মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ নৱৰূপৰ মাহাত্ম্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ নৱৰূপৰ মাহাত্ম্য

দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ নৱৰূপৰ মাহাত্ম্যৰ বিষয়ে লিখা হৈছে ।

যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা।

নমস্তস্যঔ নমস্তস্যঔ নমস্তস্যঔ নমো নমঃ।

চৌপাশে শেৱালিৰ সুবাস, কুঁৱলীৰ আৱৰণ, শুকুলা মেঘৰ বোকোচাত উঠি নামি আহে আহিন। লগতে চাৰিওফালে সৌন্দৰ্যৰ পোহৰ মেলি, ৰং-বিৰঙৰ সাজেৰে সজ্জিত হৈ বুকুত প্ৰেমৰ সেউজীয়া বোল সানি স্নিগ্ধ কোমল কঁহুৱা ফুলা বতৰত মেঘৰ ওৰণি তুলি পৃথিৱীলৈ নামি আহে শৰৎ।

শৰৎ হেবো পৱিত্ৰতা, সৌন্দৰ্য আৰু আশাৰ প্ৰতীক। এই ভৰযৌৱনা শৰৎ ঋতুত আমি ভক্তিৰ একাঁজলি অঞ্জলি লৈ অপেক্ষা কৰো মা দুৰ্গাৰ আগমানলৈ।

প্ৰকৃতিয়েই শক্তিৰ্ব আধাৰ। সৃষ্টিৰো আধাৰ। প্ৰকৃতিৰেই অন্য এক ৰূপ দুৰ্গা। যুগ-যুগান্তৰ ধৰি অনন্য ঋতু শৰতৰ আগমনত পৰম শক্তিৰ আধাৰস্বৰূপা দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰি অহা হৈছে। পূৰ্বতে দেৱী দুৰ্গাৰ পূজা বসন্ত কালতহে অনুষ্ঠিত হৈছিল। দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তৰ ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গাপূজা বা দুৰ্গোৎসৱ।

শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ’ত মাহৰ অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজা বাসন্তী পূজা আৰু আহিন মাহৰ অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা নামে জনজাত।

শৰৎ কালত অনুষ্ঠিত হোৱা দেৱীৰ এই পূজাক ‘অকালবোধন’ বুলি কোৱা হয়। কাৰণ শ্ৰীৰামচন্দই ৰাৱণক পৰাস্ত কৰিবলৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই দেৱী দুৰ্গাক পূজা-অৰ্চনা কৰিছিল। এই পূজাৰ বাবেই ৰাৱণক বধ কৰাটো সম্ভৱ হৈছিল বুলি হিন্দুসকলে বিশ্বাস কৰে।

সেয়েহে শৰৎ কালৰ দুৰ্গা পূজা ‘অকালবোধন’ ৰূপে প্ৰচলিত। বৰ্তমান বাসন্তী পূজাতকৈ শাৰদীয় দুৰ্গা পূজা ভক্তবৃন্দৰ মাজত অধিক আড়ম্বৰপূৰ্ণ মহোৎসৱ হৈ পৰিছে। লগতে ই সামাজিক মৰ্যাদা পাবলৈ সক্ষম হৈছে।

পৌৰাণিক আখ্যান

ব্ৰহ্ম বৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসৰি এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কিন্তু এই ইতিহাসৰ কোনো প্ৰমাণিত তথ্য নাই।

দেৱী ভাগৱত পুৰাণ

দেৱী ভাগৱত অনুসতি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আৰধনা কৰে। সেই সময়খিনিত তেওঁ আহাৰ আৰু শ্বাস গ্ৰহণ প্ৰক্ৰিয়া ত্যাগ কৰি বহু বছৰ ধৰি ঘোৰ তপস্যা কৰে।

তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে- ‘হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনা স্বীকাৰ কৰিছো। বৎস! তোমাৰ ৰাজ্য নিষ্কন্টক হওক আৰু তুমি পুত্ৰ সন্তান লাভ কৰা। এনেধৰণৰ বহু উপাখ্যান পোৱা যায়।

মূৰ্তিসমূহ

দেৱী দুৰ্গাৰ মূৰ্তি সাধাৰণতে দুৰ্গা মাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। মধ্য স্থানত অধিস্থিত দেৱী দুৰ্গাৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গনেশ। আনহাতে বাওঁফালে থকা দেৱী সৰস্বতী আৰু কাৰ্তিক। দেৱীৰ ওপৰত ফালে মহাদেৱৰ এক মূৰ্তি।

দুৰ্গা

দুৰ্গা দেৱী হ’ল শক্তিৰ অধিষ্ঠাত্ৰী। দুৰ্গা নামৰ বুৎপত্তি হ’ল ‘দ’ আখৰে দৈত্য নাশ, ‘উ’ কাৰে বিঘিনি নাশ, ‘ৰেফ’ ৰোগনাশক, ‘গ’ আখৰে পাপনাশক আৰু ‘আ’ কাৰে শত্ৰুনাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ ভয়ৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।

শিৱ পুৰাণ-উমানণ্ড অধ্যায় মতে দুৰ্গ নামৰ এক অসুৰক নিধন কৰাৰ বাবে দেৱীৰ নাম দুৰ্গ হয়। অসুৰ বিনাশিনী দুৰ্গাৰ সহস্ৰাধিক নাম শাস্ত্ৰত আছে আৰু প্ৰত্যেক নামেৰে বুৎপত্তিগত অৰ্থ আছে।

দেৱীৰ কেইটামান নাম হ’ল

  • অপৰাজিতা,
  • বিজয়া,
  • উমা,
  • জগত জননী,
  • সময় বিশেষে আৰু কাৰ্য সূত্ৰ ভেদে চন্দ্ৰিকা,
  • উগ্ৰতাৰা,
  • চামুণ্ডা,
  • সনাতনী,
  • নাৰায়ণী,
  • কাত্যায়নী,
  • ঈশ্বৰী,
  • জগদ্ধাত্ৰী,
  • অম্বিকা,
  • ৰুদ্ৰাণী,
  • উমা,
  • কন্যাকুমাৰী,
  • কালৰাত্ৰি,
  • দুৰ্গতিনাশিনী,
  • দশভূজা,
  • আদ্যাশক্তি,
  • দাক্ষায়ণী,
  • অন্নপূৰ্ণা,
  • বিঘ্নবিনাশিনী,
  • নৃসিংহ,
  • ভৱপ্ৰিয়া,
  • দানৱঘণ্ডী,
  • চন্দ্ৰাৱতী আদি দেৱী দুৰ্গাৰ অজস্ৰ নাম জনসমাজত প্ৰচলিত।

বিপদ কালত শক্তি ৰূপিনী দেৱীয়ে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তক ৰক্ষা কৰে। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে নিজৰ শক্তিৰে এই সৃষ্টিৰ স্ৰজন, পালন-পোষণ আৰু সংহাৰ কৰে।

সিংহ: দেৱী দুৰ্গাৰ বাহন সিংহ।

মহিষাসুৰ: মহিষাসুৰ হৈছে এটা অসুৰ, তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে। মহিষাসুৰ অসুৰ হ’লেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে। এই অসুৰ মহিষাসুৰক দেৱী দুৰ্গাই বধ কৰিছিল।

গণেশ: গণেশ সিদ্ধিৰ দেৱতা, গণেশ পূজা নকৰাকৈ অন্য কোনো পূজা কৰাৰ বিধান নাই। গণেশ সদায় প্ৰথম পূজনীয়। গণেশ দেৱীৰ সোঁফালে অৱস্থিত।

লক্ষ্মী: লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক।

সৰস্বতী: সৰস্বতী জ্ঞানৰ প্ৰতীক। দেৱী দুৰ্গাৰ প্ৰতিমাৰ বাওঁফালে সৰস্বতী প্ৰতিমা অৱস্থিত।

কাৰ্তিক: কাৰ্তিক সৌন্দৰ্যৰ প্ৰতীক। তেওঁ দেৱীৰ বাওঁফালে থাকে।

আদি শক্তি, জগত জননী মা দুৰ্গাৰ নিজৰ উপাসকৰ বাবে শীতল, শান্ত, আনন্দ প্ৰকাশিনী, কিন্তু দণ্ড দিয়াৰ সময়ত দেৱীয়ে অতি ৰুদ্ৰ ৰূপো ধাৰণ কৰে। শাস্ত্ৰ অনুযায়ী ভগৱতী দুৰ্গা দেৱীৰ নটা ৰূপ পোৱা যায়।

*শৈলপুত্ৰী,

*ব্ৰহ্মচাৰিণী,

*চন্দ্ৰঘন্টা কুষ্মাণ্ডা,

*স্কন্দমাতা,

*কাত্যায়নী,

*কালৰাত্ৰি,

*মহাগৌৰী আৰু

*সিদ্ধিদাত্ৰী।

আহিন মাহৰ শুক্লা প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ বিশেষ সময়। এই সময়ছোৱা ভাৰতবৰ্ষত নৱৰাত্ৰি হিচাপেও পালন কৰা হয়। দুৰ্গাপূজাৰ সময়ত এই নৱৰাত্ৰিত দেৱীৰ নটা শক্তি জাগ্ৰত হয়, সেয়েহে বহুতো দুৰ্গাৰ উপাসকে এই সময়ত উপবাসে থাকি নৱৰাত্ৰি পালন কৰে।

নৱৰাত্ৰিৰ নটা ৰূপ হ’ল

শৈলপুত্ৰী:

মা দুৰ্গাৰ নটা ৰূপৰ ভিতৰত প্ৰথম ৰূপ হ’ল ভগৱতী শৈলপুত্ৰী। পৰ্বতৰাজ হিমালয়ৰ পুত্ৰী হোৱা বাবেই দেৱী শৈলপুত্ৰী হিচাপে জনাজাত হৈছিল। গৰুৰ বাহনত বহি থকা ভগৱতী শৈলপুত্ৰীৰ সোঁহাতত ত্ৰিশূল আৰু বাওঁ হাত সুন্দৰ পদুম ফুলৰ দ্বাৰা সুশোভিত। দেৱীৰ মূৰ অৰ্ধচন্দ্ৰ আৰু স্বৰ্ণ মুকুটৰ দ্বাৰা সুশোভিত। ন গৰাকী দুৰ্গাৰ মাজত এয়া হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্বে জন্মত প্ৰজাপতি দক্ষৰ কন্যাৰূপে জন্মগ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ নাম আছিল ‘সতী’।

তেওঁ নিজৰ কোঠাৰ তপস্যাৰে ভগৱান শিৱক প্ৰসন্ন কৰি স্বামীৰূপে লাভ কৰিছিল। কিন্তু তেওঁৰ পিতৃ এই বিবাহৰ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষৰ এখন বৃহৎ যজ্ঞত তেওঁৰ স্বামী প্ৰভু শিৱক নিয়ন্ত্ৰব নকৰিলে। কিন্তু দেৱীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ গৃহলৈ যোৱাৰ বাবে অনুমতি দিলে।

