মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ :পৰম্পৰা আৰু পৰিৱৰ্তন : এক আলোকপাত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ :পৰম্পৰা আৰু পৰিৱৰ্তন : এক আলোকপাত

তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ :পৰম্পৰা আৰু পৰিৱৰ্তন : এক আলোকপাত লিখা হৈছে

 

১.১ অৱতৰণিকা :

 

বৈচিত্ৰ্যপূৰ্ণ ভাষা-সাহিত্য-সংস্কৃতি, জাতি-উপজাতিৰে ভৰা অসমৰ এটা প্ৰাচীন জনগোষ্ঠী ‘তিৱা’ বা ‘লালুং’সকল। প্ৰাক্ক ঐতিহাসিক কালতে অসমলৈ আহি নিগাজীকৈ বসতি কৰিবলৈ লোৱা মংগোলীয় প্ৰজাতিৰ লোকসকলৰ এটি প্ৰধান ফৈদ আছিল ‘বড়ো-নাগা’। এই ফৈদৰপৰা সৃষ্টি হোৱা বিভিন্ন উপ ফৈদৰ অন্যতম ফৈদ হ’ল ‘তিৱা’। ইতিহাস পুৰাতাত্ত্বিক ৰাজমোহন নাথৰ মতে, তিৱাসকল খ্ৰী:পূৰ্ব ১৯০০ মানৰ পৰা মধ্য অসমৰ কপিলী উপত্যকাত ‘ত্ৰিবেগ’ নামৰ এখন স্বাধীন ৰাজ্য স্থাপন কৰি কেবাপুৰুষো শাসন চলাইছিল। অসমৰ বড়ো, ৰাভা, কাৰ্বি আদি জনগোষ্ঠীৰ দৰে ‘তিৱা’সকলো প্ৰাচীন জনগোষ্ঠী। এই তিৱাসকল মূলত: মধ্য অসমৰ বসবাসী। এই তিৱাসকলৰেই এখন ৰাজ্য ‘তেতেলীয়া’। এই ৰাজ্য বৰ্তমান মৰিগাওঁ জিলাৰ মধ্য পশ্চিম অঞ্চলত অৱস্থিত। এই ৰাজ্যৰে এটি প্ৰধান লোকউৎসৱ হ’ল ‘বৰত’। মোৰ এই আলোচনাত তিৱা জনগোষ্ঠীৰ বৰত উৎসৱৰ পৰম্পৰাৰ লগতে সময়ৰ সোঁতত বৰত উৎসৱ কি কি পৰিৱৰ্তন লাভ কৰিছে এই বিষয়ে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম।

১.২ আলোচনা পত্ৰৰ পৰিসৰ :

 

তিৱাসকল প্ৰাচীন অসমৰ এটি শক্তিশালী জাতি। নানা উৎসৱ-পাৰ্ৱণত চহকী তিৱাসকলৰ এটি উৎসৱ ‘বৰত উৎসৱ’। যাৰ পৰিসৰ ব্যাপক। ইমান কম পৰিসৰৰ মাজত এই বৰত উৎসৱ সম্পৰ্কে আলোচনা কৰাটো সহজ নহয়। তথাপি এই কম পৰিসৰৰ মাজত ‘তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ-পৰম্পৰা আৰু পৰিৱৰ্তন’ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম।

১.৩ আলোচনা পত্ৰৰ গুৰুত্ব আৰু উদ্দেশ্য :

 

বৃহৎ মংগোলীয় গোষ্ঠীৰ এটি ঠাল তিৱা বা লালুং সকলেও এক বিশিষ্ট ভূমিকাৰে সেই তাহানিৰে পৰা অসমৰ মাটিত বসবাস কৰি আহিছে। পৰম্পৰাগতভাৱে পালন কৰি অহা তিৱাসকলৰ তেতেলীয়া ৰাজ্যৰ বৰত উৎসৱে সুকীয়া আচাৰ-ব্যৱহাৰ সুকীয়া ৰীতি-নীতি আৰু সুকীয়া ধৰ্মীয় চিন্তাৰে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। কি দৰে বৰত উৎসৱে পৰম্পৰাসমূহ পালন কৰে আৰু কোন কোন ক্ষেত্ৰত পূৰ্বৰ তুলনাত বৰ্তমান পৰিৱৰ্তন লাভ কৰিছে তাক ফঁহিয়াই চোৱাৰ অদম্য হেঁপাহেই মোৰ আলোচনা পত্ৰৰ গুৰুত্ব আৰু উদ্দেশ্য।

