মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দযমহাবিদ্যা- মহামায়া বা আদ্যশক্তিৰ দশৰূপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দযমহাবিদ্যা- মহামায়া বা আদ্যশক্তিৰ দশৰূপ

দযমহাবিদ্যা- মহামায়া বা আদ্যশক্তিৰ দশৰূপৰ বিষয়ে লিখা হৈছে ।

 

১)

কালিকাপুৰাণ, দেৱী ভাগৱত, দেৱীপুৰাণ, বৃহৎ নন্দিকেশ্বৰ পুৰাণ, শ্ৰীশ্ৰীচণ্ডী আদি তন্ত্ৰ শাস্ত্ৰ সমূহত দেৱী দুৰ্গাৰ বা মহামায়াৰ উগ্ৰচণ্ডা, ভদ্ৰকালী আৰু দশভূজা মহিষমৰ্দ্দিনী আদি ৰূপৰ কথা উল্লেখ কৰা হৈছে।

সেইদৰে দেৱী দুৰ্গাই শতাক্ষী, শাকম্ভৰী, ৰক্তদন্তিকা,ভীমা,ভ্ৰামৰী আদি নামেৰেও বিভিন্ন সময়ত অসুৰ বধৰ বাবে আৰু পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে আৱিৰ্ভাৱ হোৱাৰ কথা জনা যায়।

বিষ্ণুৰ বিভিন্ন অৱতাৰৰ দৰে শাক্ত ধৰ্মতো দুষ্কৃতি বিনাশৰ বাবে দেৱীৰ আৱিৰ্ভাৱৰ ধাৰণা উল্লেখযোগ্য। এই ক্ষেত্ৰত “শ্ৰীশ্ৰীচণ্ডী” আৰু “শ্ৰীমদ্ভগৱৎ গীতা”ৰ দুটি শ্লোকৰ কথা তুলনামূলকভাৱে উল্লেখ কৰিব পাৰি।

“ইত্থং যদা যদা বাধা দানবোত্থা ভৱিষ্যতি।

তদা তদাৱতীৰ্য্যাহং কৰিষ্যাম্যৰিসংক্ষয়ম্ ।।”(শ্ৰীশ্ৰীচণ্ডী)

অৰ্থাৎ এইদৰে যেতিয়াই যেতিয়াই দানৱোদ্ভুত বাধা-বিঘিনি উপস্থিত হয়, তেতিয়াই তেতিয়াই মই অৱতীৰ্ণ হৈ শত্ৰু নাশ কৰোঁ।

সেইদৰে –

“যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।

অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্ ।।

পৰিত্ৰাণায় সাধুনাম্ বিনাশায় চ দুষ্কৃ্তাম্ ।

ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ।। ’’ (শ্ৰী মদ্ভগৱৎ গীতা)

অৰ্থাৎ যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াই সাধু অৰ্থাৎ সন্ত সকলক ৰক্ষা কৰিবৰ বাবে আৰু দুষ্কৃতিকাৰীক বিনাশ কৰি ধৰ্ম পুনৰ প্ৰতিষ্ঠাৰ বাবে মই(ভগৱানে) যুগে যুগে অৱতাৰ গ্ৰহণ কৰোঁ।

২)

দেৱীদুৰ্গাৰ উপৰোক্ত অৱতাৰবোৰৰ উপৰিও শ্রীকৃষ্ণৰ দশাৱতাৰৰ দৰেই দেৱীৰ দহটা ৰূপ বা দশমূৰ্ত্তিৰ কথা তন্ত্ৰশাস্ত্ৰত উল্লেখ আছে।

এই শক্তিদেৱীৰ এই দশমূৰ্ত্তি বা দশৰূপেই “দশমহাবিদ্যা” নামে জনা যায়। শক্তি দেৱীৰ এই দশৰূপ পাৰস্পৰিক ভাবে অভিন্না।

‘চামুণ্ডা তন্ত্ৰ’ত দশমহাবিদ্যাৰ উল্লেখ কৰা হৈছে এনেদৰে –

“কালীতাৰা মহাবিদ্যা ষোড়শী ভুৱনেশ্বৰী ।

ভৈৰৱী ছিন্নমস্তা চ বিদ্যা ধূমাৱতী তথা ।।

বগলা সিদ্ধবিদ্যা চ মাতংগী কমলাত্মিকা ।

এতে দশমহাবিদ্যা: সিদ্ধবিদ্যা: প্ৰকীৰ্তিতা: ।। ’’

অৰ্থাৎ কালী,তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলা। এইসকল দেৱীয়েই দশমহাবিদ্যা নামে পৰিচিতা। তেওঁলোকক সিদ্ধবিদ্যা বুলিও কোৱা হয়।

তন্ত্ৰ সাহিত্যত দশমহাবিদ্যাৰ উল্লেখ এইদৰে থাকিলেও পৌৰাণিক মূল কাহিনী          প্ৰজাপতি দক্ষৰ কন্যা তথা শিৱপত্নী সতীক কেন্দ্ৰ কৰিহে এই দশমহাবিদ্যা উৎপত্তিৰ ধাৰণা আগবাঢ়িছে।

সতীৰ কাহিনী আৰু দক্ষ যজ্ঞৰ প্ৰসংগ শ্ৰীমদ্ভাগৱত, স্কন্দপুৰাণ, কুৰ্মপুৰাণ, গৰুড়পুৰাণ আদিত উল্লেখ আছে। পুৰাণ মতে সতী দেৱাদিদেৱ শিৱৰ পত্নী।

অৱশ্যে সতীয়েই যে আদ্যাশক্তি বা মহামায়া সেই বিষয়ে পৌৰাণিক কাহিনীত এনেদৰে উল্লেখ আছে।

কাহিনী অনুসৰি সৃষ্টিৰ পাতনিতে যেতিয়া ব্ৰহ্মা আৰু বিষ্ণু সৃষ্টি কাৰ্যত ব্ৰতী হয়, তেতিয়া মহাযোগী শিৱ মহাযোগত তন্ময় হৈ আছিল।

যি সকল সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ, তেওঁলোকৰ এজন উদাসীন থাকিলে সৃষ্টি কাৰ্য অচল হয়।

সেই কাৰণে ব্ৰহ্মাই নিজ মানস পুত্ৰ দক্ষক জগতমাতৃ মহামায়াক পূজা কৰিবলৈ ক’লে যাতে মহামায়া দক্ষৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি শিৱৰ ভাৰ্যা হয়। সেই অনুসাৰে দক্ষ ৰজাই বহু বছৰ ধৰি কঠোৰ তপস্যাৰ বলত জগন্মাতাক সন্তুষ্ট কৰিলে।

মহামায়া আৱিৰ্ভুতা হৈ ক’লে – “মই তোমাৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি শিৱ পত্নী হ’ম ; কিন্তু তুমি যেতিয়া মোক অনাদৰ কৰিবা তেতিয়া দেহ ত্যাগ কৰিম।”সেই মৰ্মে যথাসময়ত মহামায়া আদ্যাশক্তি দক্ষৰাজ –পত্নী বীৰিণিৰ গৰ্ভত জন্ম গ্ৰহণ কৰে আৰু সতী নামে খ্যাত হয়।

সতীয়ে সদায় পূজা অৰ্চনাৰ জৰিয়তে মহাদেৱক সন্তুষ্ট কৰে আৰু অৱশেষত দক্ষই শিৱৰ লগত নিজ কন্যা সতীক বিয়া দিয়ে।

দক্ষই নিজৰ মৰমৰ সবাতোকৈ কনিষ্ঠা কন্যা সতীক শিৱৰ লগত বিয়া দি সন্তুষ্টি লভিব পৰা নাছিল। দক্ষৰ শিৱৰ প্ৰতি বিদ্বেষ আছিল। এবাৰ স্বৰ্গ ৰাজ্যৰ প্ৰজাপতি সকল মিলিত হৈ এক মহাযজ্ঞৰ আয়োজন কৰে।

সপ্তৰ্ষি, দেৱতা, সিদ্ধমুণিগণ, গন্ধৰ্ব, কিন্নৰ আদি সকলোৱে যজ্ঞভূমিত নিমন্ত্ৰিত হৈ উপস্থিত হৈছিল।

ব্ৰহ্মা, বিষ্ণু, শিৱ আদি সকলো দেৱতা নিজ নিজ আসনত উপবিষ্ট হৈছিল। প্ৰজাপতি দক্ষ শেষত আহিছিল। দক্ষ উপস্থিত হোৱাৰ লগে লগে তেওঁক ব্ৰহ্মা, বিষ্ণু

৩)

আৰু শিৱৰ বাহিৰে সকলোৱে নিজ নিজ আসনৰ পৰা উঠি থিয় হৈ অভিবাদন জনালে। ব্ৰহ্মা আৰু বিষ্ণুৰ ক্ষেত্ৰত দক্ষৰ আপত্তি নাথাকিল।

কিন্তু জোঁৱায়েক হৈ শিৱই সন্মান প্ৰদৰ্শন নকৰাত অত্যন্ত ক্ৰোধান্বিত হৈ সকলোৰে সন্মুখতে শিৱক নিন্দা কৰিব ধৰিলে আৰু ইয়াৰ পিচত শিৱই কোনো যজ্ঞতে যজ্ঞৰ ভাগ নাপাব বুলি ঘোষণা কৰিলে।

দক্ষই শিৱৰ ওপৰত অপমানৰ পোতক তুলিবলৈ চেলু বিচাৰি আছিল। কালক্ৰমত ব্ৰহ্মাই দক্ষক প্ৰজাপতি সকলৰ অধিপতি পদত অভিষিক্ত কৰিলে।

তেতিয়াৰ পৰা দক্ষৰ অহংকাৰ দ্বিগুণে বৃদ্ধি পালে। তেওঁ নিজকে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশক্তিমান বুলি জ্ঞান কৰিব ধৰিলে। দক্ষই অচিৰেই নিজৰ প্ৰাসাদত এক বিৰাট যজ্ঞৰ মহায়োজন কৰিলে।

সেই যজ্ঞলৈ ব্ৰহ্মা, বিষ্ণু প্ৰমুখ্যে সকলো দেৱ-দেৱী, গন্ধৰ্ব-কিন্নৰ, ঋষি-মুণিক নিমন্ত্ৰণ জনোৱা হ’ল। আগতীয়াকৈ আমন্ত্ৰণ কৰা হ’ল দক্ষৰ আন গোটেই কেইগৰাকী বিবাহিতা কন্যা আৰু জোঁৱায়েকক। কেৱল অনিমন্ত্ৰিত হৈ ৰ’ল শিৱ আৰু সতী।

নাৰদৰ মুখে এই যজ্ঞৰ সংবাদ পাই সতীৰো পিতাকে পতা মহা যজ্ঞলৈ যাবলৈ মন থৌকি বাথৌ হ’ল। সতীয়ে স্বামী শিৱৰ পৰা অনিমন্ত্ৰিত সত্বেও পিতৃগৃহলৈ যাবলৈ অনুমতি বিচাৰি খাটনি ধৰিলে। নিমন্ত্ৰণ নোহোৱাকৈ কোনো কাৰ্যানুষ্ঠানত আনকি পিতৃগৃহতো যোৱা উচিত নহয় বুলি শিৱই সতীক বাৰণ কৰিলে। বাৰে বাৰে বুজালে মহাদেৱে।

তেওঁ জানে, যদি সতী সঁচাকৈয়ে গুচি যায়, তেওঁ আৰু কাহানিও উভতি নাহিব। পিতৃগৃহত সতী অপমানিত হ’ব আৰু পতিনিন্দা সহ্য কৰিব নোৱাৰি সতীয়ে দেহ ত্যাগ কৰিব। কিন্তু কি বুলি বুজাব মহাদেৱে প্ৰিয়তমা পত্নীক ?

শিৱ সন্মত নোহোৱাত সতীৰ ক্ৰোধ উৎপন্ন হ’ল। সতীৰ মাজতেই জাগি উঠা আদ্যাশক্তিয়ে শিৱক এনেকৈ চাই পঠিয়ালে যেন সেই মুহূৰ্ততে তেওঁৰ চকুৰে জুইহে বাহিৰ হ’ব ; ছাৰখাৰ কৰি পেলাব সৃষ্টি। পত্নীক শান্ত কৰাৰ অন্য উপাই নেদেখি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ ওলাল মহাদেৱ।

কিন্তু শিৱ যাব নোৱাৰিলে। তেওঁৰ বাট ভেটি সতীৰ দেহৰ পৰা আৱিৰ্ভাৱ হ’ল এক ভয়ংকৰ দেৱী মূৰ্তি। মুহূৰ্তৰ বাবে যেন কঁপি উঠিল স্বয়ং মহাদেৱো। পথ সলনি কৰিলে তেওঁ।

কিন্তু তেওঁ যিফালেই যাব খুজিলে সকলোফালে একোটিকৈ দেৱী মূৰ্তিয়ে দেখা দিলে। দশোদিশৰ পৰা দহ মূৰ্তিয়ে অৱৰোধ কৰিলে মহাদেৱৰ পথ। এই দহটা দেৱী মূৰ্তিয়েই হ’ল –আদ্যাশক্তিৰ “দশমহাবিদ্যা”।

“তথাপ্যেনং পলায়ন্তং হ্যনিবৃত্তং বিলোক্য হ ।

দশমূৰ্ত্তিৰ্বভৌ দেৱী দশদিক্ষু শিৱেক্ষিতা ।। ” (বৃহৎ ধৰ্ম পুৰাণ)

স্বামীক নিজৰ দহোটা ৰূপৰ পৰিচয় দাঙি ধৰিছে সতীৰূপী আদ্যাশক্তিয়ে নিজেই। সন্মুখত কালী, উৰ্দ্ধদিশত তাৰা, সোঁফালে ছিন্নমস্তা, বাওঁফালে ভুৱনেশ্বৰী, পিছফালে বগলামুখী, অগ্নিকোণত ধূমাৱতী, নৈঋত কোণত ত্ৰিপুৰ সুন্দৰী, বায়ু কোণত মাতঙ্গী, ঈশান কোণত ষোড়শী আৰু শিৱৰ নিজৰ শৰীৰৰ মাজতেই ভৈৰৱী। এই দশমূৰ্তি বা বিদ্যাৰ ৰূপ দেখি বিহ্বল হৈ শিৱই সতীক পিত্ৰালয়লৈ যাবলৈ

৪)

অনুমতি দিবলৈ বাধ্য হ’ল। সতী দক্ষালয়লৈ গ’ল। কিন্তু সতীক দেখিয়েই দক্ষই সতীক আদৰ-সাদৰ কৰাৰ দূৰৰ কথা, তেওঁক অপমান কৰিলে আৰু শিৱক নিন্দা কৰিবলৈ আৰু গালি পাৰিবলৈ ধৰিলে। পতি নিন্দাৰ দুখত সতী অপমানিত হৈ যজ্ঞ স্থলীতে দেহত্যাগ কৰিলে। শিৱই এই সংবাদ পাই ক্ৰোধান্বিত হৈ পৰিল।

তেওঁৰ জঁটাৰ পৰা উৎপন্ন হোৱা বীৰভদ্ৰই দক্ষালয়লৈ গৈ যজ্ঞ লণ্ড-ভণ্ড কৰি সভাস্থিত দেৱতা সকলক নগুৰ শাস্তি কৰিলে আৰু দক্ষৰ শিৰচ্ছেদ কৰি যজ্ঞৰ অগ্নিত পেলাই দি ভস্ম কৰি কৈলাসলৈ উভতি গ’ল। চমুকৈ এয়ে দশমহাবিদ্যাৰ লগত সতীৰ সংযুক্ত কাহিনী।

