মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / পুতলা নাচৰ পৰম্পৰা আৰু পৰিবৰ্ধন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুতলা নাচৰ পৰম্পৰা আৰু পৰিবৰ্ধন

পুতলা নাচৰ পৰম্পৰা আৰু পৰিবৰ্ধন

লোকসংস্কৃতিৰ বৈচিত্ৰ্যময় আংগিকৰ অন্যতম পুতলা নাচ৷ লোকসংস্কৃতিৰ শিল্প জগতত পুতলা নাচ এক অন্যতম শিল্প কলা৷ পুতলা নাচত বিবৰ্তন আৰু ইতিহাস আজিও স্পষ্টকৈ ক’ব পৰা নাযায়৷ বহু বিশেষজ্ঞৰ মতে আদিম মানব মনতেই পুতলা নাচৰ ধাৰণাই ভূমুকি মাৰিছিল৷ অৱশ্যে পুতলা নাচৰ জন্ম সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য এতিয়ালৈ পোৱা হোৱা নাই৷ কিন্তু প্ৰাচীন কালৰে পৰাই পৃথিৱীৰ প্ৰায়বোৰ সভ্য দেশতই নানা ধৰণৰ পুতলা নাচ প্ৰচলন থকাৰ লিখিত প্ৰমাণ পোৱা যায়৷ ইউৰোপৰ বুৰঞ্জীত পোৱা তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীতেই পুতলা নাচৰ প্ৰচলন আছিল৷ আচিয়াৰ মধ্য চীন, ভাৰতবৰ্ষ, জাভা অঞ্চলত এই বিষয়ে কিছু প্ৰাচীন ঐতিহ্য বিচাৰি পোৱা যায় যদিও এই পুতলা নাচৰ মূল উৎসৰ ইতিহাসক যথাযথভাবে অনুসন্ধান কৰি উলিওৱা সহজ নহয়৷ * (*শৰ্মা সত্যেন্দ্ৰনাথ: পৰম্পৰাগত প্ৰাচ্য নাট্যভিনয়, ২০০৭, পৃ. ৬২)

পুতলা নাচ আৰু পুতলা অভিনয়ে ভাৰতত উৎপত্তি লাভ কৰি ভাৰতীয় সংস্কৃতিৰ বিস্তৃতি আৰু প্ৰসাৰৰ লগে লগে দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ লগতে জাপান পৰ্য্যন্ত বিয়পি পৰে৷ ইয়াৰ মূল কাৰণ অৱশ্যে বৌদ্ধ ধৰ্ম আৰু সংস্কৃতিৰ প্ৰসাৰ বুলি ক’ব পাৰি৷ * (*প্ৰাগুক্ত গ্ৰন্থ, পৃ. ৬৫)

খ্ৰীষ্টিয় দ্বাদশ-ত্ৰয়োদশ শতিকাৰ আগতেই দক্ষিণ পূৱ এছিয়াৰ কিছুমান অঞ্চলত ছায়া পুতলা নাচ, পুত্তলিকা অভিনয় দেখা যায়৷ *(*প্ৰাগুক্ত, পৃ. ৬৮)

তলত পৃথিবীৰ বিভিন্ন দেশত, প্ৰচলিত পুতলা নাচৰ বিষয়ে উল্লেখ কৰা হ’ল-

পৃথিবীৰ বিভিন্ন দেশত পুতলা নাচ-

থাইলেণ্ড     —————–         Nang Talung

ভিয়েটনাম  —————–         Water Puppet

মালয়েছিয়া  —————-     Wayang Djava

চীন  —————-    Chinese Shadow Theatre

ইণ্ডোনেছিয়া  —————-    Wayang Kulit

জাপান      —————     Bunruku

কোৰিয়া     —————     Ggodu Gagsi

তুৰস্ক       —————     Karagog

ইটালী       —————     Merionettes

ওপৰোক্ত দেশবোৰৰ উপৰি আমেৰিকা, আফ্ৰিকা, জাৰ্মানী, অষ্ট্ৰিয়া, গ্ৰেট ব্ৰিটেইন, ইৰাণ, ব্ৰহ্মদেশ আদিতো পুতলা নাচৰ প্ৰচলন আছে, উল্লেখ্য স্থানভেদে পুতলা নাচৰ নাম ভিন্ন হোৱাৰ লগতে পুতলা সজাৰ শৈলীও সুকীয়া আৰু উপস্থাপন কৌশলো বিচিত্ৰ৷

ভাৰতত পুতলা নাচ-

ভাৰতত পুতলা নাচ এক প্ৰাচীনতম সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতত পুতলা নাচ যে সু প্ৰাচীন তাৰ স্বাক্ষৰ ৰাময়ণ- মহাভাৰতে বহন কৰে৷ মহাভাৰতৰ বনপৰ্বৰ ত্ৰিংশ অধ্যায়ত দ্ৰৌপদীয়ে যুধিষ্ঠিৰক কৈছে “যেনেকৈ সূত্ৰধাৰে দাৰুময়ী নাৰী নিৰ্মাণ কৰি তাত অংগসমূহক সংযোগ কৰে, তেনেকৈ বিধাতাই সমুদায় জীৱৰ অবয়ব সৃষ্টি কৰি তেওঁলোকক প্ৰবৃত্ত কৰায়৷ “ দশম শতাব্দীৰ প্ৰসিদ্ধ নাট্যকাৰ ৰাজশেখৰৰ ’বাল ৰামায়ণ’ত সীতাৰ গঢ়ত নিৰ্মিত এটা পুতলাৰ মুখত কথা ক’ব পৰা ভাটৌ চৰাই এটা ৰাখি ৰাৱণক চলনা কৰাৰ কথা জনা যায়৷ এনে উল্লিখনৰ পৰা পুতলা নাচ আৰু পুতলা অভিনয়ৰ পৰম্পৰা যে অতি প্ৰাচীন সেই বিষয়ে সন্দেহ নাই৷ * (*প্ৰাগুণ্ড গ্ৰন্থ, পৃ. ৫৬)

ভাৰতৰ বিভিন্ন ৰাজ্যত পুতলা নাচৰ প্ৰচলন আছে৷ অৱশ্যে প্ৰতিখন ৰাজ্যতে প্ৰচলিত পুতলা নাচৰ উপস্থাপন শৈলী ভিন্ন আৰু পুতলাবোৰো সুকীয়া সুকীয়া৷ পুতলাবোৰৰ পোচাক-পৰিচ্ছদ, আ-অলংকাৰ আদিৰ স্থানীয় সমাজৰ আৰ্হি প্ৰয়োগ কৰা হয় বাবে এই ভিন্নতা সহজে চকুত পৰে৷ ভাৰতত বিভিন্ন প্ৰকাৰৰ পুতলা পোৱা যায়৷ তাৰ ভিতৰত কেইবিধ মান হৈছে- আঙুলি পুতলা, ছায়া পুতলা, জল পুতলা, সূতা পুতলা, হাত পুতলা, লাঠি পুতলা ইত্যাদি৷

তলত ভাৰতৰ কেইখনমান ৰাজ্যত প্ৰচলিত পুতলা নাচৰ নাম উল্লেখ কৰা হ’ল-

ৰাজ্য                    পুতলা নাচ

মণিপুৰ                  লাইথিবি জাগৈ

ত্ৰিপুৰা                  পুতুল নাচ

পশ্চিমবংগ        পুতুল নাচ/ পুতুল বাজি

উৰিষ্যা                  গোপলীলা কন্ধেহী

কৰ্নাটক                 সূত্ৰদবোম্বে/ গোম্বোৱাট

মহাৰষ্ট্ৰ                  কালাসূঁতিৰ বাহুলিয়া

অন্ধ্ৰপ্ৰদেশ              কেলুবম্বালট্টা

কেৰেলা                 নুলপাৱকুত্থু

এইবোৰৰ উপৰি গুজৰাট, ৰাজস্থান আদি ৰাজ্যতো পুতলা নাচৰ বহুল প্ৰয়োগ আছে৷

অসমত পুতলা নাচ

অসমৰ পৰম্পৰাগত লোকপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত পুতলা নাচ অন্যতম৷ অসমত পুতলা নাচ কিমান প্ৰাচীন তাক জনাৰ নিৰ্ভৰযোগ্য উপায় নাই৷ কিন্তু শংকৰদেৱৰ ’আদি দশম’ত উল্লেখ থকালৈ চাই এই অনুষ্ঠানটি শংকৰী যুগৰ আগৰ পৰাই চলি আহিছে বুলি ভবাৰ অৱকাশ আছে৷ * (*দাস, নাৰায়ণ; ৰাজবংশী পৰমানন্দ (সম্পা.): অসমীয়া সংস্কৃতিৰ কনিকা, ২০০৬, পৃ. ২২৪)

