অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধান উঠা উৎসৱ :

ধান উঠা উৎসৱৰ বিষয়ে লিখা হৈছে ।

 

আহু, শালি, বাও ধানৰ খেতিৰ ভিতৰত শালি ধানৰ খেতিয়ে অসমৰ কৃষিজীৱী সমাজত ব্যাপকভাৱে প্ৰাধান্য লাভ কৰা আৰু শালিধানৰ খেতি আৰম্ভ কৰাৰ পৰা শেষ কৰালৈ বিভিন্ন উৎসৱ- অনুষ্ঠান বিভিন্ন আকাৰ-প্ৰকাৰত অনুষ্ঠিত কৰাটো পৰম্পৰা। অসমৰ কৃষিজীৱী পৰিয়ালে থলুৱা পৰিৱেশৰ লগত স্ংগতি ৰাখি আৰু পৰম্পৰাগত ৰীতি-নীতি, লোকাচাৰৰ ওপৰত ভেজা দি উদ্‌যাপন কৰা উৎসৱ, অনুষ্ঠান প্ৰায়ে অনাড়ম্বৰ, অনুষ্টুপীয়া হোৱা মনকৰিবলগীয়া। ধান উঠা বা ধান চপোৱা উৎসৱো বাহুল্যবৰ্জিত, সীমিত পৰিসৰত আবদ্ধ হৈ  সম্পন্ন হোৱা প্ৰণিধানযোগ্য। আঘোণ বা পুহ মাহত শালি ধান কটা উৎসৱৰ সামৰণি পৰাৰ লগতে পথাৰৰ পৰা ধান চপোৱা কামো উৎসৱৰ দিনতে সামৰে। দ মাটিত শালিধান কৰিলে সাধাৰণতে পুহ মাহৰ শেষৰ ভাগতহে ধান উঠা উৎসৱ কৰিবলগীয়া হয়। কোনো কাৰণতে মাঘৰ দোমাহী বা মাঘ মাহলৈ এই উৎসৱ পিছুৱাই নিনিয়ে। আনকি, দ মাটিৰ বাও ধানো পুহ মাহৰ ভিতৰতে কাটি ঘৰলৈ আনে। মাঘ মাহলৈ পথাৰত ধান এৰি থোৱা লাজৰ বিষয়। শ্ৰী শ্ৰী লক্ষ্মী আয়ে যি দিয়ে তাতেই সন্তুষ্ট থাকিয়ে দ মাটিৰ আধা পকা ধানতে কাঁচিৰে ৰেপ দি ধান উঠা উৎসৱৰ মাজেৰে সামৰে। সম্প্ৰতি অসমত শালি ধানৰ উপজাতি হিচাপে ৰঞ্জিত, বাচমতি, আইজুঙে প্ৰাধান্য লভিছে আৰু এনে ধৰণৰ ধান কিছু আগতীয়াকৈ হোৱা দেখা গৈছে। ফলস্বৰুপ, পুহমাহলৈ পথাৰত শালিধান কাটিবলৈ বাকীয়ে নাথাকে। আঘোণৰ শেষ ভাগতে পথাৰ একেবাৰে উদং হৈ পৰে। ধানৰ মুঠি, ধানৰ ডাঙৰীত পথাৰৰ পৰা ঘৰৰ চোতালত, চোতালৰ ইমূৰ-সিমূৰত স্থান লভি খেতিয়কক সন্তোষজনক পৰিবৱেশত গা- মন টঙাবলৈ সুবিধা কৰি দিয়ে। প্ৰকৃতাৰ্থত, ধান উঠা উৎসৱ বা ধান চপোৱা উৎসৱ শেষ কৰাৰ পিছতে খেতিয়কে আনন্দ লভে আৰু অতিশয় গুৰুত্বপূৰ্ণ কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবেই প্ৰতিযোগিতামূলক মনোবৃত্তিৰে শালিধনৰ খেতিত মনোনিৱেশ কৰা খেতিয়কৰ আগত গৌৰৱ প্ৰকাশ কৰে, সময়ে সময়ে কৃতিত্বও দাবী কৰে।

