মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নেপালীসকলৰ তীজ উৎসৱ আৰু তীজগীত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেপালীসকলৰ তীজ উৎসৱ আৰু তীজগীত

নেপালীসকলৰ তীজ উৎসৱ আৰু তীজগীতৰ বিষয়ে লিখা হৈছে

 

মানৱ জীৱনত উৎসৱ –

 

পাৰ্বণৰ এক বিশেষ মহত্ত্ব আছে। এনে উৎসন – পাৰ্বণ সমূহে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰি নিজৰ সংস্কৃতিৰ প্ৰতি, সমাজৰ প্ৰতি মানৱ জীৱনক শ্ৰদ্ধাশীল কৰি তোলে। একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীৰে বান্ধি উৎসৱ – পাৰ্বণে মানৱ জীৱনক মহীয়ন কৰে।

লোক – জীৱনত পৰম্পৰাগত ভাৱে চলি অহা তেনে এক উৎসৱ হ’ল নেপালী সকলৰ তীজ উৎসৱ। তীজ বিশেষতঃ বিবাহিতা নেপালী মহিলা সকলৰ ব্ৰতোৎসৱ। এই উৎসৱৰ স’তে জড়িত হৈ আছে ধাৰ্মিক আৰু সামাজিক ভাবনা।

প্ৰতি বছৰে ভাদ্ৰ শুক্ল তৃতীয়াৰ দিনা এই উৎসৱ পালন কৰা হয়। তীজ উৎসৱৰ দিনা উপবাসে থাকি নাচ – গান কৰি নেপালী মহিলা সকলে ভক্তি সহকাৰে শিৱ – পাৱৰ্তীৰ পূজা কৰে।

হিমালয়ৰ পুত্ৰী গৌৰীয়ে শিৱ দেৱতাক স্বামীৰুপে পাবলৈ বালিৰ শিৱলিংগ সাজি তপস্যা কৰিছিল। অন্ন, জল স্পৰ্শ নকৰাকৈ নিৰাহাৰে থাকি একধ্যান, একচিত্তে গৌৰীয়ে শিৱৰ তপস্যা কৰিছিল। গৌৰীৰ তপস্যাত সন্তুষ্ট হৈ শিৱই গৌৰীৰ সন্মুখত প্ৰকট হৈ শিৱক তেওঁ স্বামীৰুপে পাব বুলি বৰ প্ৰদান কৰিছিল।

সেয়ে নেপালী তিৰোতা সকলেও গৌৰীৰ দৰে উপবাসে থাকি পানী এটুপি পৰ্যন্ত মুখত নিদিয়াকৈ নিজ স্বামী আৰু দাম্পত্য জীৱনৰ সুখ, শান্তি, মংগল কামনা কৰি এই ব্ৰত পালন কৰে আৰু শ্ৰদ্ধা সহকাৰে ‘হৰিতালিকা ব্ৰত’ৰ কাহিনী শ্ৰৱণ কৰে।

তীজ উৎসৱ হ’ল বিশেষকৈ বিবাহিতা সকলৰ ব্ৰতোৎসৱ। তীজৰ সময়ত দূৰ-দূৰণিলৈ বিয়া দিয়া জীয়ৰী সকল মাইতী ঘৰলৈ (মাকৰ ঘৰলৈ) যাবলৈ ব্যাকুল হৈ পৰে। মাইতী ঘৰ অবিহনে তীজ উৎসৱত কোনো ধৰণৰ আনন্দ বা মহত্ব তেওঁলোকে বিচাৰি নাপায়। বিয়া দি উলিয়াই দিয়া বিবাহিতাৰ কাৰণে মাকৰ ঘৰ অতি প্ৰিয় , গৌৰৱৰ থলী। প্ৰতি গৰাকীয়ে স্বামী গৃহৰ মানুহে তেওঁলোকৰ পৰিয়ালৰ ফালৰ মানুহক আদৰ-সন্মান কৰাটো কামনা কৰে লগতে নিজে জন্ম গ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ঘৰখন, গাঁৱৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ প্ৰতি এটি টান অন্তৰত অনুভৱ কৰে। আহোম ৰজা শিৱ সিংহৰ ৰাণি ফুলেশ্বৰী কুঁৱৰীয়ে মাকৰ ঘৰলৈ গৈ কৰ্কৰা ভাত খোৱাৰ দৰে নেপালী জীয়ৰী সকলেও মাকৰ ঘৰলৈ গৈ হেঁপাহ পলুৱাই হাঁহিবলৈ, নাচিবলৈ, খাবলৈ আগ্ৰহেৰে বাট চাই থাকে। কথাতে কয় – মাকৰ ঘৰৰ কুকুৰো হেনো আদৰৰ হয়। অন্তৰত যিমানেই হেঁপাহ নাথাকক কিয়, তীজত কিন্ত মাইতীঘৰৰ পৰা সন্মান সহকাৰে জীয়াৰীক নিমন্ত্ৰণ কৰাৰ নিয়ম। মাইতী ঘৰৰ পৰা বাপেক, ভাই-কাকায়েক নতুবা কোনো নিকট আত্মীয় মানুহক পঠিয়াই জীয়াৰীক নিমন্ত্ৰণ কৰি অনা হয়। জীয়াৰী সকলে বাপেক নাইবা ভায়েক-ককায়েকৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। দৰ খোৱাৰ আগদিনা খনেই তেওঁলোক মাকৰ ঘৰত উপস্থিত হয়। ভাদ্ৰ শুক্লা দ্বিতীয়াৰ দিনা দৰ খোৱাৰ নিয়ম। মাইতী ঘৰলৈ আনি জীয়াৰী সকলক বিভিন্ন ধৰণৰ খাদ্য, মিঠাই, মিষ্টান্ন ৰান্ধি খুওৱা হয়। ঘৰে ঘৰে বিবিধ খাদ্যবস্তু প্ৰস্তুত কৰা হয়। এনে খাদ্যন্নকে দৰ বুলি কোৱা হয়। অতি আনন্দ মনেৰে জীয়াৰী সকলে দৰ খায়। কাৰণ পিছ দিনাখন অৰ্থাৎ ভাদ্ৰ মাহৰ শুক্ল তৃতীয়াৰ দিনা অন্ন-জল একো গ্ৰহণ নকৰাকৈ শিৱ-পাৰ্বতীৰ (হৰি তালিকা) ব্ৰত পালন কৰে। শিৱ-পাৰ্বতীৰ পূজা কৰি হৰি তালিকা ব্ৰতকথা শ্ৰৱণ কৰি গোটেই দিন তেওঁলোকে ভজন-কীৰ্তন কৰি তীজগীত গাই নাচ-গান কৰি কটায়।

তীজগীত : তীজ উৎসৱত মহিলা সকলে গোৱা গীতকে তীজগীত বুলি কোৱা হয়। এই গীতবোৰ উৎসৱ-পাৰ্বণৰ গীত। এই গীতবোৰ বিশেষকৈ লোক-জীৱনৰ গীত। গাঁৱৰ অশিক্ষিত মহিলা সকলৰ হৃদয়ৰ পৰ নিগৰি অহা সুখ, দুখ, হৰ্ষ, বিষাদ, আনন্দ, নিৰানন্দ, অনুভূতিবোৰেই থূপ খাই আছে এই গীতবোৰত।

তীজ উৎসৱত ধনী হওক, দুখীয়া হওক, সকলো জীয়াৰীৰে মাকৰ ঘৰলৈ যাবলৈ খুবেই হেঁপাহ জাগে। কিন্ত কেনেবাকৈ যদি তেওঁলোক যাবলৈ নাপায় অথবা ভায়েক-ককায়েকে নিবলৈ নাহে, তেতিয়া ঘৰ খন, গাঁও খন, মাক-দেউতাক, ভাই-ককায়েকক সুৱৰি তেওঁলোকৰ অন্তৰে কান্দে। মাইতীয়ে পাহৰি গ’ল বুলি তেওঁলোকৰ অন্তৰে হাহাকাৰ কৰে। এনে হাহাকাৰৰ অভিব্যক্তি হ’ল এই তীজগীত বোৰ তীজগীতত কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহৃত নহয়। সামূহিক ভাৱে হাত-চাপৰি বজাই এই গীতবোৰ গোৱা হয়।

নেপালী তীজ সমূহত বিশেষকৈ মাক আৰু সৰু ভায়েকৰ প্ৰতি বায়েক-ভনীয়েকৰ মৰম-সহানুভূতি প্ৰতিফলিত হোৱা দেখা যায়। আকৌ ভাউজু (নবৌ), নন্দ (ননদ), অমাজু (স্বামীৰ বায়েক), স্বামীৰ মৃত্যুৰ পিছত মাতৃগৃহত থাকিবলৈ লোৱা স্বামীৰ বায়েক, শাশু (শাহু), বুঢ়ী শাশু (শাহু আইতাকক্ৰ প্ৰতি বোৱাৰী সকলৰ অসহিষ্ণু ভাবনা প্ৰতিফলিত হোৱাও দেখা যায়।

তীজ উৎসৱৰ আগে আগে জীয়াৰী সকলে কাউৰীৰ কা……  কা….. শুনিলেও চক খাই উঠে। মাক-দেউতাকৰ ঘৰৰ পৰা তেওঁলোকলৈ কাউৰী জনীয়ে তীজ অহাৰ বাতৰি দিবলৈ অহা বুলি ভাবি কাউৰীক সম্বোধি তেওঁলোকে তীজগীত গাই এইদৰে :

‘আগনকো ডিলমা বচি

কালি কৌৱা কা… কা…

বাবালে পঠায়েকো কে সমাচাৰ

লিয়ায়েও বৰিলই….

‘আগচোতালত পৰি কা… কা কৰি

পিতায়ে পঠিওৱা কি বাতৰি

আনিছানো তুমি?

আকৌ আ-অলংকাৰেৰে সজ্জিত হৈ উৎসুক হোৱা পত্নীয়ে স্বামীৰ পৰা অনুমতি বিচাৰিছে এনেদৰে :

পত্নী : ‘পৃথ্বীকো পল্লাছেউমা হাম্ৰা বাবা চন অৰে

মতজান্সু স্বামীৰাজৈ বাবা ভেটন

অনুবাদ : ‘পৃথিৱীৰ একোণত মোৰ পিতাদেউ আছে হেনো

হে স্বামী, মই যাব ওলাইছোঁ তেওঁৰ কাষলৈ’।

ছোৱালীৰ কাৰণে মাইটি বুলিলেই মাক-বাপেক। ল’ৰা-ছোৱালীক নিঃস্বাৰ্থভাৱে মৰম-চনহ, সৎবুদ্ধি, পৰামৰ্শ দিয়া পিতৃ-মাতৃ তেওঁলোকৰ কাৰণে অতি মৰমৰ, উদাৰ আৰু মহান। সেই কাৰণে মাক-দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ অবিহনে জীয়াৰী সকলে মাইতী ঘৰত কিবা এটি যেন শূন্যতা অনুভৱ কৰে। তথাপি ভাই-ককায়েক থাকে মানে তেওঁলোকৰ আগ্ৰহৰ অন্ত নাথাকে। সেয়ে তেওঁলোকে ভাতৃ সকলক অনুৰোধ কৰে এই বুলি – মই তোমালোকলৈ বাট চাই থাকিম, তোমালোকে মোক নাপাহৰিবাদেই।