পিতৃ গৃহলৈ লৈ তেওঁ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত চাৰিওপিনে প্ৰতি এনে ঘোৰ অপমান সহ্য কৰিব নোৱাৰি নিজকে যোগাগ্নিৰ দ্বাৰা ভস্মীভূত কৰিলে আৰু পিছত সেই সতীয়েই শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰৱৰ্তী জন্ম গ্ৰহণ কৰিলে। ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেওঁৰ নাম। উপনিষদৰ এটি আখ্যান মতে, ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্পচূৰ্ণ কৰিছিল।

‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শিৱৰ সৈতে হৈছিল। নগৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। ভগৱতী শৈলপুত্ৰী পূজা আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদৰ দিনা অৰ্থাৎ নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়। মনোবাঞ্ছিত সিদ্ধিৰ বাবে এই দেৱীৰ পূজা উক্ত দিনা কৰিলে ভক্তই সকলো প্ৰকাৰৰ মনে বিচৰা কাৰ্যত সিদ্ধি লাভ কৰে।

ব্ৰহ্মচাৰিণী:

মা দুৰ্গাৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। কঠোৰ তপস্যা আৰু ধৈৰ্যৰ অধিকাৰী হোৱাৰ বাবেই দেৱীৰ এই স্বৰূপ ব্ৰহ্মচাৰিণী নামেৰে প্ৰ্সিদ্ধ হৈছিল।

ঋষি-মুনিসকলেও দেৱীৰ এই কঠোৰ তপস্যা দেখি তপস্যা দেখি বিস্ময় মানিছিল। এই দেৱীৰ স্বৰূপ হ’ল অতি শান্ত আৰু ভদ্ৰ। দেৱীৰ সোঁ হাতত জপমালা, বাওঁহাতত কমণ্ডলু আৰু মূৰ স্বৰ্ণ মুকুটেৰে সুশোভিত। নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰা হয়।

মা দুৰ্গাৰ এই ৰূপ ভক্তসকলৰ কাৰ্যসিদ্ধি আৰু খুবেই ফল প্ৰদানকাৰী হিচাপে বিবেচিত। এই দেৱীৰ উপাসনা কৰিলে মানুহৰ ত্যাগ, বৈৰাগ্য আৰু ধৈৰ্য বৃদ্ধি হয়। জীৱনৰ কঠোৰ সংগ্ৰামতো তেওঁৰ মন কৰ্তব্যৰ পৰা বিচ্যুত নহয়।

চন্দ্ৰঘন্টা:

মা দুৰ্গাৰ তৃতীয় স্বৰূপ চন্দ্ৰঘন্টা নামেৰে প্ৰসিদ্ধ। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা এওঁৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। এই দেৱীৰ মূৰত ঘন্টাৰ দৰে চন্দ্ৰ সুশোভিত হোৱা বাবেই এই দেৱীক চন্দ্ৰঘন্টা বুলি কোৱা হয়।

এই দেৱীৰ শৰীৰৰ বৰণ সুবৰ্ণৰ দৰে উজ্জ্বল। এই দেৱী দশভূজা। দেৱীৰ সোঁফালৰ হাত চাৰিখনত ধনু, বাণ, পদুম আৰু হাত অভয় মুদ্ৰাৰ দ্বাৰা সুশোভিত। পঞ্চম হাত বুকুত থকা মালাত থাকে। আনহাতে বাওঁহাতে কমণ্ডলু, বায়ুমুদ্ৰা, খৰ্গ, গদা আৰু ত্ৰিশূলেৰে সুশোভিত।

বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা ভাব মুদ্ৰা। ঘন্টাৰ নিচিনা এওঁৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ, দৈত্য-ৰাক্ষক সদায় কম্পিত হৈ থাকে। এই দেৱীক আৰাধনা কৰিলে মানুহ সিংহৰ দৰে পৰাক্ৰমী আৰু সদায়েই নিৰ্ভৰ হৈ থাকে। এই দেৱীয়ে সদায়েই দুষ্টক দমন আৰু বিনাশ কৰিবলৈ জাগ্ৰত হৈ থাকে।

কুষ্মাণ্ডা:

মা দুৰ্গাৰ চতুৰ্থ ৰূপ কুষ্মাণ্ডা নামেৰে। নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুষ্মাণ্ডাৰ পূজা কৰা হয়। এই দেৱীয়ে নিজৰ সুন্দৰ হাঁহি, প্ৰেম আৰু মাধুৰ্যৰ প্ৰবাহেৰে ব্ৰহ্মাণ্ড উৎপত্তি কৰা বাবেই এই দেৱী কুষ্মাণ্ডা নামেৰে প্ৰসিদ্ধ। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰহে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল।

গতিকে এওঁ হ’ল সৃষ্টিৰ আদিস্বৰূপা, আদি শক্তি, আঠখন হাতযুক্ত দেৱী কুষ্মাণ্ডা সূৰ্যৰ সমান দীপ্তিমান আৰু অলৌকিক শক্তিৰ অধিকাৰী। আঠখন হাত থকা বাবে বহুতে আকৌ এই দেৱীক অষ্টবাহুধাৰী বুলিও কয়।

এই দেৱীৰ সোঁহাতত কমণ্ডলু, ধানু বান, পদুমেৰে সুশোভিত আৰু বাওঁহাতত অমৃত কলহ, জপমালা, গদা আৰু চক্ৰৰে পূৰ্ণতা লাভ কৰিছে। মূৰ স্বৰ্ণ মুকুট আৰু কাণ স্বৰ্ণ আভূষণযুক্ত। এই দেৱীৰ বাহনো হৈছে সিংহ। সংস্কৃত ভাষাত কৃষ্মাত্তাৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা বলি এওঁৰ আটাইতকৈ প্ৰিয়। এই দেৱীক আৰাধনা কৰিলে,