যথাসময়ত নিয়াৰিকৈ ধান উঠা উৎসৱ পাতিব পৰা খেতিয়কক কৰ্মঠ, সচেতন খেতিয়ক বুলি ওচৰে- পাঁজৰে থকা খেতিয়কে সামূহিকভাৱে আখ্যা দিয়াত দ্বিধাবোধ নকৰে; ‘ভাল খেতিয়ক’ৰ খেতিৰ যাৱতীয় প্ৰণালীক আদৰ্শ হিচাপে লোৱাত থেৰো- গেৰো নকৰে। শালি ধানৰ খেতিৰ আৰম্ভৰ পৰা শালি ধান পকা সময়লৈ খেতিয়কৰ মাজত উদ্ভৱ হোৱা অঁৰিয়া- অৰি, জেদভাৱ- ‘ধান উঠা উৎসৱ’ত নতুন ৰুপেৰে গঢ় লোৱা আৰু শেষত দুই-এক খেতিয়কে ধান উঠা উৎসৱৰ মাজেৰে কৰ্মৰ সুখ্যাতি বাহাল ৰখা আৰু আনৰ মাজত নতুন প্ৰেৰণাৰ উৎস হৈ পৰাৰ উদাহৰণো আছে।

ধান উঠা উৎসৱ প্ৰায়ে আবেলি হয়। শুক্লপক্ষ, সোমবাৰ- বৃহস্পতিবাৰ হ’লে বেছি ভাল হয় বুলি গণ্য কৰে। অমাৱস্যা, শনিবাৰ বৰ্জন কৰে। পুৱাৰ সময়তে ধান কটাৰ সামৰণি হোৱা যেন দেখিলেই ইটো- সিটোৰ লগত গল্প- গুজব কৰিয়ে সময় অতিবাহিত কৰে বা ধানৰ ডাঙৰী ঘৰলৈ নিয়াৰ ছলেৰেই হওক সময় অতিবাহিত কৰে। অৱশ্যে পুৱাৰ ভাগতে মাটিডৰাৰ ভাল চেহেৰা, বেছি ধানৰ শীহ থকা তিনিগছা ধানৰ গুৰি ভালদৰে পৰিষ্কাৰ- পৰিচ্ছন্ন কৰে। আবেলি আটাইবোৰে গা- পা ধুই পথাৰলৈ যায় আৰু পৰিয়ালৰ হৈ কোনো এগৰাকীয়ে ধানৰ ( বন্ধা তিনি গছা ধান) গুৰিত চাকি, ধূপ জ্বলাই কলপাতত ঠগি আগবঢ়ায়। দুই- এঠাইত পৰিয়ালৰ তিৰোতাইহে ঠগি পতা বা ধান উঠা উৎসৱত আগভাগ লোৱা দেখা যায়। মহাদেৱৰ কৃষি কৰ্মৰ গতি-গোত্ৰক বিশ্বাস কৰা খেতিয়কে প্ৰায়ে তিৰোতাক এই উৎসৱত যোগদান কৰাৰ পৰা বিৰত কৰাৰ চেষ্টা অব্যাহত থকা নুই কৰিব নোৱাৰি। এই উৎসৱত নাৰিকল একান্ত আৱশ্যক। নাৰিকল ভাঙি, নাৰিকল পানী একেলগ কৰি বন্ধা তিনিগছা ধানৰ গুৰিত ঢালি দিয়ে। তিনিগছা ধান বন্ধা সময়ত ধানৰ শীহ যাতে তলমুৱা হৈ থাকে, মন কৰে। ঠগি দিয়া, ধানৰ গছা বন্ধা প্ৰণালী চলি থকা সময়তে পথাৰত থকা খেতিয়কক চিঞৰিয়ে মাতে- ‘ মহাদেবৰ নাম লৈ শেষ কৰো, নাৰিকল খাওঁ আহ। ’ নিৰ্ধাৰিত শব্দ, বাক্য নাই। তাৰ মাজতো মহাদেৱৰ প্ৰতি থকা আস্থা- নিষ্ঠা, নিজস্ব কৰ্মৰ সুখাবহ পৰিণতিত প্ৰতিফলন প্ৰকাশ হোৱা মন কৰিবলগীয়া। ‘নাৰিকল খাওঁ আহ’- চিঞৰ শুনা সকলোৱে য’ৰে কাম তাতেই এৰি আনন্দ- উল্লাসেৰে খেতিডৰাত থিয় দিয়ে। সকলোৱে উপস্থিত হোৱাৰ লগে লগে বয়সে গৰকা, ‘ভাল খেতিয়ক’ বুলি নাম থকা এগৰাকীয়ে হৰিধ্বনি দিয়ে- ‘শ্ৰীশ্ৰীলক্ষ্মী মাতৃক চিন্তিয়ে হৰি হৰি হৰি বোল। আৰোবাৰ হৰি হৰি হৰি বোল। মহাদেৱক চিন্তিয়ে হৰি হৰি হৰি বোল।’ পূৱমুৱাকৈ আঁঠুকাঢ়ি সেৱা কৰা গৃহস্থই (খেতিয়ক) ঠিয় দিয়াৰ পিছতহে ঠগি ভাঙে। তিনিভাগ কলপাতত আগবঢ়াই প্ৰথমতে নিজৰ পৰিয়ালৰ বাহিৰৰ বয়সস্থ ব্যক্তিক দিয়ে। পাণো দিয়ে। তাৰ পিছত ঠগিৰ প্ৰসাদ অন্যান্যক দিহে শেষত গৃহস্থক দিয়ে। সাধাৰণতে ঠগিৰ প্ৰসাদ গৃহস্থই নিজে নিবিলায়। নাৰিকল টুকুৰা- টুকুৰ কৰি কাটি দিয়াৰ সময়ো নাথাকে, ইচ্ছাও নকৰে। নিজে নিজেই ব্যৱস্থা কৰি লয়। মনকৰিবলগীয়া, দুই- এঠাইত মহখেদা উৎসৱত গা কৰি উঠা ‘ আই লক্ষ্মী দিগম্বৰ। ভাগ্‌ৰি ভৰি মাটিত পৰ্‌। জয় হৰি বোলা, জয় ৰাম বোলা।’- আদি ধ্বনিয়ে ধান উঠা উৎসৱৰ ঠগি ভঙাত স্থান লভি কৃপা লাভৰ ধ্বনি হিচাপে সমাদৃত হোৱা নুই কৰিব নোৱাৰি। লোকাচাৰ, লোক উৎসৱ সম্পৃক্ত উৎসৱ হিচাপে পৰিগণিত হোৱা ধান উঠা উৎসৱত পৰিশীলিত ধাৰা প্ৰায়ে অস্পষ্ঠ হোৱা মনকৰিবলগীয়া ।

