অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিচিসকল

নিচিসকল

হিমালয়ৰ পাদদেশ মনোমোহা উত্তৰ-পূব ভাৰতবৰ্ষ হৈছে বিভিন্ন জাতি-জনগোষ্ঠী আৰু তেওঁলোকৰ নিজস্ব কলা-সংস্কৃতিৰ মিলনভূমি। সূৰ্যৰ প্ৰথম কিৰণেৰে সুশোভিত হোৱা অৰুণাচল প্ৰদেশ হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য য’ত সবাতোকৈ অধিক জনজাতিৰ লোকে শান্তি-সম্প্ৰীতি ৰক্ষা কৰি জীৱন ধাৰণ কৰে আৰু পালন কৰে নিজস্ব লোকবিশ্বাসেৰে বিভিন্ন উৎসৱ-পাৰ্বন। উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচলৰে কুৰুংকুমে, উজনি সোৱণশিৰিৰ কিছু অংশ, নামনি সোৱণশিৰি, পাপুমপাৰে আৰু পূব কামেঙত নিচি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আহিছে। নিচিসকল অসমৰ লখিমপুৰ আৰু শোণিতপুৰ জিলাতো বসবাস কৰা দেখিবলৈ পোৱা যায়। পূৰ্বতে নিচিসকল ‘ডফলা’ বুলি পৰিচয় দি ভাল নোপোৱা হ’ল। সেয়ে তেওঁলোকে পৰৱৰ্তী সময়ত নিচি নামেৰেহে নিজকে পৰিচয় দিবলৈ লয়। ‘ডফলা’ নামটোৰ উৎপত্তি সম্পৰ্কে বিভিন্নজনৰ মুখত বিভিন্ন ধৰণৰ মতামত শুনিবলৈ পোৱা যায়। কোনো এক জনশ্ৰুতি মতে- প্ৰথম কোনোবা ভৈয়ামৰ মানুহে কেতিয়াবা কোনো স্থানত লগালগি হ’লে তেওঁলোকৰ নাম কি বুলি সোধোতে আনৰ ভাষা নজনা নিচি মানুহে বোধহয় কৈছিল- ‘তে দপলা’ অৰ্থাৎ(পাহাৰলৈ দেখুৱাই) ‘সৌ তাতে থকা’। কথাষাৰ যি সুধিছিল তেওঁ তাৰ প্ৰকৃত অৰ্থ নুবুজি নিজৰ ধাৰণাৰে বুজি ল’লে ‘তে দপলা’ মানে ‘ডফলা’ বুলি আৰু তেনেকৈয়ে তাৰ লিখিত ৰূপ পালে। ইফালে, উজনি অসমত অসমীয়াত কেতিয়াবা খৰিবোৰ ফালোতে চটাছট কৰিলো যদিও ‘ডফলা-ডফল’ হৈ থাকিল বুলি কোৱা শুনা যায়। অৰ্থাৎ ডাঠ আৰু মঙহাল হৈ থাকিল। নিচি সম্প্ৰদায়ৰ মানুহবোৰ দেখাত ওখ-পাখ আৰু পাহুৱাল। সেই কাৰণেও অসমীয়া মানুহে তেওঁলোকক ডফলা বুলি হয়তো ক’ব পাৰে বুলি ভবাৰ থল দেখা পোৱা যায়। ডফলা শব্দটো প্ৰয়োগ কৰি অসমীয়া সমাজত সেয়েহে এনেকৈয়েও কোৱা শুনিবলৈ পোৱা যায়, ‘ছোৱালীজনী ডাফলী যদিও দেখাত কিন্তু শুৱনি’। নিচি শব্দৰ অৰ্থ ‘মানুহ’। তেওঁলোকৰ বহুতে নিজকে নিচিং বুলি চিনাকি দিয়ে। তেওঁলোকৰ পিতৃভূমি আদিতে তিব্বত আছিল বুলি তেওঁলোকে দাবী কৰে। নিচিসকলৰ কথিত ভাষা চীন-তিব্বতীয় মূলৰ। নিচিসকলৰ ভাষা তাগিন, পৰ্বতীয়া, মিৰি, গাল’সকলৰ লগত সাদৃশ্য আছে। সেই গোষ্ঠীসমূহৰ ভাষাক তেনেলোকে তাগিন গোষ্ঠীৰ ভাষা বোলে। নিচিসকলৰ ভাষাটোও সেই গোষ্ঠীৰে। চৰকাৰীভাৱে প্ৰকাশ কৰা ‘অৰুণাচল ১৯৪৭-৭২’ নামৰ গ্ৰন্থত প্ৰকাশিত তথ্য মতে অৰুণাচলত নিচিসকলৰ মুঠ জনসংখ্যা মাত্ৰ ৩৫,০৮৯। সাম্প্ৰতিক সময়ত নিচিসকলৰ জনসংখ্যা তিনিলাখ বুলি দাবী কৰা হৈছে। সৰ্বজনবিদিত কথা যে নিচিসকল কৃষিজীৱী। ঝুমখেতি কৰিয়েই নিচিসকলে জীৱিকা নিৰ্বাহ কৰি আহিছে। সম্প্ৰতি সেই ব্যৱস্থাৰ পৰিৱৰ্তন সাধিত হৈছে। সময় আৰু সুবিধা অনুযায়ী বৰ্তমান তেওঁলোকে শালিখেতিৰ কৃষিকাৰ্যও কৰা পৰিলক্ষিত হৈছে। প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে নিচিসকলৰ বহুবিবাহ কৰাত আপত্তি নাই। স্ত্ৰীয়ে তেনে বিআহৰ বিৰোধিতা কৰাতকৈ স্বামীক অধিক তিৰোতা আনিবলৈ উৎসাহহে যোগাইছিল। কৃষিকৰ্ম কৰাৰ পৰা ঘৰৰ সকলোবোৰ কাম-কাজ কৰাত এগৰাকী তিৰোতাৰ অশেষ কষ্ট হয় বাবে তেওঁলোকে সেই গা ধন দিহে বিয়া পাতিব লাগে বাবে দুখীয়া মানুহৰ বাবে সি বৰ কঠিন কাম। সেই কাৰণে মেথোন নথকা দুখীয়া মানুহে জীৱনত বিয়া নপতাকৈও থাকে। নিচিসকলে ধান, মাৰুৱা, আলু-কচু, গোমধানৰ খেতিৰ বাদেও ৰঙালাও আদি শাক-পাচলিৰ খেতি কৰে। ধান আৰু মাৰুৱাৰ পৰা সুস্বাদু পানীয় তৈয়াৰ কৰি তেওঁলোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। আজিকালি বোধহয় আশী শতাংশই নিজ ধৰ্ম দঞিপ’ল’ৰ(Dony-polo)(সূৰ্য-চন্দ্ৰ)ক বাদ দি খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা বাবেই আপঙৰ প্ৰভাৱ কমিবলৈ ধৰিছে। কম পৰিমাণৰ হ’লেও নিচিসকলৰ মাজত হিন্দুও আছে। পাপুমপাৰে জিলাৰ ছাগলী নামৰ ঠাইত তেওঁলোকৰ নিজা নামঘৰো আছে। অতীতত যুদ্ধ-বিগ্ৰহত পাকৈত নিচিসকলে হাবিলৈ গৈ নানান জীৱ-জন্তু, চৰাই-চিৰিকটি চিকাৰ কৰি একালত আদিম মানুহৰ দৰে জীৱিকা পালন কৰিছিল। মাছ-মাংস খোৱাত তেওঁলোক পাকৈত। তেওঁ লোকে স্বাভাৱিকভাবেই প্ৰচুৰ মাংস খাব পাৰে। আদিম অৱস্থাত তেওঁলোকে বিনিময় প্ৰথাৰে কাম চলাইছিল। বৰ্তমানে টকা-পইচাৰ সহায়ত তেনে কাম কৰোৱাই লয়। নিচিসকলে অতি কম বস্ত্ৰ পৰিধান কৰে। বিশেষকৈ পুৰুষসকলে এড়ী চাদৰ বাউসীৰ তলেদি নি কান্ধত বাঁহৰ শূল এডাল মাৰি বা অন্য পিন একোটাৰে ফুটা কৰি ওলোমাই লয়। লজ্জা নিবাৰণৰ বাবে কাঠৰ সঁজুলি কঁকালত ওলোমাই লয়। তাৰ উৰ্দ্ধাংশ অকণমান বস্ত্ৰই গুপ্তাংগ ঢাকি ৰাখে। পুৰুষসকলে শিৰৰ চুলিৰে ঠিক কপালৰ আগত খোপা বান্ধে। নিচিসকলে সেই খোপাটোক ‘পদুম’ বুলি কয়। এই পদুমত পথালিকৈ এডাল পিতলৰ শলা সুমুৱাই লয়। দেখিবলৈ সুশ্ৰী হয়। নিচিসকলে দিনটোৰ সকলো সময়তে কঁকালত অৰিক(দাখন) আঁৰি লয়। ডিঙিতো এখন ৰীকছাক(সৰু দা)সকলো সময়তে আঁৰি থোৱা থাকে। সেই দাখনেই বিপদৰ সময়ত তেওঁলোকে ব্যৱহাৰ কৰে। অৱশ্যে দুৰ্ভাগ্যজনক কথা এতিয়া নিচি ডেকা সমাজে কোনেও চুলিত পদুম বান্ধি বা দা-কটাৰী আঁৰি লৈ পৌৰাণিক হ’ব নোখোজে। তেওঁলোকে প্ৰায়েই আজিকালি আধুনিক যুগৰ যাত্ৰা পথৰ পথিক। মন কৰিবলগা কথা যে সাম্প্ৰতিক সময়ত নিচি সমাজৰ খোপা বন্ধা প্ৰণালী দ্ৰুতগতিত হ্ৰাস পাইছে। মহিলাসকলে আঁঠুৰ ওপৰতে পৰাকৈ এডেকৈৰ কাপোৰ পিন্ধিছিল। কঁকালত বেতেৰে নিৰ্মাণ কৰা অসংখ্য ৰছীও ওলোমাই পিন্ধিছিল। তদুপৰি নিচি মহিলা সমাজে কজি, দংছে আদি নানান আ-অলংকাৰ পিন্ধিছিল। কৃষিকৰ্মত ব্যস্ত থকা সময়ত কঁকালতে জুই ৰখা বাঁহৰ চুঙা এটাও ওলোমাই লয়। কৃষিকৰ্মত এই জুই ৰখা বাঁহৰ চুঙাৰ দ্বাৰাই অগ্নি সংযোগ কৰে। ইফালে, নিচি গৰ্ভৱতী মহিলাই কৃষি কৰ্মৰ বাবে পথাৰলৈ যাওঁতে কঁকালত ‘তালম’ বাঁহৰ চোকা চুঁচনি এছটা লগত লৈ যায়। বাটে-পথে বা পথাৰতে সন্তান জন্ম দিবলগা হ’লে সেই চুঁচনি ছটাৰে সন্তানৰ নাড়ী কাটি কেঁচুৱাক লৈ ঘৰলৈ উভতি আহে। পুৰুষসকলে আকৌ সৰু চামৰাৰ মোনা এটাত অকণমান শিল এটা আৰু টিঙিৰি তুলা লৈ ফুৰে, প্ৰয়োজনৰ সময়ত নিজৰ খাপৰ পৰা উলিয়াই লোৱা দাখনতে সেই তুলা আৰু শিল ঘৰ্ষণ কৰাই অগ্নি সংযোগ কৰে। নিচিসকলে দেৱ-দেৱীক পূজা কৰে। বছৰৰ ফেব্ৰুৱাৰী মাহত পালন কৰা কৃষিভিত্তিক উৎসৱ ‘ন্যক’ম-লয়’ৰ সময়ত পূজা পালন কৰে।

