মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / তিৱাসকলৰ কথিত অসমীয়া ভাষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিৱাসকলৰ কথিত অসমীয়া ভাষা

তিৱাসকলৰ কথিত অসমীয়া ভাষা

তিৱা বা লালুংসকল অসমৰ এক লেখত লবলগীয়া আদিম জনগোষ্ঠী।নগাওঁ মৰিগাওঁ কামৰুপ কাৰ্বি আলং,ধেমাজী জিলা,শদিয়া আদি অঞ্চলত অতীজৰে পৰা তিৱাসকলে বাস কৰি আহিছে। বৰ্তমান অসমৰ সকলো প্ৰান্ততে তিৱা লোকসকলে বাস কৰি আহিছে।বৰ্তমান অসমৰ সকলো প্ৰান্ততে তিৱা লোকসকল কম বেছি পৰিমানে বসবাস কৰিবলৈ লোৱা দেখা যায়।মেঘালয়ৰ ৰিভয় জিলাতো কিছুমান তিৱালোক বাস কৰে।লালুং নামেৰেও খ্যাত এই জনগোষ্ঠীক বসতিৰ স্থানৰ পিনৰ পৰা পাহাৰৰ তিৱা আৰু ভৈয়ামৰ তিৱা দুটা শাখাত ভাগ কৰিব পাৰি। দুয়োটা শাখাৰ লোকসকলে তিৱা ভাষাটোক জনগোষ্ঠীয় ভাষা হিচাপে ব্যৱহাৰ কৰি আহিছে।নগাঁও জিলাৰ কঠিয়াতলি অঞ্চল, মৰিগাঁও জিলাৰ গোভা, নেলী, চহৰী, খোলা আদি অঞ্চল, কামৰুপৰ ডিমৰীয়া, কাৰ্বি আংলঙৰ পশ্চিমাঞ্চল, মেঘালয়ৰ উত্তৰাঞ্চলত তিৱা ভাষা ব্যৱহাৰ কৰা লোক যথেষ্ঠ পোৱা যায়।

যদিও নিজাকৈ তিৱাসকলৰ মাজত তিৱা ভাষাটো পূৰ্বৰে পৰা প্ৰ্চলিত,দৈনন্দিন জীৱনত তেওঁলোকে অসমীয়া মান্য ভাষাটোক সণ্ঢালনিকৈ ব্যৱহাৰ কৰে।তিৱাসকলৰ কথিত অসমীয়া ভাষাটোৰ এটা নিজা ৰুপ দেখিবলৈ পোৱা যায়।তেওঁলোকৰ কথিত অসমীয়া ভাষাতোৱে ধ্বনিত্বাত্বিক,ৰুপাতাত্বিক,শব্দভাণ্ডাৰ আদি সকলো দিশৰে পৰা কিছু সুকীয়া বৈশিষ্ট লৈ মান্য অসমীয়া ভাষাৰ পৰা এক ভিন্নৰুপ পৰিগ্ৰহ কৰিছে।

ধ্বনিতাত্ত্বিক বৈশিষ্ট

১) মান্য অসমীয়া ব্যবহাৰ হোৱা বিশিষ্ট স্বৰ আৰু ব্যঞ্জন ধ্বনিসমূহেই তিৱাসকলৰ কথিত অসমিয়াত ব্যৱহাৰ হয় যদিও উচ্চাৰনৰ ক্ষেত্ৰত কিছুমান ধ্বনি সুকীয়া বৈশিষ্ট্য দেখা পোৱা যায়।তিৱাসকলৰ কথিত অসমীয়াত “ও”ধ্বনি প্ৰায় লোপ পাইছে।বিশিষ্ট “ও”ধ্বনি “উ” হিচাপে ব্যৱহাৰ হয়।যেনে—ওভত>উভূত,ওকনী>উকুনী,কোমোৰা>কুমুআ,ভোমোৰা>ভূমুআ।