শংকৰদেৱে নব বৈষ্ণব ধৰ্ম প্ৰচাৰ কাৰ্য্যতো এই কলাক ব্যৱহাৰ কৰিছিল বুলি জনা যায়৷ * (*Dutta, Birendra Nath: ’Puppetry in Assam’ Cultural History of Assam, Dinesh Ch. Deka (Ed.) 2008, p.131)

বহু গৱেষকে অসমত জল পুতলা থকাৰ কথা কয় যদিও কাঠ পুতলা আৰু ছায়া পুতলাৰহে প্ৰচলন বেছি৷ ভাগৱতৰ দশম স্কন্ধত ছায়া পুতলাৰ কথা উল্লেখ আছে৷ অসমত উজনি-নামনি অঞ্চলকে ধৰি সত্ৰসমূহতো পুতলা নাচৰ প্ৰচলন আছে৷

পুতলাবোৰ কোমল পাতল কাঠেৰে প্ৰস্তুত কৰা হয়৷ কিছুমান পুতলা আকৌ কুহিলা, টান কাপোৰ আদিৰেও তৈয়াৰ কৰা হয়৷ তদুপৰি পুতলাৰ শৰীৰটো উপযুক্তভাবে প্ৰস্তুত কৰিবৰ বাবে কাপোৰ, শৰীৰৰ আন আন অংগৰ বাবে বাঁহ, গৰুৰ গোবৰ, শুকান মেটেকা, নাৰিকলৰ জাবৰ (আঁহ) আদি ব্যৱহাৰ কৰা হয়৷ কোনো কোনো কাৰিকৰে পুতলা প্ৰস্তুতকৰণৰ বাবে কাগজৰ মণ্ডু, তালগছৰ গুটি, টোকোৰা চৰাই বাঁহ, ভোলৰ জাবৰ আদিও ব্যৱহাৰ কৰে৷ অসমত প্ৰচলন হোৱা পুতলাবোৰৰ সাধাৰণ উচ্চতা ১ফুটৰ পৰা ৩/৪ ফুটলকৈ৷

বাজিকৰৰ হাতত নিৰ্জীৱ পুতলাই প্ৰাণ পাই উঠে৷ পুতলাই কথা কয়, নাচে, হাঁহে, কান্দে৷ আঁৰ কাপোৰৰ আঁৰত থকা এজন ব্যক্তিয়ে ক’লা সূতাৰ সহায়ত অৰ্থপূৰ্ণ আৰু জীৱন্ত ৰূপত পুতলাবোৰ পৰিচালনা কৰে৷ সূতা ধৰি এই এই অনুষ্ঠান প্ৰদৰ্শন কৰা কাৰ্যৰ পৰাই পিছলৈ ’সূত্ৰধাৰ’ শব্দটোৰ সৃষ্টি হৈছে বুলি জনা যায়৷

পুতলা নাচ বা পুতলা অভিনয়ৰ বিষয়বস্তু আৰু কাহিনীসমূহ ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ পৰা লোৱা হয়৷ ইয়াৰোপৰি সমাজ সচেতনতাৰ বাবে বিভিন্ন সামাজিক, অৰ্থনৈতিক আদি বিষয়বস্তুকো সামৰি লোৱা দেখা যায়৷ কিছু বছৰ আগলৈকে এই কলাবিধে, সমাজৰ সকলো শ্ৰেণীৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু সাম্প্ৰতিক সময়ত এই লোকশিল্প আমাৰ মাজৰ পৰা নোহোৱা হ’বলৈ উপক্ৰম হৈছে৷ অৱশ্যে সুখৰ কথা যে পৰম্পৰাগত এই পৰিবেশ্য কলা বৰ্তমান অৱহেলিত হোৱাৰ সময়তে এচাম বাজিকৰ, গৱেষক তথা সমাজৰ সচেতন ব্যক্তিসকলে ইয়াৰ পুনৰ প্ৰচলনৰ চেষ্টা অব্যাহত ৰাখিছে৷

ডলিতা কলিতা

2.98148148148
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top