অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাটকাই

বিশ্বৰ অন্যতম জৈৱ-বৈচিত্ৰৰে চহকী পাটকাই। ঘন চিৰ সেউজীয়া বৰ্ষাৰণ্যৰে ভৰা পাটকাই। অসমৰ কেইবাখনো নদীৰ উত্‍পত্তিস্থলো এই পাটকাই। কেইবাটাও বৰ্ণাঢ্য জনগোষ্ঠীৰ বসতিস্থল মহান পাটকাই। পাটকাই আমাৰ ৰাজ্য অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এটা সুউচ্চ পৰ্বত। এই পৰ্বতেৰে ভূমুকি মাৰে সূৰুযৰ প্ৰথম কিৰণ আমাৰ ৰাজ্য অসমত। পাটকাই পৰ্বতটো অসম, অৰুণাচল আৰু নাগালেণ্ডৰ ওপৰিও ম্যানমাৰ দেশলৈ বিস্তৃত হৈ আছে। পাটকাই পৰ্বতৰ পৰাই উত্‍পত্তি অসমৰ বুঢ়ীদিহিং আৰু নদিহিং। নদিহিং নদী মিছিমি আৰু পাটকাইৰ পৰ্বতৰ সংযোগস্থলীৰ পৰা প্ৰথমে ‘ডিয়োম’ নাম লৈ বৈ আহিছে। পাটকাইৰ পৰা ওলোৱা আনকেইখন নদী হ’ল নামফুক, টিৰাপ, আৰু দিবাং বা দিল্লি নৈ। ইয়াৰ ওপৰিও পাটকাইৰ মিছিমি পৰ্বত শ্ৰেণীৰ পৰা আৰু ভালেমান নৈ-উপনৈ ওলাই অৰুণাচল হৈ অসমলৈ প্ৰবাহিত হৈছে।

পাটকাইৰ ইতিহাস

পাটকাই পৰ্বত বিশ্বৰ অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই। পাটকাই হ’ল আন্তৰ্জাতিক প্ৰব্ৰজনৰ অন্যতম গিৰিপথ। চীনৰ য়ুনান প্ৰদেশৰ পৰা মধ্য তথা পশ্চিম ভাগৰ পৰা ভাৰতবৰ্ষলৈ চলা বিশ্বৰ অন্যতম প্ৰধান ৰেচম পথটো পাটকাই ওপৰেৰে প্ৰতিষ্ঠিত হৈছিল । এই পাটকাই ওপৰেৰেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গাড়ী যাব পৰাকৈ সজা পথটোৱেই হ’ল ষ্টীলৱেল পথ। অসমৰ ৰাজনৈতিক ইতিহাসৰ সৈতে পাটকাইৰ সম্পৰ্ক সুগভীৰ। চীনৰ য়ুনান অঞ্চলত অৱস্থিত মংমাও ৰাজ্যৰ পৰা অহা চাওলুং চ্যুকাফাই পাটকাই পাৰ হৈ অসমত আহোম ৰাজ্য প্ৰতিস্থা কৰিছিল। পাটকাই গিৰিপথেদিয়েই মান সকল আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছিল। পাটকাই গিৰিপথেদিয়েই চিংফৌ, তাংছা, নক্তে আদি বিভিন্ন জনগোষ্ঠীয়ে ব্ৰহ্মদেশৰ পৰা আহি পুৰণি অসমত বসবাস কৰিবলৈ লৈছিল। পাটকাই পাদদেশতেই প্ৰতিষ্ঠিত হৈছিল কেইবাখনো সৰু সৰু জনজাতীয় ৰাজ্য। প্ৰথম তেলৰ পুং আৰু ক’লা সোণ কয়লাৰ খনি পাটকাই পাদদেশতে উদ্ঘাটিত হৈছিল।

