মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / দৰঙৰ প্ৰসিদ্ধ লোক উৎসৱ মথনী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দৰঙৰ প্ৰসিদ্ধ লোক উৎসৱ মথনী :

দৰঙৰ প্ৰসিদ্ধ লোক উৎসৱ মথনীৰ বিষয়ে লিখা হৈছে ।

অসমীয়াৰ বাপতি সাহোন বিহু তিনিটাৰ এটি হৈছে কাতি বিহু বা কঙালী বিহু৷ কিন্তু এই কাতি বিহুৰ সমান্তৰাল ভাৱে দৰঙত এক মনোৰম লোক উৎসৱ পালন কৰি অহা হৈছে৷ হয়তো বহুতেই এই উৎসৱটিৰ বিষয়ে অজ্ঞ৷ সেইটো হৈছে মথনী উৎসৱ৷এই মথনী উৎসৱ দৰঙ জিলাৰ প্ৰসিদ্ধ ‘দেৱানন্দ সত্ৰ’ত আহিন আৰু কাতিৰ সংক্ৰান্তি অৰ্থাৎ কাতি বিহুৰ দিনা উদ্‌যাপিত এক জনপ্ৰিয় লোক-উৎসৱ৷ মঙ্গলদৈ মহকুমাৰ অন্তৰ্গত প্ৰসিদ্ধ দুখন বৈষ্ণৱ সত্ৰ হৈছে খটৰা সত্ৰ আৰু দেৱানন্দ সত্ৰ৷ ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা খটৰা সত্ৰত ’পাঁচেতি’ (পচতি ) উৎসৱ ৩৬ ঘণ্টা জুৰি ওজাপালি, ভাৱৰীয়া, ৰং ধেমালিৰে পালন কৰা হয়৷ তদ্ৰূপ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা দেৱানন্দ সত্ৰত মথেনী উৎসৱ পৰম শ্ৰদ্ধা আৰু উলাহ মালহেৰে পালন কৰি অহা হৈছে৷ কথিত আছে যে সুদূৰ কান্যকুব্জৰ পৰা অহা ৰমানন্দ নামৰ এজন ব্ৰহ্মচাৰীয়ে মহাপুৰুষ শ্ৰীদামোদৰদেৱৰ নিৰ্দেশানুসাৰে এই দেৱানন্দ সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰতে ৪৫০ বছৰৰো অধিক আগৰে পৰা এই মথনী উৎসৱ পালন কৰি অহা হৈছে৷ এই লোক উৎসৱক দৰঙী ভাষাত ‘মথেনী’ বুলি কোৱা হয়৷ মথনী বা মথেনী শব্দটো সংস্কৃত ‘মন্থন’ শব্দৰপৰা বিকশিত ৰূপ৷ অৰ্থাৎ মন্থন > মথন + ঈ > মথনী > মথেনী৷
সত্ৰৰ সত্ৰাধিকাৰসকলৰ দ্বাৰা এই উৎসৱ প্ৰতি বছৰে আয়োজন কৰা হয় যদিও ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাই এই উৎসৱক অধিক আকৰ্ষণীয় কৰি তুলিছে ৷ এই উৎসৱ উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰপৰা মানুহৰ সমাগম হয়৷ এই দেৱানন্দ সত্ৰক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে থকা গাওঁসমূহৰ প্ৰতিঘৰ মানুহৰ মাজত এই উৎসৱটিক লৈ এমাহ আগৰে পৰাই উচাহৰ ঢল নামি অহা পৰিলক্ষিত হয়৷ দূৰৈৰ সকলো আত্মীয় কুটুমেৰে উৎসৱৰ দিনা প্ৰতিখন ঘৰ ভৰি পৰে৷ প্ৰতিঘৰ মানুহেই নানান ধৰণৰ পিঠা-পনা, খাদ্যবস্তুৰ আয়োজনেৰে কঙালী বিহুৰ যি কাঙাল বৈশিষ্ট্য তাক বহুলাংশে এই উৎসৱটোৱে ম্লান কৰি দিয়ে৷দেৱানন্দ সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীসকলৰ অশেষ চেষ্টা আৰু পৰিশ্ৰম লগতে উদাৰ দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত এই উৎসৱক অধিক জনমুখী কৰি তোলাত সহায়ক হয়৷ কোঁচ ৰজা বিশ্বসিংহৰ বংশধৰ ৰজাসকলে দৰঙত বিভিন্ন উৎসৱৰ প্ৰচলন কৰাৰ লগতে পূৰ্বৰে পৰা পালন কৰি অহা উৎসৱ, অনুষ্ঠান আদিৰ প্ৰতিও পৃষ্ঠপোষকতা প্ৰদান কৰি অঞ্চলটিৰ জনসাধাৰণক প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বান্ধোনেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল৷ এই উৎসৱসমূহৰ ভিতৰত ’দৌলোৎসৱ’, ’পাচেতি’ আৰু ’মথেনী’ আদিয়েই প্ৰধান৷

মথনী উৎসৱৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ অভিনয় প্ৰসংগ৷ ইয়াত পুৰাণৰ দেৱতা দানৱৰ সাগৰ মন্থন বিষয়ক মিথ (Myth) গীত-নৃত্য-বাদ্য আৰু অভিনয়ৰ সহায়ত প্ৰদৰ্শন কৰা হয়৷ দূৰ্বাসাৰ অভিশাপত স্বৰ্গত লক্ষ্মী ভ্ৰষ্ট হোৱা হেতুকে দেৱতাসকল নানা বিপদ-আপদৰ সন্মুখীন হৈ অনাহাৰ, অনিদ্ৰাত দিন কটাবলগীয়া অৱস্থা হ’ল আৰু অসুৰ বোৰৰ হাতত বাৰে বাৰে পৰাজিত হবলগীয়া হ’ল৷ ইয়াৰ প্ৰতিকাৰ বিচাৰি দেৱতা সকল ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত ব্ৰহ্মাই প্ৰতিকাৰৰ কোনো উপায় দিব নোৱাৰিলে৷ ব্ৰহ্মাদি দেৱতা সকল এইবাৰ বিষ্ণুলোকলৈ গৈ বিষ্ণুৰ চৰণত শৰণ ললে৷ দেৱতা আৰু দানৱ উভয়ে মিলি ক্ষীৰসাগৰ মন্থন কৰিবলৈ দেৱতাসকলক বিষ্ণুৱে নিৰ্দেশ দিলে৷ বিষ্ণুৱে কূৰ্ম অৱতাৰ গ্ৰহণ কৰি মন্দৰ পৰ্বত বহন কৰিলে৷ দেৱতাসকলে বাসুকি নাগৰ নেগুৰৰ ফালে আৰু দানৱ সকলে বাসুকিৰ মুখৰ ফালে ধৰি সাগৰ মন্থনত প্ৰবৃত্ত হ’ল৷ এইদৰে সাগৰ মন্থন কৰোতে কৰোতে কালকূট – হলাহল বিষ, কামধেনু উচ্চৈঃশ্ৰৱা ঘোঁৰা, ঐৰাৱত, পাৰিজাত পুষ্প, কৌস্তুভ মণি, অপেস্বৰাসকল, লক্ষ্মীদেৱী আৰু সৰ্বশেষত দুই হাতত অমৃত পূৰ্ণ দুটা ঘট লৈ বৈদ্য ধনন্তৰি সাগৰৰ মাজৰ পৰা উঠি আহিল৷ দানৱসকলে ধনন্তৰিৰ হাতৰ পৰা অমৃত পূৰ্ণ ঘট দুটা কাঢ়ি নিলে৷ তেতিয়া ’ভকত ভয়হাৰী’ বিষ্ণুৱে মোহিনী নাৰী মূৰ্তি পৰিগ্ৰহ কৰি দানৱসকলক মোহাৱিষ্ট কৰি সেই অমৃতৰ পৰা বঞ্চিত কৰি দেৱতা সকলক ভক্ষণ কৰালে৷ ইয়াৰ পিছত দেৱতা আৰু দানৱৰ মাজত ভীষণ সংগ্ৰাম হ’ল আৰু সেই সংগ্ৰামত দানৱসকলে পৰাজয় বৰণ কৰে৷ এই কাহিনীটোৱেই ’মথনী’ উৎসৱত কায়িক অভিনয়েৰে প্ৰদৰ্শন কৰা হয়৷