  • ভক্তৰ সমস্ত ৰোগ,
  • শোক বিনষ্ট হৈ যায় আৰু
  • যশ, বল, আয়ুস বৃদ্ধি পায়।

স্কন্দমাতা:

মা দুৰ্গাৰ পঞ্চম ৰূপক স্কন্দমাতা বুলি জনা যায়। স্কন্দৰ আন এটা নাম হ’ল কুমাৰ কাৰ্তিক। কুমাৰ কাৰ্তিকৰ মাতৃ হোৱাৰ বাবে দেৱী দুৰ্গাৰ এই পঞ্চম স্বৰূপ স্কন্দমাতা নামেৰে জনাজাত। ভগৱতী স্কন্দমাতা চাৰি বাহুযুক্ত।

এওঁ সোঁহাতে কাৰ্তিকক কোলাত বহুৱাই লৈছে আৰু আনখন হাতেৰে পদুম ফুল ধৰি আছে। এওঁৰ বাওঁহাত এখনেৰে বৰ মুদ্ৰা আনখন পদুম ফুলেৰেব সুশোভিত মূৰত স্বৰ্ণ মুকুট আৰু কাণত স্বৰ্ণাভূষণেৰে সুশোভিত। এই দেৱীৰ বাহন হ’ল সিংহ। নৱৰাত্ৰিৰ পঞ্চম দিনা মা স্কন্দমাতাৰ পূজা-উপাসনা কৰিলে ভক্তৰ সমস্ত ইচ্ছা পূৰ্ণ হয়।

কাত্যায়নী:

মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ কাত্যায়নী নামেৰে প্ৰসিদ্ধ। মহৰ্ষি কাত্যায়নৰ ঘৰত পুত্ৰীৰূপে জন্ম হোৱাৰ বাবেই দেৱী ‘কাত্যায়নী’ নামেৰে প্ৰসিদ্ধ হৈছিল। আনহাতে মহৰ্ষি কাত্যায়নে ভগৱতীৰ উপাসনাত বহু বছৰ ব্যাপী কঠিন তপস্যা কৰিছিল। ‘আই ভগৱতীয়ে তেওঁৰ কোলাত পুত্ৰী ৰূপে জন্ম লওক’। - তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল।

কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিওগৰাকীয়ে নিজ নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰৰ বিনাস হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে এই দেৱীয়ে ‘কাত্যায়নী’ আখ্যা পালে বুলিও কোৱা হয়।

শাস্ত্ৰ অনুসৰি জনা যায় যে দেৱীয়ে আহিন মাহৰ কৃষ্ণা চতুৰ্থীৰ দিনা মহৰ্ষি কাত্যায়নৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। আহিনৰ শুক্লা সপ্তমী, অষ্টমী, নৱমীৰ দিনা তেওঁৰ দ্বাৰাই পূজা গ্ৰহণ কৰিছিল আৰু অৱশেষত আহিনৰ শুক্লা দশমীৰ দিনা কাত্যায়নী দেৱীয়ে মহিষাসুৰৰ বধ কৰিছিল।

দেৱী কাত্যায়নীৰ ৰূপ চাৰি বাহুযুক্ত। সিংহৰ বাহণ, স্বৰ্ণ মুকুট ধাৰিণী দেৱীৰ সোঁফালৰ হাত দুখন অভয় আৰু বৰমুদ্ৰা যুক্ত আৰু বাওঁফালৰ হাতদুখন ক্ৰমে অস্ত্ৰ আৰু পদুম ফুলেৰে সুশোভিত।

নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱী কাত্যায়নীৰ পূজা-অৰ্চনা, উপাসনা কৰিলে ভক্তই অৰ্থ, ধৰ্ম লাভ কৰাৰ উপৰি সকলো ধৰণৰ দুখ-দুৰ্গতিৰ পৰা পৰিত্ৰাণ পায়।

কালৰাত্ৰি:

মা দুৰ্গাৰ সপ্তম ৰূপটো কালৰাত্ৰি নামেৰে প্ৰসিদ্ধ। এই দেৱীৰ শৰীৰৰ ৰং অন্ধকাৰৰ দৰে ক’লা, মূৰৰ চুলিবোৰ খোলা আৰু বিশৃংখল, গলত বিদ্যুতৰ দৰে চিকমিক কৰা মালা, দেৱী তিনি নেত্ৰযুক্ত, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ৰশ্মি বিকিৰিত হৈ থাকে।

নাকেদি উশাহ-নিশাহত ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে। বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। চাৰি বাহুযুক্ত দেৱীৰ সোঁহাত যথাক্ৰমে অভয় আৰু বৰ মুদ্ৰাযুক্ত। আনহাতে বাওঁ বাহুৰে লোৰ কটা স্বৰূপ অস্ত্ৰ আৰু তৰোৱালেৰে সুশোভিত। মা ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ যদিও তেওঁ সদায় শুভ ফলহে প্ৰদান কৰে। তাৰ কাৰণে তেওঁৰ নাম হ’ল ‘শুভংকৰী’ নৱৰাত্ৰিৰ সপ্তম দিনা মা কালৰাত্ৰিৰ পূজা-অৰ্চনা কৰা হয়।

মহাগৌৰী:

মা দুৰ্গদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল- মহাগৌৰী, এওঁ সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এওঁ হ’ল আঠ বছৰীয়া। সকলো বস্ত্ৰ আৰু আ-অলংকাৰ শ্বেত বৰ্ণৰ।

