মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তিৱা জাতি আৰু ঢোলবাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিৱা জাতি আৰু ঢোলবাদ্য :

তিৱা জাতি আৰু ঢোলবাদ্যৰ বিষয়ে লিখা হৈছে ।

নৃত্য-গীত প্ৰিয় তিৱাসকলৰ বিভিন্ন সামাজিক কৰ্ম, পূজা-পাতল, উৎসৱ-পাৰ্বন আদি প্ৰতিটো দিশতেই গীত-নৃত্য, ঢোলবাদ্য বা আন আন বাদ্যযন্ত্ৰৰ পয়োভৰ দেখা যায়৷

তিৱা ভাষাত ঢোলক খ্ৰাম বুলি কোৱা হয়৷

তিৱা লোক নৃত্য আৰু লোকসঙ্গীতত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা কেইবিধমান ঢোলবাদ্য হ’ল –

খ্ৰাম: –

খ্ৰাম হ’ল সৰু আকৃতিৰ ঢোল৷ খ্ৰামৰ আকৃতি ঢোলতকৈ দীঘল আৰু খোলতকৈ চুটি৷ দেখাত অসমীয়া সমাজৰ খোলৰ দৰে৷ মাতটো ৰিঙা৷ খোল আৰু খ্ৰামৰ পাৰ্থক্য হ’ল খোলৰ বৰতী ঘন আৰু ঘূণ দিয়া, খ্ৰামৰ বৰতী পাতল আৰু ঘূণবিহীন৷ সেইবাবে মাতটো ৰিঙা হয়৷ প্ৰায় সকলো গীত-মাত, নৃত্য আদিত খ্ৰাম ব্যৱহাৰ কৰা হয়৷ সৰু খ্ৰামটোক জংখং খ্ৰাম বোলে৷

খ্ৰামবাৰ’: –

খ্ৰামবাৰ’ক বৰঢোল বুলি ক’ব পাৰি৷ ইয়াৰ মাতটো গুৰু গম্ভীৰ৷ খ্ৰামবাৰ’ খ্ৰামতকৈ চুটি কিন্তু আকৃতিত ডাঙৰ৷ ইয়াক দুফালৰ পৰা দুডাল মাৰিৰে বজোৱা হয়৷ খ্ৰামবাৰ’ সকলো অনুষ্ঠানতে ব্যৱহাৰ নকৰে৷ কেতবোৰ বিশেষ বিশেষ অনুষ্ঠানৰ নৃত্য-গীত যেনে: -ছগ্ৰা-মিছাৱা, ৱ্যানছুৱা আদিতহে ব্যৱহাৰ কৰে৷

দগাৰা বা তুম্বাং: –

দগাৰা বা তুম্বাঙৰ আকৃতি ৰঙা লাওৰ দৰে৷ দেখাত নাম প্ৰসঙ্গত ব্যৱহাৰ কৰা নাগাৰাৰ দৰে৷ দুহাতে দুডাল মাৰি লৈ বাদকে এই বাদ্য বজায়৷

পাতিঢোল: –

তিৱাৰ পাতিঢোল উজনিৰ বিহু বা ওজা ঢোলৰ দৰে খোলা, মলোৱাৰ মাজত পাতি নাথাকে৷ সাধাৰণতে এই ঢোলৰ খোলাটো চাম বা কঁঠাল কাঠৰ হয়৷ খোলাটোৰ ওপৰৰ ভাগত লা, হেঙুল, নীল আৰু হৰিতাল মিহলাই বোলাই দিয়া হয়৷ ইয়াৰ মাত ঢিমা আৰু কোমল৷ তিৱাসকলৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠানত পাতিঢোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷

এই ঢোলবাদ্য কেইবিধৰ উপৰিও তিৱা সমাজৰ বিভিন্ন পূজা-পাৰ্বন, উৎসৱ -ছগ্ৰা, ইয়াংলি, লাংখুন ফূজা, মুইনাৰি কাণ্ঠী আদিত খ্ৰাম লুদাং, খ্ৰাম খুজুক, খ্ৰাম পাণ্ঠাই আদি আন আন ঢোল বাদ্যবোৰো বজোৱা হয়৷
এই ঢোলবাদ্যবোৰ তিৱা শিল্পী সকলে নিজে কাঠ, বাঁহ, ছাল-চামৰা আদিৰে সাজি উলিয়ায়৷ বাদ্যযন্ত্ৰবোৰ সাজোতে তেওঁলোকে কেতবোৰ ৰীতি-নীতি, আচাৰ-অনুষ্ঠান পালন কৰা দেখা যায়৷ এই বাদ্যযন্ত্ৰসমূহ তিৱাসকলে শ্ৰদ্ধা-ভক্তিৰে তিৱা সমাজৰ ডেকাচাং চামাদিত তুলি থোৱাৰ নিয়ম৷

লেখিকা :-  মুংছাজ বৰ্ণালী আম্ফি মান্তা

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top