬০০০ বছৰৰ পূৰ্বে তাম ধাতুৰ নিস্কাশন প্ৰণালী মিছৰৰ ক্ৰিট দ্বীপলৈ আৰু ২৫০০ খ্ৰী:পূ: ত ছিছিলি দ্বীপলৈ বিয়পি পৰিছিল| ৩০০০ খ্ৰী:পূ: ত তাম ধাতু চাইপ্ৰাছ দ্বীপৰ পৰা বেছিকৈ ৰপ্তানি হৈছিল| সেই সময়ত তাম ধাতুক লেটিন ভাষাত ‘কিউপ্ৰিয়াম’ বুলি কোৱা হৈছিল| এই কিউপ্ৰিয়াম শব্দৰ পৰাই তাম ধাতুক ‘কপাৰ’ বুলি কয়| তাম ধাতুক সাধাৰণতে ছালফইড, কপাৰ পাইৰিটিছ, অক্সাইড, মেলাকনাইট আৰু ৰুপত মুক্ত অৱস্থাত পোৱা যায়| প্ৰাকৃতিক কপাৰ বিশেষকৈ যোজিত অৱস্থাতহে পোৱা যায়| প্ৰাকৃতিক কপাৰ বিশেষকৈ যোজিত অৱস্থাতহে পোৱা যায়| বৰ্তমান পৃথিৱীত কপাৰ উৎপাদনকাৰী দেশবোৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ চিলি, আফ্ৰিকা আৰু কানাডাৰ স্থান শীৰ্ষত আছে|

ভাৰতত তামৰ ব্যৱহাৰৰ ইতিহাস

ভাৰতত তামৰ ব্যৱহাৰ কেতিয়াৰে পৰা হল ইয়াক সঠিক ভাৱে নিৰুপণ কৰা টান| হয়তো মিছৰ আদি মধ্যপ্ৰাচ্যৰ দেশবোৰৰ লগে লগে ভাৰততো তামৰ প্ৰচলন আৰম্ভ হৈছিল| মহেঞ্জোদাৰোত আৱিস্কাৰ হোৱা তামৰ নৰ্তকীৰ মুৰ্ত্তি পাঁচ হেজাৰ বছৰ পুৰণি, তামিলনাডুৰ চান্নালুৰত থকা তামৰ দেৱী মূৰ্তি প্ৰায় তিনি হেজাৰ বছৰ পুৰণি| হিন্দু উপত্যকাৰ মহেঞ্জাদাৰো, চাহনুদাৰো, হৰাপ্পা আদি ঠাইত যি তামৰ সামগ্ৰী পোৱা গৈছে, সেয়া হয়তো প্ৰাক্‌ ঐতিহাসিক যুগৰ| অথৰ্ব বেদত তাম্ৰ শব্দ থকাৰ পৰা সেই সময়ত তামৰ ব্যৱহাৰ হোৱাৰ কথা ধাৰনা কৰিব পাৰি| শুক্ল যজুৰ্বেদত তামৰ উল্লেখ আছে|

অসমত তামৰ প্ৰচলনৰ ইতিহাস

ভাস্কৰ বৰ্মাৰ অধ:স্তন ৰজা ত্যাগ সিংহৰ দিনত এটা তামৰ মুদ্ৰা আৱিস্কাৰ হৈছে| কামৰুপৰ ৰজা ৰত্নপালৰ তামৰ ফলিৰ এটি বাক্যত তেওঁৰ ৰাজ্যত খনি থকাৰ উল্লেখ আছে| আহোম যুগত অসমত ব্যাপকভাৱে তামৰ প্ৰচলন হৈছিল| অসমৰ উত্তৰফালে থকা পৰ্বতীয়া জাতি-জনজাতিসকলৰ যোগেদি অসমলৈ তামৰ আমদানি হৈছিল| আহোম স্বৰ্গদেউ সকলে সঁজাতী পথিয়াই ভোট, চীন আৰু তিব্বতৰ পৰা অন্য বস্তুৰ সলনি তাম আনিছিল| ছশবছৰীয়া আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফা স্বৰ্গদেৱে সমলৈ আহোতে ধাতুৰ দ্বাৰা নিৰ্মিত খাদ্য ৰন্ধা তামৰ পাত্ৰও আনিছিল|

