মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নামনি অসমৰ তিনিটা লোক উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নামনি অসমৰ তিনিটা লোক উৎসৱ

নামনি অসমৰ তিনিটা লোক উৎসৱৰ বিষয়ে লিখা হৈছে ।

অসমখন হ’ল বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ এক মিলনভূমি৷ অতীজৰে পৰাই অসমলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ প্ৰবজনৰ ফলত গঢ়ি উঠিছে বৃহৎ অসমীয়া জাতি৷

অসমৰ লোকসংস্কৃতি বা উৎসৱ বুলি ক’লে একেষাৰতে উত্তৰ দিয়াটো কঠিন৷ প্ৰতিটো গোষ্ঠীয়ে নিজৰ সংস্কৃতি, নিজৰ সুকীয়া সত্বা, নিজৰ নিজৰ লোকউৎসৱ-পাৰ্বণৰ জৰিয়তে প্ৰকাশ কৰে৷

অসমৰ গাঁৱে-ভূঞে, পৰ্ব্বতে-ভৈয়ামে যুগ যুগ ধৰি পালন কৰি অহা স্থানীয় লোকউৎসৱ আৰু লোকসংস্কৃতিয়েই হ’ল বৃহত্তৰ অসমীয়া সংস্কৃতিৰ উপাদান৷

নামনি অসমত বিভিন্ন ধৰণৰ স্থানীয় লোক-উৎসৱ পালন কৰা হয় যদিও কেইটামান বিশেষ উৎসৱে নামনি অসমক এক বিশেষ মৰ্য্যদা প্ৰদান কৰিছে৷ তাৰ ভিতৰত এটা লোক-উৎসৱ হ’ল সৰি বা সুঁৱৰি উৎসৱ৷ ঠাই ভেদে ইয়াৰ কিছু ভিন্নতা থাকিলেও সাধাৰণতে ব’হাগ মাহতেই ইয়াক পালন কৰা হয়৷ এই উৎসৱৰ সবাতকৈ উল্লেখযোগ্য আকৰ্ষণ হ’ল দধি মথন ভাওনাৰ অভিনয়, শিশু কৃষ্ণৰ বাবে যশোদাৰ দধি মথন, কানাইৰ বাল্যকালৰ চতুৰী প্ৰভৃতি৷

এই উৎসৱৰ জৰিয়তে জনসাধাৰণে এই সকলোবোৰ স্মৰণ কৰাৰ সুযোগ পোৱাৰ কাৰণে ইয়াৰ নাম সুঁৱৰি (সংস্কৃত স্মৰণিকা)৷ আগতে এই উৎসৱ গুইমাৰা, পলাশবাৰী, পৰ্ল্লী, ৰামপুৰ, সৰপাৰা, মিৰ্জা, খতিয়ামাৰি, নাহিৰা, ছয়গাঁও, বৰদুৱাৰ, বৰহেৰামদৈ, শিকাৰহাটী, আজাৰা আদিকে ধৰি মাত্ৰ কেইখনমান ঠাইতে পালন কৰা হৈছিল যদিও বৰ্তমান দক্ষিণ কামৰূপৰ প্ৰায় ঠাইতেই এই উৎসৱটো উলহ-মালহেৰে উদযাপন কৰা দোখা যায়৷ সাধাৰণতে নামঘৰত এই উৎসৱ অনুষ্ঠিত হয় যদিও সুবিধা নথকা ঠাইবোৰত মুকলি পথাৰতেই সাময়িক ভাবে বাঁহৰ ৰভা দি ইয়াৰ আয়োজন কৰা হয়৷ নামঘৰৰ বিগ্ৰহ আসনৰ সৈতে আনি সুঁৱৰি থলীৰ পুৱ দিশত স্থাপন কৰা হয়৷

উপস্থিত লোকসকলে ফুলৰ মালা আৰু টকা সিকা আগবঢ়াই সেৱা জনাই আশীৰ্ব্বাদ লয়৷ সুঁৱৰি থলীত চাৰিটা কলৰ পুলিৰ সোঁ মাজত কলৰ দোনাৰে ধুনীয়াকৈ সজা বেদীৰে দধি মন্থন মণ্ডপ সজা হয়৷ বেদীত স্থাপন কৰা হয় পাঁচ ডাল জাকজমক পূৰ্ণ মথনি মাৰি৷ মাৰি কেইডাল ভালদৰে ঘূৰাবলৈ তাৰ তলত থাকে মাটিৰ টোকেলি একোটা৷ দধি মথন মণ্ডপত পকা কলৰ থোক, মাখনৰ টেকেলি আদি আঁৰি থোৱা হয়৷ আবেলি পৰত আৰম্ভ হয় দধিমথন ভাওনা৷ নাটৰ চৰিত্ৰসমূহৰ ভিতৰত থাকে শিশু কৃষ্ণ, বলোৰাম, যশোদা, নন্দ, গোৱালিনী আৰু বান্দৰ৷ দধি মথনৰ লগে লগে পালন কৰা আনটো অনুষ্ঠান হ’ল ডলা দিয়া বা ঠগী দিয়া অনুষ্ঠান৷ ইয়াত কৃষ্ণ বলোৰামৰ উপৰি বাৰ গোপাল, নাৰদ আৰু গৰ্গ মুণিৰ ভাও দিয়া ভাৱৰীয়া কেইজন থাকে৷ এওঁলোক ৰভাৰ তলত বিশেষ ভাবে সংৰক্ষিত আসনত বহে৷

ধৰ্মপ্ৰাণ লোকে বিশেষকৈ মহিলাসকলে নিজৰ নিজৰ মনোকামনা পূৰণৰ অৰ্থে বাৰগোপাল, কৃষ্ণ, বলোৰামলৈ গামোচা, ৰুমাল, নাৰিকল, বাতাচা আদি বিভিন্ন সামগ্ৰী আগবঢ়ায়৷ বাৰগোপালে ওঁঠ বজাই আশীৰ্ব্বাদ দিয়ে৷ গধূলিৰ লগে লগে বিগ্ৰহবোৰ লৈ গাঁও ফুৰোৱা হয়৷ এই সুঁৱৰি উৎসৱৰ গইনা লৈ ভালেখিনি লোকবিশ্বাসে গা কৰি উঠাটো উল্লেখ যোগ্য৷

দক্ষিণ কামৰূপৰ আন এটা গুৰুত্বপূৰ্ণ লোক-উৎসৱ হ’ল ভেলাদিয়া উৎসৱ৷ এই উৎসৱ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত উদযাপন কৰা হয়৷ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি সকলৰ মাজত এই উৎসৱৰ পয়োভৰ বেছি৷ ভেলাদিয়া হ’ল এদিনীয়া উৎসৱ৷ উৎসৱৰ দিনা জলদেৱতালৈ প্ৰসাদ উপকৰণ আৰু গোপালভোগ আগবঢ়োৱাটো সাধাৰণ নিয়ম৷

এই উৎসৱত জলদেৱতাৰ নামত এটি হোমৰো আয়োজন কৰা হয়৷ এই উৎসৱৰ চকুত লগা অংগ এটি হ’ল জাক জমককৈ সজোৱা এখন কলৰ ভেল বা ভূৰ৷ সেই ভেলত নযোৰ হাঁহ কণী, নটা পকা কল, নগছি জ্বলন্ত চাকি আৰু নযোৰ পাণ-তামোল আগবঢ়ায়৷

