মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তিৱা সমাজত টেবু আৰু টোটেমবাদ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিৱা সমাজত টেবু আৰু টোটেমবাদ

তিৱা সমাজত টেবু আৰু টোটেমবাদৰ বিষয়ে

 

টেবু এটা পলিনেছীয়া শব্দ। নৃতত্ত্ববিদ জে জে আটকিঞ্জনে এই শব্দটোক নৃ – বিজ্ঞানত জনপ্ৰিয় কৰি তোলে। টেবুৰ বিশেষত্ব হ’ল – সামাজিক আচাৰ – অনুষ্ঠান, ক্ৰিয়া – কৰ্ম আদিত কেতবোৰ বিশেষ আচাৰ পালন নকৰিলেহে ইয়াৰ ইপ্সিত ফল পোৱা যায়। অসমৰ আন আন জনজাতীয় সমাজত থকাৰ দৰে তিৱা সমাজতো বিশেষ নিষিদ্ধ আচাৰ পালন কৰা দেখা যায়। তিৱা সকলে একে কুলৰ ভিতৰত বৈবাহিক সম্বন্ধ স্থাপন নকৰে। বিয়াৰ প্ৰস্তাৱ চলোৱাৰ আগতে কুলৰ বিচাৰ হয়। বিভিন্ন কুলৰ হ’লেও দাফৰ, মিথি আৰু লম্ফৈ এই তিনি কুলৰ ভিতৰতো বিবাহ নহয়। সন্তান জন্মৰ সময়ত তিৰোতা মানুহ সাময়িক ভাৱে টেবু হৈ পৰা নিয়ম তিৱা সমাজত আছে। সন্তান গৰ্ভত থাকিলে স্বামীয়ে চৰাই – চিৰিকটি মৰা, সাপ মৰা, শ্মশান যাত্ৰা আৰু মাটি খন্দা কাম কৰা নিষেধ। সন্তান ভূমিষ্ঠ হোৱাৰ পিছত প্ৰসূতি গৰাকীয়ে বহা ঠাইৰ পৰা উঠিবলৈ হ’লে মাটিত ভেজা দি কেঁকনি মাৰি উঠা দোষযুক্ত। এনে কৰিলে প্ৰসূতি গৰাকীৰ পেট কামুৰণি ধৰে বুলি ধাৰণা কৰে। পুত্ৰ সন্তান জন্মৰ সাত বা ন দিনৰ মূৰত তিৱা সমাজত তিৰোতা সঁজাতীয়ে কেঁচুৱাৰ হাতত ধৰাই চাৰিও দিশে চাৰিপাত কাঁড় মৰাৰ লগে লগে নৰেশ্বৰ, গৰেশ্বৰ, হেমেশ্বৰ আৰু ধৰ্মেশ্বৰ এই চাৰিজন দেৱতাক উদ্দেশ্যি মন্ত্ৰ মাতে। কাঁড় মৰাৰ উদ্দেশ্য – সংঘাতেৰে ভৰা পৃথিৱী খনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবই লাগিব। শত্ৰুক বিনাশ কৰি সংসাৰত কেনেকৈ সুখে – স্বাচ্ছন্দ্যে জীৱন – যাপন কৰিব পাৰি এই নিয়মবোৰে তাকে সূচায়। ছোৱালী সন্তানৰ ক্ষেত্ৰত তুলা, ধুনা, চাটনি আৰু এখন কাঁচী হাতত ধৰাই দিয়া হয়। ইয়াৰ অৰ্থ হৈছে ভৱিষ্যতে যাতে চহা জীৱনৰ এজনী সু – শিপিনী হয়।

প্ৰাক্‌ – শিল্প যুগৰ আগলৈকে মানুহৰ জীৱন ধাৰণৰ একমাত্ৰ উপায় আছিল কৃষি। সেয়ে কৃষিৰ লগত মানুহৰ সংস্কৃতি ওতপ্ৰোত ভাৱে জড়িত হৈ আছিল। তিৱা সমাজত কৃষিৰ লগত সম্পৰ্ক থকা ঐন্দ্ৰ্জালিক আচাৰ – অনুষ্ঠাৰ অভাৱ নাই। ছগ্ৰা, ছংখং, লাখুন, ৱানদ্যুৱা, বৰত, মাগ্ৰ’মিছাৱা, খাপ্লাং ৰাৱা আদি তিৱা সকলৰ মূল কৃষি উৎসৱ। ছাৰ জেমছ্‌ ফ্ৰেজাৰে এই ঐন্দ্ৰকালিক আচাৰ – অনুষ্ঠানবোৰত এটা অনুকৰণশীল ক্ৰিয়াই বাস্তৱৰ ওপৰত সঁচা – সঁচিকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বুলি মানৱ মনৰ ধাৰণাৰ কথা উল্লেখ কৰিছে। তিৱা সকলে ৱানদ্যুৱা উৎসৱৰ সময়ত পিঠাগুড়ি গুলি লৈ বন – লতা – পাতেৰে প্ৰতিজন গৃহস্থৰ দুৱাৰত ছটিয়াই গীত হাই ফুৰে। এইদৰে ছটিওৱাৰ অৰ্থ লখিমী আদৰা।

আদিম কালৰে পৰা সমাজত গছ বা চৰাই বা জন্তৰ বিশেষ প্ৰতীকী ৰুপত তেওঁলোকৰ গোষ্ঠীটোৰ সংৰক্ষণকাৰী শব্দটো লুকাই থাকে বুলি মানুহে ভাবে আৰু ইয়াৰ জৰিয়তে গোষ্ঠীৰ প্ৰত্যেক নিজকে অংগাংগীভাৱে জড়িত কৰি আহিছে। আন জনজাতীয় সকলৰ দৰে তিৱা সকলৰো টোটেম এটা জনজাতীয় গোষ্ঠীৰ প্ৰতিনিধি। তেওঁলোকৰ উপাস্য দেৱতা হ’ল শিংযুক্ত পশুপতি অৰ্থাৎ মহাদেৱ। এই মহাদেৱক উদ্দেশ্যি তেওঁলোকে শিঙাল দেৱতাৰ পূজা কৰে। এই পূজাত প্ৰত্যেক কূলৰ পৰা এটাকৈ চৰাই দিব লাগে। শিঙাল দেৱতাৰ প্ৰতীক স্বৰুপে তেওঁলোকে পূজালৈ ভৰাই নিয়া চৰাই বোৰৰ খাংবোৰৰ দুয়ো মূৰে আনকি শিঙৰ দৰে সজাই লয়। তিৱা সকলে ভোবোলা ছাগলীক দেও লগা বুলি সন্মান কৰে। তেওঁলোকৰ পুৰু কূলক কেন্দ্ৰ কৰি এটি জনপ্ৰবাদ আছে। তেওঁলোকৰ ফৈদৰ মানুহ আগতে নমৰিছিল। এটা ভোবোলা ছাগলী মাৰি তাক নিয়ম মতে সৎকাৰ কৰাৰ পাছতহে মানুহ মৰিবলৈ আৰম্ভ কৰে। সেইদিনাৰ পৰাই তেওঁলোকে ভোবোলা ছাগলীক সন্মান কৰে আৰু নাখায়। জনজাতীয় গোষ্ঠীবোৰে সিহঁতৰ আত্মাবিলাপ এনেকৈ সজীৱ বস্তুৰ গাত স্থাপন কৰা কাৰ্য্যই টোটেমৰ উৎপত্তিৰ কাৰণ বুলি টাইলৰে কৈছে আৰু প্ৰকাৰান্তৰে ই ফ্ৰেজাৰৰো মত। এই ধাৰণাৰে আলম লৈ জন্মান্তৰবাদৰ লগত টোটেমৰ কিবা সম্পৰ্ক থাকিব পাৰে বুলি তিৱা সমাজত বিশ্বাস।

ধৰ্মৰ আন এটা আদিম ৰুপ হ’ল প্ৰকৃতিবাদ। প্ৰকৃতিৰ ঘটনাবিলাকে আদিম মানৱৰ মনৰ ওপ্ৰত অহৰ্নিশে ক্ৰিয়া কৰি আছিল। আদিম মানৱে প্ৰকৃতিৰ ঘটনা বিলাকৰ ওপৰত কিছুমান মানৱীয় গুণ আৰোপ কৰাৰ লগতে মানুহ হিচাপে গণ্য কৰিছিল আৰু সিবিলাক নাম দিছিল। প্ৰকৃতিবাদৰ সমৰ্থক এফ মেক্সমূলাৰে ইয়াক ধৰ্ম আৰু দেৱতাৰ উৎপত্তিৰ কাহিনী বুলি কৈছে। তেওঁ এই ধৰ্মক নৈসৰ্গিক ধৰ্ম বা ভৌতিক ধৰ্ম নাম দিছে। মিছৰীয় ধৰ্মৰ আইচিছ, ওচিৰিজ, হোৰেছ, বেবিলনীয় ধৰ্মৰ মাৰ্দক, চামাদ, গ্ৰীক ধৰ্মৰ জেয়ুদ, এপ’ল, ৰোমান ধৰ্মৰ জুপিটাৰ, জুন আদি দেৱ - দেৱী সকল কিছুমান নৈসৰ্গিক ঘটনাৰে দৈৱিক ৰুপে থকাৰ দৰে তিৱা সকলৰ ধৰ্মতো প্ৰকৃতিবাদ যথেষ্ট প্ৰবল দেখা যায়। তেওঁলোকে সূৰ্য্য দেৱতা, শক্তিদেৱতা, বনদেৱতা, জলদেৱতা আদি নানান দেৱতাক পূজা কৰে। এই দেৱতা সকলক স্বকীয় ভাষাৰে নামকৰণো কৰিছে – ফুৰিমচৰ, চাৰিভাই চাৰিকৰা, বাঘৰজা, পাৰণা বা বৰমা, পুৰাৰামচা ইত্যাদি। তিৱা সকলৰ বদলমাজি নামৰ এজন দেৱতাৰ শিলামূৰ্তি মাৰ্জঙত আৰু বৰখোৰং পাহাৰত এটা চৰাই আৰু এটা বহুকৰ শিলামূৰ্তি আজিও বিদ্যমান। তেওঁলোকে চামাদিত (ডেকাচাং) ব্যৱহাৰ কৰা মাজৰ খুটাঁটোক মিন্দাইনে থুনা অৰ্থাৎ মহাদেৱৰ প্ৰতীক বুলি ভাৱে। ছংখং পূজা নকৰাকৈ কোনো তিৱালোকে পথাৰত হাল বাব নোৱাৰে। ছংখং শব্দই হাবি ভাঙি খেতি কৰা অৰ্থ প্ৰকাশ কৰে। খেৰকটা পূজা (খাপ্লাং ৰাৱা) নকৰাকৈ তেওঁলোকে খেৰ নাকাটে। তিৱা সকলে বিজুলী বাঁহক এগৰাকী দীপলিপ ৰাজকন্যা ৰুপে বিশ্বাস কৰে। তেওঁলোকে লাংখুন পূজা পাতি বিজুলী বাঁহৰ গৰাকী দেওচাল্‌জা ৰজাক বিজুলী বাঁহ কঁটাৰ অনুমতি বিচাৰে। কৃষি – শস্যৰ অধিপতি চাৰিভাই চাৰিকৰাক পথাৰত কৰি থোৱা শস্যাদি নষ্ট নহ’বলৈ আৰু শস্য নদন – বদন হ’বলি ৱানদ্যুৱা উৎসন পালন কৰে। টোটেমৰ চৰিত্ৰ ধৰ্মীয় হওকেই বা নৌহওকেই পৃথিৱীৰ সকলো ধৰ্মতে থকাৰ দৰে তিৱা সকলৰ মাজতো টোটেম বাদৰ বেশ আছে। তিৱা সমাজত বাঘ পূজাৰ প্ৰথা আছে। বাঘপূজা নকৰাকৈ তিৱা সকলে খেৰ নাকাটে। পূজা নকৰাকৈ খেৰ কাটিলে গাঁৱত মানুহ – দুনুহ আৰু গৰু – গাইৰ ওপৰত উপদ্ৰৱ কৰেহি বুলি তেওঁলোকে বিশ্বাস কৰে।

প্ৰাগঐতিহাসিক সমাজৰ পৰা আৰম্ভ কৰি আজিৰ অত্যাধুনিক সমাজলৈকে সকলোতে ঐন্দ্ৰজালিক প্ৰভাৱ পৰা দেখা যায়। তিৱা লোক – সংস্কৃতি আৰু লোক – ধৰ্মত এই ঐন্দ্ৰজালিকৰ উদাহৰণ অলেখ আছে। সপোনত মৃতকক দেখা পালে বাস্তৱ জীৱনত সেই মৃতকে প্ৰভাৱ পেলোৱা বুলি তিৱা সকলে বিশ্বাস কৰে। যৌৱন ভাটি দিয়া অবিবাহিত পুৰুষ বা মহিলাৰ মৃত্যুত মৃতকৰ লগত একো টুকুৰা কলপটুৱা বুকুত সাৱটাই দি মাৰক (শ্মশান) লৈ যোৱা হয়। চিতাত তেওঁলোকেও তেনেদৰে কলপটুৱা দিয়াৰ নিয়ম। তেওঁলোকৰ কোনো কোনো কুলে কোমোৰা নাখায়। আনকি বাৰীতো নলগায়। তিৱা পুৰোহিতে কোনো শুভাৰম্ভ কৰাৰ আজেয়ে কণী ভাঙি মংগল চোৱা, বলি – বিধান কৰা আৰু পূজাত মদ উছৰ্গা কৰাটো এক পৰম্পৰা বুলি ক’ব পাৰি। ধান – মৰণা মাৰোতে লক্ষ্মী দেৱীয়ে কষ্ট পায় বুলি তিয়া ডেকা – গাভৰুৱে দোষ নধৰিবলৈ নৃত্য – গীতৰ আয়োজন কৰে আৰু লক্ষ্মী দেৱীক স্তুতি কৰে। লাংখুন (বিজুলী বাঁহ) পূজাত তিৱা সকলে ফুলাই লোৱা মালবাৰীৰে ঘৰৰ বেৰত কোবাই ফুৰে। এইদৰে কৰিলে কাল্পনিক দেৱতা সমূহ গুচি যায় বুলি তেওঁলোকে বিশ্বাস কৰে। বাৰিষাৰ বতৰত তেওঁলোকে ‘নখা ছাঙা নৃত্য আৰু গীত’ গাই চোতালে চোতালে পানী ছটিয়াই উড়লৰ জড়িয়তে ভেকুলী কন্দুৱাই বৰষুণ মাতে। বৰষুণ আনিবলৈ এসময়ত পৃথিৱীৱ সকলো সমাজতে এনে ঐন্দ্ৰজালিকৰ প্ৰভাৱ পৰা দেখা গৈছিল।