বিভিন্ন তন্ত্ৰশাস্ত্ৰত আৰু পুৰাণত মহাবিদ্যা সকলৰ বৰ্ণনা, ধ্যান-উপাসনা আদি বিস্তৃতভাৱে বৰ্ণিত হৈছে। এই দেৱী সকলৰ ভিতৰত কালীদেৱীৰ উপাসনাই অধিক প্ৰচলিত। এই দশমহাবিদ্যাৰ চমু পৰিচয় দাঙি ধৰা হৈছে।

কালী -

দশমহাবিদ্যাৰ প্ৰধান হ’ল কালী। পুৰাণৰ এক আখ্যান মতে, প্ৰজাপতি ব্ৰহ্মাৰ প্ৰাৰ্থনাত দেৱী মহামায়াই দাৰুকাসুৰক বধ কৰিবলৈ নিজৰ দেহৰ ষোল্ল ভাগৰ এক অংশ শিৱৰ দেহত প্ৰৱেশ কৰায় আৰু মহাদেৱৰ কপালত থকা তৃতীয় নেত্ৰইদি আৱিৰ্ভাৱ হয়।

তেওঁৰ দেহৰ বৰণ নীলা, চতুৰ্ভুজা, তেজৰঙা লহ্ লহ্ জিহ্বা। ত্ৰিণয়না দিগম্বৰী দেৱীৰ ডিঙিত নৰমুণ্ডৰ মালা, শিৰ অৰ্দ্ধচন্দ্ৰশোভিত, মুক্তকেশী। এয়ে কালীৰ ৰূপ, যি ৰূপত দেৱীয়ে দাৰুকাসুৰক বধ কৰে। সৰ্বপ্ৰাণীকে গ্ৰাস কৰে বাবে তেওঁ মহাকাল। কাল-তত্বজ্ঞান প্ৰদায়িনী।

তাৰা -

দশমহাবিদ্যাৰ দ্বিতীয় শক্তি। জীৱক ভৱসাগৰৰ পৰা উদ্ধাৰ বা তাৰণ কৰে বাবেই তেওঁ তাৰা; ‘তাৰয়তীতি তাৰা’। তাৰা নীলবৰ্ণা, মূৰত জঁটা, ত্ৰিণয়না, ভয়ংকৰী। জীৱক বাক্ শক্তি এই গৰাকী দেৱীয়েই প্ৰদান কৰে।

সেয়ে তেওঁক নীলসৰস্বতী বুলিও জনা যায়। ভীষণ বিপদৰ পৰা পৰিত্ৰাণ কৰে বাবে এওঁ উগ্ৰতাৰা হিচাপেও জনা যায়। নৱযৌৱনা, ভীষণদৰ্শনা দেৱী তাৰা শ্বেত পদ্মৰ ওপৰত অধিষ্ঠিত।

ষোড়শী -

দেৱীৰ তৃতীয় বিদ্যা ষোড়শী। উদিত সূৰ্যৰ দৰে উজ্জ্বল ৰক্তবৰ্ণৰ দেৱীৰ দেহ। ত্ৰিণয়না চতুৰ্ভুজা দেৱীৰ মুখত হাঁহি, শৃঙ্গাৰোচিত বেশভূষা। এওঁ শ্ৰীবিদ্যা নামেৰেও জনাজাত। ৰাজৰাজেশ্বৰী, ত্ৰিপুৰসুন্দৰী, ললিতা, বালা ত্ৰিপুৰসুন্দৰী, সুভগা, কামেশ্বৰী আদি নামেৰেও জনা যায়। এই গৰাকী অপৰূপা দেৱী বহি আছে অৰ্দ্ধশায়িত মহাদেৱৰ নাভিৰ পৰা ওলোৱা এপাহ ৰঙা পদুমৰ ওপৰত। শ্ৰীশংকৰাচাৰ্যৰ প্ৰতিষ্ঠিত চাৰিও মঠতে, শ্ৰীযন্ত্ৰত শ্ৰীবিদ্যাৰ পূজা হয়।