২)”এ” বিশিষ্ট ধ্বনি ইলৈ পৰিৱৰ্তন হয়।

এন্দুৰ>ইন্দু,সেন্দুৰ>সিন্দু,মেকুৰী>মিকুই।

৩)পৰৱৰ্তী “উ”ধ্বনি প্ৰ্ভাৱত পূৰ্ৱৱৰ্ত্তী “অ”ধ্বনি “উলৈ”পৰিৱৰ্তন হয়।যেনে—

চকু>চুকু,কচুঁ>কুচু,বস্ত>বুস্তু

৪)কোনো কোনো শব্দত কেতিয়াবা “উ”ধ্বনি আগম হয় আৰু কেতিয়াবা “উ”ধ্বনি লোপ পায়।উদাহৰ্ন স্বৰুপে—

আঙুলি>আঙলি,গাহৰি>গাহুই,নেউল>নেঙল,পাগলী>পাগুলী।

৫)”খ”বিশিষ্ট ধ্বনিৰ উচ্চাৰন তিৱাৰ কথিত অসমীয়াত সঠিক ৰুপত পোৱা নাযায়।“খৰ”ঠাইত সৰ প্ৰয়োগ হয়।যেনে-খবৰ>সবঅ,খনি>সনি,পখৰা>পসআ,নিমখ>নিমখ।

৬)শব্দৰ আদ্যস্থানত কম পৰিমানে বিশিষ্ট ধ্বনিৰ প্ৰয়োগ ঘটে যদিও শব্দৰ মধ্য আৰু অন্ত্য স্থানত “ৰ”ধ্বনি অলৈ পৰিৱৰ্তন হয়।যেনে-মৰম>মঅম,তগৰ>তগঅ,লৰা>লআ,ভৰাঁল>ভআল।কোনো কোনো অঞ্চলত আদ্যস্থানৰ “ৰ”ধ্বনিতো “অৰ”স্পষ্ট প্ৰয়োগ দেখা পোৱা যায়-ৰঙা>অঙা,ৰজা>অজা।

কোনো ক্ষেত্ৰত অক ধ্বনিটো লোপ হৈয়েই যায়।যেনে—

কাপোৰ>কাপু,জাঙোৰ>জাঙু,আন্ধাৰ>আন্ধা,নিয়ৰ>নিহ।

৭)মান্য বিশিষ্ট ‘স”আৰু শ ষ ধ্বনি তিৱাসকলে প্ৰায় “হ”ৰুপেৰে ব্যৱহাৰ কৰে।যেনে-সৰল>হঅল,শপত>হপত,সচাঁ>হচা,শামুক>হামুক।

৮)কোনো শব্দত উচৰা-উচৰিকৈ “ল”আৰু “ন” ধ্বনিৰ প্ৰয়োগ থাকিলে ধ্বনি দুটাৰ প্ৰয়োগস্থান সালসলনি হয়।যেনে-চালনী>চানলী,চিলনী>চিনলী।

৯)”জ” “ঝ” আৰু “য”তিনিটা ধ্বনিৰ ক্ষেত্ৰত “ঝ”ৰ সঘন প্ৰয়োগ দেখা যায়।যেনে-জী>ঝী,জালুক>ঝালুক,জাপ>ঝাপ,জাৰি-জোকাৰি>ঝাই-ঝাকাই,জুলীয়া>ঝুলীয়া,জাকৈ>ঝাকৈ,যুজঁ>ঝুঝ।

ৰুপতাত্বিক বৈশিষ্ট:

ধ্বনিতত্বৰ ক্ষেত্ৰত থকা পাৰ্থক্যবোৰৰ দৰে তিৱাসকলৰ ব্যৱহাৰ হৈ থকা অসমীয়া ভাষাটিৰ মান্য অসমীয়াৰ সৈতে ৰুপাতাত্বিক ক্ষেত্ৰতো বহুতো পাৰ্থক্য উল্লেখ কৰিব পাৰি।শব্দৰুপ,শব্দগঠন,বাক্যগঠন আদি ক্ষেত্ৰত সহজেই কিছুমান স্বকীয় বৈশিষ্ট চকুত পৰে।

