মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তিৱা গীত-মাত : এক অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিৱা গীত-মাত : এক অৱলোকন

তিৱা গীত-মাত : এক অৱলোকন

 

পৃথিৱীৰ আদিম মানৱৰ ভাষা আছিল গীতিধৰ্মী। তিৱা ভাষাও গীতি ধৰ্মীয়েই আছিল। তিৱা গীত – মাতৰ বিষয়ে ইয়াত চমু আলেখ্য দাঙি ধৰা হ’ল। গৱেষক সকলে এই বিষয়ে গৱেষণা কৰিলে তিৱা ভাষা – সাহিত্যৰ বহু তথ্যই পোহৰ পাব বুলি আশা কৰা হৈছে। তিৱা সকলৰ নিচুকনি গীত, ল’ৰা – ছোৱালী ওমলোৱা গীত, বিহু গীত, ছগ্ৰা নৃত্যৰ গীত, লাংখুন পূজাৰ গীত, মৰণা মৰা নৃত্যৰ গীত, ৱান চোৱা মিচাৱা গীত, ভূঞা গীত আদি গীতৰ প্ৰচলন আছে।

নিচুকনি গীত :

 

নঙা পেৰে লাম হোগা

মঠাল লেংজাই টান মানগা।

মঠান আৰ’ ইন্দা ৰিগা?

থুই খৰম কুঠি চাংগ্ৰে লিগা।

থুই খৰম আৰ’ ইন্দা লিগা?

ৱা টান ডালে কুনথ্ৰিউ কগা?

ৱা টান ডাল আৰ’ ইন্দা ৰিগা?

ফেমবৰ পাগ্‌গ কাছে লিগা।

ফেম্‌বৰ আৰ’ ইন্দা ৰিগা?

পাদূলি ছুঙাও না না লিগা। ….

অসমীয়া ভাঙনি : নঙা, মানে এটা ল’ৰাই হাবি কাটি বাট মুকলি কৰি আছিল। বাট কাটি থাকোঁতে এট আকেৰ্কেটুৱাৰ নেজ কটা গ’ল। কেৰ্কেটুৱাই ভয়ত পলাওঁতে তিঁয়হ এটাত খুন্দা মাৰিলে। তিঁয়হ উভৰি গৈ গাহৰিৰ থুঁতত লাগিল। গাহৰিটোৱে ভয়ত দৌৰ মাৰোঁতে পৰুৱাৰ বাহ এটাত গছকিলে। পৰুৱাই ভয় খাই বাদুলি চুঙাত সোমাবলৈ গ’ল। বাদুলি টোৱে ভয়ত হৰিণ এটাৰ কাণত সোমাল। হৰিণে ভয়তে দৌৰি যাওঁতে বন – কুকুৰাৰ বাহ এটা গচকি গ’ল। বন – কুকুৰাই ভয়ত ৰজাৰ ঘৰ – বাৰী ভাঙি পেলালে। শেহত ৰজাৰ ঘৰত মেল বহিল। মেলত নঙা জগৰীয়া হ’ল আৰু ৰজাৰ হাতত বন্দী হ’ল।

অ’ চ’নাই, চ’নাই, নে ফাৰে নে মা’গা?

ঠা চুনা লিগা, ঠাগা পাওৱে? ৱা চাই কাৰ্‌গা।

ৱাগা পাওৱে? চাবি কাও টন্‌গা।

চাঠি গা পাওবে? হ’ৰ শুই টন্‌গা।

হ’ৰ গা পাওবে? তি ছম্‌ কাৰ্‌গা।

তি গা পাওবে? মাশু নুং টন্‌গা। ….

