গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকা তেতেলীয়াত থকা এটা মন্দিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা আটকধুনীয়া মন্দিৰটোৰ নাম শ্ৰীশ্ৰী সোমনাথ মন্দিৰ। গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা এই মন্দিটো ব্যক্তিগত উদ্যোগত নিৰ্মাণ কৰা হৈছে। গুৱাহাটীত আৰ্য নগৰৰ বাসিন্দা, পেছাত কিতাপ ব্যৱসায়ী বিনোদ নাথ নামৰ লোকজনে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। মন্দিৰটোৰ পূজাৰী জীতেন্দ্ৰ নাথ গোস্বামীয়ে জনোৱা মতে, ১৯৯৪ চনত বিনোদ নাথ গুজৰাট ভ্ৰমণলৈ গৈছিল। গুজৰাটত থকা সোমনাথ মন্দিৰ দেখি নাথ অভিভূত হৈ পৰিছিল। গুজৰাটৰ পৰা উভতি আহি নাথে গুৱাহাটীত এটা মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই মৰ্মে বিনোদ নাথে তেতেলীয়াত থকা ৬ বিঘা মাটিত ২০০৪ চনৰ ২৩ জানুৱাৰীত মন্দিৰাৰ আধাৰশিলা স্থাপন কৰে। ২০১২ চনত ২০ জানুৱাৰীত সোমনাথ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সেই বছৰৰে ২৯ জানুৱাৰীত তদানীন্তন ৰাজ্যপাল প্ৰয়াত জে বি পাটনায়কে এই মন্দিৰটো আনুষ্ঠানিকভাৱে ৮উদ্বোধন কৰে। মন্দিৰটো পৰিচালনা কৰাৰ বাবে গঠন কৰা এখন ন্যাস কমিটীয়ে মন্দিৰটো চোৱাচিতাৰ কাম কৰে। মন্দিৰটো চোৱাচিতা কৰাৰ বাবে প্ৰয়োজনীয় ধনৰ জোৰা মাৰিবলৈ মন্দিৰৰ কাষতে এটা বিবাহ ভৱনৰ পৰা সংগ্ৰহ কৰা ধনৰ সহায় লোৱা হয় বুলি পূজাৰী গোস্বামীয়ে জনায়। তেওঁ জনোৱা মতে, ২০১৪ চনত বিনোদ নাথৰ দেহাৱসানৰ পিছত নাথৰ পুত্ৰ অজয় নাথে মন্দিৰটো চোৱাচিতাৰ দায়িত্ব লয়। মন্দিটোৰ পৰিষ্কাৰ চৌহদ, সুন্দৰ বাগিচা আৰু বহিব পৰা সুব্যৱস্থা থকাৰ বাবে মন্দিৰটোলৈ অহা ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে। প্ৰতি সোমবাৰে মন্দিৰটোত যথেষ্ঠ ভক্তৰ ভিৰ হয়। পূজাৰী গোস্বামীয়ে জনোৱা মতে, প্ৰতিবছৰে গণেশ চতুৰ্দশী আৰু শিৱৰাত্ৰিত মন্দিৰত ডাঙৰ উৎসৱ হয়।
লেখক: ভৱেশ মেধি(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 7/21/2022