১)মান্য অসমীয়াত ব্যৱহৰ হোৱা বহুবচনাত্মক সৰ্গবোৰ তিৱাসকলে কিছু বেলেগধৰনে ব্যৱহাৰ কৰে।যেনে-কাপুহপা(কাপোৰসোপা),গউবাহা(গৰুমখা),পিহীহেত(পেহীহতঁ)।

২)নিদিষ্টতাবাচক প্ৰত্যয়ৰ ক্ষেত্ৰত দেখা যায়,মানুহ বুজাবলৈ”জক”,গৰাকী,জনী আদি মান্য অসমীয়াত থকাৰ দৰে তিৱাসকলৰ অসমীয়াত পাবলৈ নাই।মান্য তুচ্ছ সকলো অৰ্থতে আৰু অন্য বস্তক বুজাবলৈ “টু”নিদিষ্টবাচক প্ৰ্ত্যয় বুৱহাৰ সাৰ্বজনীন।যেনে-লআটু(লৰাটো,কূকুট(কুকুৰটো),মাচতটু(মাষ্টৰজন)মনতিটু(মন্ত্ৰীজন)।ইয়াৰোপৰি চআইঝাক(চৰাইজাক),মতসিনি(মদখিনি),চুলিকচা,এচিতা(এইকন) আদি নিদিষ্টতাবাচক প্ৰ্ত্যয় দেখা যায়।

৩)তিৱাৰ কথিত অসমীয়াত মান্য অসমীয়াৰ দৰেই লিঙ্গ নিৰ্নয় কৰা হয়।কিন্ত লিঙ্গ নিৰ্বিশেষে ‘সি”ৰ ব্যৱহাৰ ভাষাটোৰ এটা মনকৰিবলগীয়া বৈশিষ্ট।যেনে-

সি এজেনী ভাল ছোৱালী বুলি গতাই গাঙে জানে।

(তাই এজনী ভাল ছোৱালী বুলি গতাই গাঙে জানে।)

সি বতমাছ মানু বুলি কুনিঅ কবা নআই।

(সি বদমাছ মানুহ বুলি কোনেও কব নোৱাৰে।)

৪)ক্ৰিয়া বিশেষনৰ ক্ষেত্ৰত তিৱাৰ কথিত অসমীয়াৰ ৰুপ মান্য অসমীয়াৰ পৰা কিছু সুকীয়া।যেনে-এইপিনে>এপেনে,এইফালে>এদিপি।সৌপিনে>হৌপেনে,সৌফালে>অউদিগি,হৌদিগি,এনেকৈ,এনেদৰে>এনেকে,কেনেকৈ>কেনেকে,এতিয়া>ইতিয়া,তেতিয়া>তিতিয়া,কেতিয়া,যেতিয়া>জিতিয়া আদি।

৫)স্থান আৰু কালবাচক সৰ্বনামবোৰ ক্ষেত্ৰতো তিৱাসকলৰ অসমীয়াত অলপ বেলেগ গঢ় দেখা যায়।যেনে—কত>কত,ইয়াত>এয়াত,অথনি>উথুনি।

পুৰুষবাচক সৰ্বনামতো তেনে হয়।যেনে-কোনোবা>কুনিবা।

৬)গুনবাচক বিশেষন ভিন্নৰুপ দেখা যায়-

এনেকুৱা>এনকা,এইনিচিনা>এবিতা,এবিতিয়া

যেনেকুৱা>জেনেকা,তেনেকুৱা>তেনেকা,যেনিবা>জিনিবা।

৭)তিৱাৰ কথিত অসমীয়াত ক্ৰিয়াৰুপ মন কৰিবলগীয়া।মান্য অসমীয়াৰ প্ৰথম পুৰুষৰ “ও”ৰুপ তিৱা অসমীয়াত “ং” হয়।উদাহৰন স্বৰুপে-মই খাওঁ>মই সাং,আমি নাযাওঁ>আমি নাজাং,মই গৈছিলোঁ।মই গইছিলং,আমি কৰিছিলোঁ>আমি কইছিলং।