ভুৱনেশ্বৰী -

ৰূপ সৌন্দৰ্যৰ অনন্য মূৰ্তি ভুৱনেশ্বৰী। উদীয়মান সূৰ্যৰ দৰে ৰক্তবৰ্ণা, ত্ৰিণয়না, ইষৎহাস্যবদনা। তেওঁৰ মুকুট ক্ষীণ চন্দ্ৰাকৃতিত সজ্জিত; কুণ্ডল, হাৰ আদিৰে সুশোভিতা। দ্বিভুজা কিন্তু ৰূপভেদে চতুৰ্ভুজা, পদ্মাসনাস্থিতা। দুহাতত পাশ আৰু অকুশ; আন দুহাত অভয় আৰু বৰ মুদ্ৰাত স্থিত। চৈধ্যভুৱন পালন কৰে বাবে ভুৱনেশ্বৰী। তেওঁৰ পীনোন্নত বক্ষস্থল অমৃতেৰে পৰিপূৰ্ণ।

৫)

ভৈৰৱী:

প্ৰভাতী সূৰুযৰ দৰে ৰক্তিম এই গৰাকী দেৱীৰ দেহৰ বৰণ। পৰিধানত ৰক্তবৰ্ণা পাটৰ বস্ত্ৰ। চতুৰ্ভুজা দেৱীৰ দুই হাতত জপমালা আৰু পুথি, আন দুহাতত বৰ আৰু অভয় মুদ্ৰা। ত্ৰিপুৰ ভৈৰৱীও এই মূৰ্ত্তিৰেই মূৰ্ত্তিভেদ। কাল ভৈৰৱৰ ভাৰ্যা হেতু ভৈৰৱী।

ছিন্নমস্তা:

দশমহাবিদ্যাৰ সবাতোকৈ ভয়ঙ্কৰ মূৰ্ত্তিয়েই হয়তো ছিন্নমস্তা। এই গৰাকী দেৱী দিগম্বৰী, ৰক্তবৰ্ণা। দ্বিভুজা, বিৱস্ত্রা।

বাওঁ ভৰি আগুৱাই দি তেওঁ থিয় হৈ আছে মৈথুনৰত কামদেৱৰ ওপৰত। ষোড়শী কন্যাৰ দৰে সুঠাম বুকু, দিঙিত অস্থি আৰু সৰ্পৰ মালা। সোঁহাতত অস্ত্র আৰু বাওঁহাতত দেৱীয়ে ধাৰণ কৰিছে নিজৰেই ছিন্নমুণ্ড।

সদ্যছিন্ন ডিঙিৰ পৰা হোলোকা হোলোকে বৈ আহিছে কেঁচা তেজ। সেই তেজ দেৱীয়ে নিজেই পান কৰিছে। দেৱীৰ বাওঁফালে ডাকিনী আৰু সোঁফালে বৰ্ণিনী নামে দুই নাৰী(সঙ্গী) কণ্ঠ-নিৰ্গত ৰুধিৰ পান কৰি থকা অৱস্থাত।

তেওঁলোকো দিগম্বৰী; যথাক্রমে পীত আৰু ৰক্তবৰ্ণা। ছিন্নমস্তা ‘প্রচণ্ড-চণ্ডিকা’ নামেও খ্যাত। এওঁ সৰ্বকাম ফলপ্রদা। কবিত্ব আৰু সুপাণ্ডিত্যও এওঁৰ কৃপাত লাভ হয়।

ধূমাৱতীঃ

আদ্যাশক্তিৰ অতি ভয়ঙ্কৰ মহাবিদ্যা দেৱী ধূমাৱতী। কথিত আছে যে ধূম্রাসুৰক বধ কৰা বাবে দেৱীৰ এই নাম। আন এক আখ্যানমতে দেৱীয়ে এদিন ভোকত ৰ’ব নোৱাৰি নিজৰ স্বামী মহাদেৱকে ভক্ষণ কৰিছিল।

