মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দৰঙৰ অনুপম লোক – সাহিত্য : চেৰাঢেক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰঙৰ অনুপম লোক – সাহিত্য : চেৰাঢেক

দৰঙৰ অনুপম লোক – সাহিত্য : চেৰাঢেক

 

দৰঙৰ লোক – কৃষ্টিৰ অনুপম সম্পদ হৈছে চেৰাঢেকসমূহ মুছলমান সম্প্ৰদায়ৰ চহা কৰিব ৰচনা। গাঁৱলীয়া স্বভাৱ – কৰিব লোকপদ চেৰাঢেকবোৰ ব্যাস – সংগীতৰ ৰাগ – ৰাগিণীৰ ওচৰ চপা। ‘ঢেক মাৰা’ শব্দটো ‘ৰাগমৰা’ শব্দৰ সমাৰ্থক। চেৰা আৰু ঢেক দুটা সুকীয়া শব্দ একেলগ লাগি ‘চেৰাঢেক’ বোলা হৈছে। ‘ঢেক’বোৰৰ মাজেৰে বিমল হাস্য ৰসৰ সোৱাদ উপলব্ধ হয়। চেৰাঢেক আচলতে ‘ঢেক’ বুলি প্ৰচলিত। কোনো কোনোৱে ‘ৰাইছা মাৰা’ বুলিও কয়। ঢেকমাৰা বা ৰাইছা মাৰা নিয়ম ছিপাঝাৰ অঞ্চলত বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছিল, সেই কথা ‘চেৰাঢেক’ সমূহ বিশ্লেষণ কৰিলে প্ৰতীয়মান হয়। বিবাহৰ বাবে সমবেত হোৱা দৰাপক্ষ আৰু কইনা পক্ষৰ দুদল লোকৰ মাজত ঢেকমাৰা নিয়ম আছিল। ইদলৰ প্ৰত্যুত্তৰত সিটো দলে ঢেকবোৰ মাৰিছিল। তলত কেইটামান তেনেধৰণৰ চেৰাঢেক উল্লেখ কৰা হ’ল, যিবোৰ চেৰাঢেকে ছিপাঝাৰ অঞ্চলৰ অতীতৰ মুছলমান সমাজ খনৰ এক জীৱন্ত ছবি ভাস্বত কৰিছে।

‘নলোৰ মাঝেৰ বটা চৰেই

ধেৰেক ধেৰেক কৰেই

নষ্টো যাৱা মোল্লাই আহি

তিৰি চোৰ কৰেই’।

লগে লগে আন এটি দলে প্ৰত্যুত্তৰত চেৰাঢেক গায় এনেদৰে :

‘বৰোৰ আগোত যম ৰাতি

কইনা আগোত জপা

পুৱা – ৰাতি মোল্লা আহে

পাৰা খাৱা হাপা’।

দৰাপক্ষই কইনাৰ পক্ষক জোকাই ৰং চায়। (কইনাক উদ্দেশ্য কৰি দৰা পক্ষৰ লোকে এনেদৰে ঢেক মাৰে।)

আলি আলি যায় বালি (ছোৱালী)

বালিৰ ভাঙা ঘৰ

ঘোটকা মূৰীয়া দৰা দেখি

বালিৰ উঠিল জ্বৰ।

চেৰাঢেক সমূহৰ জৰিয়তে বিয়াঘৰৰ ৰহঘৰাৰ থুনপাক ৰহণীয়া হৈ মেল খাই পৰে। এইদৰে ঢেক বা ৰাইছা মাৰি কইনা ঘৰত পুৱাই দিছিল। সম্প্ৰতি সেই পৰিৱেশ পাবলৈ নাইকিয়া হৈছে।

অতীজৰ ছিপাঝাৰ অঞ্চলৰ মুছলমান সমাজত কইনা বিয়া কৰাওঁতে কইনাক গা – ধন দিয়াৰ প্ৰথা বা দস্তুৰ আছিল। সেই নিয়ম বা দস্তুৰৰ কথা তলত উল্লেখ কৰা চেৰাঢেকটোত প্ৰতীয়মান হৈছে :

ধান খোৱা মৈৰা চৰেই

কুঁহিয়াৰ খোৱা তিঁয়া

ঝীয়া (ছোৱালী) বেচা মাৰৈ গেয়া

হেণ্ডনোট লিখি দিয়া।

আন এটি চেৰাঢেকতো সেই অনুৰুপ চিত্ৰ এখন সুন্দৰ ভাৱে ফুটি উঠিছে। ঢেকৰ মাজেদি প্ৰকাশ পোৱা সামাজিক ৰীতি – নীতিয়ে মুছলমান সমাজ খনৰ এটি চিত্ৰ জীৱন্ত ৰুপত প্ৰকাশ কৰে যেনে :

হাৰে হাৰে দাদা দাদা

ঝীয়া পালো ভাল,

আয়া কি যে চমৎকাৰ,

ঝীয়াক লাগেই একশ টকা

আৰু অলংকাৰ।

আন আন চেৰাঢেকত আকৌ দৰঙৰ লোক – উৎসৱ ‘দেউল’ৰ উল্লেখ পোৱা যায়। কামৰুপ অঞ্চলৰ ভঠেলী লোক উৎসৱৰ নিচিনা দৰঙতো ব’হাগ মাহত দেউল উৎসৱ পালন কৰা হয়। দৰঙৰ লোক – উৎসৱ দেউলৰ আৰম্ভণি অতি প্ৰাচীন। খ্ৰীঃ দশম – একাদশ শতিকা বা দ্বাদশ – ত্ৰয়োদশ শতিকা মানত তেতিয়াৰ বৰাবাৰী (এতিয়াৰ বৰদৌলগুৰিত) গাঁৱত ধৰ্মদেৱ বিপ্ৰ নামৰ এগৰাকী বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিতে বিষ্ণু পূজা অৰ্চনাৰ্থে দৌল বা দৰঙীয়া লোকভাষাত দেউল উৎসৱৰ আৰম্ভণি কৰিছিল। ব’হাগ মাহৰ প্ৰথম তাৰিখৰ পৰা গোটেই মাহ জুৰি দৰঙৰ বিভিন্ন ঠাইত দিনটোত দুই বা ততোধিকবাৰ লোক – উৎসৱ দেউল অনুষ্ঠিত হয়। তেনে লোক – উৎসৱ ব’হাগৰ প্ৰথম দিনত প্ৰথমে বৰাবাৰীত ধৰ্মদেৱ বিপ্ৰই আৰম্ভ কৰিছিল। বৰ ডাঙৰকৈ দৌল নিৰ্মাণ কৰি পূজা – পাতল কৰিছিল বাবেই পূৰ্বৰ বৰাবাৰী নামৰ পৰিৱৰ্তে বৰদৌলগুৰি ৰুপেহে অধিক প্ৰখ্যাত। ছিপাঝাৰৰ তেনে এটি বিখ্যাত দেউল হৈছে ব’হাগৰ বাৰ আৰু তেৰ তাৰিখে অনুষ্ঠিত হোৱা ঘোঁৰাবান্ধা দেউল বা ঘোপাৰ দেউল। দৰঙৰ লোক – উৎসৱ দেউল চাবলৈ যে মুছলিম ঘোপা, তুৰাই, মাৰৈ, বৰকলীয়াঝাৰ বা বৰকুমাৰ পাৰা, নীৰন চুবা আদি গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ গাভৰু ছোৱালী (বালি) যে ঘোপাৰ দেউল চাবলৈ আহে, তাৰ সুন্দৰ বৰ্ণনা তলত উল্লেখ কৰা ‘চেৰাঢেক’ৰ গীতাংশৰ পৰা সহজে অনুমান কৰিব পাৰি।

খৈৰা গাছোৰ মৈৰা চৰেই

পৰি আধাৰ খায়,

লেচেৰীয়া খোপা বান্ধি

দেউল চাবা যায় হে’।

আন এটি গীতত এনেধৰণৰ উল্লেখ পোৱা যায়।

‘খৈৰা গাছোৰ মৈৰা চৰাই

পৰি আধাৰ খায়

মায়েকৰ লগত বালি

ঘোপাৰ দেউলত যায়’।

আন কিছুমান চেৰাঢেকত ছিপাঝাৰ অঞ্চলৰ, বিশেষকৈ মাৰৈ, তুৰাই, ঘোঁৰাশাল, তৰাগাঁও, কেন্দুগুৰি, বৰকুমাৰপাৰা, বৰকলীয়াঝাৰ আদি গাঁৱৰ মুছলমান লোকসকলে পথাৰত অকলে ধানকটা কামত ব্যস্ত হোৱা সময়ত নতুবা পথাৰত ধানৰ ডাঙৰী বান্ধি গৰু – ম’হৰ গাড়ীৰে গাচি ধান ঘৰলৈ অনাৰ পৰত চেৰাঢেক বা ৰাইছা মাৰে। এনে ঢেক বা ৰাইছা সমূহৰ কথাংশ তেনেই টুলুঙা আৰু হাস্যৰসাত্মক। যেনে :

আদা ৰুলো শাৰী শাৰী বাঙানাৰে বাৰী

বুঢ়াৰ ফোফত চুৰা দি শিয়াল মাৰৱা ঠাৰি।। ৰে…

হে হে হেহেই, হে হে হেহেই, হে হে হেহেই, হে…

হাঁহো ঘূৰেই পাওৰা ঘূৰেই

সিয়ো এক ঘৰ গিৰি

বাটে বাটে মুতি ফুৰেই

নষ্টো যোৱা তিৰিৰে …

হে হে হেহেই হেহে হেহেই হেই হেহেই হে

হাল বাওঁতে হালোৱা মৰিল

গলিত মৰিল গাই

পানী খাওঁতে দমৰা মৰিল

কটি থেচ্‌কা খাই ৰে …

হেহে হেহেই হেহে হেহেই হেহে হেহেই হে।

আনবা আছেই নদীৰ পানী

বানবা আছেই ধান,

তুঁহুৰ শুদা লাগেই বুলি

ৰাতি বানেই ধান। ৰে ….

হে হে হেহেই হে হে হেহেই হেই হেহেই হে।।

এনে ধৰণৰ হাস্য ৰসাত্মক চেৰাঢেক বা ৰাইছামাৰি ছিপাঝাৰ অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ চহা লোক সকলে ৰাইছা মাৰিছিল …… চপাকৈ ৰাইছা মাৰা নিয়ম অতীজৰ ছিপাঝাৰ অঞ্চলৰ এনে পৰম্পৰা আছিল। চেৰাঢেক ছিপাঝাৰ অঞ্চলৰ মুছলমান চহা কবিৰ বিখ্যাত ৰচনা। গীতবোৰ বা ঢেকবোৰৰ নিৰ্দিষ্ট ৰচকৰ নাম পোৱা নাযায়। মানুহৰ মুখে মুখে যুগৰ পৰশ লাগি আবহমান কালৰে পৰা চলি আহিছে। এসময়ত চেৰাঢেক অবিহনে বিয়াঘৰ নজমিছিল। মুছলমানৰ বিবাহ অনুষ্ঠানত চেৰাঢেক বা ৰাইছা মাৰা এক প্ৰাচীন পৰম্পৰা আছিল। ছিপাঝাৰ অঞ্চলৰ তুৰাই, ঘঁৰাশাল, তৰাগাওঁ, মাৰৈ, মুছলিম ঘোপা আদি গাঁৱত সণ্ঢালনি ভাৱে থকা ঐতিহাসিক সামাজিক ছাঁ – পোহৰেৰ ভাস্বত হোৱা চেৰাঢেক সমূহ দৰঙী লোক – সাহিত্যৰ এক পৰম সম্পদ। চেৰাঢেক সমূহত ১৮৯৪ চনৰ ‘পথৰুঘাটৰ ৰণ’ সম্পৰ্কীয় বহু কথা বা তথ্য প্ৰকাশ পোৱা বা পোহৰলৈ অহাৰ থল আছিল। সাংস্কৃতিক সচেতনতাৰ অভাৱৰ বাবে দৰঙৰ এইপদ আপুৰুগীয়া লোক – সাহিত্য লাহে লাহে সময়ৰ বুকুৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে।

 

লেখক : হৰেন ডেকা।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top