প্ৰাকৃতিক সম্পদ

পাটকাই অঞ্চল জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ বাবে জনাজাত। অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব বিখ্যাত। এই ৰাষ্ট্ৰীয় উদ্যানত বৰফৰ বাঘ আৰু ঢেঁকীয়াপতীয়া বাঘ একেলগে পোৱা। পৰ্বতৰ টিঙত বৰফৰ বাঘ আৰু সমুদ্ৰপৃষ্ঠৰ কিছু উচ্চতাৰ অৰণ্যত ঢেঁকীয়াপতীয়া বাঘ বাস কৰে। বিজ্ঞানী সকলে প্ৰকাশ পৰা এক গৱেষণা পত্ৰৰ মতে নামদফা অঞ্চলতেই ১৩ প্ৰকাৰৰ কেঁচু, ৫ প্ৰকাৰৰ জোক, ৪৩০ প্ৰকাৰৰ পতংগ, ১৪০ প্ৰকাৰৰ পখিলা, ৭৬ প্ৰকাৰৰ মাছ, ২৫ প্ৰকাৰৰ চৰাই আছে। মুঠতে পাটকাই অঞ্চল বিশ্বৰ বন্যপ্ৰানীৰ অন্যতম চহকী অঞ্চল।

জনগোষ্ঠী

পাটকাই এক বিশেষত্ব হ’ল জনগোষ্ঠী আৰু লোক সংস্কৃতিৰ বৈচিত্ৰ। পাটকাই পৰ্বতমালাত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে বসবাস কৰি সাংস্কৃতিক বৈচিত্ৰৰ সৃষ্টি কৰিছে। এই অঞ্চলত বসবাস কৰা বহুতো জনগোষ্ঠীৰ বিষয়ে পৃথিৱীৰ মানুহে নাজানে। আনকি আমি অসমৰ মানুহেও নাজানো যে পাটকাই অঞ্চলত কিমান বিচিত্ৰ জনগোষ্ঠীয়ে বসবাস কৰি আছে। আটাইতকৈ ডাঙৰ কথা হ’ল- এই প্ৰাকৃতিক অৱস্থাৰ বাবে বিপন্ন হৈছে তেওঁলোকৰ জীৱন, সমাজ আৰু পাৰম্পৰিক সংস্কৃতি। ইতিমধ্যে পাটকাই অঞ্চলত বসবাস কৰা কেইবাটাও জনগোষ্ঠীয়ে হেৰুৱাইছে তেওঁলোকৰ ভাষা। ভাষা হেৰুৱাৰ লগে লগে হেৰাই গৈছে তেওঁলোকৰ পৰম্পৰাগত সংস্কৃতি। নগাভূমিৰ ওপৰিও অৰুণাচল প্ৰদেশৰ বৃহৎ অংশ এটা পাটকাই পৰ্বতৰ অন্তৰ্গত। পাটকাইত থকা নগাগোষ্ঠীসকলৰ লগতে অৰুণাচলৰ ভালেমান জনগোষ্ঠীয়ে এই পৰ্বতত বাস কৰে। খামতি, চিংফৌ, টাংছা, টুটছা, নক্টে, ৱাংচু লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য জনজাতি। এই প্ৰধান জনজাতি সকলৰ আকৌ ভালেমান উপজনজাতি আছে। টাংছা জনগোষ্ঠীটোৰেই ১৮ টা উপজনগোষ্ঠী আছে। টাংছা উপজনগোষ্ঠীবোৰ হ’ল লুংছা, ৰংৰেং, টংগলিম, নামফাং, জুগলি, লংছিং। এইদৰে প্ৰায়বোৰ প্ৰধান জনগোষ্ঠীৰেই বহুতো উপজনগোষ্ঠী আছে। এওঁলোকৰ সমাজ-ব্যৱস্থা, জীৱন প্ৰণালী, পাৰম্পৰিক সংস্কৃতিৰ বিচিত্ৰতা পৃথিৱীতেই বিৰল।

লিখক: দুলাল বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate