তেনে এক উদ্দেশ্য আগত ৰাখিয়েই নিজৰ জীৱনত সন্মুখীন হোৱা তথা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত আমাৰ সমাজত প্ৰচলিত অলেখ লোক-বিশ্বাসৰ মাজৰ পৰা মাত্ৰ পঁচিশটা লোক-বিশ্বাসৰ বৈজ্ঞানিক যুক্তিযুক্ততা উপস্থাপন কৰা হৈছে—
দৈনন্দিন জীৱনত বহু সময়ত আমাৰ সমাজৰ জ্যেষ্ঠসকলে বিভিন্ন কাৰণত উপবাসে থাকিবলৈ দিয়ে। প্ৰাচীন কালৰে পৰাই উপবাস পালনৰ নিয়ম প্ৰচলিত হৈ আহিছে। দেহৰ আভ্যন্তৰীণ অংগসমূহৰ বিশ্ৰামৰ লগতে মানসিক প্ৰশান্তি লাভৰ বাবেই উপবাস কৰাৰ প্ৰয়োজনীয়তা আছে। একেৰাহে চলি থকা ইঞ্জিন এটা যেনেদৰে গৰম হৈ বিকল হৈ পৰে আৰু তাৰবাবে ইঞ্জিনটোৰ জিৰণিৰ প্ৰয়োজন হয়; তেনেদৰেই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মানুহৰ দেহ-যন্ত্ৰটোকো জিৰণি দিলে অলেখ সুফল পোৱা যায়। মানুহৰ খাদ্যতন্ত্ৰ পৰিষ্কাৰ কৰাৰ ই এক ফলপ্ৰসূ প্ৰক্ৰিয়া।
আমাৰ সকলোৰে ধাৰণা হয় যে, ধৰ্মীয় কাৰণতহে মন্দিৰৰ কলচীৰ ওপৰত ত্ৰিশূল দিয়া হয়। ত্ৰিশূল ধৰ্মীয় প্ৰতীক হ’লেও প্ৰকৃততে সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিৰেহে প্ৰাচীন কালৰে পৰাই এই ত্ৰিশূলবোৰ বজ্ৰনিৰোধক হিচাপে ব্যৱহাৰ কৰি আহিছে। অৱশ্যে এই লোৰে নিৰ্মিত ত্ৰিশূল আকৃতিৰ অংশবিশেষ মাটিৰ তলৰ পৰা সংলগ্ন হৈ থাকিব লাগে। তেনে গঠনক ‘লাইটনিং এৰেষ্টৰ’ বুলি কোৱা হয়। এই লাইটনিং এৰেষ্টৰবোৰে বজ্ৰপাত পৰাত বাধা দিয়ে; ই কেৱল ধৰ্মীয় নিময় নহয়। সম্প্ৰতি ওখ ওখ অট্টালিকাবোৰতো এনে ব্যৱস্থা গ্ৰহণ কৰাতো পৰিলক্ষিত হয়।
দৈহিক গঠন অনুসৰি নাৰীৰ চুলিৰ গুৰিত যৌনগ্ৰন্থী থাকে আৰু পুৰুষে নাৰীৰ মূৰত বা চুলিত হাত দিলে কামনাৰ উদ্বেগ হয়। সেয়েহে কোনো পুৰুষে ছোৱালী বা মহিলাৰ মূৰত হাত দিব নাপায় বুলি কয়। অৱশ্যে পিতৃ-মাতৃ, আত্মীয় তথা গুৰু স্থানীয় ব্যক্তিৰ কথাটো বেলেগ।
বৈজ্ঞানিকসকলৰ মতে, মাছ, মাংস আৰু গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু স্নেহ পদাৰ্থ থাকে। এইবোৰ সহজে হজম নহয়। সেয়েহে এই তিনিওবিধ খাদ্য একেলগে খালে বদহজম অথবা পেটৰ নানা অসুখ হ’ব পাৰে বাবে একেলগে খাব নালাগে। ইয়াৰ লগত অৱশ্যে দ্ৰব্যসমূহৰ সুলভতা তথা অৰ্থনৈতিক দিশ এটাও জড়িত হৈ আছে।
চ’ত আৰু কাতি মাহত মাছৰ বসন্ত ৰোগ হয়। সেয়ে এই দুমাহত মাছ খালে, খোৱা সকলৰো তেনে ৰোগ হ’ব পাৰে। সেইদৰে বহাগ মাহত মাছৰ কণী পৰাৰ সময়। তেনে সময়ত কণীযুক্ত মাছ খালে সিহঁতৰ বংশ ৰক্ষাত ব্যাঘ্যাত জন্মিব পাৰে বাবে অতীজৰে পৰা এই তিনিমাহত মাছ খোৱা নিষিদ্ধ হৈ আহিছে। মাছৰ প্ৰজাতি সংৰক্ষণৰ ই এক পৌৰাণিক প্ৰথা মাত্ৰ।
