অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তুলাপাত

তুলাপাত

পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ হ’ল তুলাপাত। দেওধাই অসম বুৰঞ্জীত আছে যে স্বৰ্গদেৱ চুডাংফাই নৰা ৰজালৈ যাঠিৰ নালত এখনি পত্ৰ দিছিল। সেই পত্ৰখনি কাকতত লিখা। ‘এ মনোগ্ৰাফ অন পেপাৰ মেকিং এণ্ড পেবিয়েৰ মেচ ইন দ্য প্ৰভিন্স অব ইষ্টাৰ্ণ বেংগল এণ্ড আচাম্‌’ গ্ৰন্থত আই. চি, এছ জে, এন গুপ্তই লিখিছে যে মুছলমানসকলে ভাৰতবৰ্ষত মৰাপাটৰ পৰা একপ্ৰকাৰ কাগজ তৈয়াৰ কৰিছিল। সেই কাকত কুৰি শতিকাৰ প্ৰথম তৰংগলৈকে পূৰ্ববংগ, মণিপুৰ প্ৰভৃতিত প্ৰচলিত আছিল। মুছলমানসকলে প্ৰস্তুত কৰা লেখন সামগ্ৰী বিধেই অসমত তুলাপাত ৰূপে পৰিচিত হোৱাটো একো অস্বাভাৱিক নহয়। ইষ্টাৰ্ণ ইণ্ডিয়ান মেনুস্ক্ৰিপট্‌চ পেইণ্টিং শীৰ্ষক গ্ৰন্থত ড° ৰজতানন্দ দাশগুপ্তই ক’লা বা ৰঙা জামু শ্ৰেণীৰ মাইহাই গছৰ শাহ সিজাই তুলাপাত প্ৰস্তুত কৰাৰ চমকপ্ৰদ বৰ্ণনা দিছে। শ্যানলোকে ইয়াক হস(Has) আৰু অসমীয়া লোকে বোলে নুনী (Papyrifyra)। ইয়াৰ উপৰি সুৰাগছ (Streblus asper) নামৰ আন এবিধ গছৰ বাকলিবোৰ ব্যৱহাৰোপযোগী আকাৰত কাটি তাক ভালদৰে খুন্দিয়াই তাৰ আঁহবোৰ নাইকিয়া কৰি শিথিল কৰা দৰকাৰ। পিছত সিবোৰ ভালদৰে সিজাই ওপৰৰ অপবস্তুবোৰ আঁতৰাই পানীৰে ধুই চাৰিকোণী পাত্ৰত থৈ চপ্‌চপীয়াকৈ চেঁচা পানী ঢালিব লাগে। কিছু সময় পিছত মণ্ডখিনিয়ে গোটেই চতুষ্কোণী পাত্ৰটো আগুৰি ধৰি পানীৰ ওপৰত ভাঁহি থাকে। ঠাণ্ডা হোৱাৰ পিছত সিবোৰে আজিৰ হাতে সজা কাগজৰ আকাৰ লয়। পিছত তাক শুকাই লৈ দুজাপ কৰি মজবুত কৰে। তুলাপাত প্ৰস্তুতকৰণৰ এই পদ্ধতিটো শ্বান এট হোমত কথিত হৈছে। অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বৌদ্ধ সকলে উপৰ্যুক্ত পদ্ধতিত চুকছো (Sukso) গছৰ শাহৰপৰা তুলাপাত প্ৰস্তুত কৰে বুলি জনা যায়। (ভেৰিনাৰ এলুইন – দ্য আৰ্ট অব দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ অব ইণ্ডিয়া)।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate