মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দৰঙী খুলীয়া ভাউৰীয়া: এক আপোকপাত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰঙী খুলীয়া ভাউৰীয়া: এক আপোকপাত :

দৰঙী খুলীয়া ভাউৰীয়া: এক আপোকপাতৰ বিষয়ে লিখা হৈছে ।

লোক সংস্কৃতিৰ ক্ষেত্ৰত দৰং জিলাৰ স্থান বিশেষভাৱে উল্লেখযোগ্য। ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই জিলাখনৰ বিভিন্ন কোণত লোক সংস্কৃতিৰ নানান উত্‍কৃষ্ট সমল সিঁচৰতি হৈ আছে। জিলাখনৰ এই লোক সংস্কৃতিসমূহে বছৰ বছৰ ধৰি অসমৰ বৈচিত্ৰ্যময় লোক সংস্কৃতিত বিশেষ অৱদান আগবঢ়াই আহিছে।

অসমৰ প্ৰতিখন ঠাইৰ লোক সংস্কৃতি সমূহৰ নিজস্ব বৈশিষ্ট্য থকাৰ দৰে দৰঙী লোক সংস্কৃতিৰো এক বিশেষ নিজস্ব বৈশিষ্ট্য আছে। দৰঙী লোক সংস্কৃতিৰ এই ধাৰা বছৰ বছৰ ধৰি চলি আহিছে। উল্লেখনীয় যে অসমৰ আন বহু ঠাইত দেখিবলৈ নোপোৱা কেবাটাও কলা কৃষ্টিৰ চর্চা আজিও দৰং জিলাত বিদ্যমান।

সুপ্ৰাচীন কালৰে পৰা প্ৰবাহমান হৈ অহা দৰঙৰ এই কলা কৃষ্টিসমূহৰ ভিতৰত দৰঙী খুলীয়া ভাউৰীয়াও অন্যতম। দৰঙী খুলীয়া ভাউৰীয়া মুলতঃ এক লোক নাট্যানুস্থান। দৰঙী খুলীয়া ভাউৰীয়াৰ দৰে লোক নাট্যানুস্থান অসমৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায় যদিও দৰঙী খুলীয়া ভাউৰীয়াৰ পৰিৱেশন পদ্ধতি, সাজ সজ্জা, বচন, বাদ্য যন্ত্ৰ, ৰীতি-নীতি আদিত বহু পার্থক্য দেখিবলৈ পোৱা যায়।

পুৰণি কালৰে পৰা দৰং জিলাত খুলীয়া ভাউৰীয়াৰ চর্চা হৈ আহিছে বুলি বহুতে কয়। খুলীয়া ভাউৰীয়া মুলতঃ এক লোক নাট্যানুষ্ঠান সেয়েহে খুলীয়া ভাউৰীয়াত প্ৰদর্শিত কাহিনী সমূহো পৌৰাণিক কাহিনী।

খুলীয়া ভাউৰীয়াৰ এই নাটকসমূহ মুলতঃ ৰামায়ণ, মহাভাৰতৰ কিছুমান মুখ্য তথা গুৰুত্বপূর্ণ কাহিনীৰ আধাৰত ৰচিত হয়। এনে কাহিনীবোৰৰ ভিতৰত ৰাম ৰাৱণৰ যুদ্ধ, শ্ৰৱণমুনিৰ অভিশাপ, ভক্ত প্ৰহ্লাদ, কর্ণৰ জন্মকথা, হিৰণ্যকশিপু বধ আদি কিছুমান গুৰুত্বপূর্ণ কাহিনীয়েই প্ৰধান।

দৰঙী খুলীয়া ভাউৰীয়াৰ বাবে কোনো ধৰণৰ মঞ্চৰ ব্যৱহাৰ কৰা নহয়। ৰাজহুৱা ঠাইত অস্থায়ীভাৱে দিয়া ৰভাৰ তলত ভাৱৰীয়াসকলে ভাওনা প্ৰদর্শন কৰে। বর্গাকৃতিৰ বা আয়তাকৃতিৰ এই ৰভাৰ তিনিওকাষে দর্শকক বহাৰ ব্যৱস্থা কৰি দিয়া হয় আৰু একাষে থাকে ভাৱৰীয়াসকলৰ প্ৰৱেশ দুৱাৰ।

এইটোফালেই এখন আঁৰ কাপোৰ থাকে। ওজাই নৃত্য কৰাৰ সময়ত পালিসকল, ভাওনা প্ৰদর্শিত হৈ থকা সময়ত ওজা, পালি তথা আন ভাৱৰীয়াসকল এই কাপোৰৰ আঁৰতেই থাকে। দর্শক বহাৰ কোনোবা এটা ফালে ভাৱৰীয়াসকলৰ প্ৰস্থানৰ ব্যৱস্থা থাকে।

দৰঙী খুলীয়া ভাউৰীয়াৰ প্ৰধান ভূমিকা বহনকাৰী চৰিত্ৰটো হ’ল ওজা বা সূত্ৰধাৰ। সূত্ৰধাৰে খুলীয়া ভাউৰীয়াত পৰিৱেশন কৰা কাহিনীটোৰ গীত, পদ, কথা আৰু নৃত্য ভংগিমাৰ সহায়ত দর্শকৰ আগত দাঙি ধৰে। সাজ সজ্জা আৰু কার্যাৱলী আদি সকলো দিশৰ পৰাই সমগ্ৰ ভাওনাখনৰে আকষর্ণীয় চৰিত্ৰটো হ’ল সূত্ৰধাৰ। সূত্ৰধাৰৰ সাজ সজ্জাও মন কৰিবলগীয়া।

সূত্ৰধাৰে মুৰত নানান ৰঙীন কাপোৰ, মণি মুকুতাৰে সুসজ্জিত কৰি ডাঠ কাগজৰে তৈয়াৰ কৰা আগফালে আৰু পিছফালে জোঙা এটি নাওসেৰীয়া টুপী পিন্ধে। টুপীটোৰ পিছফালে গলধনটো আগুৰিব পৰাকৈ টুপীটোৰ লগত খাপ খুৱাই এডোখৰ কাপোৰ অলপকৈ ওলোমাই লয়। পিন্ধনত ওজাৰ দেহত এটি হাত দীঘল চোলা। চোলাটো দীঘল যদিও কঁকাললৈকেহে দেখা পায়, বাকী অংশ তলত পিন্ধা জামাটোৰ তলত সুমুৱাই লয়।

চোলাটোৰ পিছফালে ‘ওঁ’ আখৰটো বা আঁহতৰ পাতৰ দৰে এটি চিহ্ন চিলাই লয়। ওজাই পিন্ধা জামাটোৱে ককালৰ পৰা মাটি চোওঁ- নোচোওঁকৈ পিন্ধে যাতে ভৰি দুখন দেখা নাপায়। জামাটো বগা কাপোৰেৰেই তৈয়াৰ কৰা হয় আৰু কঁকালৰ ফালে বহুত কোচ দি চিলোৱা হয় যাৰ ফলত ওজাই পদ গাই গাই নৃত্য কৰা সময়ত জামাটো সুন্দৰকৈ ফুলি উঠে। ওজাৰ বাওঁহাতত এখন ৰুমাল আৰু সোঁহাতত চোঁৱৰ থাকে।

গীত, পদ গাই নৃত্য আৰু অভিনয়ৰ সময়ত ৰুমাল আৰু চোঁৱৰ ঘূৰাই ঘূৰাই বিভিন্ন মুদ্ৰা প্ৰদর্শন কৰে। ওজাই ডিঙিত মণি গঠা ঢোল মাদলি সংলগ্ন এঢাৰি মালা, হাতত গামখাৰু নাইবা ৰূপৰ দুপতীয়া খাৰু আৰু কাণত কেৰু পিন্ধা দেখা যায়। ওজাৰ কপালত এটা বগা ফোঁট থাকে। ওজাই গীত, পদ গাই বিভিন্ন মুদ্ৰাৰে নৃত্য কৰা সময়ত তেওঁৰ লগত পদ ধৰিবলৈ চাৰি পাচজনমান পালিয়ে সংগ দিয়ে। পালিসকলে সাধাৰণতে দর্শকৰ আগলৈ নোলায়। সেয়েহে হয়তো তেওঁলোকৰ সাজ সজ্জাও সাধাৰণ ধূতি-কূর্তাহে।

খুলীয়া ভাউৰীয়াত ব্যৱহৃত প্ৰধান বাদ্য যন্ত্ৰ হ’ল খোল আৰ তাল। ইয়াৰ বাহিৰে আন বাদ্য যন্ত্ৰৰ ব্যৱহাৰ ইয়াত নহয়। খোল বজোৱা লোকক ‘খুলীয়া’ আৰু তাল বজোৱা লোকক ‘তালুৱৈ’ বোলে। খুলীয়া ভাউৰীয়াত খুলীয়াৰ সংখ্যা দুইৰ পৰা ছজনলৈ আৰু তালুৱৈৰ সংখ্যা সাধাৰণতে দুজন। ইয়াত সাধাৰণতে খুটি তালৰ ব্যৱহাৰে কৰা হয়।

ওজাই গীত পদ গাই নৃত্য কৰাৰ সময়ত এওঁলোকে বাদ্য সংগত কৰাৰ উপৰিও ভাওনাৰ মাজত ব্যৱহৃত হোৱা যুদ্ধ বিগ্ৰহৰ সময়তো এওঁলোকেই বাদ্য সংগত কৰে। এওঁলোকৰ সাজ পাৰ সাধাৰণ বগা ধূতি-কূর্তাই হয়, আৰু মূৰত পাগুৰি থাকে। কপালত ওজাৰ দৰে বগা ফোঁট লয়।

খুলীয়া ভাওনাৰ চৰিত্ৰৰ সংখ্যা নাটকৰ কাহিনীৰ ওপৰত নির্ভৰ কৰে। নাটকসমূহ যিহেতু ৰাজকীয় কাহিনীৰ আধাৰত ৰচিত, সেয়েহে অভিনেতা অভিনেত্ৰীসকলৰ সাজ-সজ্জা, বেশ-ভুষাও ৰাজকীয় হয়। যেনে ৰজাৰ চৰিত্ৰৰ বাবে ৰাজকীয় পোছাক, বিভিন্ন মালা, কাণ, ডিঙিত বিভিন্ন অলংকাৰৰ প্ৰয়োগ কৰা হয়। তদুপৰি কোনো কোনো চৰিত্ৰ যেনে ৰাৱণ, হনুমান, জাম্বৱন্ত, জটায়ু, শূর্পণখা আদিৰ লগতে ভালুক, বান্দৰ, ৰাক্ষক-ৰাক্ষসী আদি চৰিত্ৰ ৰূপায়ণৰ বাবে মুখাৰ ব্যৱহাৰো কৰা হয়।

মুখাসমূহ ঘাইকৈ পাতল কাঠ, বাঁহ, ডাঠ কাগজেৰেই তৈয়াৰ কৰা হয়। খুলীয়া ভাউৰীয়াৰ চর্চা যিহেতু বহু আগৰে পৰাই হৈ আহিছে সেয়েহে ইয়াৰ এক আকষর্ণীয় দিশ এয়ে যে নাটকৰ স্ত্ৰী চৰিত্ৰসমূহো পুৰুষ সকলেই ৰূপায়িত কৰে। পুৰুষসকলে দীঘল চুলি, খাৰু, মহিলাৰ পোছাক, আ অলংকাৰ আদি ব্যৱহাৰ কৰে। উল্লেখযোগ্য যে নাটকৰ স্ত্ৰী চৰিত্ৰ ৰূপী পুৰুষসকলে মেখেলা চাদৰৰ সলনি শাৰী পৰিধান কৰাটো নিষেধ।

ইয়াৰোপৰি অভিনয়ৰ বাবে ৰজা তথা আন সদস্যসকলে কাঠৰ তৰোৱাল, বাঁহৰ ধনু-কাড়, কাপোৰ আৰ ডাঠ কাগজেৰে সজা গদা, সন্যাসী তথা ঋষি মুনি সকলে কাঠৰ কমণ্ডলু, টোকন আদি ব্যৱহাৰ কৰা দেখা যায়।

বহুৱা খুলীয়া ভাউৰীয়াৰ আন এক উল্লেখযোগ্য চৰিত্ৰ। নাটকৰ কাহিনীৰ অর্ন্তগত নহয় যদিও বহুৱাৰ ভূমিকা গুৰুত্বপূর্ণ। বহুৱাৰ কাম মূলতঃ বিভিন্ন হাস্যমধুৰ কথা বতৰা তথা অংগীভংগীৰে হাস্যৰসৰ যোগান ধৰা। বহুৱাই হাস্যৰস যোগানৰ বাবে ঘাইকৈ কিছুমান শেহতীয়া উল্লেগযোগ্য ঘটনাকে বাচি লয়। বহুৱাৰ কথা-বতৰাৰ উপৰি সাজ পোছাকেও দর্শকৰ মাজত হাঁহিৰ খোৰাক যোগায়। বহুৱাই ব্যৱহাৰ কৰা ভিন্নৰঙী চোলা, ক’লা চছমা, দাড়ি- গোঁফ, নকল দাত, মুখত সনা নানান ৰঙেও দর্শকক আনন্দ যোগায়।

দৰঙী খুলীয়া ভাউৰীয়াৰ প্ৰদর্শন ঘাইকৈ ব’হাগ মাহত দৰঙত হোৱা দেউলৰ সময়তে বেছিকৈ হয়। ভাওনাৰ ভাউৰীয়াসকল কৃষি কার্য্য অথবা সৰু-সুৰা ব্যৱসায়ৰ লগত জড়িত লোক। তথাপিতো তেওঁলোকে একান্ত শ্ৰম আৰু সাধনাৰে দৰঙৰ এই অন্যতম কৃষ্টিটোৰ সফল তথা উৎকৃষ্ট চর্চাৰে জনসমাজত জীয়াই ৰাখিছে। দৰঙৰ এই কৃষ্টিটো সদায় এনেদৰেই জীয়াই থাকক, তাৰেই কামনা কৰোঁ।

লেখক: হিমাংশু চহৰীয়া

উৎস: সাহিত্য.অৰ্গ

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top