নিজৰ পৰৱৰ্তী ৰূপত এওঁ ভগৱান শিৱক পতিৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। তেওঁৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই শৰীৰ ঘহি ঘহি গংগাৰ পৱিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া তেওঁৰ শৰীৰ বিদ্যুৎ প্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল।

তেতিয়াৰ পৰা এওঁৰ নাম ‘মহাগৌৰী’ হ’ল। বাহন হ’ল গৰু আৰু এই দেৱী চাৰিভূজা। সোঁফালৰ হাত ডম্বৰু আৰু অভয় মুদ্ৰাৰে সুশোভিত। নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰী পূজা-উপাসনা সদায়ে ফলদায়ী, সকলো পাপ নাশকাৰী, ভক্তৰ সকলো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ কৰে। তদুপৰি এই দেৱীৰ উপাসনাতেই ভক্তই অলৌকিক সিদ্ধি লাভ কৰে।

সিদ্ধিদাত্ৰী:

মা দুৰ্গা দেৱীৰ নৱম ৰূপৰ নাম হ’ল- ‘সিদ্ধিদাত্ৰী’। এওঁ নিজৰ ভক্তসকলক আঠ প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰিব পাৰে। মাৰ্কেণ্ডেয় পুৰাণৰ মতে অনিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশ্বিত্ব আৰু ৱশিত্ব সিদ্ধি এই অষ্টবিধ। ব্ৰহ্ম বৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে।

যেনে-

  • অনিমা,
  • লঘিমা,
  • প্ৰাপ্তি,
  • প্ৰকাম্য,
  • মহিমা,
  • ঈশিত্ব,
  • সৰ্বকামাৱসায়িতা,
  • সৰ্বতত্ত্ব,
  • দূৰ শ্ৰৱণ,
  • পৰাকেয়প্ৰবেশন,
  • বাক সিদ্ধি,
  • কল্পবৃক্ষত্ব,
  • সৃষ্টি সংহাৰ কৰণ সামৰ্থ্য,
  • অমৰত্ব,
  • সৰ্বনায়কত্ব,
  • ভাৱনা আৰু
  • সিদ্ধি।

ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্ৰীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি কৰিবলৈ সমৰ্থ। দেৱী পুৰাণৰ মতে এওঁৰ কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। মা সিদ্ধিদাত্ৰী চাৰি বাহুযুক্ত আৰু পদুম ফুলত বহি থাকে।

দেৱীৰ সোঁহাত দুখনত যথাক্ৰমে গদা আৰু চক্ৰ, আনহাতে বাওঁহাত পদ্ম আৰু শংখৰে সুশোভিত। দেৱীয়ে ডিঙিত ফুলৰ মালা আৰু স্বৰ্ণ মুকুট ধাৰণ কৰিছে। নৱৰাত্ৰিৰ নৱম দিনা দেৱী সিদ্ধিদাত্ৰীৰ পূজা-অৰ্চনা কৰা হয়।

দেৱী সিদ্ধিদাত্ৰীৰ আৰাধনাৰ ফলত যিকোনো দুৰ্লভ বস্তু বা ভক্তৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয়। দেৱী সিদ্ধিদাত্ৰীৰ পূজা দেৱতা, অসুৰ, গন্ধৰ্ব আদি সকলোৱে কৰে আৰু দেৱীয়ে সকলোৰে মনোবাঞ্ছা পূৰ্ণও কৰে।

এইদৰে নৱৰাত্ৰি বা দুৰ্গাপূজাত দেৱী দুৰ্গাৰ নটা ৰূপৰ বিধিপূৰ্বক পূজা-পাঠ কৰা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নৱৰাত্ৰি বিভিন্ন নিয়মেৰে পালন কৰা হয়। নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাৰ পূজা-অৰ্চনাৰ মাধ্যমেৰে জীৱনৰ দুখ-দুৰ্গতিসমূহ সহজে নাশ কৰিব পাৰি।

আমাৰ ভাৰতবৰ্ষত তথা ইয়াৰ বিভিন্ন প্ৰান্তত সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে, এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত।

এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱতী অমাৱস্যাৰ দিনা এই দেৱী পক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায়। পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজা হিচাপে গণ্য কৰা হয়। দেৱীপূজাৰ এই বিশেষ পাঁচটা দিন আৰু মহালয়াৰ কিছু আভাস আগবঢ়োৱা হ’ল।

মহালয়া

পূজাৰ কেইদিনমান আগতে এই মহালয়া পাৰ্বণ হয়। পিতৃপক্ষ নাইবা মহালয়া হিন্দুধৰ্ম অনুসৰি, পূৰ্বপূৰুষ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিক্ৰুপক্ষ, ষোল্লা শ্ৰাদ্ধ, মহালয়া পক্ষ, অপৰপক্ষ আদি নামেৰেও জনা যায়। মহালয়া পক্ষৰ ১৫ টা তিথি হ’ল- প্ৰতিপদৰ পৰা অমাৱস্যালৈ।

সৰ্বপিতৃ অমাৱস্যা দিৱসত তিথিৰ নিয়মৰ বাহিৰে সকলো পূৰ্বপুৰুষৰেই শ্ৰাদ্ধ কৰা হয়। নিৰ্দিষ্ট দিনত শ্ৰাদ্ধ কৰিবলৈ পাহৰি গ’লে এই দিনত শ্ৰাদ্ধ কৰিব পৰা যায়। এই দিনত গয়াত শ্ৰাদ্ধ কৰিলে বিশেষভাৱে ফলপ্ৰাপ্তি হয়। উল্লেখযোগ্য যে গয়াত সমগ্ৰ পিতৃপক্ষ জুৰি মেলা চলে।