দেৱতা-দানবৰ সাগৰ মন্থনৰ লগত সাদৃশ্য থকা সৃষ্টিমূলক মিথৰ প্ৰচলন বেবিলনৰ সংস্কৃতিতো পৰিলক্ষণীয় :- “ This resembles in tone, if not in detail, the Babylonian creation myths telling of a primaeval abyss of waters and great serpent while is slain by the Gods who use its body as the material for making heavens and earth. “

দেৱানন্দ সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীসকলে পাল পাতি প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে৷ এই উদ্দেশ্যেৰে সত্ৰগৃহৰ সমীপস্থ প্ৰাংগনত এখন প্ৰকাণ্ড ৰভা দিয়া হয়৷ সাধাৰণতে গোন্ধ-চৌপৰি সভাত যি পদ্ধতিৰে ৰভা দিয়া হয়, সেই পদ্ধতিৰে এই ৰভাখন দিয়ে৷ প্ৰায় ৩০ বৰ্গ গজমান ঠাই আগুৰি কলচটিয়া চকুত লগাকৈ পাৰি দি সোঁমাজত ডাঙৰ আৰু দ গাত এটা প্ৰস্তুত কৰা হয়৷ আগদিনা সেই গাতটোত ডাঙৰ কলহ এটা পুতি তাৰ মাজত চক্ৰ এটা বহুৱাই এডাল দীঘল মথনীৰ দণ্ড দিয়া হয়৷ মথনী দণ্ডৰ ওপৰত ৰং বিৰঙৰ চাৰিখন ধনু আঁৰি দিয়া হয়৷ তাত দধি, দুগ্ধ আদি পঞ্চামৃত পিঠাগুৰিৰে মিহলাই ওপৰত বান্ধি দিয়া হয়৷ মথনীৰ দণ্ডত প্ৰায় ৫০/৬০ হাত দীঘল আৰু শকত জৰী এডাল এনেদৰে লগাই দিয়া হয় যাতে জৰীডাল মূৰত ধৰি টানিলে মথনী দণ্ডডাল তীব্ৰগতিৰে ঘুৰে৷ এই অনুষ্ঠানৰ প্ৰতীকী অৰ্থবোৰ এনেকুৱা – দ গাঁতটো ক্ষীৰ সাগৰ, চক্ৰটো কুৰ্মৰূপী শ্ৰীবিষ্ণু, দণ্ডডাল মন্দৰ পৰ্বত আৰু দণ্ডত মেৰিয়াই থোৱা ৰচীডাল বাসুকী নাগ৷

উৎসৱৰ আগদিনা গধূলি সেইবাৰ মথেনীৰ পাল পৰা গোঁসাই পৰিয়ালৰ বৰঘৈণী আৰু
নামতীসকলে ঘট লৈ পানী তোলে আৰু উৰুলি-জোকাৰেৰে মথনীৰ কলহটোত পানী ভৰাই ঘট প্ৰতিষ্ঠা কৰে৷ লগতে তামোল-পাণ, মাননি, সেৱা-সৎকাৰেৰে গোঁসাই পৰিয়ালৰ মূল তিৰোতা গৰাকীয়ে প্ৰথমতে তিনিবাৰ মান মথনীৰ ৰচিডাল লৰাই গুচি যায়৷ ইয়াৰ পিছত চাৰিজন ল’ৰা আহি দধি মথনৰ গীত আৰু তালৰ সৈতে সামঞ্জস্য ৰাখি সাগৰ মন্থনৰ অভিনয় প্ৰদৰ্শন কৰে৷ এইদৰে দধিমথন আৰু সাগৰমথন উৎসৱৰ আৰম্ভণি সূচিত হয়৷ উৎসৱৰ দিনা ৰাতিপুৱাৰে পৰা বিষ্ণু মন্দিৰত হোম-নাম-কীৰ্তন আদি কৰা হয়৷ আবেলি পূৰ্বৰ ল’ৰা চাৰিজনে স্ত্ৰীবেশ ধাৰণ কৰি নাম গোৱা দল আৰু অন্যান্য মানুহৰ সৈতে মথনী-দণ্ডৰ ওচৰলৈ আহি সৰ্ব প্ৰথমে দণ্ডৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰি জৰীত ধৰি দধি-মথনৰ অভিনয় কৰে৷