সম্ভাৱ্য ভূত কালৰ ক্ষেত্ৰতো তেনে ভিন্নৰুপ দেখা যায়—

কলোহেতেন>কলংহেতি,গলেহেতেন>গলেহেতি।

৮)ক্ৰিয়াৰ নিশ্চয়তা সম্ভাৱনা সন্দেহ আদি বুজাবলৈ তিৱাসকল কিছুমান স্বাৰ্থিক প্ৰ্ত্যয় ব্যৱহাৰ কৰে।যেনে-সি গলে হবাপাই(সি গল হবলা)।গউটু আহি নাপলকা(গৰুটো আহি নাপালাচোন)।তক একেদিন দেসাই নাইগা(তোক এইকেইদিন দেখাই নাই দেখোন)।

৯)কাৰক নিৰ্নয়ৰ বাবে ব্যৱহাৰ হোৱা শব্দ বিভক্তিবোৰ মান্য অসমীয়াৰ সৈতে মিল থাকিলেও কৰবাত প্ৰ্ভেদ লক্ষ্য কৰা যায়।

তৃতীয় বিভক্তিৰ ৰে দি দ্বাৰাক তিৱাসকলে “এ” ৰুপত ব্যৱহাৰ কৰে।যেনে-তই কত যা?(তই কলৈ যাৱ?)মই পথঅক যাং(মই পথাৰলৈ যাওঁ)।

চতুৰ্থী বিভক্তিৰ লৈ ৰ ঠাইত “ক” আৰু “ত” ব্যৱহাৰ হয়।যেনে-তই কত যা?(তই কলৈ যাৱ)মই পথঅক যাং(মই পথাৰলৈ যাওঁ)।

পঞ্চমী বিভক্তি “পৰা”সলনি পেআ,পিয়া,পে আদি ব্যৱহাৰ হয়।

তামুলটু গছঅ পেআ সইলে।

কিতাপখন তা থা পিয়া আনিছছ্ং।

চাউল এগাল নেদ যেতি এআপে নুথ্ং(হুচৰি গীত)।

১০)মান্য অসমীয়াত দ্বিতীয় পুৰুষ মান্যাৰ্থত তুমি,আপুনি আৰু তুচ্ছাৰ্থত তই ব্যৱহাৰ হয়।কিন্ত সহজ সৰল তিৱাসকলে তুচ্ছ-মান্য সকলো অৰ্থতে “তই”ব্যৱহাৰ কৰে।কেতিয়াবা অতি সন্মানীয়জনকো “তই”সম্বোধন কৰা হয়।তেনেকৈয়ে তেওঁ তেখেতে আদি বুজাবলৈকো “সি”ব্যৱহাৰ কৰে।সচৰাচৰ কথাবতৰাত তিৱাসকলে কেৱল নিজকে বুজাবলৈ মইৰ সলনি আমি ব্যৱহাৰ কৰে।যেনে-আমি ইতিয়া ইচকুলক যাং,তই কক নাযাবি।(মই এতিয়া স্কুললৈ যাওঁ,তই কলৈকো নাযাবি)।

তিৱাসকলৰ সাধাৰন কথা-বতৰাৰ সূৰ আৰু ধৰন মান্য অসমীয়াৰ পৰা কিছু সুকীয়া।তেওঁলোকৰ স্বাভাৱিক বাক্য তথা কথা-বতৰাৰ নমুনা হিচাপে—

ম বঅ জঅ ?(মোৰ বৰ জ্বৰ)।

সি তাক জাবা সুজিছি(সি তালৈ যাব খুজিছে)।

আউবেলি সি পুআলি পালে(যোৱা বছৰ তাই কেচুঁৱা জন্ম দিলে)।

এটু কা ভাগত পুআলি পালে।(যোৱা বছৰ তাই কেচুঁৱা জন্ম দিলে)।

এটু কা ভাগঅ পুআলি?এইটো কাৰ কেচুৱাঁ?)

তই আহ্ংকে মই কাপু বুই আছিলং(তই আহোতেঁ মই কাপোৰ বৈ আছিলোঁ)

ঊথুনিএ সি মাকঅ পেআ আহি পাল(অথনিয়ে তেঁও মৰিশালিৰ পৰা আহি পালে)।

তঅ দিগি হৈছি আউ(তোৰ ফালে হৈছে আৰু)

শব্দ ভাণ্ডাৰৰ ক্ষেত্ৰতো তিৱাৰ কথিত অসমীয়া বৰ্ণাঢ্য ৰুপে ভাষাৰুপতো বিচিত্ৰতা আনি দিছে।সংস্কৃতিৰ জৰিয়তে বহুতো শব্দৰ ভাষাটোলৈ আগম হৈছে—খ্ৰাম পাংশী(ঢোল বাহীঁ)জেলা,গিয়াতি,তাগলা,শুকুতা,শুকুতি আদি।জুগুলী বাসঅ,ধআবুই,জু,দাঅন,হাদাই থলা, আদি তেওঁলোকৰ দৈনন্দিন জীৱনত সঘনে ব্যৱহাৰ হোৱা শব্দ যিবোৰ মান্য অসমীয়াত সাধাৰনতে প্ৰয়োগ নহয়।তেওঁলোকৰ বিভিন্ন উৎসৱৰ লগত জড়িত গীত-মাতবোৰত বহুতো স্বকীয় শব্দৰ উমান পোৱা যায়।তিৱাসকলে ব্যৱহাৰ কৰা জতুৱা ঠাচ,ফকৰা-যোজনাবোৰতো জাতীয় ভাৱনা নিহিত হৈ থকা বহুতো শব্দ বিচাৰি পোৱা যায়।যেনে-মকআই ছাতা পান
(মকৰাই জাল বন্ধা পান),হুলহুল মূলমূল হ(লহপহীয়া হ)আফুলা ফুল(কেচুৱাঁ জন্ম হ)লাউ বাই তুকাই বাহি(খুজি মাগি আনা)লাই সা লফা সা(অগম্যগমন কৰ)আদি।এই জতুৱা ঠাচঁবোৰ তিৱাসকলৰ কথিত অসমীয়া ভাষাক সূৰীয়া আৰু ভাবব্যঞ্জক হোৱাত সহায় কৰিছে।

এই বৈশিষ্টবোৰৰ উপৰিও তিৱাসকলে সাধাৰন কথা-বতৰাত বহুতো শব্দ মান্য অসমীয়াৰ পৰা সুকীয়া ৰুপত ব্যবহাৰ কৰি আহিছে।যেনে-অমইতা(অমিতা),ঝলিকা(জলকীয়া)পিয়াচ?(পিয়াজ)গআই(গৰৈ)পিপঅ(পিপৰা)কেকুটা(কেকেৰ্টুৱা)ঘচিংকা(ঘৰচিৰিকা,ঘআ(ঘোৰাঁ),লাচ(লাজ)আদেমেদে(নেৰানেপেৰা),লেকেতা(লিকটা),থপই(অকাঁজী)জঙাই(জোৱাই) আদি।

দেখা যায় তিৱাসকল ব্যৱহাৰিক জীৱনৰ অসমীয়া মাত-কথাৰ এটা নিজা বিচিত্ৰ ৰুপ আছে।সেয়ে তেওঁলোকৰ কথিত ভাষাটোৰে বৰ্তমান সাহিত্য-সংগীতৰো চৰ্চা হবলৈ ধৰিছে।ভাষাটোৰ বাবে ই এটা শুভ লক্ষন।তিৱাৰ কথিত অসমীয়া ভাষাৰ গঠন আৰু বিকাশৰ ক্ষেত্ৰত বৰ্তমান যথেষ্ঠ অধ্যয়নৰ থল আছে।

প্ৰ্দ্যুম্ন প্ৰতীম ৰাজখোৱা

3.13157894737
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top