লগে লগে দেৱীৰ দেহৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে আৰু যোগৰ বলত মহাদেৱ দেৱীৰ শৰীৰৰ পৰা ওলাই আহিল আৰু ক’লে-“হে দেৱী চোৱা-ময়েই চিৰন্তন পুৰুষ আৰু তুমি প্রকৃতি। কিন্তু তুমি মোকে গ্রাস কৰিলা। গতিকে সেন্দূৰ ত্যাগ কৰা, পিন্ধি লোৱা বৈধৱ্যৰ সাজ।

তোমাৰ সমগ্র শৰীৰ যিহেতু ধোঁৱাৰে ধূসৰিত হ’ল-সেয়ে তুমি ধূমাৱতী নামে খ্যাত হ’বা”। এইগৰাকী দেৱীৰ দেহৰ বৰণ শেতা, বিৱৰ্ণা; বৈপৰা বিশৃংখল চুলি, মলিয়ন বসন। স্বামীহীনা এইগৰাকী দেৱীৰ চকুৰ দৃষ্টি অত্যন্ত তীক্ষ্ণ আৰু ক্রুদ্ধ।

দন্তহীন ধূমাৱতীৰ স্তনদ্বয় ওলমি পৰা। কাউৰী ধ্বজাবাহী ৰথত অধিষ্ঠিত তেওঁ। এখন হাতত কুলা, আনখন হাতত বৰমুদ্রা। কলহপ্রিয় এইগৰাকী দেৱী সৰ্বদা ক্ষুধাকাতৰা।

বগলামুখীঃ

সঁচা ভক্তি আৰু শুদ্ধ বিধিৰে যাৰ পূজা-অৰ্চনা কৰিলে বায়ুৰ দুৰ্বাৰ গতিও স্তব্ধ হ’ব পাৰে, শীতল হ’ব পাৰে অগ্নি অথবা যাৰ কোপদৃষ্টিত অহংকাৰীৰ দৰ্পচূৰ্ণ হয়, সৰ্বস্রান্ত হয় ৰাজ-ৰাজেশ্বৰ, সকলো অসম্ভৱকো সম্ভৱ কৰিব পৰা, যিকোনো বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা-সেই গৰাকী দেৱীয়েই বগলামুখী।

বগলামুখী পীতাম্বৰী, পীতবৰ্ণ, দ্বিভুজা। সোঁহাতত মুদ্গৰ, বাওঁহাতেৰে শত্রুৰ জিহ্বা টানি ধৰিছে। ব-বাৰুণীদেৱী, গ-সিদ্ধিদায়িনী, লা-পৃথিৱীৰূপিনী; এইদৰে এওঁ ত্রিৰূপিনী।

মাতঙ্গীঃ

আদ্যাশক্তিৰ এক অপৰূপ মহাবিদ্যা ‘মাতংগী’। এইগৰাকী দেৱী শ্যামবৰ্ণা, চতুৰ্ভুজা, ত্রিনয়না, শিৰত অৰ্দ্ধচন্দ্রধাৰিণী। তেওঁ ৰত্নসিংহাসনত অধিষ্ঠিতা।

চতুৰ্ভুজত এওঁ খেট, খৰ্গ, অংকুশ আৰু পাশ ধাৰণ কৰে। মদশীল মাতংগসুৰক বধ কৰা বাবে এওঁ মাতংগী দেৱী। মূৰ্তিভেদে এওঁক ৰাজমাতংগী বা সুমুখী নামেৰেও জনা যায়।

৬)

কমলাঃ

দশমহাবিদ্যাৰ অন্তিমৰূপ কমলা। কমলা মূৰ্তিভেদে লক্ষ্মী, মহালক্ষ্মী বা গজলক্ষ্মী মহাবিদ্যা নামেৰেও অভিহিতা। অপূৰ্ব সুন্দৰী এই মহা বিদ্যাৰ দেহৰ বৰণ কেঁচা সোণৰ দৰে, মূৰত ৰত্নখচিত উজ্জ্বল মুকুট, পৰিধানত পাটৰ সাজ, হাস্যবদনা।