নিচি জনগোষ্ঠীৰ প্ৰধান উৎসৱ

নিচি জনজাতিৰ তিনিটা প্ৰধান উৎসৱ হৈছে –

(১) নিয়’ক’ম

(২) লংতে য়াল’

(৩) য়ুল’

(১) নিয়’ক’ম

নিচিসকলৰ প্ৰধান উৎসৱ নিয়’ক’ম। এই নিয়’ক’ম উৎসৱ প্ৰত্যেক বছৰে ফেব্ৰুৱাৰীত উদ্‌যাপন কৰা হয়। নিচিসকলৰ বিশেষকৈ উৎসৱসমূহ কৃষিপ্ৰধান। নিয়’ক’ম উৎসৱ নতুন ঝুম খেতি আৰম্ভ কৰাৰ প্ৰাক্‌কালত উদ্‌যাপন কৰা হয়। ৰাইজে নিয়’ক’ম উৎসৱ উৎসাহ-উদ্দীপনাৰে, শান্তি-সম্প্ৰীতিৰে পৰম্পৰাগত ব্যৱহাৰিক নীতি-নিয়মেৰে পালন কৰে। অতীতৰ পৰা চলি অহা নীতি-নিয়ম অনুসৰি, নিয়’ক’ম উৎসৱ প্ৰতিটো পৰিয়ালে পৃথকে পৃথকে পালন কৰিছিল। ধৰ্মীয় ৰীতি-নীতি কাৰ্যসমূহ এজন নিৰ্দ্দিষ্ট পূজাৰীয়ে কৃষি পথাৰত পূজা কৰি প্ৰথম বীজ ৰোপণ কৰিছিল। পিছত গাঁৱৰ ৰাইজ একত্ৰিত হৈ এখন নিৰ্দ্দিষ্ট সামাজিক পথাৰত এই উৎসৱ আনন্দ-উল্লাসেৰে পালন কৰে। কালক্ৰমত সাম্প্ৰতিক সময়ৰ এটা নিৰ্দ্দিষ্ট তাৰিখত, এটা নিৰ্দ্দিষ্ট স্থানত এই উৎসৱ উদ্যাপন কৰা হয় আৰু এই উৎসৱৰ নতুন নাম দিয়া হয় ‘নিয়’ক’ম য়াল’। এই উৎসৱ ৰাইজৰ উল্লাস-উদ্দীপনাৰ মাজেৰে তিনি-চাৰি দিন ধৰি চলে। উৎসৱৰ দিনকেইটাত পূৰ্ব নিৰ্দ্ধাৰিত মতে বলি প্ৰদান কৰিবলগীয়া বিভিন্ন জন্তু সাজু কৰি ৰখা হয়। মুখ্য পুৰোহিতেহে বলিৰ বিধান দিয়ে। প্ৰধান পুৰোহিত আৰু সংগী পুৰোহিতে নিৰ্দ্দিষ্ট পূজা স্থানত ধৰ্মীয় মন্ত্ৰ পাঠ কৰি বলি প্ৰদান কৰে। বলি প্ৰদান কৰা জন্তুসমূহৰ গালৈ চাউলৰ গুড়ি আলং(Rice-beer)ছটিয়াই মন্ত্ৰ পাঠ কৰি পুৰোহিতে বিভিন্ন দেৱ-দেৱীৰ লগতে আত্মাসমূহকো পূজা কৰে।

(২) লংতে য়াল’

নিচিসকলে পালন কৰা আন এক উৎসৱ হৈছে লংতে য়াল’। কৃষিজীৱি ৰাইজে কৃষিকৰ্ম আৰম্ভ কৰাৰ পূৰ্বে এই লংতে য়াল’ উৎসৱ এপ্ৰিল মাহত উদ্‌যাপন কৰে। যেতিয়া গছত নতুন ফুলে কলিয়ায়, তেতিয়াই এই উৎসৱ পালন কৰা হয় বুলি জনশ্ৰুতি শুনিবলৈ পোৱা যায়। গাঁৱৰ সীমাত কাঠৰ খুঁটা স্থাপন কৰি সীমা নিৰ্দ্ধাৰণ কৰাই হৈছে, এই উৎসৱৰ মুখ্য উদ্দেশ্য। নিৰ্দ্ধাৰিত সীমা অঞ্চলত গাঁৱৰ সকলো জনসাধাৰণ ঐক্যবদ্ধ হৈ ‘দঞি-প’ল’ৰ বিভিন্ন আত্মাৰ লগতে ভগৱানকো পূজা-অৰ্চনা কৰে আৰু আগন্তুক কৃষিকৰ্ম ভাল হোৱাৰ লগতে গাঁৱৰ বাসিন্দা ৰাইজৰ কুশল মংগল কামনা কৰে। উক্ত উৎসৱৰ দিনসমূহত, গাঁৱৰ ৰাইজে জাতীয় সাজপাৰ পৰিধান কৰি দুটা কাঠৰ খুঁটা লৈ গাঁৱৰ মাজত ঐক্যবদ্ধ হয়। এই কাঠৰ খুঁটা দুটাক বাঁহ আৰু কাকাম গছৰ পাতেৰে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয়। ৰাইজ একত্ৰিত হৈ গাঁৱৰ লোকসকলৰ সুস্বাস্থ্য আৰু সকলো জীৱ-জন্তুৰ সুৰক্ষা কামনা কৰে। পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি সীমা নিৰ্দ্ধাৰণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজ গাঁৱৰ মধ্যমস্থলত সমবেত হয়। এই উৎসৱত প্ৰায় সাতদিনলৈকে ৰাইজে কৃষিকৰ্মত অংশগ্ৰহণ নকৰে আৰু অপ্ৰয়োজনীয় কোনো জীৱ হত্যা নকৰে। আনহাতে, নিচি সমাজত কেৱল আঠ নম্বৰৰ দিনা গাঁৱৰ পুৰুষসকলে খেল-ধেমালি কৰে আৰু মহিলাসকলে ভঁৰালত সোমাই নিজ নিজ কৰ্মত ব্যস্ত হয়।

(৩) য়ুল’

নিচি সমাজৰ কুশল মংগলৰ কাৰণে উদ্‌যাপন কৰা অন্য এটা উৎসৱ হৈছে য়ুল’ উৎসৱ। উল্লেখ্য যে এই উৎসৱ উদ্‌যাপনৰ সময় গাঁৱৰ মুখ্য পুৰোহিতে নিৰ্দ্দিষ্ট কৰে। এই অনুষ্ঠানত ‘মেথোন’(Mithuns)বলি দিয়া নিয়ম আছে। বলি দিয়া মেথোনৰ তেজ বাঁহৰ চুঙাত ভৰাই পুৰোহিতে নিজৰ ঘৰৰ সন্মুখত ওলোমাই ৰাখে। সেই প্ৰতীক চিহ্নৰে প্ৰধান পুৰোহিতৰ ঘৰৰ বাকী মানুহৰ ঘৰতকৈ পৃথক ৰূপত ৰাখে।

সামৰণি

নিয়’ক’ম, লংতে য়াল’, য়ুল’ উৎসৱসমূহৰ উপৰি নিচি জনগোষ্ঠীৰ লোকসকলে সময় সাপেক্ষে আন বহুতো সৰু সৰু ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি নিজৰ নিজৰ পৰিয়ালৰ মংগল কামনা কৰে। মন কৰিবলগীয়া কথা যে সম্প্ৰতি নিচি সমাজৰ বহুলোক যদিও খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱা পৰিলক্ষিত হৈছে তথাপি নিচি সমাজে পৰম্পৰাগত উৎসৱ-অনুষ্ঠানসমূহ পৌৰাণিক বিধি-ব্যৱস্থাৰেই পালন কৰি আহিছে।

লিখক: দেৱজিৎ বৰা।

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top