ধান উঠা উৎসৱৰ দিনত বিশেষকৈ সন্ধিয়া, খেতিয়ক পৰিয়াল বিশেষে ‘খলা চাপৰি পিঠা’ খোৱা দেখা যায় ।ধান কটা কাঁচিৰে লুটিয়াই- বগৰাই পিঠা তৈয়াৰ কৰে । কোনোবাই কাঁচিৰে পিঠাত সেক দি নিয়ম ৰক্ষা কৰে । কাঁচিৰে ধান কাটি লৈ, বিশেষকৈ হাউলি ধান কাটিলে কঁকালত বিষ হোৱাৰ আশংকা নথকা নহয় । কাঁচিৰে তৈয়াৰ কৰা খলা চাপৰি পিঠা খালে হেনো কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায় । চুঙা পিঠা খোৱা আৰু নিশা আটায়ে জুতিৰে এসাঁজ খোৱাৰ দৃষ্টান্তও একেবাৰে নোহোৱা নহয় । ধান উঠা উৎসৱৰ দিনত প্ৰায়ে নিৰামিষ আহাৰ গ্ৰহণ কৰা আৰু মৰণা মৰাৰ পৰা বিৰত থকাৰ উদাহৰণো দেখাৰ পোৱা যায় । লোকাচাৰ, লোক উৎসৱ মাইলৰ খুঁটি নহয় । পৰিৱৰ্তিত সমাজৰ আওতাত হেৰ-ফেৰ হ’বই । সময়ৰ গতিৰ লগত সংগতি ৰাখি ঠাই বিশেষে ধান উঠা উৎসৱ প্ৰণালীৰ হেৰ-ফেৰ হ’লেও এই উৎসৱে খেতিয়কলৈ অফুৰন্ত আনন্দ-উল্লাসৰ গভীৰ ভাব কঢ়িয়াই অনা আৰু অপৰিসীম তৃপ্তিৰ মাদকতাৰ মাজত নিমজ্জিত কৰি ৰখাৰ ইংগিত দিয়া অনস্বীকাৰ্য ।

লেখক: ড° বসন্ত কুমাৰ শৰ্মা

উৎস:  ৰাইজৰ বাতৰি

 

 

 

 

 

 

 

 

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top