অসমীয়া ভাঙনি : জোনবাই তোৰ আয়েৰ – পিতাৰ ক’লৈ গ’ল? আলু খানিবলৈ গ’ল। আলু ক’ত? গাহৰিয়ে খালে। গাহৰি ক’ত? যাঠিয়ে খুঁচিলে। যাঠি ক’লৈ গ’ল? জুয়ে পুৰিলে। জুইনো ক’ত আছে? পানীয়ে তিয়ালে। পানীনো ক’ত আছে? গৰুৱে খালে। গৰুনো ক’ত আছে? বাঘে খালে। বাঘনো ক’ত? গুহাৰ ভিতৰত সোমাই গ’ল।

টাক্ৰদেই টাক্ৰাদেই, খাই হাজোৱা;

টাক্ৰাদেই টাক্ৰাদেই, মামাই হাজোৱা।

অ’নে – ফা গৰৈ মশা

লিদ, মশ্‌ হানু লাব,

নে মা পুৰী ঙানা লিদা,

পেট কুৰ মঠা লাব,

টাক্ৰাদেই টাক্ৰাদেই

খাই হাজোৱা, টাক্ৰাদেই

টাক্ৰাদেই মামাই হাজোৱা

নে ফা পুৰৈ হাদা লিদ,

তাগলা পেৰে লাব।

অসমীয়া ভাৱাৰ্থ :

‘নাকান্দিবা, নাকান্দিবা,

মোৰ ককাই জন্ম দিয়া সোণ।

নাকান্দিবা, নাকান্দিবা,

তোমাৰ পিতাৰাই পহু চিকাৰ

কৰিবলৈ গৈছে। পহু মাংস

আনিব। তোমাৰ মাৰাই মাছ

মাৰিবলৈ গৈছে। (তেওঁ)

ইকৰা গেৰ লৈ আহিব।

তোমাৰ দেউতাৰা বজাৰলৈ

গৈছে, (তোমালৈ) চোলা কিনি আনিব’।

কুংকাই কুংকাই টাক্ৰা দাই দাই মা’ হাজোৱা

সাঙাল-হব ন খশই চলম ফিৱা

পাৰাই টালা দাই মা’ হাজোৱা।

সাঙাল তৰে ফৈ মায় সিদ খশই ফিৱা

সাঙাল তৰে ফৈব শাকাৰ মিদ খশই ফিৱা

টাক্ৰা দাই দাই মা’ হাজোৱা।…

অসমীয়া ভাঙনি : ‘নাকান্দিবা, নাকান্দিবা মোৰ আই, আহা। তুমি ঘৰ ধৰিবা বুলি আহিছা যেতিয়া ঠেহ – পেচ নাপাতিবা। সোনকালে ডাঙৰ – দীঘল হৈ আহিবা। ঘৰৰ সকলোকে শুশ্ৰুষা কৰাৰ উপৰি গৃহ – দেৱতাক পৰিচৰ্যা কৰিব লাগিব। পথাৰৰ কাম – বন কৰিব লাগিব। তেতিয়াহে তোমাৰ নাম থাকিব’ ….. ইত্যাদি।

তাগ্ৰা দেই মা দেই, হীৰা হাজোৱা

তাগ্ৰা দেই মা দেই, মালি হাজোৱা

নানা ক্ৰাম্‌বে, ন’ ৰমা হাজোৱা

নানা ক্ৰাম্‌বে, হা ৰমা হাজোৱা

নানা ক্ৰাম্‌বে, মেদ’ ৰমা হাজোৱা

নানা জিৰিম্‌বে’ হাদা ৰমা হাজোৱা …..।

অসমীয়া ভাবাৰ্থ :

‘নাকান্দিবি আই, হাৰী জনম লওঁতাজনী।

নাকান্দিবি আই, মালি জনম লওঁতাজনী।

কিয়নো কান্দিব, ঘৰ ধৰিবলৈ অহাজনীয়ে।

কিয়নো কান্দিব, ভেটি চাবলৈ অহাজনীয়ে।

কিয়নো কান্দিবি, চৰু ধৰিবলৈ অহাজনীয়ে।

কিয়নো কান্দিবি, হেতা ধৰিবলৈ অহাজনীয়ে’।

তাগ্ৰা দেই খাই দেই, জেলা হাজোৱা

তাজিবি দেই খাই দেই, মালি হাজোৱা

কুং কাই কাই, জেলা হাজোৱা

নানা ক্ৰাম্‌বে জেলা হাজোৱা

অসমীয়া ভাঙনি : ‘নাকান্দিবি ককাই, জেলা জনম লওঁতা। নাকান্দিবি ককাই, মালি জনম লওঁতা। টোপনি যা ককাই, জেলা জনম লওঁতা।

কিয়নো কান্দিব, জেলা জনম লওঁতাই।

লোকগীত :

 

ফৈব থিৰি হাৰি / ফৈব ছাব খৰলা … ।

চাবে ৰাবে ৰমে জিং / ৰাখেং হেবে কাণ্ঠীগ

কুমাই লিৱা / নাং চিল নাং পাল গ

ৰাখেং তাউ জনম মাঠিউ।

থাকোৰা জেনেথৰ / থাত পেউ লাই

তাং তিৱা পিনু নাংচিল গ।

তাগাৰ তাগাৰ / অ থিৰি হাৰি না

তাগাৰ আগাৰ / অ চাজ খৰলা না।

কাচং পাচ কাই / নাৰা থেনাছ থাৰে

খাই মামাই চান্দে দেই না।

অসমীয়া ভাঙনি : ‘আহা, তিৱা নাৰী আমি সকলোৰে সময়ৰ সোঁতত আগবাঢ়ি তিৱা সমাজ, তিৱা কৃষ্টি – সংস্কৃতি ৰাখোঁগৈ, খৰালিত সূতা কাটি কাচং, ফাচ্‌কাই বৈ পিন্ধোগৈ আৰু দাক্লা থেনাচ বৈ পুৰুষক পিন্ধোৱাই আমাৰ কাম। ইয়াকে নকৰিলে জগতে আমাক হাঁহিব।

ছগ্ৰা নৃত্যৰ গীত :

লামও পালানে ছিগা ছিগা

(১) লামও পালানে ছিগা

খইদা থুলিনে পাণ্ঠাইৰৌ

হতশূৰি লিগা

এ… হৈ… হু… হু… ঔ।

(২) মিখিৰে হাদীনে ঠা ঠা

মিখিৰে হাদীনে ঠা

খইদা থুলিনে খৰলা ৰৌ

চিংগ ৰাখে ঠা

এ… হৈ… হু… হু… ঔ

(৩) আলালাই পালা লাই

পালা সিমান গা

খইদা থুলিনে খৰ্‌লাৰৌ

মিনিসিমে ৰিগা

এ… হৈ… হু… হু… ঔ

(৪) লামও লিগা টাৰিও লিগা

লাম্‌ লাম্‌ কগা

চিঙে কাৰায়ে পাণ্ঠাইৰৌ

মিসাই মুসুই লিগা

এ… হৈ… হু… হু… ঔ।

(৫) পাংশী টাম্‌গা থুৰাং তাম্‌গা

খ্ৰাম টাম্‌গা গ্ৰম্‌

ছগ্ৰা পৰাই ছগ্ৰা পুৰিগ

হৰ্‌ছা হৰ্‌ছা খুম্‌

এ… হৈ… হু… হু… ঔ।

(৬) খেল ৰাখেগা ছং ৰাখেগা

চামবাদি সিন্‌জিগা

চিঙে কাৰায়ে পাণ্ঠাইৰৌ

ছগ্ৰা মিসানা লিসা

এ… হৈ… হু… হু… ঔ।

(৭) লাই লুং লায়ে তব্‌ তব্‌

লাই লুং লায়ে তব

খইদা থুলিনে খৰলাৰৌ

ছাৰেৱানে খব্‌

এ… হৈ… হু… হু… ঔ।

অসমীয়া ভাঙনি : (১) বাটত ঘূৰি ফুৰা চিকাৰ দৰে, লানি লাগি ডেকা ল’ৰাহঁতে ছগ্ৰাত ঘূৰি ফুৰে।

(২) কঠীয়াতলীৰ গাভৰুহঁত অইন গাঁৱলৈ নগিউ, গাঁৱৰ ডেকা ল’ৰাহঁতলৈ বাট চোৱা ভাল।

(৩) কঠীয়াতলীৰ গাভৰুহঁতে উলাহত নাচি ফুৰা ডেকাহঁতলৈ চাই মিচিকি হাঁহি মাৰে।

(৪) নাচত আপোনভোলা হৈ ডেকা ল’ৰাহঁতে নাচি – বাগি ঘূৰি ফুৰে।

(৫) বাঁহী, থুৰাঙৰ মাত শুনি দিনে – ৰাতিয়ে ছগ্ৰা নাচ কৰিবলৈ আহা।

(৬) গাঁৱৰ ডেকা ল’ৰাহঁতে খেল – জ্ঞাতি ৰক্ষা কৰি, চামাডি তৈয়াৰ কৰিছে। সেইকাৰণে তেওঁলোকে তেওঁলোকে নাচি – বাগি ফুৰিছে।

(৭) ছগ্ৰা নাচত ডেকা ল’ৰাহঁতৰ নাচ – বাগ দেখি গাভৰুহঁতৰ মন থৌকি – বাথৌ হয়।

লাংখুন (খেৰ কটা) পূজাৰ গীত :

ছান্দে লিনা নাঙ / অবা বাৰ খুলে শা

সব ছান্দেনা নাঙ / অবা বাৰ খুলে শা

মা বিজুলী ৰাউন গ্‌ / আলাই লানি লিং

বেনে মা’ নে কুৰিলে / ফাৰা অই আই

ছান্দে লাব আন্ং / পলে লাব আং অই।

অসমীয়া ভাঙনি : ‘অ’ বাৰ কুলৰ ল’ৰা – ছোৱালী, সকলোৱে ওলা। আমি বিজুলী বাঁহক, মাক – বাপেকৰ কোলাৰ পৰা খুজি – মাগি আনেগৈ।

লাম চ্যাৱাগ লাম হনে লিং

টাৰি চ্যাৱাগ টানি হনে লিং

শগা টানে লাং অবা বাৰ খুলেশা

শুজি টানে লাং অবা বাৰ খুলেশা

কাপ্‌ টানে লাং য়ুৰ টানে লাং

অলং টানে লাং কাৰি টানে লাং

সনানে লাম মাহা ৰি লাং

ৰুফানে লাম মাহা ৰি লাং আই …।

অসমীয়া ভাঙনি : ‘অ’ বাৰ কুলৰ ল’ৰা –ছোৱালী, বাট নোহোৱাকে বাট কৰি লৈ যা, পথ নোহোৱাকে পথ কৰি লৈ যা। শিল ডাং, জেং – জোক, পোক – পৰুৱা কাটি আঁতৰাই দে। সোণৰ বাট বন্ধাই দে, ৰুপৰ বাট বন্ধাই দে’।

বিহু গীত :

 

(১) হাবি নিঙও নাৱানে শিয়াল ঐ নানাও; হানি নিঙও নাৱানে শিয়াল;

হৰে পাঠৰাও ল আং লিনা হামদং

আংগব ৰি দেই খিয়াল।

(২) পাঠোনা লিনাগা হামাদ ঐ নানাও

ঠুগুনিওব হিন্দুৰে ফুট;

লিৱানে সময়ওব লাগেয়াম না মাত্‌

মনও আঙে লাগে গা তুগ।

(৩) পাবুনে আলিনা পাবুনে চালিনা

পাবুনে তাও ফাগুৰি জুম্‌;

ঠঙালি টাগাং নাবোৰা হনেল

লেহেৰি লায়ে ল খুম।

(৪) কই ফাঙে তুখুনা কও ঐ নানাও

কই ফাঙে তুখুনা কও,

মন – খা আগেল ইনাগ পাসেদ ম্‌’

ঠাইদ আঙেব মনও।

(৫) ননাল লিনা আং হামদং ঐ নানাও

ননাল লিনা ঐ হামদং

লিৱানে সময় মাত লাগে য়াম না

শান্দিও চলেনা নাংদাং।

অসমীয়া ভাঙনি :

(১) শিয়ালে ৰাতি হাবিৰ পৰা ওলায়। সেইদৰে ময়ো তোমাৰ ঘৰত ওলাম, খিয়াল ৰাখিবা।

(২) মূৰত সেন্দূৰৰ ফোট লৈ ক’লৈ যাবলৈ ওলাইছা? যোৱাৰ সময়তো মাত দি নগ’লা। মোৰ দুখ লাগিছে।

(৩) মূৰত পাগুৰি মাৰি তুমি আজি আহিছা। তোমাক বৰ মানুহ যেন লাগিছে। তোমাৰ বাবে টঙালি বৈ থৈছোঁ। টঙালি খন ফুলাম।

(৪) তামোল গছৰ পৰা ঢকুৱা পৰাৰ দৰে তুমি কোৱা কথাবোৰ আজি মোৰ হঠাৎ মনত পৰিছে।

(৫) ঘৰলৈ যাবলৈ ময়ো আহিলোঁ। তোমাৰ মুখৰ মাতষাৰ নোপোৱা বাবে মোৰ অন্তৰ খন জ্বলি থাকিল।

ওমলা গীত :

 

আগ দ দ মাগ দ দ

খুৰগা খানি / মাহা বৰাই

কাখিৰ ল; কাখিৰ ল;

থবা কুচি মকুৱা/

আং মান গাং টুখুৱা

চাং বাদি চাং বাদি

টু মু চাং ৰাই মাই।

অসমীয়া ভাঙনি : ‘কুকুৰী – কণা, মাহা, বুঢ়া, চুৱা বঢ়াই মকুৱা লৈ আহিল। মইহে নাপালোঁ। এতিয়া মই কুকুৰা চৰাই মাৰি খাই যাওঁ’।

হাদী কুন কুন / নেখাই পালুন্দা ফিদ ফি।

নুনাই সে আলে খালা ফৈ।

অসমীয়া ভাঙনি : ধুলি মাইকী, তোৰ ককাই পালুন্দা আহিছে, কেঁচুৱা আল ধৰি থৈ যা’।

আদি দিগা খিনি নিং / মশ্‌ বাৰণে চগ।

লিয়াং লিয়াং পাহাৰি / লাঠং কাণ্ঠি ছাওঁ।

অসমীয়া ভাঙনি : গছৰ পাত হুৰ্‌হুৰাই আছে। যখিনী আছে। মই বোৱাৰী নাযাওঁ। মোৰ ভৰিৰ গাঁঠিৰ বিষ হৈছে।

খাং জাং হে / পিলাল লিং

তুলু খুম তুলু খুম / খুম লাই লাই।

অসমীয়া ভাঙনি : ‘অ’ জোনাকী পৰুৱা, বিলৰ পাৰলৈ যাওঁ। তাত তহঁত ধিমিক্‌ – ধামক্‌কৈ জ্বলি আছে’।

বৰতৰ গীত :

‘আজি যাং বৰতৰ কালি যাং বৰতক ঐ

বৰতৰ ঢেপেলা পাত;

বৰতক যাংতে চনতে ডাকিলে ঐ

ৰিহা নাইকিয়া ঐ গাত ।…

ঔ ফুল ফুলিবৰ চকা;

একাঁঠু পানীতে মদাৰ ফুলিলে

মেলিব নাজানে পোখা’।…

মৰণা মৰা নৃত্যৰ গীত :

সনিয়াদন খুৰ্‌তুলিও য়ে / সাল্‌সে পাণ্ঠাই নে

ৰুফিয়াদন খুৰ্‌তুলিও য়ে / সাল্‌সে খৰলা নে

আল কুমুন্‌ মানম্‌ বে সাত ঐ বনি

আল্‌সে লানা ফৈ।

চন কুমুন্‌ মানম্‌ বে বাৰ ঐ বনি

চনসে লানা ফৈ

অসমীয়া ভাঙনি : ‘সোণ – ৰুপৰ মৰণা মৰা চ’তালত ডেকা – গাভৰুৰ আলপৈচান পাবা। গতিকে হে সাতভনী, হে বাৰভনী আহা আমাৰ আল লোৱা দি’।

সানসে পাণ্ঠাই নে য়ে / য়াঠাং জাহাৰ্‌ কায় আই

সাল্‌সে খৰলা নে য়ে / য়াছে হাজাৰ কায় আই

খাওসে টালা সাত ঐ বনি / আল্‌সে ৰিদং দেই

সনওসে টালা বাৰ ঐ ব নি / চনসে ৰিদং দেই।

অসমীয়া ভাঙনি : ‘হে আই লক্ষ্মীদেৱী। ডেকা – গাভৰুৱে তোমাৰ ওপৰত হাত – ভৰিৰে বোলাব (নৃত্য কৰিব, তুমি তাত বেজাৰ নকৰিবা। মনত বেজাৰ নল’বা। আমি তোমাক অন্যায় কৰা নাই। আলহে ধৰিছোঁ।

পিঠাগুড়ি খুন্দা নৃত্যৰ গীত :

আনি নাঙানে চ্যাজে’ ৰৌ

ৱান কুৰি ছোনা ফৈ

ৱান কুৰি ছোনা ফিয়া গাইত’

নোনাই ভাৰি হঙা ফৈ।

এ- খাই খ্ৰং থাৱা তিৱা ৰৌ

মু- কুদি কজা দাও

নে ফিৰিনে হা কজাগ

নিনাব’ নিথাও থাও।

ৱানকুৰিছোৱা খৰ্‌লা ৰৌৱে

মখাং কজা দাও…

নিনাব’ নিথাও থাও

নিবাব’ নিবাও বাও।

এ- হৱে আঃ হৱে হাঃ হাঃ হাঃ

আহঃ হৱে এ-হৱে হাঃ হাঃ।

অসমীয়া অৰ্থ :

মানী লগা জীহঁত

পিঠাগুড়ি খুন্দিবলৈ আহা

যদি নাহা কেঁচুৱা

বোকোচাত ল’বলৈ আহা।

প্ৰতিকৃত্য থকা তিৱাহঁত

শুৱনি মুখখনি লৈ

সাজি – কাচি ওলাই আহ ঐ

পিঠাগুড়ি খুন্দা নৃত্য কৰিবলৈ

নৃত্যৰ লয়লাস প্ৰয়োভয়েৰে।

ৱানগুড়ি চাৱা খৰ্‌লা ৰাওৱে / মখাং কজা দাও

নিনা নিথাও থাৱে / নিনা নিবাও বাৱে।

ৱানগুড়ি চাৱা পানঠাই ৰৌ / মখাং কজা দাও

নিনা নিথাও থাৱে নিনা নিবাও বাৱে।

অসমীয়া ভাঙনি : পিঠাগুড়ি খুন্দা ডেকা সকলৰ সুন্দৰ মুখ মণ্ডল চাই থাকিলেও হেঁপাহ নপলায়। পিঠাগুড়ি খুন্দা গাভৰু সকলৰ সুন্দৰ চেহেৰা গুণৰ তুলনা পাবলৈ নাই।

লোকগীত – মাতবোৰ লোক – সাহিত্যৰেই অংগ। লোকগীত – মাতবোৰত অলংকাৰ, কল্পনা, সুৰ – লয়ৰ মাধুৰ্য্যৰ অধিপত্য দেখা যায়। ইয়াৰ সুৰ – লয়ত যাদুকৰী মন্ত্ৰ নিহিত আছে। ই ইমান সহজ – সৰল যে সহজে মানুহৰ মন আকৰ্ষিত কৰিব পাৰে। মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে ই মানুহক বিমোহিত কৰিব পাৰে। এই গীত – মাতবোৰ নিৰক্ষৰ মানুহৰ মুখৰ পৰা নিগৰি নিগৰি ওলাই যুগ যুগ ধৰি যুগৰ কলপেৰে ৰঞ্জিত হৈ আহিছে। এই গীত – মাতবোৰত এটা জাতিৰ চিন্তাধাৰা বুদ্ধি – বৃত্তি সামাজিক চিত্ৰ আদি পাব পাৰি।

তিৱা সকলৰ দেৱ – দেৱীৰ প্ৰতি থকা অগাধ ভক্তি, ডেকা – গাভৰুৰ প্ৰণয় – কেলি, কৃষি – কৰ্মত সমূহীয়া উৎসাহ – উদ্দীপনা, সৰলতাৰ বাহুল্য, উৎসৱ – পাৰ্বণৰ আনন্দ মুখৰ পৰিৱেশ, নৃত্যৰ হস্তী গমনৰ লয়লাস, জাগতিক হিংসা – দ্বেষ, শিশুৰ মন মুহিব পৰা অসীম শক্তি আৰু কৰ্ম – প্ৰেৰণা আদি প্ৰতিফলিত হৈছে এই গীত – মাতবোৰত মাজেদিয়েই।

 

লেখক : কাছেমা খাতুন।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

 

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top