মূল সাগৰ মন্থনৰ অভিনয় উৎসৱৰ দিনা ৰাতিহে অনুষ্ঠিত হয়৷ নাম গোৱা দলে নাম লগাই দিয়ে৷ সত্ৰৰ বয়োজ্যেষ্ঠ, জ্ঞানোজ্যেষ্ঠ সকলে সুন্দৰ বগা সাজ পোচাকেৰে তালসহ নৃত্যৰ ভংগিমাৰে প্ৰৱেশ কৰে৷ এগৰাকী সত্ৰীয়াই হাতত চোঁৱৰ লৈ দলটোৰ আগত থাকে৷ এওঁ সূত্ৰধাৰ বুলি কয়৷ তেওঁ কথা আৰু গীতেৰে বিষ্ণু বন্দনা, সাগৰ মন্থনৰ অন্তৰ্নিহিত কাৰণ বৰ্ণনা কৰে৷ তেনেদৰেই ছোৱালীসকলে দেৱতাৰ ভাও লৈ আৰু সত্ৰৰ শিষ্য-প্ৰশিষ্যই দানৱৰ ভাও লৈ মথনী দণ্ডৰ ৰচীৰ দুয়োমূৰে ধৰি সাগৰ মন্থনৰ দৃশ্য ৰূপায়িত কৰে৷ ভাৱৰীয়া সকলৰ চং, হৈ-চৈয়ে পৰিবেশ মুখৰ কৰি তোলে৷ এই দৃশ্যই মথেনীৰ অন্যতম বৈশিষ্ট৷

মন্থনৰ সমাপ্তি ঘটে– মথনী জৰীডাল যেতিয়া চিগি যায়৷ জৰীডাল চিঙাৰ পিছত দণ্ডৰ ওপৰত থকা পঞ্চামৃত ভাণ্ডটি আনি সকলোৱে আনন্দেৰে অমৃত জ্ঞান কৰি খায়৷ এই সাগৰ মন্থনৰ অভিনয়ত জনসমাজৰ লোক বিশ্বাস জড়িত হৈ আছে৷ ঐশ্বৰ্য-বিভূতিৰ দেৱী লক্ষ্মীয়ে নানা অপায়-অমংগল নাশক অমৃত খুৱাই সাগৰ মন্থনৰ পিছত মাৰি-মৰক নাশ কৰি ৰাইজক সুখ-আনন্দ-শান্তি প্ৰদান কৰে বুলি বিশ্বাস কৰে- এয়াই হয়তো মথনীৰ সাগৰ মন্থন দৃশ্যৰ অন্তৰালত নিহিত তাৎপৰ্য৷ সেয়েহে মথনী জৰীৰ অংশ ঘৰলৈ নি পবিত্ৰতাৰে ৰখাটো দৰঙৰ ৰাইজৰ অন্যতম হাবিয়াস৷
কাতি বিহুত প্ৰতিজন অসমীয়াই ঐশ্বৰ্য বিভূতিৰ দেৱী লক্ষ্মী দেৱীক আদৰাৰ সমান্তৰাল ভাৱে মথেনীত লক্ষ্মী দেৱীৰ আবিৰ্ভাৱ হয় বুলি যি লোকবিশ্বাস আছে তাৰ আঁত ধৰিয়েই উৎসৱটিয়ে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে বুলি সকলোৱে কব খোজে৷ ইয়েই এই মনোৰম লোক উৎসৱটিক প্ৰদান কৰিছে এক অনন্য মাত্ৰা৷

লেখক :- কন্দৰ্প কুমাৰ নাথ

উৎস :- সাহিত্য উট অৰ্গ

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top