তামৰ সঁজুলি গঢ়াৰ পদ্ধতি

তাম ধাতু গলাই মাটিৰে সজা সাঁচত ঢালি তামৰ মূৰ্তি অথবা অন্য সামগ্ৰী প্ৰস্তুত কৰা হৈছিল| এইদৰে সাঁচত ঢালি তৈয়াৰ কৰা সামগ্ৰীক কোৱা হয় ঢলুৱা সামগ্ৰী| কেঁচা তাম বেছি উত্তাপত তাও দিলে গলি জুলীয়া হয়| পুৰণি অসমত ভাতীৰ সহায়েৰে ইকৰা-খৰিৰ জুইত তাও দি তাম গলাই মাটিৰ সাঁচত ঢালি তামৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল| এই সাঁচবোৰ নিৰ্দ্দিষ্ট পৰিমাণত বালি মিহলাই মাটিৰে কৰি লৈছিল| প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নলবাৰী জিলাৰ আমাৰ জন্মস্থান গন্ধিয়া গাঁৱত ভাস্কৰ্য শিল্পী সত্য পালে পূজাৰ দেৱ-দেৱীৰ মাটিৰ মূৰ্তিৰ লগতে চিমেণ্ট-বালিৰেহে মূৰ্তি গঢ়ে| পালে চিমেণ্ট, বালিৰ মূৰ্তি গঢ়িবলৈ প্ৰথমতে মাটিৰে মূৰ্তিটো গঢ়ি লয়| তাৰ ওপৰত পেৰিছ পানীৰে সানি লৈ অলপ ডাঠকৈ মাটিৰ মুৰ্তিৰ ওপৰত লেপ দি সেয়া শুকুৱাই মুৰ্তিৰ সাঁচ কৰি লয়| শুকালে মাটিৰ মুৰ্তিবোৰ আঁতৰাই সাঁচত চিমেণ্ট, বালি, পানী মিহলাই কৰা থেপথেপীয়া সামগ্ৰী ৰাখি শুকুৱাই লয়| শুকালে সাঁচটো ভাঙি মূৰ্তিটো উলিয়ায়| পুনৰ আহিছো তামৰ সঁজুলি গঢ়া পদ্ধতিলৈ| কলহ, টৌ, চৰিয়া, গাগৰি, আদি গোটা সঁজুলিবোৰ গঢ়িবলৈ বেলেগ বেলেগ অংশৰ কেইবাটাও টুকুৰা গঢ়ি শেষত জুলীয়া তামেৰে জোৰা লগাই একোটা সঁজুলি সাজিছিল| পিছত ধেকা বা চাতলিৰ ওপৰত থৈ ঘুৰাই ঘুৰাই নানা গঢ়ৰ হাতুৰীৰে খুন্দি খুন্দি নিৰ্দ্দিষ্ট আকাৰৰ পাত্ৰ গঢ়িছিল|

তামৰ কাম কৰা শিল্পী সকলক মৰিয়া আৰু কমাৰ বুলিছিল| প্ৰকৃততে আহোম যুগৰ মৰিয়াসকলে পিতলৰ কাম কৰিছিল| আকৌ কমাৰ সকলে লোৰ কাম কৰিছিল| ৰজাৰ ৰুপত মোহৰ মৰা শিল্পী সকলক “ৰুপ মৰা কমাৰ” বোলা হৈছিল|তেওঁলোকে আৱশ্যক অনুসৰি তামৰ কাম কৰিছিল| এওঁলোকৰ মাজত দলৈ, বৰদলৈ আদি কেইবাটাও খেলো আছিল| অসমৰ মৰিয়াসকলে তাম ধাতুৰ সহায়ত বহুতো ব্যৱহাৰৰ উপযোগী বাচন-বৰ্তন, সঁজুলি নিৰ্মাণ কৰিছিল|

তামৰ সঁজুলিৰ ওপৰত সোণৰ পানী চৰোৱা

আহোম যুগত বহুতো দৌল- দেৱালয় নিৰ্মাণ কৰা হৈছিল| সেইবোৰৰ ওপৰ অংশত থকা কলচী, ত্ৰিশূল বা চক্ৰ বোৰ সোণৰ দৰে জিলিকি থাকিলেও সৰহসংখ্যক মন্দিৰ বিশুদ্ধ সোণৰ নাছিল| এইবিলাক আছিল তামধাতুৰ| এনেবিলাক অংশত তামৰ ওপৰত সোণ চৰোৱাহে হৈছিল| এই সঁজুলিবোৰত কিছু পদ্ধতিৰে তামৰ ওপৰত সোণৰ লেপন দিয়া হৈছিল|

তামৰ সঁজুলিৰ ওপৰত সোণ চৰোৱা পদ্ধতি

প্ৰথমতে তাম ধাতুৰে তৈয়াৰী সামগ্ৰীবিধ ভালদৰে ধুই নিকা কৰি লয়| থেকেৰা টেঙাৰে সিজোৱা গৰম পানীৰে ইয়াক পিছত ধোৱে| সামগ্ৰীবিধ কিছু গৰম হৈ থকা অৱস্থাত তাৰ ওপৰত পাৰা বা ৰসেৰে ভালকৈ সানি লয় আৰু পিছত অতি পাতলকৈ গঢ়া কেঁচা সোণৰ পাতেৰে গোটেই সামগ্ৰীবিধ ভালকৈ ঢাকি লয়| পকা মালভোগ কল ভালকৈ ফেনেকি কৰি আঠা কৰি তাৰে সোণৰ পাতত আঠা লগাই থয়, যাতে কেঁচা সোণৰ পাত সামগ্ৰীবিধৰ পৰা খহি নপৰে| যেতিয়া সোণৰ পাতেৰে সামগ্ৰীবিধ ভালকৈ ঢাক খায়, তেতিয়া তাক জুইশালত ভালকৈ তাও দিয়ে|জুইৰ ভাপত সামগ্ৰীবিধৰ গাত লাগি থকা ৰস বা পাৰা বোৰ ভাপ হৈ উৰি যায় আৰু সোণৰ পাতবোৰ গলি সামগ্ৰীবিধৰ গাত ভালকৈ লাগি ধৰে|

তামৰ সঁজুলিত ৰুপ চৰোৱা

তাহানি তামৰ পাত্ৰত ৰুপ খটুৱাই ফুল বাছিছিল| এনে কাম কৰা পাত্ৰটো দেখিবলৈ অতি সুন্দৰ হয়| সেয়েহে আহোম যুগৰ আঢ্যৱন্ত সম্ভ্ৰান্ত লোকৰ ঘৰত এনে ৰুপৰ ফুল বছা মিহি কামৰ চাহিদা অতি বেচি আছিল|

লেখক: মৃগেন শৰ্মা

উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

3.02702702703
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top