১.৪ বিষয়বস্তুৰ পদ্ধতি :

 

আলোচনা পত্ৰৰ বিষয়ৰ পদ্ধতি বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক।

১.৫ তথ্য আহৰণৰ উৎস :

 

আলোচনা পত্ৰখন প্ৰস্তুত কৰি উলিয়াওতে সাধাৰণতে দুই প্ৰকাৰৰ উৎসৰ সহায় লোৱা হৈছে-

ক)মুখ্য উৎস

খ)গৌণ উৎস

মুখ্য উৎস হিচাপে মৰিগাঁও জিলাৰ বিশেষ কেইগৰাকীমান তিৱালোকৰ সাক্ষাৎকাৰ আৰু গৌণ উৎস হিচাপে কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ পৰা বিভিন্ন প্ৰসংগ পুথিৰ লগতে আলোচনী আদিৰো সহায়লৈ পত্ৰখন যুগুতোৱা হৈছে।

১.৬ বৰত উৎসৱ আৰু ইয়াৰ পৰম্পৰা :

 

ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম, আদিম জনজাতিসকলৰ সাতোৰহণীয়া ঐতিহ্যমণ্ডিত কলা-সংস্কৃতি বিচিত্ৰ লীলা ভূমি। জনজাতীয় কৃষ্টিৰ ওপৰতেই অসমীয়া কৃষ্টিয়ে গা কৰি উঠিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। বৃহৎ মংগোলীয় জনগোষ্ঠীৰ এটি ঠাল তিৱা বা লালুংসকলৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক উৎসৱ হৈছে ‘বৰত উৎসৱ’। প্ৰাচীন তেতেলীয়া ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ ‘কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি উৎসৱ পালন কৰা হয়। প্ৰাচীন তেতেলীয়া ৰাজ্যৰ সাঁচিপতীয়া পুথি বা বুৰঞ্জীৰ তথ্য অনুসৰি অষ্টাদশ শতিকাৰ প্ৰাৰম্ভৰ পৰাই ‘বৰত’ নামেৰে বিশেষ উৎসৱটি তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত হৈ আহিছে।

বৰত শব্দটো সংস্কৃতি ‘ব্ৰত’ শব্দৰ সৰলীকৰণ মাথোন। তেতেলীয়া ৰাজ্যৰ ৰজা ৰণসিদ্ধ বা ৰণজয়ৰ দিনৰপৰাই ‘বৰত পূজা’ প্ৰচলন হয় বুলি জনা যায়। তিৱাসকলৰ এই উৎসৱৰ আনুষ্ঠানিক আৰম্ভণিৰ পৰা শেষলৈকে কোঁৱৰ-কুঁৱৰী, বৰতানী প্ৰভৃতি কিছু বিশেষ ব্যক্তিয়ে ব্ৰত পালন কৰাৰ নিয়ম পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে। অতিশয় আকৰ্ষণীয় এই ‘বৰত উৎসৱক কোনোৱে কুমাৰী পূজা আৰু কোনোৱে ঊষা-অনিৰুদ্ধৰ প্ৰণয় কাহিনী বুলি ক’ব খোজে’। পৰম্পৰা অনুসৰি বৰত উৎসৱ কাতি মাহৰ অমাৱশ্যা তিথিত বা কাতি বিহুৰ দিনৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তেতেলীয়া পাহাৰৰ দাঁতিত বৰত পূজা সম্পাদন কৰা হয়। পুজা স্থানৰ কাষতে এখন কালিকা থান আৰু তাৰ কাষত বংশীবাদন থান নামে এখন থান থাকে। কালিকা থানত আগতীয়াকৈ পূজা দি বৰত উৎসৱ কৰাৰ নিয়ম। বৰত পূজা আৰম্ভ কৰাৰ আগেয়ে কাতি বিহুৰ দিনা গধূলি সৰস্বতীদেৱীৰ পূজাৰে ‘বৰত’ৰ পাতনি মেলা হয়। উৎসৱ উদযাপনৰ উদ্দেশ্যে তেতেলীয়াগাঁৱৰ ‘ৱাৰিকে’ নিজ গাঁৱৰ মুনিহ-তিৰোতা সমন্বিতে ওচৰৰ সকলো গাঁৱৰ লোকক নিমন্ত্ৰণ কৰি একগোট কৰে।

সৰস্বতী পূজাৰ দিনাৰ পৰা সপ্তাহৰ মূৰে মূৰে নদীৰ সাতটা ঘাটৰ পৰা সাত ঘট পানী তুলি আনি ব্ৰত পালন কৰি ব্ৰতেশ্বৰীক নোওঁৱা হয়। বিয়াত অকুমাৰী ছোৱালী এজনীয়ে ঘট ধৰাৰ নিয়ম। ব্ৰতেশ্বৰ নিৰ্বাচন কৰা হয় এটা বিশেষ ‘কুল’ৰ পৰা। উল্লেখযোগ্য যে তিৱা লোকসকলৰ মাজত ‘কুল’ বা ‘কুৰ’ বহুতো আছে। বিশেষ দলৈ বংশত যদি উপযুক্ত যুৱতী নাথাকে তেনেহ’লে বৃদ্ধা অথবা আদহীয়া তিৰোতাক ব্ৰতেশ্বৰী নিৰ্বাচন কৰা হয়। যদি সেই কুলত বিশেষ তিৰোতা নাথাকে তেনেহ’লে অন্য ‘কুল’ৰ পৰা ‘বৰতানী’ক নিৰ্বাচন কৰে। পানী তোলা আয়তীসকলে এমাহ জুৰি ‘বৰতানী’ক নোৱায়। বৰতানী নোওঁৱা সময়ত কুৰি অধ্যায় নাম গোৱা হয়। নামৰ সুৰ আইৰ নামৰ দৰে-

যি বেলা সাজ(১)টুপতি (২)হ’ল আই সীতা গোসাঁনীৰ বৰতেই হ’ল।।

সীতা গোসাঁনীৰ কামে আই আই বুলনি সৰজিলা ৰামে।।

কুৱা ঘূৰি ঘূৰি পাণ বিলায়

সাজৈ গিলটানি(৩) মাটি অ’ নাই।।

মাটি অ’ নাগ’ হস্তৰে

সাজ আয়তী মাটি অ’ নাই।।

নাই আয়তী নাই এ

গাতে চাদৰ নাই এ।

ৰাধা কুঁৱৰী হায় হায়

শিৰতে(৪) সেন্দূৰ দেখি থাক।

এইদৰে এফাঁকি গীতকে সাতবাৰকৈ গোৱা হয়।

বৰত উৎসৱত কিছুমান পালনীয় বিধি নিষেধ আছে। বৰতৰ কুঁৱৰীৰ লগতে চাৰিগৰাকী মূল আয়তীয়ে মাছ-মাংস, তামোল-পান আদি খোৱা নিষেধ। সন্ধ্যা নোওৱা-ধুওৱা কৰাৰ পিছতহে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। অন্যহাতে নোওৱা-ধুওৱা কৰা আয়তীসকলেও এনে নিয়ম পালন কৰিব লাগে। এই নিয়ম ভংগ কৰিলে ভংগ কৰোঁতাৰ অপায়-অমঙ্গল হয় বুলি বিশ্বাস।

