আলি আ:ই লৃগাং উৎসৱৰ পিছতেই প:ৰাগ উৎসৱৰ নামোল্লেখ কৰিব পাৰি। লৃগাঙৰ দৰে প:ৰাগো কৃষি উৎসৱ। ইয়াক নৰা-ছিগা বিহুও বোলা হয়; যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয়। আনহাতে প্ৰধানত: ডেকা-গাভৰুসকলৰ প্ৰচেষ্টাত বা উদ্যোগত এই উৎসৱটি উদ্যাপিত হোৱাৰ বাবে অঞ্চল বিশেষে ইয়াৰ নাম মৃম্বৰ-য়া:মে। ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে। প:ৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য। এই ঘৰ গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা দেখা যায়। ঘৰৰ চ’তি আৰু খুটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰে। ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে। ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে। ‘আজিকালি আকৌ অঞ্চল বিশেষে হিন্দু ধৰ্ম তথা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ ফলত মহৎলোকৰ বাণী, কবিতাৰ কলি নাইবা কীৰ্তনৰ দুই-চাৰিটা পদ লিখি থোৱাও দেখা যায়। এনে কাৰু কাৰ্যৰ বাবে চূণেই হৈছে প্ৰধান আহিলা’। তাৰ উপৰি চিত্ৰ-বিচিত্ৰ ৰঙীণ কাগজৰ ফুল কাটি গোটেই মুৰংঘৰটো জাতিষ্কাৰ কৰা দেখা হয়। প:ৰাগ উৎসৱ পৰিচালনা কৰিবৰ কাৰণে কেইটামান পদবীৰ সৃষ্টি কৰা হয়। এই পদবীবোৰৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, ডেকা বৰা, তিৰি বৰা আদি উল্লেখযোগ্য। মিগম বৰা আৰু বৰ পুৱাৰীয়ে ৰাইজক পৰিচালনা কৰে। ডেকা বৰা, তিৰি বৰা আৰু সমস্ত ডেকা-গাভৰুসকলে তেওঁলোকৰ কথামতে বিভিন্ন কাম সম্পন্ন কৰে। মিগম বৰা আৰু বৰ পুৱাৰীক আলপৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰাণী নামৰ দুজন লোক থাকে। মিগম বৰা বিবাহিত পুৰুষো হ’ব পাৰে। কিন্তু বৰ পুৱাৰীক গাভৰু ছোৱালী বিলাকৰ মাজৰপৰা নিৰ্বাচন কৰা হয়। ৰাইজৰ পৰিচালনা কাৰ্যত ডেকা বৰা আৰু তিৰি বৰাৰ নিযুক্তিয়ে স্পষ্টভাৱে আহোম শাসনযন্ত্ৰৰ প্ৰভাৱ দেখুৱাই দিয়ে যদিও গাঁও সভাবোৰৰ জৰিয়তে পূৰ্বৰ কৌবাঙৰ বৈশিষ্ট্য আৰু গণতান্ত্ৰিক ঐতিহ্যও ৰক্ষা কৰা হৈছে। এই উৎসৱত অংশ গ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ৰাইজক মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে। অন্তত: চাৰি-পাঁচখন গাঁৱৰ ৰাইজক এনেদৰে আমন্ত্ৰণ কৰা দেখা যায়। আমন্ত্ৰণ ৰক্ষা কৰা সকলক বাটৰ পৰা মুৰং ঘৰলৈ গুমৰাগ্ নাচৰ যোগেদি আগবঢ়াই অনা প্ৰথাক মিনম-য়াম্নাম বোলে। প:ৰাগ উৎসৱ তিনি দিন পালন কৰা দেখা যায়। অতীততে প:ৰাগ উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰিছিল। বৰ্তমান মিবুৰ স্থান নাই বুলিয়েই ক’ব পাৰি। এই উৎসৱত দঁতাল গাহৰি, আপং আদি উচৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দ:ঞি-প:ল, চে: দি-মে:ল আদি সৃষ্টিকৰ্তা সকলক আৰাধনা কৰে। উদ্দেশ্য ‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক’। প:ৰাগৰ শেষৰ দিনা ৰাইজসকল মিগম বা বৰ পুৱাৰীৰ ভিতৰত যিকোনো এজনৰ ঘৰলৈ যায় আৰু সেইদিনা দুয়োজনে নিজৰ খৰচত ৰাইজক গাহৰি মাৰি ভোজ-ভাত খুৱাই উৎসৱ পৰিচালনা কৰাৰ ক্ষেত্ৰত হ’ব পৰা দোষ-ত্ৰুটিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে।
লিখক: ড° গণেশ পেগু, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
আঘোনৰ উৎসৱ মহোহো
অসমৰ বসন্ত উৎসৱ
অসমৰ প্ৰথম দৌল উৎসৱ
অসমৰ কৃষ্টি-সংস্কৃতিৰ বৰপথাৰত দক্ষিণ কামৰূপৰ ভেলদি...