মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / নৱৰাত্ৰিত পূজিত দেৱী দূর্গাৰ নটা অৱতাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱৰাত্ৰিত পূজিত দেৱী দূর্গাৰ নটা অৱতাৰ

নৱৰাত্ৰিত পূজিত দেৱী দূর্গাৰ নটা অৱতাৰৰ বিষয়ে লিখা হৈছে ।

হিন্দু ধর্মৰ শাস্ত্ৰত উল্লেখিত মতে শৰৎ ঋতুৰ আগমনৰ সময়ছোৱা হৈছে দেৱী তথা শক্তি পূজা কৰিবৰ বাবে সর্বোত্তম তথা পবিত্ৰ ক্ষণ৷ সেইবাবেই শাৰদীয় নৱৰাত্ৰিত সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহৰে দূর্গা পূজা পালিত হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সম্পূর্ণ ন দিন এই উৎসৱ পালন কৰি শক্তি আৰাধনাত ভক্তগণ মগ্ন হয়৷ দশম দিনটো দশেৰা বা বিজয়া দশমী হিচাপে জনাজাত আৰু সেইদিনা দেৱী দূর্গাক বিসর্জন দিয়াৰ পাছতেই নৱৰাত্ৰি উৎসৱৰো সামৰণি পৰে৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ ঠাইভেদে বিভিন্ন পৰম্পৰা তথা পদ্ধতিৰে সৈতে পূজা পালন হয় যদিও সকলোৰে উদেশ্য তথা মূলমন্ত্ৰ এটাই- সমাজৰ পৰা অসূয়া-অপ্ৰীতি বিনাশ কৰি শান্তি প্ৰতিষ্ঠা কৰা৷
দেৱী দূর্গাৰ বিভিন্ন ৰূপ তথা অৱতাৰৰ কথা আমি পৌৰাণিক আখ্যানত শুনিবলৈ পাইছো৷ সমাজৰ পৰা অপশক্তিক বিনাশ কৰিবলৈ তথা ভক্ত সকলৰ ৰক্ষ্যার্থে বিভিন্ন সময়ত দেৱীয়ে ভিন্ন ৰূপ ধাৰণ কৰিছিল৷ এক অৱতাৰত দেৱীৰ দক্ষ প্ৰজাপতিৰ কন্যা সতীৰ ৰূপত আর্ৱিভাৱ হৈছিল, অন্য এক ৰূপত তেওঁ হিমালয়ৰ কন্যা হৈমাৱতী উমাৰ অৱতাৰ ধাৰণ কৰিছিল৷ এই দুই ৰূপতে দেৱীয়ে ভগৱান শিৱৰ ভার্য্যাৰূপে অৱতাৰ লৈ বিশ্বব্ৰহ্মাণ্ডৰ কল্যান সাধন কৰিছিল৷ দেৱীৰ সকলো ৰূপতে সৃষ্টিশীল, ৰক্ষাকাৰী তথা ধ্বংসকাৰী শক্তি বিৰাজমান৷ যেতিয়াই সমাজৰ পৰা অসুৰ তথা আসুৰিক শক্তিক বিনাশ কৰিবলৈ দৈৱিক সহায়ৰ প্ৰয়োজন হৈছিল তেতিয়াই দেৱীয়ে প্ৰয়োজন অনুসাৰে ভিন্ন অৱতাৰ ধাৰণ কৰিছিল৷
‘চণ্ডী’ বা ‘চণ্ডীকা’ তথা ‘উষা’ দেৱীৰ অন্য দুই অৱতাৰ৷ দেৱী দূর্গাৰ সকলো বৈশিষ্টই উষা দেৱীৰ লগত আছিল৷ ঋকবেদত উষা দেৱীক দেৱতাসকল তথা সূর্য্য দেৱতাৰ মাতৃ হিচাপে অৱগত কৰা হৈছে৷ মা কালী হৈছে দেৱীৰ অন্য এক অৱতাৰ৷ দুই মহাপ্ৰতাপী অসুৰ মধু আৰু কৈতভক বধ কৰিবৰ বাবে দেৱীয়ে মা কালীৰ ৰূপ ধাৰণ কৰিছিল৷ প্ৰলয়ৰ পাছত ভগৱান নাৰায়ণৰ কর্ণৰ পৰা এপাহি পদুম ফুলৰ সৃষ্টি হল যত ভগবান ব্ৰহ্মা বিৰাজমান আছিল৷ কিন্তু তাৰ লগতে সেই সময়ত মধু আৰু কৈতভ নামেৰে অসুৰ দুটাৰো জন্ম হৈছিল৷ জন্মৰ লগে লগেই সিহঁতে ব্ৰহ্মাক বধ কৰিবলৈ উদ্যত হল৷ উপায়হীন হৈ ব্ৰহ্মাই স্তুতি কৰাত ভগৱান নাৰায়ণৰ নেত্ৰৰ পৰা দেৱীয়ে মহাকালীৰ ৰূপত প্ৰকট হৈ অসুৰ দুটাক বধ কৰে৷ এসময়ত মহিষাসুৰ নামেৰে এক মহাশক্তিমান অসুৰে স্বর্গত অত্যাচাৰৰ সৃষ্টি কৰি দেৱতাসকলক স্বর্গৰ পৰা খেদি দি স্বর্গৰাজ্য অধিকাৰ কৰিছিল৷ দেৱগণে ভগৱান নাৰায়ণ আৰু শিৱক আৰাধনা কৰাত তেওঁলোকে নিজৰ শৰীৰৰ পৰা এক প্ৰচন্ড ৰশ্মি নির্সগিত কৰিলে আৰু ইয়াৰ ফলত দেৱীৰ মহালক্ষ্মীৰ অৱতাৰ সৃষ্টি হল৷ সেই অৱতাৰ ধাৰণ কৰি দেৱীয়ে মহিষাসুৰক বধ কৰি দেৱতাসকলক নিজৰ ৰাজ্য ঘূৰাই দিছিল৷ শুম্ভ আৰু নিশুম্ভ নামেৰে অন্য দুই অসুকৰ বধ কৰিবৰ বাবে দেৱীয়ে মহাসৰস্বতী বা চামুন্ডা অৱতাৰ ৰূপে প্ৰকট হৈছিল৷ চামুন্ডা দেৱীয়ে ৰক্তবীজ নামেৰে অন্য এক অসুৰকো বধ কৰিছিল৷ ৰক্তবীজৰ এক বিশেষত্ব আছিল যে ইয়াৰ এক টোপাল ৰক্ত মাটিত পৰিলেই পুনৰ অন্য এক অসুৰৰ জন্ম হৈছিল৷ চামুন্ডা দেৱীয়ে ৰক্তবীজক বধ কৰিবৰ বাবে মহাকালীক স্তুতি কৰি কৈছিল- ‘হে মা, নিজৰ বিশাল মুখ প্ৰকট কৰা আৰু ইয়াৰ সকলো ৰক্ত তুমি পান কৰা’৷ মহাকালীয়ে তেনেকৈ ৰক্তবীজৰ সকলো ৰক্ত পান কৰি অসুৰটোক বধ কৰিছিল৷ মা দূর্গাৰ চতুর্থটো অৱতাৰ বা ৰূপে মা যোগমায়াৰ অৱতাৰ ধাৰণ কৰি ভগৱান কৃষ্ঞক কংসৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল৷ দেৱীয়ে ৰক্তদন্টিকা নামৰ পন্চম অৱতাৰেৰে ভেপৰাচিটি ৰাক্ষসক বধ কৰে৷ ৰাক্ষসটোক বধ কৰাৰ সময়ত দেৱীয়ে ইয়াৰ ৰক্ত পান কৰিছিল বাবে দেৱীৰ এই অৱতাৰক ৰক্তদন্টিকা নামেৰে জনা যায়৷
দেৱীৰ ষষ্ঠ অৱতাৰ কোনো অসুৰ বধৰ বাবে নহয় বৰঞ্চ প্ৰাকৃতিক দুর্যোগৰ পৰা দেৱতা তথা ঋষিমুনি সকলক ৰক্ষা কৰিবৰ বাবে প্ৰকট হৈছিল৷ এসময়ত পৃথিৱীত ১০০ বছৰৰ বাবে খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেনে অৱস্থাত উপায়হীন হৈ দেৱতাসকলে যজ্ঞ আয়জন কৰাত দেৱীয়ে শাকম্ভৰী নামেৰে অৱতাৰ ধাৰণ কৰি দেৱগণক দুর্যোগৰ পৰা ৰক্ষা কৰিছিল৷ তেনেদৰে দূর্গা ৰূপেৰে সপ্টম অৱতাৰ, ভ্ৰামৰী ৰূপে অষ্টম অৱতাৰ তথা চন্ডিকা ৰূপে নৱম অৱতাৰ ধাৰণ কৰি দেৱীয়ে বিভিন্ন অসুৰ তথা অপশক্তিক বিনাশ কৰি শান্তি ঘূৰাই আনিছিল৷ চন্ড আৰু মুন্ড নামেৰে দুই অসুৰক বধ কৰাৰ বাবে দেৱীৰ নৱম অৱতাৰৰ নাম চন্ডিকা৷ ইয়াৰ ওপৰিও দেৱী দুর্গাক বিভিন্ন নামেৰে জনা যায়, তাৰ ভিতৰত কালী, ভগৱতী, ভৱানী, অম্বিকা, গৌৰী, ভুৱনেৱশ্বৰী ইত্যাদি অন্যতম৷
নৱৰাত্ৰিৰ সময়ত দেৱী দূর্গাৰ ন বিভিন্ন অৱতাৰ বা ৰূপক ভক্তসকলে পূজা-অর্চনা কৰে৷ প্ৰত্যেক দিন দেৱীৰ এক অৱতাৰৰ নামত উৎসর্গিত৷ ‘দেৱী মাহাত্ম্য’ত উল্লেখিত মতে নৱৰাত্ৰিত পূজিত নৱদূর্গাৰ অৱতাৰসমূহ হৈছে ক্ৰমে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মান্ডা, স্কন্দমাতা, কাত্যায়িনী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী৷ নৱৰাত্ৰিৰ ন দিনত দেৱীক এই নটা ৰূপত পূজা-অর্চনা কৰা হয়৷