আদিম কালৰে পৰা তিৱা সমাজত আত্মা আৰু প্ৰমাত্মাৰ ধাৰণাৰ ব্যাপক প্ৰচলন আছিল। মানুহ মৰিলে তাৰ আত্মাটোৱে প্ৰেতাত্মাৰ ৰুপ ধৰি পৃথিৱীত ঘূৰি ফুৰে আৰু ইচ্ছা কৰিলে সি মানুহৰ অপকাৰ বা উপকাৰ কৰিব পাৰে বুলি তেওঁলোকে ধাৰণা কৰিছিল। সেয়ে আত্মা বা প্ৰেতাত্মাৰ সন্তুষ্টিৰ অৰ্থে তেওঁলোকে পূজা কৰিছিল। আজিও তিৱা সমাজত পূৰ্ব পুৰুষৰ পূজা চলে। গোষ্ঠীৰ শক্তিশালী লোকক বা সম্ৰাটক পূজা কৰা প্ৰথা এসময়ত পৃথিৱীৰ প্ৰায়বোৰ দেশতে আছিল। তিৱা সমাজৰ বিশেষত্ব হ’ল – এজন ৰজাৰ মৃত্যুত আন এজনক বংশানুক্ৰমে ৰজা পতা। তেওঁলোকৰ মতে, ৰজাৰ মৃত্যু হ’লে মৃতদেহ শ্মশানলৈ নিয়াৰ পূৰ্বে নতুনকৈ পুনৰ ৰজা নপতা পৰ্য্যন্ত শ্মশানলৈ নিয়া নিষেধ। নতুন ৰজাই নটীয়া তামোল – বঁটা লৈ মৃত ৰজাৰ ওচৰত সেৱা জনাই ৰাজপদ মাগন কৰাৰ পাছতহে ৰজাৰ মৃতদেহ শ্মশানলৈ নিয়া হয়।

আদিম সমাজত মানুহে কৃষিৰ লগত এক অলৌকিকি সম্পৰ্ক স্থাপন কৰিছিল। শস্যৰ দৰেই মানুহৰ মৃত্যু হয় বুলি আৰু শস্যৰ দৰেই পুনৰাই জন্মও হয় বুলি বিশ্বাস কৰিছিল। সেয়েহে শস্য তথা নিজৰ গোষ্ঠীটো জীয়াই ৰাখিবলৈ তেওঁলোকে নৰবলি – প্ৰথাৰ প্ৰয়োজন অনুভৱ কৰিছিল। এসময়ত কামাখ্যাত নৰবলি প্ৰথা, অন্যান্যু জনজাতি সকলৰ উপৰি অসমত আহোম সকলেও নৰমুণ্ড প্ৰদৰ্শন কৰাৰ উল্লেখ ‘সাতসৰী অসম বুৰঞ্জী’, ‘দেওধাই অসম বুৰঞ্জী’ আদিত পোৱা যায়। তিৱা সমাজতো এসময়ত নৰবলি প্ৰথাৰ প্ৰচলন আছিল। তেওঁলোকে ইয়াক এক বিশেষ ধৰণৰ ঐন্দ্ৰজালিক শক্তি থাকে বুলি ধাৰণা কৰিছিল। বৰ্তমান এনে পুৰণি কুসংস্কাৰবোৰ বৰ্জন হৈছে যদিও লোক – সংস্কৃতিত ই আজিও আলোচনাৰ এক বিষয় হিচাপে প্ৰাধান্য লাভ কৰি আহিছে।

 

লেখক : ভৱ প্ৰসাদ দেউৰী।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top