অনাদি কালৰে পৰাই মানুহে শুদ্ধি হ’বৰ বাবে গোবৰ-পানী ব্যৱহাৰ কৰি আহিছে। আগৰ দিনত ফেনাইল, ডেটল আদিৰ প্ৰচলন নাছিল। তেনে ক্ষণত গোবৰকে শুদ্ধিকাৰক হিচাপে ব্যৱহাৰ কৰিছিল। কিয়নো গোবৰ বীজাণুনাশক হিচাপে বিবেচিত হৈ আহিছে।
মাহ-হালধিৰ ৰসে ছালৰ উজ্জলতা বৃদ্ধি কৰে। তদুপৰি, প্ৰধানতঃ হালধি বীজাণুনাশক। হালধিয়ে ছালৰ বিভিন্ন ৰোগ নাশ কৰাৰ লগতে ছাল মিহি কৰে আৰু দেহৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। সেয়েহে বিয়াত দৰা-কইনাক মাহ-হালধিৰে নোৱাই গা-খুওৱাৰ নিয়ম প্ৰচলিত হৈ আহিছে। যাতে সুন্দৰ দেহ-মনেৰে যুগ্ম জীৱনৰ পাতনি মেলিব পাৰে।
তুলসী গছৰ পাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজাৰ প্ৰধান আহিলা হিচাপে আদিম কালৰে পৰা মান্যতা প্ৰদান কৰি আহিছে। অসমীয়াৰ কাতি বিহুত তুলসী পূজা কৰা হয়। অন্যহাতেদি তুলসী গছৰ পাতৰ ৰস আৰু গুটি বিভিন্ন ৰোগৰ নিৰ্মূলকাৰী। পানীলগা জ্বৰ, কাঁহ, স্বপ্নদোষ আৰু শুক্ৰক্ষয় ৰোগত তুলসী পাতৰ ৰস আৰু গুটি অতি উপকাৰী। সেইদৰেই বিভিন্ন চৰ্মৰোগত তুলসী গছৰ ৰস ব্যৱহাৰ কৰা হয়। সৰ্বতোপৰি তুলসী গছ বায়ু শোধনকাৰী। সেয়েহে গৃহস্থী, মন্দিৰ অথবা ৰজহুৱা স্থানত তুলসী গছ ৰোপণ আৰু প্ৰতিপালন কৰিব লাগে।
বৰষুণৰ সময়ত যেতিয়া বিজুলী মাৰে, তেতিয়া বায়ুৰ অক্সিজেন আৰু নাইট্ৰ’জেনৰ মাজত বিক্ৰিয়া ঘটি নাইট্ৰিক এচিডৰ উৎপন্ন হয় আৰু বৰষুণৰ পানীৰ লগত মিহলি হৈ তললৈ নামি আহে। তেনে পানীত তিতিলে গাৰ ঘামচিৰ লগতে অন্যান্য সৰু-সৰা ছালৰ ৰোগো ভাল হয়। তাৰোপৰি বৰষুণৰ পানীৰে কাপোৰ ধুলে সুন্দৰকৈ পৰিষ্কাৰ হয়।
পৰিয়ালৰ আপোনজনৰ মৃত্যুত আমি দুখে-বেজাৰে ভাৰাক্ৰান্ত হৈ থাকোঁ। তেনে মানুহৰ ভোক নোহোৱা হয় আৰু হজম শক্তি হ্ৰাস পায়। তেনে পৰিৱেশত সাধাৰণভাৱে জীয়াই থাকিবলৈ দিনত ফলমূল আৰু ৰাতি তেল, হালধি-মচলা বিহীন কেৱল সিজোৱা আহাৰ খোৱাৰ নিয়ম প্ৰচলন হৈ আহিছে। যাতে সহজে হজম হোৱাৰ লগতে ৰন্ধন কাৰ্যতো সহয় হয়।