মূল বৰতৰ আগদিনা এখন শৰাইত আগলি কলাপাত এজাপ, চাউল, তামোল, এবটা, দি থাপনা স্থাপন কৰা হয়। থাপনাত এটা ঘট, এটা জাপি, সাত বা ন-গছ বন্তি জ্বলাই ঘটতো কপাহি কাপোৰেৰে মেৰিয়াই ৰখোৱা হয়। কুঁৱৰীক নোওঁৱাৰ পিছত মূল বৰতৰ দিনালৈকে সেই থাপনা বা ঘৰটোতে পানীতোলা ঘট, জাপি দোলা আদি ৰাখি থোৱা হয়। মূল বৰতৰ দিনা ৰভাস্থলীৰ মাজভাগত পূবমূৱাকৈ এখন চন্দ্ৰতাপ তৰি তলত চাৰিকোণীয়া মাটিৰ মণ্ডপত ‘চামৰ পীৰা’ পাৰি ‘বৰত কুঁৱৰী’ক বহুৱায়। কুঁৱৰীৰ ওচৰত আয়তীসকল আৰু কাষতে আইসকল বহে। ৰভাৰ প্ৰতিটো খুঁটাত ‘দোলা’ স্থাপন কৰি দোলাৰ কাষে কাষে মূঠতে ৩৬০ গছি বন্তি জ্বলোৱা হয়। ১০০ অধ্যায় গীত গোৱাৰ লগে লগে জুইৰ অঙঠা লৈ নাচনিয়াৰসকলে নাচি নাচি ৰভাখনৰ চাৰিওফালে এপাক ঘূৰে। এইদৰে জুই অঙঠা লৈ ঘূৰাটোক ‘অগ্নিগড়’ বন্ধা বোলে।

বৰত উৎসৱৰ সামৰণিৰ ফালে পুৱা পীৰা যুঁজ অনুষ্ঠিত হয়। তেতিয়াই কুঁৱৰীৰ দ্বাৰা পূজিত চাম কাঠৰ ‘সুংগৰী পীৰা’খনকলৈ চাৰিগৰাকী কুমাৰী ছোৱালীৰ মাজত যুঁজ হয়। পীৰ যুঁজ হওঁতেও সাত অধ্যায় গীত গোৱা হয়। যিগৰাকী ছোৱালীয়ে পীৰাখন নিজৰ আয়ত্বলৈ আনিব পাৰে, সেইগৰাকীক ৰজাই বিশেষ পুৰস্কাৰৰে পুৰষ্কৃত কৰে। সেইসময়তে বৰতৰ ‘বিদায়ী ইগীত’ গাই বৰতৰ কুঁৱৰীক পুনৰ পিছৰ বাৰলৈ বৰত পূজালৈ অহাৰ আমন্ত্ৰণ জনায়। এই কাৰ্য সমাপনৰ লগে লগে ৰজা, ৰাজপৰিষদ বৰ্গ, সমাজৰ বৰমূৰীসকলে বৰতানীৰ ঘৰত সমবেত হৈ উৎসৱটিৰ বিভিন্ন দিশত আৰু দোষ-ক্ৰুটিৰ আলোচনা কৰে।

তাৎপৰ্য্যপূৰ্ণ যে, বৰত উৎসৱত কোনো আধুনিক আলোকসজ্জাৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। তেলৰ শলিতাৰ পোহৰেই চৌদিশে পোহৰময় হৈ থাকে। এই উৎসৱৰ মূল মণ্ডপৰ ভিতৰ-বাহিৰ সকলোতে গোটেই ৰাতি গীত-নৃত্য চলে। মণ্ডপৰ ভিতৰত সাধাৰণতে ৰজাৰ ঘৰৰ দ্বাৰা স্বীকৃত নৃত্যৰ দলেহে নৃত্য পৰিৱেশন কৰিব পাৰে। এনেদৰে পুহ মাহৰ প্ৰথম পূৰ্ণিমা ৰাতি সমগ্ৰ বৰত থলী পোহৰ, গীত, নৃত্যাদিৰ উচ্ছলতাৰে সজীৱ হৈ থাকে। তাৰ মাজতে তাৎপৰ্য্যপূৰ্ণভাৱে ডেকা-গাভৰু সমন্বিতে সকলো বয়সৰ লোকৰ মাজতে চলে বৰত উৎসৱ কেন্দ্ৰিক গদালীপৰীয়া গীত আৰু পাতিঢোল, পেঁপা আদিৰ প্ৰতিযোগিতা। বিশেষকৈ উক্ত গীতৰ প্ৰতিযোগিতা ডেকা-গাভৰুৰ মাজত ই অতিশয় আকৰ্ষণীয় ৰূপ লয়-

‘আজি যাং বৰতক ঐ    কালি যাং বৰতক ঐ

বৰতৰ ধেপেলা ঐ পাত

বৰতক যাংতে ঐ       চৰতে ডাকিলে ঐ

ৰিহা নাই এতিয়া ঐ গাত’।

এনেদৰে এজনে আৰম্ভ কৰাৰ গীতৰ মাজে মাজে অঘোষিত এক প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটে। আকৌ এজনে গায়-

ধানে কাটি গ’লে ঐ     ৰচকী-পচকী ঐ

গচকত ভাঙিলে ঐ নাৰা

কাঁচিয়ে দাতকে ঐ     লেকাই ঘূৰি ঘূৰি

লেকাই সূৰুযৰে তাৰা।

তিৱা ডেকা-গভৰুৰ মুখৰ পৰা বতৰত থলীত এনে অসংখ্য গীতৰ কলি স্বত:সফুৰ্তভাৱে নিগৰি আহে। গীতৰ এই আমেজ লগা প্ৰতিযোগিতাত পূৰ্বে গাভৰুজনী পৰাজিত হ’লে ডেকাজনে তাইক বিয়া কৰোৱাৰ অধিকাৰ লাভ কৰে। ইয়াৰ বিপৰীতে গাভৰুজনী জয়ী হ’লে ল’ৰাজনে ঘৰ জোঁৱাই কৰি নিয়াৰ অধিকাৰ লাভ কৰে। এনে পৰিস্থিতিত সমাজ বা ৰজাঘৰ কোনেও আপত্তি নকৰে। এনেদৰেই বৰত উৎসৱৰো সামৰণি পৰে।

১.৭ সময়ৰ সোঁতত বৰত উৎসৱ :

 

নৃত্য-উৎসৱ, পূজা-পাৱৰ্ণ হৈছে মানৱ সভ্যতাৰ সমাজ জীৱনৰ সঞ্জীৱনী শক্তি। উৎসৱবিহীন সমাজ সভ্যতা নিৰস আৰু নিৰ্জীৱ। জন্মক্ষণৰ পৰা আজিৰ তাৰিখলৈ তিৱাসকলৰ বৰত উৎসৱ সময়ৰ সোঁতত বহু আগবাঢ়িল। তিৱা সমাজেও এই উৎসৱৰ ঐতিহ্য পৰম্পৰাক সৰ্বাত্মক ৰূপত অক্ষুণ্ণ ৰখাৰ চেষ্ঠা কৰি অহা দেখা গৈছে। জনা যায় যে, প্ৰাচীন তেতেলীয়া ৰাজ্যৰ তিৱা লোকসকলেও উৎসৱটিক প্ৰতিবছৰে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰম্পৰা আৰু ৰীতি-নিয়মেৰে গভীৰ শ্ৰদ্ধা আৰু অফুৰন্ত উলাহেৰে অনুষ্ঠিত কৰি আহিছে। কিন্তু ১৯৮৬ চনৰ পৰা তেতেলীয়া ৰাজ্যৰ বিস্তৃৰ্ণ অঞ্চলটিৰ ৰাজ্যক কলং-কপিলীৰ প্ৰলয়ঙ্কৰী বানে বাৰুকৈ জুৰুলা কৰি তোলাৰ ফলত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে বৰত উৎসৱক প্ৰতিবছৰে নিৰ্দিষ্ট সময়ৰ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে বৰত উৎসৱক প্ৰতিবছৰে নিৰ্দিষ্ট সময়ত পৰম্পৰাগত নিয়মৰ মাজেৰে অনুষ্ঠিত কৰাটো বহুক্ষেত্ৰত সম্ভৱ হৈ উঠা নাই।

বৰ্তমান যুগ বিশ্বায়নৰ যুগ। বিশ্বায়নৰ ঢৌৱে যেন তিৱালোক সকলকো চুই গৈছে। সমগ্ৰ বিশ্বৰ জনতাৰ দৰে তিৱা লোকসকলো পৰিৱৰ্তনৰ বাটেৰে আগবাঢ়িব লগা হৈছে। সেয়ে তেওঁলোকৰ সমাজ ব্যৱস্থা সাংস্কৃতিক পৰম্পৰাটো কোনো কোনো দিশত অচিৰেই পৰিবৰ্তন আহিছে। কেতিয়া কেতিয়াবা সময়ৰ লগত খাপখুৱাই উদ্যোক্তাসকলে বৰত উৎসৱৰ বাহ্যিকতাত কিছ্বু দিশত নতুনত্ব আনিব লগা হৈছে। প্ৰসঙ্গক্ৰমে এই উৎসৱ থলীত পূৰ্বৰ স্বাভাৱিক পোহৰৰ ব্যৱস্থাপনাৰ বিপৰীতে সম্প্ৰতি মূলৰ মণ্ডপৰ বাহিৰত শলিতাৰ পোহৰৰ ঠাইত বিজুলী পোহৰৰ সংযোগো ঘটিছে। আনহাতে উৎসৱস্থলীৰ প্ৰৱেশ দ্বাৰৰ আদৰণি তোৰণখনতো আধুনিকতাৰ প্ৰভাৱ পৰা দেখা গৈছে। পিছে দুই এক পৰিৱৰ্তনে সময়ৰ সোঁতত দেখা দিলেও বৰত উৎসৱৰ প্ৰকৃত সৌন্দৰ্য, আকৰ্ষণ ইয়াৰ লগত জড়িত চহা তিৱাসকলৰ প্ৰাণৰ উন্মাদখিনি প্ৰায় আজিও একে ৰূপত বিৰাজমান। বছৰৰ পুহ মাহৰ পূৰ্ণিমা নিশা সেয়ে আজিও উদুলি-মুদুলি হৈ ৰয় কলং পাৰৰ হাবিয়নী বাট। সুৰীয়া শব্দৰ তালে তালে কাৰোবাৰ কন্ঠত আজি ধ্বনিত হয়-

হায় ঐ

আজি বৰত বৰত   কালি বৰত বৰত

বৰতৰ সুৰীয়া ঐ মাত।

বৰতৰ থলীতে     চৰতে ডাকিলে

চেনাই কুমলীয়া মাত ঐ।

১.৮ সামৰণি আৰু ব্যক্তিগত মতামত :

 

এটা কথা বিনাদ্বিধাই ক’ব পাৰি যে, মধ্য অসমৰ অন্যান্য উৎসৱৰ তুলনাত বৰত উৎসৱৰ জনপ্ৰিয়তা কোনো গুণেই কম নহয়। সেই অঞ্চলৰ সৰ্বস্তৰৰ মানুহৰ মাজতেই ইয়াৰ বিশেষ প্ৰভাৱ বিদ্যামান। তথাপি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত তিৱা জনগোষ্ঠীৰ বৰত উৎসৱটি এতিয়াও বহুল ভাৱে অপৰিচিত হৈ আছে। ইয়াৰ মূল কাৰণ এই উৎসৱ সম্পৰ্কত বৃহত্তৰ অসমৰ জনজীৱনৰ বিজ্ঞ লোকসকলৰ মাজত খুব কমকৈহে ই চৰ্চা লাভ কৰিছে।

এটা কথা ঠিক যে তিৱাসকলৰ লোক উৎসৱৰ ভিতৰত বৰত উৎসৱৰ এক সুকীয়া তাৎপৰ্য বিৰাজমান। কাৰণ ইয়াৰ মাজত সঞ্চিত হৈ আছে তিৱা সকলৰ লোকবিশ্বাস, ৰীতি-নীতি আদিৰ অফুৰন্ত সমল। বৰত উৎসৱৰ ঐতিহাসিক গুৰুত্ব কিমান সেয়া বিচাৰ্যকৰ বিষয়। বৰ্তমান সময়ত তিৱাসকলৰ পূৰ্বাপৰ প্ৰচলিত এটি কৃষ্টিমূলক উৎসৱৰ প্ৰতি অধুনা বিশেষ গুৰুত্ব নিদিয়াতো এটা জাতিৰ বাবে বৰ পৰিতাপৰ কথা। এইদৰে তিৱাসকলৰ ৰহনীয়া কলা-কৃষ্টি যদি উৎকৃষ্ট নহয় বুলি এৰি পেলোৱা হয়, তেন্তে জাগিতক ঐতিহ্যক অপমান কৰা হ’ব আৰু ইয়ে তিৱা লোকসকলৰ সংহতিৰ পথত বিৰাট অন্তৰাই সৃষ্টি কৰিব।

লেখক:ৰেৱত মহন্ত

3.27083333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top