হোমৰ পিছত গীতা-ভাগৱত অথবা কীৰ্ত্তনৰ এটা অধ্যায় পাঠ কৰা হয় আৰু নাম কীৰ্ত্তনো কৰা হয়৷ গধূলি পৰত ৰাইজে নাম কীৰ্ত্তন গাই, কলৰ ভেলখন ওপৰত উল্লেখ কৰা সম্ভাৰসমূহৰে সৈতে দাঙি নি নদীত উটুৱাই দিয়ে৷ তাৰ পাছত নামঘৰলৈ আহি ৰাইজে মাহ-প্ৰসাদ খায়৷

গাঁৱত হাইজা বসন্তই দেখা দিলে বা কৃষত সকলৰ শালি-বাওঁ ধান যাতে বানপানীয়ে অনিষ্ট নকৰে, মৎস্যজীৱিসকলে যাতে বাধাহীনভাবে মাছ ধৰিবলৈ সমৰ্থ হয় আৰু ঘাটোৱালসকলে যাতে নৈৰ ঘাটত মানুহ পাৰ কৰোঁতে কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন নহয় তাৰ বাবে তেওঁলোকে ৰাজহুৱাভাবে এই উৎসৱটি পালন কৰে৷

নামনি অসমত প্ৰচলিত মহো-হো বা মহ খেদা উৎসৱ হ’ল এটা অতি জনপ্ৰিয় উৎসৱ৷ এই উৎসৱটো আঘোন মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয়৷

মহো-হোত গধূলি গাঁৱৰ চেমনীয়া বা ডেকা ল’ৰাবোৰে হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে ঘূৰি ঘূৰি কিছুমান গীত গায়৷ এই গীতবোৰক মোহো-হো গীত বোলে৷ এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাবে জনসাধাৰণৰ মুখে মুখে চলি আহিছে৷ প্ৰতিঘৰ মানুহৰ চোতালত ল’ৰা বা ডেকাবোৰে বৃত্তৰ আকাৰত ঘূৰি ঘূৰি মোহো-হো গীতবোৰ গায়৷ এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছতহে বাকীবোৰে ধৰে৷

অ’ৰে মহ’হো মহ’হো

মহ খেদবা টোকোন লৌ

মহে বুলে মৰলু দে৷

টেপৰ পুৰা খালু দে৷

টেপৰ পুৰাত নহ’ল নুন(নিমখ)

চাউল লাগে একো ডোন৷

চাউল নেদি দিলাক খৰি৷

বুঢ়া বামুণৰ লৰা লৰি৷

বাঁহৰ পাত জিকি মিকি৷

আমাক লাগে একো সিকি৷ ….. ইত্যাদি৷

জনবিশ্বাস আছে যে মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় আৰু গীত গোৱাৰ লগতে গৃহস্থক আশীৰ্ব্বাদ দি চাউল টকা সিকা লোৱা হয়৷ মহ খেদোৱাসকলে যি চাউল পইচা আদি পায়, সেই চাউল পইচা আদিৰে পিছত সকলোৱে লগ লাগি ভোজ ভাত খায়৷

এই লোকউৎসৱসমূহৰ ঠাই ভেদে ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, গীত-মাত আদিৰ কিছু সাল সলনি হৈছে যদিও মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱা নাই৷

প্ৰতিটো উৎসৱৰে মূল উদ্দেশ্য হ’ল ঈশ্বৰৰ ওচৰত সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা লগতে গঞা ৰাইজৰ মাজত সম্প্ৰীতিৰ ভাৱনাক আৰু বেছি গভীৰ কৰি তোলা; যাৰ অভাৱ আজিৰ যান্ত্ৰিক যুগত বাৰুকৈয়ে পৰিলক্ষিত হয়৷ সেয়েহে এই লোকাচাৰসমূহক বৈজ্ঞানিক ধাৰণাৰে বিচাৰ কৰাতকৈ ইয়াৰ সামাজিক আৰু আধ্যাত্মিক গুৰুত্ব অনুভৱ কৰি এক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দৰকাৰ৷

লেখিকা: অনুশ্ৰী দাস(সাহিত্য.অৰ্গ)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top