মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নেপালী লোক সংস্কৃতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেপালী লোক সংস্কৃতি

নেপালী লোক সংস্কৃতিৰ বিষয়ে লিখা হৈছে

 

হিন্দু ধৰ্মালম্বীৰ লোক নেপালী জনগোষ্ঠীৰ উৎসৱ-পাৰ্ৱন ধাৰ্মিক আধাৰত বহুত আৰু সামাজিক আধাৰত কম আছে । নৱবৰ্ষ,মাঘে-সংক্ৰান্তি,জেঠত বুদ্ধ পুৰ্ণিমা,আহাৰত আষাড়ে গন্দ্ৰ,তুলসী ৰোৱা দিন,শাওনত শাওনে সংক্ৰান্তি,শাওন মাহৰ সোমবাৰে শিৱ পুজা,নাগপঞ্চমী,ভাদ মাহৰ জনাই(লগুণ)পূৰ্ণিমা আৰু তীজ,আহিন মাহত নউৰথা আৰু দশৈ, কাতি মাহত লক্ষ্মীপূজা,পাঁছতিহাৰ,ভাইটিকা,পুহ মাহত সূৰ্য্য ব্ৰত মাঘত মাঘে সংক্ৰান্তি,চোস্তানী ব্ৰত (ঊপাস)ফাগুণৰ ফাকোৱা(হলি)আৰু চ’তত অশোক অষ্টমী,ৰামনৱমী আৰু বাসন্তী পূজা পালন কৰা হয়।

এই ঊৎসৱ বোৰৰ ভিতৰত প্ৰধান ঊৎসৱবোৰ তলত বিষদ ভাবে আলোচনা কৰা হৈছে।nEPALI

আষাড়ে পন্দ্ৰ-

আষাড়ে পন্দ্ৰ হল নেপালী জনগোষ্ঠীৰ এটা উৎসৱ । এই উৎসৱটি আহাৰৰ ১৫ তাৰিখে পালন কৰা হয়।বিশেষকৈ নগৰীয়া অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত এই ঊৎসৱক বেছিকৈ প্ৰাধান্য দিয়া হয়।এই উৎসৱটি খেতিয়কে ধান খেতি ৰোৱাৰ আগে আগে পালন কৰে।এই ঊৎসৱৰ দিনা চিৰা,দৈ,কল আদি খাই অতি আনন্দৰে পালন কৰে।

জনাই পু্ৰ্ণিমা –

 

এই উৎসৱটি ভাদ মাহত পালন কৰা হয়।জনাই পুৰ্নিমাৰ অথাৎ ৰাশি বন্ধন নামেৰে ও জনা যায়।জনাই পুৰ্নিমাৰ দিনা ঘৰৰ সকলো পৰিয়ালে গা-পা ধুই নিজৰ ইষ্ট দেৱতাক ধূপ ধূনা দি পুজা কৰে আৰু যি সকল পুৰুষ মানুহে লগুন পিন্ধে তেওঁলোকে সেইদিনা লগুন সলনি কৰে আৰু ব্ৰাহ্মনে সেই দিনা প্ৰতিজন লোককে ৰাশি বন্ধা প্ৰথা চলি আছে।

তীজ-

 

তীজ উৎসৱটি নেপালী জনগোষ্ঠীৰ মহিলা সকলৰ বাবে অতি আদৰৰ উৎসৱ।ভাদ মাহৰ শুক্লা দ্বিতীয়াৰ পৰা পঞ্চমীলৈকে এই তীজ পালন কৰা হয়।এই উৎসৱত মহিলা সকলে মহাদেৱৰ পুজা কৰি ব্ৰত পালন কৰে।সেই ব্ৰতৰ দিনা মহিলাই দিনটো এটুপাল পানী পৰ্যন্ত গ্ৰহন নকৰি দিনটো উপবাসে থাকি সন্ধীয়া মহাদেৱক পুজা কৰি নিজৰ স্বামীৰ হাতেদি পানী গ্ৰহন কৰে।

দীশ-

 

