অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দেৱালয়

আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু দেৱালয় দৰ্শন কৰি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁ| "দেৱালয়" দুটা শব্দৰে গঠিত

আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু দেৱালয় দৰ্শন কৰি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁ| "দেৱালয়" দুটা শব্দৰে গঠিত - "দেৱ" আৰু "আলয়"| "দেৱ" মানে দেৱতা বা দেৱী আৰু "আলয়" মানে ঘৰ| সাধাৰণ অৰ্থত দেৱী-দেৱতাৰ ঘৰ| ইয়াক মন্দিৰ, ধাম, দ’ল বুলিও কয়| অসমৰ নানা ঠাইত বহুতো বিখ্যাত দেৱালয় আছে|

কামাখ্যা

কামাখ্যা শক্তিপীঠ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত| এই দেৱালয়লৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অলেখ ভক্ত আহে মনৰ কামনা পূৰণৰ বাবে| বহুত পৌৰাণিক কথা এই মন্দিৰৰ লগত জড়িত আছে| নৰকাসুৰ নামৰ এক অসুৰে কামাখ্যা দেৱীক বিয়া কৰিবলৈ বিচাৰিছিল| অসুৰটোৱে প্ৰস্তাৱটো দিয়াত দেৱীয়ে এটা বুদ্ধি সাজিলে| তেওঁ নৰকাসুৰক ক’লে যে যদি এৰাতিৰ ভিতৰতে সি নীলাচল পাহাৰৰ তলৰ পৰা ওপৰত থকা মন্দিৰলৈ এটা চিৰি সাজিব পাৰে তেন্তে তেওঁ তাৰ সৈতে বিয়া হ’ব| নৰকাসুৰে স্বৰ্ত্তটো মানি ল’লে আৰু ৰাতি হোৱাৰ লগে লগে কামত লাগিল| চিৰিটো প্ৰায় সম্পূৰ্ণ হ’বলৈ ধৰাত দেৱী বিপাঙত পৰিল| তেওঁ তেতিয়া কুকুৰা এটাক ডাক দিয়ালে আৰু পুৱা হ’ল বুলি ঘোষণা কৰিলে| নৰকাসুৰ হাৰিল| সেই আধা সজা চিৰিটোক "মেখেলা উজোৱা পথ" বুলি জনা যায়|

নৱগ্ৰহ

এই দেৱালয় গুৱাহাটীৰ দক্ষিণ-পূব দিশে থকা চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত| ৰবি, চন্দ্ৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু - এই ৯টা গ্ৰহক ইয়াত পূজা কৰা হয়|

দৌল-গোবিন্দ

 

 

উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ অঞ্চলত এই দেৱালয় অৱস্থিত| ইয়াত নিতৌ পূজা-অৰ্চনা কৰা হয় আৰু শেষত সকলো ভক্তকে ভোগ বিতৰণ কৰে| দৌল পূৰ্ণিমাত এক আনন্দমুখৰ পৰিবেশ দেখা যায়|

উমানন্দ

 

গুৱাহাটীৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰ নদীৰ এক দ্বীপত এই দেৱালয় অৱস্থিত| হিন্দু শাস্ত্ৰৰ মতে এই ঠাই ভগৱান শিৱই সৃষ্টি কৰিছিল তেওঁৰ পত্নী "উমা"ৰ আনন্দৰ বাবে| সেয়ে নামকৰণ হ’ল "উমানন্দ"|

মহাভৈৰৱ

 

এই প্ৰসিদ্ধ দেৱালয় তেজপুৰত অৱস্থিত| শিৱৰাত্ৰিৰ দিনা ইয়াত বহুতো ভক্তৰ সমাগম হয়| ইতিহাসৰ মতে, ই বহুত পুৰণি আৰু শিলেৰে নিৰ্মিত| ভূমিকম্পত কিছু অংশ নষ্ট হোৱাত নতুনকৈ নিৰ্মাণ কৰোঁতে চিমেন্ট, বালি আদি ব্যৱহাৰ কৰা হৈছিল|

শিৱ-দ’ল

শিৱসাগৰৰ বিশাল বৰপুখুৰীৰ পাৰত এই দেৱালয় অৱস্থিত| শাওণ মাহত ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহি শিৱলিঙ্গত পৱিত্ৰ পানী আৰু গাখীৰ ঢালি পূজা কৰে|

লেখিক:-গীতিমা বৰুৱা শৰ্মা

উৎস:- আৰম্ভণি আলোচনাৰ পৰা সংগৃহীত

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top