গলত মুক্তাহাৰ; চতুৰ্ভুজা দেৱীৰ দুহাতত দুপাহ পদুমফুল আৰু অভয়মুদ্রা। চাৰিটা শুকুলা হাতীয়ে অমৃত্পূৰ্ণ স্বৰ্ণকুম্ভৰে দেৱীৰ শিৰত অমৃত বৰ্ষণ কৰিছে।

এই মহাবিদ্যাসকলৰ ভিন্ন স্থানত ভিন্ন মন্দিৰ আৰু উপাসক সম্প্রদায় আছে। কিন্তু কামাখ্যা প্রধান শক্তিপীঠ হোৱা হেতুকে তন্ত্রোক্ত সকলো দশমহাবিদ্যাৰেই পীঠস্থান একেলগে এই তীৰ্থত বিৰাজমান।

ইয়াৰো এক তাৎপৰ্য আছে। দেৱীৰ দশৰূপ ভেদ হ’লেও উপাসক সকলে ‘ভেদবুদ্ধিঃ পৰিত্যাজ্যা’ সাধনা কৰিব লাগে বুলি কৈছে।

সেইবাবে কামাখ্যা মহাতীৰ্থ দৰ্শন কৰি দৰ্শনক্রমমতে দশমহাবিদ্যা দৰ্শন কৰিব লাগে বুলি ‘কামাখ্যা-তীৰ্থ’ গ্রন্থত কোৱা হৈছে।

‘ষোড়শী’ কামাখ্যা দেৱীৰে নামান্তৰ। সেয়ে তেওঁ মূল পীঠত বিৰাজিতা। তাৰেই সংলগ্ন পূবপিনে মাতংগী(সৰস্বতী) আৰু কমলা(লক্ষ্মী)। মধ্যস্থানত দেৱী কালিকা(কালী)। কামাখ্যা আৰু কালী মন্দিৰৰ মধ্যভাগত তাৰাপীঠ।

নীলাচলৰ উচ্চ শৃংগত ভুৱনেশ্বৰী মন্দিৰ। কামাখ্যা মন্দিৰৰ দক্ষিণত দেৱী গুপ্তদুৰ্গা-ছিন্নমস্তাৰূপে বিৰাজিতা।

এই দক্ষিণৰ নিম্নভাগত ভৈৰৱী মন্দিৰ। কামাখ্যা মন্দিৰৰ অগ্নিকোণত বগলা পীঠ। দক্ষিণ প্রান্তত ‘কুষ্মাণ্ডী’ নামে প্রসিদ্ধ।

আদ্যাশক্তিৰ এই দশমহাবিদ্যাৰ পূজা সাধাৰণতে হোৱা দেখা নাযায়। অৱশ্যে ঠাই বিশেষে বেলেগে বেলেগে অথবা কোনো বিশেষ উপলক্ষ্যত এই মহাবিদ্যাসমূহৰ পূজা কৰা হয়। ঘৰুৱাভাৱে কমলা(লক্ষ্মী) পূজাৰ প্রচলনেই অধিক।

বাঙালী লোক সকলৰ মাজত আকৌ কালী পূজাৰ প্রচলন বেছি দেখা যায়। মন্দিৰত সাধাৰণতে ভক্ত সকলে বগলা, উগ্রতাৰা, ভৈৰৱী আদি মহাবিদ্যাৰ পূজা-অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ বিচাৰে।

কিন্তু ছিন্নমস্তা, ধূমাৱতীৰ দৰে ভয়ঙ্কৰ দেৱীমূৰ্তিক তান্ত্রিক সকলৰ বাহিৰে সাধাৰণ ভক্তই পূজা কৰিবলৈ সাহস নকৰে।

লেখক: লক্ষেশ্বৰ হাজৰিকা

উৎস: সাহিত্য.অৰ্গ

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top