পৰলোকগামী আত্মাই য’তেই অৱস্থান নকৰক, মহালয়াত তেওঁৰ জীৱিত পুত্ৰসকলে পৰলোকগামী আত্মালৈ শান্তি, সন্তুষ্টিৰে শ্ৰাদ্ধ আৰু তৰ্পণেৰে তেওঁলোকক মৰ্ত্যলৈ আহ্বান কৰে। উল্লেখযোগ্য যে এই শ্ৰাদ্ধ কেৱল পূৰ্বৱৰ্তী তিনি পুৰুষৰেই হৈ থাকে।

মাতৃৰ কুলত পুৰুষ সদস্য নাথাকিলে সৰ্বপিতৃ অমাৱস্যাত দৌহিত্ৰ মাতামহৰ শ্ৰাদ্ধ কৰিব পাৰি। কোনো কোনো বৰ্ণত পূৰ্বৱৰ্তী এক পুৰুষৰেই শ্ৰাদ্ধ কৰা হয়। এই সময়ছোৱাত যমৰাজে মৃত ব্যক্তিসকলৰ আত্মাক তেওঁলোকৰ সতি-সন্ততিসকলৰ কুশল মংগল জানিবলৈ পৃথিৱীলৈ পঠিয়াই দিয়ে।

এই মৃত ব্যক্তিসকলৰ আত্মাই তেওঁলোকৰ সতি-সন্ততিৰ ঘৰৰ বাহিৰত মুখ্য দুৱাৰমুখত আহি উক্ত কেইদিন থাকিবলৈ লয়। সেইবাবে উক্ত কেইদিনত জীৱিত আত্মীয়সকলেও তেওঁলোকৰ সন্মানাৰ্থে ঘৰৰ দুৱাৰমুখত বাহিৰত এগছি চাকি জ্বলাই ৰাখিব লাগে আমাৰ পূৰ্বপুৰুষৰ আত্মাসকলে ঘৰৰ সকলোৰে কুশল-মংগল জানিব পাৰি সুখীভাৱে পুনৰ স্বৰ্গগামী হয়।

এনেধৰণৰ কিছুমান প্ৰচলিত নিয়ম বা কথা শুনিবলৈ পোৱা যায়। মহালয়াৰ দিনা এনেধৰণৰ শ্ৰাদ্ধ তৰ্পণ কৰাটো বিশেষভাৱে উল্লেখযোগ্য। মহালয়াৰ দিনায়ে দুৰ্গা পূজাৰ সূচনা হয়। লোকবিশ্বাস অনুযায়ী এই দিনতে দেৱী দুৰ্গা মৰ্ত্যলোকত আবিৰ্ভাৱ হয়।

মহালয়াৰ দিনা অতি পুৱাই চণ্ডীপাঠ কৰাৰ ৰীতি আছে। মহালয়াৰ দিনাৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভ হৈ যায়। চাৰিওফালে নতুন নতুন বস্তু-বাহানি, কাপোৰ-কানিৰে ভৰি পৰে। ঠিক সেইদৰে প্ৰকৃতিয়েও ন সাজেৰে মৰমৰ দুৰ্গা পূজাটিক আদৰণি জনায়। মহালয়াৰ পৰাই এক কথাত পূজাৰ আৰম্ভ হয়।

ষষ্ঠী নাইবা বেলবৰণ

মহালয়াৰ পিছত ষষ্ঠী তিথিত বোধন আমন্ত্ৰণ আৰু দেৱীৰ অধিবাস হয় বিধি অনুযায়ী। বোধনক বিলববোধন বুলি কোৱা হয়।

ষষ্ঠীৰ গধূলি বেলা বেলগছৰ গুৰিত শিৱ-দুৰ্গা, গণেশাদি দিকপালগণৰ পূজা কৰা হয়। বিলব বৃক্ষক(বেলগছ) শিৱ জ্ঞানে পূজা কৰা হয়। পূজাৰ পিছত হাতযোৰ কৰি দুটা বেলৰ সৈতে বেলগছৰ এটা ডাল ভিক্ষা কৰে। অনুমতি সাপেক্ষে তাকে গ্ৰহণ কৰা হয়।

ইয়াৰ পিছত নৱ পত্ৰিকাৰ পূজন হয়। ‘নৱ-পত্ৰিকা’ অৰ্থাৎ নবিধ প্ৰকৃতিময়ী গছ-লতা হ’ল-

  • ৰম্ভা,
  • কন্ধি,
  • হৰিদ্ৰা,
  • জয়ন্তী,
  • বিলব,
  • ডৰিমো,
  • অশোকং,
  • মানকচং,
  • চৈৱ,
  • ধান্যঞ্চ,
  • নৱ পত্ৰিকা। (কলগছ, কচু, হালধিৰ গছ, জয়ন্তী ফুলৰ পুলি, যুগ্ম বেল, ডালিম, অশোক ফুল, মানকচু আৰু ধানৰ গোচ এটা)।

ইয়াৰ পিছত সপ্তমী, অষ্টমী আৰু নৱমী পূজাৰ কাৰণে ষষ্ঠীৰ সন্ধ্যা কালত দেৱী আমন্ত্ৰণ কৰি অধিবাস কৰা হয়। ষষ্ঠীত দেৱীৰ জন্ম কল্পনা কৰা হয়।