শিৰমা লানেই শিৰেই কেৰে শিৰফুল

পাৱৈমা লানে বীজ বৰিলই

লগনে ৰ ভেটনে গৰে মেৰা দাজেই

বিসাই দিয়ে আমাৰ বাবা মাইতী বৰিলই’।

শিৰত পিন্ধা শিৰফুল

ভৰিত পিন্ধা নূপুৰ

নহাকৈ নাথাকিবা ককাইদেউ

মোৰ কাষলৈ ককাইদেউ, মোক নিবলৈ

পাহৰাই দিবা মোক মা-দেউতাৰ শোক।

আকৌ মাক-দেউতাক থকা দিনৰ দৰে ককায়েক-নবৌয়েকৰ পৰা মৰম-সৎকাৰ নোপোৱাৰ বেদনা প্ৰকাশ কৰিছে এনেদৰে :

 

“বাবা-আম ছইনজেন বৰ্ষাদিনমা আউথে

তিম্ৰো পালা দাজু ভাউজেই বৰ্ষদিনকো তীজ।

আম-বাবা ছইনজেল মুৰী, ছিউৰা লগ দথিয়ে

তিম্ৰো পালা দাজু – ভাউজেই যোৰ পুৰী (পুড়ী)ৰ তীজ।

আকৌ ককায়েকৰ চেনেহ সুঁৱৰি নবৌয়েকৰ নিষ্ঠুৰ ব্যৱহাৰত ব্যথিত হৃদয়ে গায় :

নেপাল বড় দাজুলে ঢুংগ্ৰী কমাই পঠায়ে

কিন দিনথিইন ভাউজুলে ৰাখিন উনেইলে।

নেপালৰ পৰা দাদাই মোক ঢুংগ্ৰী গঢ়াই পঠিয়ালে

নিদিলে মোক নবৌয়ে নিজেই ৰাখিলে।

আকৌ নিজ নিজ সংসাৰত ব্যস্ত হৈ থকা বায়েক-ভনীয়েকে মাইতী ঘৰত লগ হৈ আনন্দবিভোৰ হৈ গায় :

‘শিৱকো শিৰফুল ভাগ্য ভয়ে লাউলা

দিদি বইনী ভেট জন কাহা পাউলা’।

শিৰৰ শিৰফুল ভগ্যত থাকিলে পিন্ধিব পাম

এইদৰে বাই-ভনী লগ হোৱাৰ সুযোগেই বা কিমান পাম’।

তীজ উৎসৱে ভাই-ভনীৰ মাজৰ মৰমৰ এনাজৰী ডাল সুদৃঢ় কৰে। এই তীজ উৎসৱত ভ্ৰাতৃ-ভগ্নী লগ হৈ নিজৰ অতীত ৰোমন্থন কৰি আনন্দিত হয়। হেৰুওৱা শৈশৱ উভতাই পায়। সেয়ে বাই-ভনীয়ে গায় :

গোঠমা ৰাম্ৰো ঝালেমালে গাইলে

মাইতমা ৰাম্ৰো দাজু-ভাইলে’।

‘খুটীখন শুৱনি পখৰা গাইৰে

মাইত মোৰ শুৱনি ককাই-ভাইৰে’।

এইদৰে নাৰী মনৰ ভাব প্ৰকাশ কৰা অসংখ্য তীজগীত আছে। কিছুমান গীতত আধুনিকতাৰ পৰশো নপৰাকৈ থকা নাই।

নেপালী তীজ উৎসৱে মা-দেউতাক, ভায়েক-ককায়েকৰ প্ৰতি নাৰী সকলক চেনেহৰ ডোলেৰে বান্ধি ৰাখে। ইয়াৰ আধ্যাত্মিক ভাবনাই স্বামীৰ প্ৰতি সমৰ্পিত হৈ সহযোগিতাৰ বাটেৰে সংসাৰ ধৰ্ম পালন কৰিলৈ প্ৰেৰণা যোগায়। তীজ নেপালী সকলৰ কাৰণে অতি আদৰ উৎসৱ। এই উৎসৱে দৃঢ় কৰে ভ্ৰাতৃ-ভগ্নীৰ মৰমৰ বান্ধোন।

 

লেখক : নিৰু শৰ্মা পৰাজুলী।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top