নৱৰাত্ৰিৰ প্ৰথম দিন -

মা শৈলপুত্ৰী- নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱীক মা শৈলপুত্ৰীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ দুই ভূজাৰ সৈতে আর্ৱিভাব ঘটিছে৷ এখন হাতত এডাল ত্ৰিশূল তথা আনখন হাতত এপাহ পদুমফুল লৈ দেৱী এটা ষাড়গৰুৰ ওপৰত বিৰাজমান৷ শৈলপুত্ৰীক দক্ষ প্ৰজাপতিৰ কন্যা তথা ভগৱান শিৱৰ ভার্য্যা সতীৰ পুনৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়৷

নৱৰাত্ৰিৰ দ্বিতীয় দিন -

মা ব্ৰহ্মচাৰিণী- নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক মা ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপতো দেৱীৰ দুই ভূজাৰ সৈতে আর্ৱিভাব হৈছে৷ এখন হাতত এডাল জপমালা তথা আনখন হাতত এটা পবিত্ৰ ঘট লৈ দেৱী শান্ত আৰু সমায়িত ৰূপত বিৰাজমান৷ ব্ৰহ্মচাৰিণীৰ এনে শান্ত-সমাহিত ৰূপৰ বাবে তেওঁক তপস্যাৰিণী বুলিও জনা যায়৷

নৱৰাত্ৰিৰ তৃতীয় দিন -

মা চন্দ্ৰঘন্টা- নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱীক বা চন্দ্ৰঘন্টাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ দশভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু ধনু-কাড়ঁ, ঘট, পদুম ফুল, জপমালা, ত্ৰিশূল, গদা, তৰোৱাল ইত্যাদি বহন কৰি ক্ৰোধিত ৰূপত তেওঁ বিৰাজমান৷ দেৱীয়ে শিৰত ঘন্টা আকৃতিৰ এক অলংকাৰ পৰিধান কৰে বাবে তেওঁ চন্দ্ৰঘন্টা নামেৰে জনাজাত৷

নৱৰাত্ৰিৰ চতুর্থ দিন -

মা কুষ্মান্ডা- নৱৰাত্ৰিৰ চতুর্থ দিনা দেৱীক মা কুষ্মান্ডাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ অষ্টভূজাৰে সৈতে আর্ৱিভাব হৈছে ৷ ইয়াত দেৱীক যথেষ্ট সুখী আৰু আনন্দিত দেখা যায়৷ বিশ্বাস কৰা হয় যে মা কুষ্মান্ডাক আৰাধনা কৰিলে সমাজৰ সকলো অপায় অমংগল নাশ হৈ সৃষ্টিশীলতাৰ দিশে গতি কৰে৷ দেৱীয়ে অষ্টভূজাত ধনু-কাড়ঁ, পদুম ফুল, জপমালা, ঘট, গদা ইত্যাদি বহন কৰিছে৷

নৱৰাত্ৰিৰ পঞ্চম দিন -

মা স্কন্দমাতা- নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীক মা স্কন্দমাতাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ চর্তুভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু বাহন সিংহৰ ওপৰত তেওঁ বিৰাজমান৷ দেৱীৰ এই অৱতাৰ হৈছে ভগৱান কার্তিকৰ (যাক স্কন্দ নামেৰেও জনা যায়) মাতৃ, সেয়েহে তেওঁক স্কন্দমাতা ৰূপে জনা যায়৷

নৱৰাত্ৰিৰ ষষ্ঠ দিন -

মা কাত্যায়িনী- নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱীক মা কাত্যায়িনীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপতো দেৱীৰ চর্তুভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু ধাল, তৰোৱাল, পদুম ফুল ইত্যাদি বহন কৰি বাহন সিংহৰ ওপৰত তেওঁ বিৰাজমান৷ কাত্যা নামৰ ঋষিমুনি এজনৰ পুত্ৰীৰ ৰূপত দেৱীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয় আৰু সেইবাবেই তেওঁ কাত্যায়িনী নামেৰে জনাজাত৷
নৱৰাত্ৰিৰ সপ্তম দিনঃ-

মা কালৰাত্ৰি- নৱৰাত্ৰিৰ সপ্তম দিনা দেৱীক মা কালৰাত্ৰিৰ ৰূপত পূজা কৰা হয়৷ কালৰাত্ৰি দেৱীৰ চেহেৰা তথা আকৃতি অতি ভয়ংকৰ৷ এই ভয়ংকৰ আকৃতি তেওঁ ভক্ত সকলক ৰক্ষা তথা অসূৰ আৰু আসূৰিক শক্তিক বিনাশ কৰিবৰ বাবেহে গ্ৰহন কৰে৷ এই অৱতাৰত দেৱীৰ চর্তুভূজাৰ সৈতে আর্ৱিভাৱ হৈছে আৰু দেৱীৰ বাহন হৈছে এটা গাধ৷ সপ্টমী দিনা কালৰাত্ৰি দেৱীক আৰাধনা কৰিলে ভক্তকলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰে৷

নৱৰাত্ৰিৰ অষ্টম দিন -

মা মহাগৌৰী- নৱৰাত্ৰিৰ অষ্টম দিনা দেৱীক মা মহাগৌৰীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱী এটা ষাড় গৰু বা বগা হাতীৰ ওপৰত বিৰাজমান৷ মহাগৌৰীক মা পার্বতীৰ পুনৰ অৱতাৰ হিচাবে বিশ্বাস কৰা হয় আৰু তেওঁ ভগৱান শিৱক পতি ৰূপত পাবলৈ কঠোৰ সাধনা আৰু তপস্যা কৰিছিল৷

নৱৰাত্ৰিৰ নৱম দিন -

মা সিদ্ধিদাত্ৰী- নৱৰাত্ৰিৰ নৱম দিনা দেৱীক মা সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰা হয়৷ এই অৱতাৰত দেৱীৰ চর্তুভুজাৰ ৰূপত আর্ৱিভাৱ ঘটিছে আৰু তেওঁ পদুমফুল, গদা, ধাল আৰু পুস্তক লৈ পদুম ফুলৰ ওপৰত বিৰাজমান৷ এই ৰূপত দেৱীয়ে অজ্ঞানতাৰ অন্ধকাৰ আতঁৰাই জ্ঞান আৰু প্ৰজ্ঞাৰ জ্যেতি প্ৰদান কৰে৷ নৱমী দিনা মা সিদ্ধিদাত্ৰীক আৰাধনা কৰাৰ পাছত ভক্তসকলে সিদ্ধি লাভ কৰে৷
এনেদৰেই সম্পূর্ণ ন দিন দেৱীক বিভিন্ন ৰূপত আৰাধনা কৰাৰ পাছত দশমী দিনা বিসর্জন দিয়াৰ লগে লগেই নৱৰাত্ৰি উৎসৱৰ সামৰণি পৰে৷ উৎসৱৰ আনন্দত মতলীয়া হোৱা ৰাইজ পুনৰ নিজ নিজ কর্মত ব্যস্ত হৈ পৰে৷ নটা দিন শক্তি পূজা তথা সাধনাত মগ্ন থকাৰ ফলত শৰীৰ তথা আত্মাই লাভ কৰে এক অনন্য কর্মশক্তি, এক অফুৰন্ত উদ্যম আৰু ততোকৈ গুৰুত্বপূর্ণ দৈৱিক তথা আধ্যাত্মিক পবিত্ৰতা৷ সমগ্ৰ মানব জাতি তথা জীৱকুলৰ কল্যাণ সাধনেই হৈছে আধ্যাত্মিকতাৰ মূল উদেশ্য৷ দেৱী দূর্গাৰ আগমন তথা পূজা অর্চনাই মানবজাতিৰ বাবে কঢ়িয়াই লৈ আনক সুখ-সমৃদ্ধি, উন্নতি তথা প্ৰগতিৰ বতৰা৷ দেৱীৰ আর্শীবাদে আমাক অন্যায় তথা সমাজৰ অপশক্তিক নির্মূল কৰিবলৈ আৰু দৈৱিক শক্তিৰ ধ্বজাবাহক হৈ মানৱতাৰ জয়গান গাবলৈ শক্তি আৰু দৃঢ়তা প্ৰদান কৰক৷ ভগৱতীৰ চৰণত এয়ে আমাৰ প্ৰার্থনা৷

লেখক :- অভিনন্দন গোস্বামী

উৎস :- অসমীয়াৰ সুখ দুখ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top