শস্যৰ দ্বাৰা পৰিপূৰ্ণ, স্নিগ্ধ, জোনৰ পোহৰত দেৱীয়ে ধৰালৈ আগমন কৰে। সেইদিনা দুৰ্গাদেৱীক শিৱ শক্তিৰূপে আৰাধনা কৰা হয়।

প্ৰবাদমতে দেৱী কৈলাসৰ পৰা শিৱ সহিতে মৰ্ত্যলৈ নামি আহি পূজা গ্ৰহণ কৰে। অধিবাসৰ শেষ প্ৰমাণ কৰি পুনৰ পূজাৰ দ্ৰব্যৰ দ্বাৰা দেৱীৰ নৱপত্ৰিকা, অস্ত্ৰ-শস্ত্ৰ, দৰ্পণ আদিৰ অধিবাস কৰা হয়।

ষষ্ঠীৰ দিনা দেৱী মুখমণ্ডলৰ পৰা পৰ্দা গুচোৱাৰ পৰাই দুৰ্গাপূজাৰ আৰম্ভণি হয়, ইয়াৰ উলহ-মালহেৰে পালন কৰা হয়।

মহাসপ্তমী

মহাসপ্তমীৰ এই দিনটোক দুৰ্গাপূজাৰ প্ৰথম দিন বুলি ধৰা হয়। নৱৰাত্ৰিৰ সপ্তম দিনটোক অৰ্থাৎ আহিন মাহৰ শুক্ল পক্ষৰ সপ্তমীৰ দিনটোত এই পূজা কৰা হয়। যাক আমি দুৰ্গা পূজাৰ মহাসপ্তমী বুলি কওঁ।

এই দিনটোত সূৰ্যৰ প্ৰথমটো কিৰণ উদয় হোৱাৰ সময়তে নৱপত্ৰিকা অনুষ্ঠান তথা নৱপ্ত্ৰিকা পূজন কৰা হয়। নৱপত্ৰিকা হৈছে এবিধ প্ৰকৃতিময়ী গছ-লতা, যিয়ে নৱদুৰ্গাক প্ৰতিনিধিত্ব কৰে। দুৰ্গাৰ এটা ৰূপৰ লগত তুলনা কৰি এই নৱপত্ৰিকা পূজন কৰা হয়।

এই অনুষ্ঠানত এজোপা কলগছৰ পুলিক দেৱী দুৰ্গা জ্ঞান কৰি পূজা কৰা হয়। নদীৰ পাৰত স্নান কৰোৱাৰ লগতে হালধীয়া ৰঙা পাৰী দিয়া শাৰী পৰিধান কৰোৱা হয়। এই গছজোপাক ‘কলাবৌ’ বুলিও কোৱা হয়।

ইয়াৰ পিছত অন্যান্য কিছুমান পূজা-পাতল তথা নিয়ম কৰাৰ পাছত, বাদ্য যন্ত্ৰ, ঢোলক আদিৰ সৈতে এক উল্লাস-আনন্দৰ মাজেৰে পূজা মণ্ডপলৈ তথা পূজাথলীলৈ লৈ অহা হয় আৰু দেৱী দূৰ্গাৰ মূৰ্তিৰ সোঁফালে থকা গণেশৰ মূৰ্তিৰ কাষত এই কলাবৌক প্ৰতিষ্ঠা কৰা হয়।

মহাসপ্তমীৰ দিনা দেৱীৰ পুষ্পাঞ্জলি ভক্তসকলক অৰ্পণ কৰাৰ পাছত ভোগ বিতৰণ কৰা হয় আৰু সন্ধিয়া মহাসপ্তমী পূজাৰ আৰতি কৰা হয়।

এই সপ্তমী পূজাৰ দিনাৰ পৰাই দেৱী দুৰ্গাই পৃথিৱীখনক মহিষাসুৰৰ দৰে অসুৰৰ পৰা ৰক্ষা কৰিবলৈ যুদ্ধ কৰে। পূৰ্বতে হেনো এইদিনৰ পৰায়ে মহিষাসুৰ বধৰ যুদ্ধ আৰম্ভ হৈছিল।

অন্যান্য পূজাৰ মাজেৰে মহাসপ্তমী পূজা পাৰ হয়। তাৰ পাছত মহা অষ্টমীৰ আয়োজন কৰা হয়।

মহাঅষ্টমী

মহাষ্টমী পূজা নৱৰাত্ৰিৰ অষ্টমটো দিনত কৰা হয়। এই দিনটোৰ বিশেষত্ব হ’ল- এই দিনটোত ম’হ বলি দিয়া হয়। দেৱীৰ সন্মুখত এই প্ৰথা কৰা হয়।

শক্তিপীঠ কামাখ্যাত সপ্তমী, অষ্টমীৰ মাজনিশাও ম’হ বলি দিয়া হয়। লগতে বহু ভক্তই পঠা ছাগলী, হাঁহ, পাৰ আদিও বলি দিয়া দেখা যায়। কিন্তু আজিকালি এই প্ৰথাৰ বহুতেই বিৰোধিতা কৰাও পৰিলক্ষিত হয়।

ইয়াৰ প্ৰভাৱত বহু ঠাইত এই প্ৰথাৰ পৰা বিৰত থকা দেখা যায়। কিন্তু আজিকালি এই প্ৰথাৰ বহুতেই বিৰোধিতা কৰাও পৰিলক্ষিত হয়। ইয়াৰ প্ৰভাৱত বহু ঠাইত এই প্ৰথাৰ পৰা বিৰত থকা দেখা যায়।

মহাষ্টমীৰ দিনা অনুষ্ঠিত হোৱা আন এক আকৰ্ষণীয় পূজা হ’ল ‘কুমাৰী পূজা’। এই পূজাত কুমাৰী কন্যাসকলক পূজা কৰাৰ এক বিশেষ বিধান তথা নিয়ম আছে।