দীশ নেপালী জনগোষ্ঠীৰ প্ৰধান উৎসৱ।এই উৎসৱ আহিনৰ শুক্লা প্ৰতিপদৰ পৰা পুৰ্নিমালৈকে গোটেই শুক্লাপক্ষটোক সামৰি লয় ।এই সময়ত দেৱী দুৰ্গা গোসানীক পুজা অৰ্চনা কৰা হয়।নেপালী জনগোষ্ঠীয়ে এই উৎসৱত সপ্তমীৰ দিনা নিজৰ ইষ্ট দেৱতাক ধূপ ধূনা দি অষ্টমীৰ দিনা ছাগলী, হাঁহ আদি বলি দিয়াৰ প্ৰথা চলি আহিছে । ইয়াৰ উপৰিও বিজয়া দশমীৰ দিনা পিতৃ মাতৃ তথা মান্য জনৰ পৰা চাউল ফোট লৈ আৰ্শীবাদ লোৱা প্ৰথা প্ৰচলিত হৈ আছে। চাউলৰ ফোট লোৱা পৰ্বটো পুৰ্নিমা পৰ্যন্ত নেপালী লোক সমাজত প্ৰচলিত থাকে।

পাঁচ তিহাৰ-

 

পাঁচ তিহাৰ বুলিলে সাধাৰণতে পাঁচটা তিহাৰক বুজা যায়।যেনে- কাক বা কাউৰী তিহাৰ,কুকুৰ তিহাৰ,গাই তিহাৰ,গৰু তিহাৰ আৰু ভাইটিকা । কাক তিহাৰৰ দিনা কাউৰীক বাৰ্তাবাহক হিচাপে পূজা কৰা হয়। দ্বিতীয় দিনা কুকুৰ তিহাৰ হিচাপে পালন কৰা হয়। নেপালী জনগোষ্ঠীৰ জনবিশ্বাসৰ মতে প্ৰাণীৰ ভিতৰত কুকুৰ অতি বিশ্বাসী অৰু প্ৰভুভক্ত। তৃতীয় দিনা দিপান্দিতাৰ দিনাই হ’ল গাই তিহাৰ। সেইদিনা গো মাতাক গা ধুৱাই ফোট আৰু ফুলৰ মালা পিন্ধাই পিঠা খাবলৈ দি স্নেহ আৰু শ্ৰদ্ধা যাচে। সন্ধিয়া নিয়ম-নীতিৰে লক্ষ্মীপূজা কৰে আৰু পথাৰ,ঘৰ,ভঁড়াল আদিত বন্তি জ্বলাই আলোকিত কৰে। সেই দিনাৰে পৰা ওচৰ চুবুৰীয়াই আই আৰু যুৱতীসকলে মিলি ঘৰে ঘৰে হুচৰি গাই নাচ-গান কৰে।এই প্ৰথাক ভইলী গোৱা বুলি কোৱা হয়।

এই ভইলীটো হৈছে-

 

ভইলীনী আয়ো আয়ো আগন

বড়াঢ়ী কোড়াঢ়ী ৰাখনন

অউচী কো দিন

গাই তিহাৰো ভইলী

এইদৰে গাই তিহাৰ দিনা ভইলী গোৱাৰ প্ৰথা চলি আছে।প্ৰতিপদ তিথিৰ দিনা হলি তিহাৰ হিচাপে পালন কৰে। হলি তিহাৰ দিনা ৰাতিপুৱাই উঠি গৰুক গা-পা ধুৱাই ফুট আৰু ফুলৰ মালা পিন্ধাই পিঠা খাবলৈ দি স্নেহ আৰু শ্ৰদ্ধা যাচে। সন্ধ্যা লৰা-বৃদ্ধ মানুহে মিলি দেউচী গোৱাৰ প্ৰথা আছে।ভাতৃ দ্বিতীয়াৰ দিনা বাই-ভনীহঁতে ভাই-ককাইৰ কপালত বিভিন্ন ৰঙৰ ফুট পিন্ধাই তিহাৰ উৎসব সামৰণি মাৰে।

নেপালী জনগোষ্ঠীৰ সাজপাৰ – নেপালী মহিলাসকলে ফৰিয়া,গুনিউ চৌবন্দী,চৌল পটুকী,হেম্বৰী আৰু পচয়োৰী আদি বস্ত্ৰ পৰিধাৰণ কৰে আৰু পুৰুষে দৌৰা চুৰুবাল,টোপী,ৱাস্কোট,কোট আদি পিন্ধে।

নেপালী জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ আ-অলংকাৰ আছে। যেনে সোনৰ আ-অলংকাৰ আৰু ৰূপৰ আ-অলংকাৰ ইত্যাদি । ইয়াৰ উপৰিও এওঁলোকৰ নিজা বাদ্যযন্ত্ৰ আছে যেনে বাজা,নৌমতী বাজা,পঞ্চে বাজা,মাদল,খোজড়ী মুজুৰা,ডম্ফু,ইত্যাদি।

 

লেখক-শ্ৰী অনুজ উপাধ্যায় আৰু শ্ৰী নাৰায়ণ ভৰালী

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top