প্ৰসূতি মাতৃগৰাকীৰ শৰীৰ যথেষ্ট দুৰ্বল আৰু ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কম হৈ থাকে। তেনে সময়ত অন্য মানুহৰ সংস্পৰ্শলৈ আহিলে মাতৃগৰাকীৰ লগতে সদ্যোজাত কেঁচুৱাটিৰো অপকাৰ হ’ব পাৰে। সেইবাবেই আগৰ দিনত প্ৰসূতি আৰু কেঁচুৱাক বেলেগ কোঠাত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছিল। সেইদৰেই প্ৰসূতি মাতৃৰ খোৱা-বোৱাৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰা হয়। তাৰোপৰি পুষ্পিতা হোৱা বালিকাসকলকো কিছু নিৰাপদভাৱে ৰখা হয়, যাতে তেওঁলোক শাৰীৰিক তথা মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে। এনে সময়ত তেওঁলোকক অসুস্থ লোক বা পৰিবেশৰ পৰা আঁতৰাই ৰখা উচিত।
সৌৰজগতৰ একমাত্ৰ জীৱৰ বাসোপযোগী গ্ৰহ পৃথিৱীৰ প্ৰতিজন মানুহেই পুৱা বিচনাৰ পৰা নামিয়েই মাতৃ জ্ঞান কৰি প্ৰণাম কৰিব লাগে। অৰ্থাৎ বিছনাৰ পৰা নামি কিছু সময় খালী ভৰিৰে একচিত্তে ধ্যান কৰিব লাগে। তেনে কৰিলে চেঁচা মাটিৰ সংস্পৰ্শত মনৰ মাজত থকা টোপনিৰ আৱেশ দূৰ হ’ব আৰু নতুন উদ্যমেৰে নতুন দিনটোক আদৰি ল’ব পাৰিব। মনলৈ সতেজতা ভাৱৰ উদ্বেগ ঘটিব।
অতীজৰ ঋষি-মুনিসকলে সৰ্বশক্তিমান সূৰ্য দেৱতাক পিতৃৱৎ জ্ঞান কৰি পূজা কৰিছিল আৰু শয্যা ত্যাগ কৰি কোনো নদীত স্নানৰ অন্তত সূৰ্য প্ৰণাম কৰাৰ নিয়ম প্ৰচলন কৰিছিল। তাৰ বৈজ্ঞানিক ব্যাখ্যা আমি এনেদৰে ক’ব পাৰোঁ যে, সূৰ্য হৈছে সকলো শক্তিৰে মূল। পুৱা মুকলি স্থানত উদয় হ’ব খোজা সূৰ্যক লক্ষ্য কৰি কিছু সময় ধ্যান কৰিলে, নিৰ্মল বতাহ আৰু নিৰিবিলি পৰিৱেশে মন সতেজ আৰু জীৱনী শক্তি বৃদ্ধি কৰে, কাম কৰাৰ উৎসাহ যোগায় তথা দেহ-মন পবিত্ৰ কৰি তুলিব।
প্ৰাচীন কালৰে পৰা ঘৰ সাজোঁতে মূল দুৱাৰখন সদায় দক্ষীণমুখী অথবা পূৱফালে কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। ভৌগোলিকভাৱে এই দুটা দিশহে ঘৰৰ দুৱাৰ হ’লে সু-ফল পোৱা যায়। কিয়নো আমাৰ দেশৰ উত্তৰফালে হিমালয় পৰ্বতমালা আৰু দক্ষিণফালে আছে সাগৰ-মহাসাগৰ। সেয়েহে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে শৰীৰ জুৰ পেলায় আৰু শীতকালত সূৰ্যৰ পোহৰ আৰু তাপ প্ৰচুৰ পৰিমাণে লাভ কৰে। সেইদৰেই পূবফালে দুৱাৰ আৰু মুকলি ঠাই থাকিলে সূৰ্যৰ পোহৰ আৰু তাপ পোৱাৰ বাবে ঘৰখন ফৰকাল আৰু বহুতো ৰোগৰ পৰা হাত সাৰিব পৰা যায়।
কেঁচুৱাৰ গা-ধোৱা পানীত দুৱৰি এডাল নাইবা তুলসীৰ পাত দি থ’ব লাগে যাতে কেঁচুৱাটোৰ ওপৰত কোনো অপদেৱতাৰ প্ৰভাৱ নপৰে বুলি এটি লোক-বিশ্বাস প্ৰচলন হৈ আহিছে, আচলতে সেয়া নহয়। ইয়াৰ বিজ্ঞানসন্মত যুক্তিটো হৈছে যে সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি পানীত পৰে আৰু সেই পানীৰে গা ধুৱালে কেঁচুৱাটোৰ কোমল ছালৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। সেয়েহে সেই পানীখিনিত দুৱৰি বা তুলসীৰ পাত থ’লে, পাতখিনিত থকা সেউজীয়া অংশই সূৰ্যৰ সেই বিষাক্ত ৰশ্মি শোষণ কৰি পানীখিনি বিশুদ্ধ কৰি তুলিব। তাৰোপৰি তুলসীৰ পাতৰ ৰসে পানীখিনি সুগন্ধি কৰি তুলিব।
আচলতে আঁহত, জৰী, বট গছ জাতীয় উদ্ভিদৰ ঠাল-ঠেঙুলি তথা পাতৰ পৰিমাণ বেছি হয় আৰু জোপোহা হৈ বহু ঠাই আগুৰি থাকে। যিহেতু উদ্ভিদে দিনত সূৰ্যৰ পোহৰত সালোক-সংশ্লেষণ সংঘটিত কৰে আৰু শ্বসন গৌণ হৈ থাকে। আনহাতেদি ৰাতিৰভাগত সালোক-সংশ্লেষণ গৌণ হৈ শ্বসন কাৰ্য মুখ্য হিচাপে ৰূপায়ণ কৰে। সেয়েহে গছজোপাৰ ওচৰৰ বায়ুৰ প্ৰায়খিনি অক্সিজেন ব্যৱহাৰ কৰি পেলোৱাৰ লগতে কাৰ্বন-ডাই-অক্সাইডেৰে ভৰি পৰে। ফলত গছজোপাৰ তল অংশ আন অংশতকৈ তুলনামূলকভাৱে গৰম হয় আৰু তাৰ তলত কিছুসময় থাকিলে অক্সিজেনৰ অভাৱত উশাহ লোৱাত কষ্ট অনুভৱ হয়। আনকি কেতিয়াবা মৃত্যু পৰ্যন্ত হ’ব পাৰে। তাকে দেখি বহু সময়ত ভূতে পোৱা বুলি ভুলকৈ ভবা হয়। এইয়া কাৰ্বন-ডাই-অক্সাইডৰহে ক্ৰিয়া, কোনো ভূতৰ আক্ৰমণ নহয়।
কণীৰ আকৃতি শূন্যৰ নিচিনা, সেয়েহে মানুহে কোনো শুভ কামৰ আগতে কণী খাবলৈ নিদিয়ে যাতে কণী (শূন্য)ৰ দৰে ফল নাপায়, আচলতে তেনে নহয়। কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু চৰ্বি থাকে। কণীয়ে শৰীৰত অতি শীঘ্ৰেই উত্তেজনা বৃদ্ধি কৰিব পাৰে তথা তেজৰ চাপ বঢ়াই দিব পাৰে। যাৰ বাবে মন অশান্ত হ’ব পাৰে। সেয়েহে কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ যোৱাৰ আগতে কণী খাব নালাগে বুলি নিময় প্ৰচলিত হৈ আহিছে। যাতে শান্ত আৰু সুস্থ মন আৰু মগজুৰে কৰণীয়খিনি ভালকৈ কৰিবলৈ সক্ষম হ’ব পাৰিব।
প্ৰাচীন কালৰে পৰাই বেল গছ মানৱ জীৱনৰ অতিকে লাগতিয়াল উদ্ভিদ হিচাপে বিবেচিত হৈ আহিছে। পূজা-পাতলত বেলগছৰ পাত ব্যৱহাৰ হোৱা উপৰি ইয়াৰ পাত, ফল আৰু শিপাত ঔষধি গুণ আছে। পেটৰ অনেক ৰোগত বেল মহৌষধ হিচাপে ব্যৱহাৰ হয়। এনে এবিধ মূল্যৱান বৃক্ষ জাতীয় উদ্ভিদ যাতে সাধাৰণ মানুহে কাটি খাস্তাং নকৰে, তাৰ বাবেহে ব্ৰাহ্মণসকলে দেৱতা থকাৰ দৰে কথাৰ অৱতাৰণা কৰিছিল। দৰাচলতে প্ৰকৃতি সংৰক্ষণৰ ই এক ফলপ্ৰসূ প্ৰাচীন প্ৰক্ৰিয়া।
বেলপাতৰ আকৃতি এপাট ত্ৰিশূলৰ দৰে। বেলপাত সকলো পূজা তথা যজ্ঞৰে মুখ্য উপচাৰ। বেলপাতেৰে পূজা/যজ্ঞ কৰিলে সকলো দেৱতা সন্তুষ্ট হয় বুলি জনবিশ্বাস চলি আহিছে। এক কথাত বেলগছক সকলো হিন্দু ধৰ্মাৱলম্বী মানুহে পবিত্ৰ বৃক্ষ হিচাপে গণ্য কৰি আহিছে আৰু সেই মতেই মানুহৰ মনত বিশ্বাস জন্মাই আহিছে। ইয়াৰ অন্তৰালত থকা বিজ্ঞানসন্মত বিষয়টো হৈছে যে বেলপাতত এক বিশেষ উদ্দীপক পদাৰ্থ নিহিত হৈ থাকে। যাৰ বাবে ই কেঁচা অৱস্থাতে সহজে জ্বলে। তাৰোপৰি বেলপাতত জলীয় বাষ্পৰ পৰিমাণ বহু কম থকাৰ বাবে ই জুই জ্বলাত সহায় কৰে। ইপিনে বেলপাত জ্বলিলে অন্য গছৰ পাত জ্বলালে হোৱাৰ দৰে কোনো বিষাক্ত বা অস্বত্বিকৰ গোন্ধ নিৰ্গত নহয়। সেইবাবেই হোম বা যজ্ঞত বেলপাত ব্যৱহাৰ হয়। যাতে সহজতে যজ্ঞকাৰ্য সমাপন কৰিব পাৰি।
সূৰ্য হৈছে হিন্দু ধৰ্মৰ মূল দেৱতা; সৰ্বশক্তিমান। গতিকে তেনে এগৰাকী দেৱতাৰ ফালে মুখ কৰি প্ৰস্ৰাৱ কৰিলে সূৰ্য দেৱতা ৰুষ্ট হয় আৰু অনেক দুখ-দুৰ্দ্দশা, অমঙ্গল হ’ব। আচলতে তেনে নহয়। ইয়াৰ বৈজ্ঞানিক সত্যতাটো হৈছে যে, সূৰ্যৰ ৰশ্মি প্ৰস্ৰাৱৰ মাধ্যমেৰে পৰিচলন প্ৰক্ৰিয়াৰে আমাৰ শৰীৰৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰাৰ সুযোগ পায়, যাৰ বাবে আমাৰ মুত্ৰাশায়, বৃক্ক আদিকে ধৰি বিভিন্ন গ্ৰন্থিৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। সেয়েহে সূৰ্য বা চন্দ্ৰৰ ফালে প্ৰস্ৰাৱ কৰিব নালাগে।
মৃতদেহ সৎকাৰ কৰি শ্মশানৰ পৰা ঘূৰি আহিলে পদূলিৰ মূৰতে জুইৰ সেক লোৱাৰ লগতে তিতাবস্তু খোৱাৰ নিয়ম আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। এইয়া আচলতে ভূতে ধৰাৰ ভয়ত নহয়। শ্মশানৰ পৰা আহোঁতে বাহিৰে বাহিৰে গা ধুই তিতা কাপোৰেৰে অহা যায়, তেনেস্থলত জুই সেক এটা ল’লে গাটো ভাল লাগিব। তাৰোপৰি শ এটা দাহ কৰাৰ সময়ত বহুতো বীজাণু গাত লাগিব পাৰে। তেনেস্থলত জুইৰ সংস্পৰ্শত বীজাণু নাশ হয় আৰু মৃতদেহৰ পৰা ওলোৱা তথা দহনৰ সময়ত ওলোৱা দুৰ্গন্ধ নাশ কৰিবৰ বাবে তিতা মুখত ল’ব লাগে। কোনো ভূত খেদিবৰ বাবে নহয়।
খনাৰ বচন অনুসৰি, ভাদ মাহত লাও আৰু মাঘ মাহত মূলা খালে বংশ নষ্ট হয়। আচলতে ভাদ আৰু মাঘ মাহত ক্ৰমে লাও আৰু মূলাত এক বিশেষ জীৱাণুৰ সষ্টি হয় যি জীৱাণুৱে মানুহৰ দেহত সুস্থ-সবল সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস কৰিব পাৰে বুলি সন্দেহ কৰা হয়। সেইবাবেহে এই দুমাহত লাও আৰু মূলা খোৱাতো নিষিদ্ধ হিচাপে মানি অহা হৈছে।
আলতা হৈছে ৰূপ-চৰ্চ্চাৰ এক বিশেষ সামগ্ৰী আৰু এক উৎকৃষ্ট বীজাণুনাশক। আগৰ দিনত দৰা-কইনাই খালী ভৰিৰে থকাৰ নিময় আছিল। সেয়েহে বিয়াৰ কেইদিন একেৰাহে খালী ভৰিৰে থকা ফলত ভৰিৰ গোৰোহা দুটা খৰখৰীয়া হৈ ফাটি যায়। আলতা লগালে তেনে খৰখৰীয়া ভাৱ নোহোৱা হয় আৰু ফটাবোৰ শুকাই যায়। ই এক স্বাস্থ্য ৰক্ষাৰ বিধি, কেৱল সৌন্দৰ্য চৰ্চ্চা নহয়।
আগৰ দিনত আইতাহঁতে জীয়ৰী-বোৱাৰীসকলক সন্ধিয়াপৰত চুলি ফণিয়াবলৈ নিদিয়ে – বাহিৰা বস্তু বা যখিনীয়ে আসৈ পাব বুলি ভয় খুৱায়। দৰাচলতে তেনে নহয়। সাধাৰণতে মহিলাৰ দীঘল চুলি ফণিয়ালে দুই-এডাল চুলি সৰে। ইফালে সেইখিনি সময়ত ৰান্ধনীৰ শাক-পাচলি যতনাই লোৱাৰ সময়। তেনে অৱস্থাত অসাৱধানবশতঃ খাদ্যবস্তুৰ লগত চুলি মিহলি হৈ শৰীৰত ৰোগৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি মহিলাই চুলি ফণিওৱাৰ পাছত ছিগি পৰা চুলি সামৰি সামান্য থু লগাই গধুৰ কৰি পেলাবলৈ কয়। মুখ নালাগিবলৈ নহয়, উৰি নাযাবৰ বাবেহে।
আমাৰ ককা-আইতাৰ দিনত সূৰ্য-চন্দ্ৰ গ্ৰহণ ৰাহু-কেতুৰ আক্ৰমণৰ ফল বুলি ভাবিছিল আৰু তেনেসময়ত খাদ্য গ্ৰহণ কৰিলে পেট ফুলি ডাঙৰ হৈ যায় বাবে ৰাহু-কেতু লম্ভা বুলি বিশ্বাস কৰিছিল। অৱশ্যে তেনে নহয়, প্ৰকৃত কাৰণটো হৈছে গ্ৰহণৰ ফলত সৃষ্টি হোৱা বায়ুৰ অস্বাভাৱিক চাপ। আমি জানো যে, গ্ৰহণৰ সময়ত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য একে সৰলৰেখাত অৱস্থান কৰে। ফলত পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ সমানে পৰে। যাৰ বাবে পৃথিৱী পৃষ্ঠত বায়ুৰ চাপ কমি যায় আৰু সাগৰত জোৱাৰ-ভাটাৰ সৃষ্টি হয়। সেই সময়ত আমাৰ দেহৰ বাহিৰ আৰু ভিতৰৰ চাপ বেছি হৈ থকাৰ বাবে খাদ্য হজম হোৱাত বিসংগতি হয়। যাৰ বাবে পেট ফুলি অনেক অসুবিধা হোৱাৰ সম্ভাৱনা হ’ব পাৰে। সেয়েহে গ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ কৰা উচিত নহয়। অৱশ্যে ৰাহু-কেতুৰ ৰোষত পৰাৰ ভয়ত নহয়, বায়ুৰ চাপৰ পৰিবৰ্তনৰ বাবেহে।
যদিওবা উল্লিখিত লোক-বিশ্বাসসমূহ সম্প্ৰতি অপ্ৰাসংগিক যেন অনুভৱ হয়. তথাপি সকলোবোৰ পৰম্পৰা এৰাই চলাতো হয়তো আমাৰ বাবে মঙ্গলজনক নহ’ব। কাজেই পুৰণা নীতি-নিয়ম, বাধা-নিষেধসমূহ উলাই কৰি চলাৰ বাবেই বৰ্তমান সময়ত সামাজিক উশৃঙ্খলতা বৃদ্ধি পোৱা বুলি ভবাৰ যথেষ্ঠ থল আছে। সেয়েহে আমি লোক-পৰম্পৰাসমূহ যুক্তি সহকাৰে সংশোধন কৰি মানি চলিলে সকলোৰে উপকাৰত আহিব আৰু আমাৰ উদ্দেশ্যও সেয়াই।
লিখক: তিলক কুমাৰ মহন্ত
শেহতীয়া উন্নীতকৰণ: : 5/1/2020