মহাষ্টমীৰ দিনাও অন্যান্য পূজাসমূহৰ পাছত পুষ্পাঞ্জলি দিয়া হয় আৰু লগতে ভোগ বিতৰণ কৰা হয়।

তাৰ পাছত সন্ধিয়া নৱমী পূজাৰ লগত সংগতি ৰাখি সন্ধি পূজা কৰা হয় আৰু আৰতি কৰা হয়। এনেদৰেই অষ্টমী পূজাৰো সমাপ্তি ঘটে। তাৰ পিছৰ দিনা প্ৰকৃত মুহূৰ্তৰ পৰা নৱমী পূজা আৰম্ভ হয়।

মহা নৱমী

এই নৱমী পূজাৰ দিনটোৱেই হৈছে পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। অষ্টমীৰ সন্ধি পূজাৰ পাছতেই এই নৱমীৰ দিনটো আৰম্ভ হয়।

ঢোলক, ড্ৰাম, তাল আদি বজাই মহা আৰতি কৰা হয়। এই মহা আৰতিৰ দ্বাৰাই এই পূজাৰ নৱমীৰ দিনটোৰ শেষ হয়।

নৱমীৰ দিনাও ভক্তক পুষ্পাঞ্জলি আৰু ভোগ প্ৰসাদ আদি বিতৰণ কৰা হয়। অতি আনন্দ-উল্লাসে এই নৱমীৰ দিনটো উদযাপন হয়। এই কথাত ক’বলৈ গ’লে নৱমীৰ দিনায়ে দুৰ্গা পূজাৰ অন্ত পৰে।

দশমী

দুৰ্গাপূজাৰ একেবাৰে শেষৰ দিনটোক দশমী বোলা হয়। আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথিত এই দিনটো পালন কৰা হয়। নৱমীৰ পূজাৰ শেষত এই দশমী পূজা তথা অন্যান্য অনুষ্ঠান কৰা হয়।

সেই দিনটোত ভক্তসকলে এক দীঘলীয়া পদ যাত্ৰা কৰি নদীৰ পাৰত দেৱী প্ৰতিমা বিসৰ্জন দিয়ে। সেইদিনাই চাৰিদিনীয়া উলহ-মালহৰ অন্ত পৰে।

আনহাতে এই দিনটোৰ অন্য় এক বৈশিষ্ট্য হ’ল যে এই দিনটোতেই ৰামে ৰাৱণক বধ  কৰিছিল বুলি জনবিশ্বাস আছে। এই দিনটোক অসত্যৰ ওপৰত সত্যৰ জয় হোৱা বুলি ধৰা হয়। যিহেতু এই দিনটোত ৰামৰ বিজয় হৈছিল, সেইবাবে এই বিশেষ দিনটোক তথা এই দশমীক বিজয়া দশমী বুলি কোৱা হয়।

এই দিনটোতে মানুহে নতুন কাম হাতত লোৱা দেখা যায়। প্ৰাচীন কালত ৰজা-মহাৰজাসকলে এই দিনটোতে পূজা-অৰ্চনা কৰি যুদ্ধলৈ বুলি আগবাঢ়িছিল।

এই দিনটোত বহু ঠাইত নানা ধৰণৰ মেলা পতা হয়। ‘ৰামলীলা’ নামৰ এক বিশেষ অনুষ্ঠানো কৰা দেখা যায়। লগতে বহু ঠাইত ৰাৱণৰ বিশাল মূৰ্তি বনাই তাক দাহ কৰা হয়।

আনন্দ-উল্লাস আৰু হাঁহি-সফূৰ্তিৰ মাজেৰে এই অনুষ্ঠান কৰা হয়। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, আলস্য, হিংসা আদি পৰিত্যাগ কৰিবৰ বাবে প্ৰেৰণা দিবলৈ এই উৎসৱ পালন কৰা হয়।

ঠাই বিশেষে এই ‘বিজয়া দশমী’ উৎসৱ তথা ‘দশেহৰা’ বিভিন্ন প্ৰকাৰে পালন কৰা দেখা যায়। প্ৰতিখন ঠাইৰ পূৰ্বৰ পৰা প্ৰচলিত নীতি-নিয়মৰ আধাৰত বেলেগ বেলেগ ধৰণে এই উৎসৱ তথা এই দিনটো উদযাপন কৰা দেখা যায়।

দুৰ্গাপূজাৰ বিজয়া দশমীৰ সৈতে জড়িত অনুষ্ঠানসমূহৰ ভিতৰত অপৰাজিতা পূজা আৰু দৰপূজাও বিশেষভাৱে উল্লেখযোগ্য।

প্ৰাথমিক ধৰ্মীয় কৃত্য অৰ্থাৎ অপৰাজিতা পূজা বংগদেশ, অসম, মেঘালয়, ত্ৰিপুৰা আদিৰ বিজয়া দশমীত পালিত হোৱা দেখা যায়। আনহাতে দ্বিতীয় কৃত্য অৰ্থাৎ দৰপূজা কিছু কিছু অঞ্চলতহে দেখা যায়।

এইধৰণৰ ধৰ্মীয় কৃত্যসমূহ সমাপন কৰি শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় আৰু অহা বছৰ মা দেৱী দুৰ্গাক পুনৰবাৰ আদৰিবলৈ আশাৰে অপেক্ষা কৰা হয়।

লেখিকা: বনশ্ৰী কাকতি(ৰাইজৰ বাতৰি)

3.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top