মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / প্ৰাক আহোম যুগৰ খাদ্য-ৰীতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাক আহোম যুগৰ খাদ্য-ৰীতি

প্ৰাক আহোম যুগৰ খাদ্য-ৰীতি

প্ৰাক আহোম যুগৰ খাদ্যৰ ক্ষেত্ৰত পুৰণি লিপিসমুহ নিমাত। সাহিত্যততো পুৰণি অসমীয়া খাদ্য ৰীতিৰ বিষযে কেতিয়াবাহে দুই এটা উল্লেখ পোৱা যায়। খাদ্যৰ ক্ষত্ৰত ভাৰতৰ আন ঠাইৰ লগত অসম নিমিলে। ভাতেই আছিল অসমীয়া হিন্দুৰ প্ৰধান খাদ্য। ব্ৰাক্ষ্মণকে ধৰি সকলো শ্ৰেণীৰ লোকেই মাছ-মাংস খাইছিল। তথাপি জন্তু তথা মাছ বিশেষে কিছু বধা নিষেধ আছিল।সধাৰণতে জলবায়ু আৰু বাসিন্দাসকলৰ স্বভাৱৰ ওপৰতে খাদ্যৰ স্বৰুপ নিৰ্ভৰ কৰিছিল। অসমত খাদ্য ৰীতি উদাৰতাৰ ভেটিত গঢ়ি উঠিছিল আৰু বৈষ্ণৱ সংস্কাৰৰ কাললৈকে এই উদাৰতা চলি আহিছিল। ব্ৰত, কাৰোবাৰ মৃত্যুত পালন কৰা হবিচ আৰু সংক্ৰান্তি, একাদশী আদিৰ দৰে কাৰণত খাদ্যাদিৰ বাধা-নিষেধ মানি চলা হৈছিল। এনেবোৰ ক্ষেত্ৰত কেৱল খাদ্যই নহয় সংস্কৃতিৰ অন্যান্য বৈশিষ্ট্য মতে অনাৰ্যসকলৰ মিল দেখা যায়। যোগিনীতন্ত্ৰৰ মতে উচ্চজাতৰ লোকে দেখাত সাপৰ দৰে আৰু বাকলি নথকা মাছ নখাইছিল “মত্স্যামম চ সলহীনামস চ বৰ্জয়েত” এই খন গ্ৰন্থতে হাঁহ, পাৰ, কাছ, আনকি বন্-গাহৰিও অনুমোদন কৰা হৈছে1 ”হংসম পৰাবতম ভক্ষং কুৰমং বৰাহমেব চ কামৰুপে পৰিত্যাগাদ দুৰ্গতিচ তস্য সম্ভাবেত।'' ছাগলী, হৰিণ, গঁড় আদিৰ মাংসও খোৱা হৈছিল্। কোনো কোনো সূত্ৰৰপৰা গাহৰি মাংস খোৱাৰ কথাও জনা যায়। কলৰ কোমল মধুনাৰে গাহৰি মাংসৰ সুস্বাদু আঞ্জা কৰা হৈছিল। এতিয়া লৈকে অসমীয়া হিন্দুৱে গৰু মাংস খোৱাৰ কথা পোৱা নযায়। প্ৰাচীন ভাৰতত আৰ্যসকলেও খাদ্যৰ বাবে গো-বধ কৰা কথাত মতভেদ আছে। কিন্তু আৰ্য্যসকলৰ মাজত এই ৰীতিৰ প্ৰচলন থকাটো অসম্ভৱ নহয়। অৱস্বে কোনো স্পষ্ট প্ৰমাণৰ অবিহনে অসমীয়া হিন্দুৰ ক্ষেত্ৰত এই বিষয়ে কোনো স্থিৰ সিদ্ধান্তত উপনীত হ’ব নোৱাৰি।
কলগছৰ পচলাৰ খাৰৰ আঞ্জা অসমত অতি জনপ্ৰিয় আছিল। খাৰক আচলতে নিমখৰ পৰিপুৰক হিছাপে ব্যৱহাৰ কৰা হৈছিল। নানা ফলেৰে মাছৰ টেঙা খোৱা হৈছিল; চাউল, গাখীৰ আৰু চেনিৰে কৰা পায়স অসমীয়াৰ এবিধ বিশেষ আহাৰ। অসমীয়াৰ খাদ্যৰ নানান বৈশিষ্ট্যৰ কথা বিভিন্ন পুথিত উল্লেখ পোৱা যায়। বিশেষকৈ যোগিনীতন্ত্ৰত দৈ, ঘি আৰু ম’হৰ গাখীৰেৰে নানান মিঠাইৰ কথা উল্লেখ আছে। যোগিনীতন্ত্ৰত আৰু কুমৰ হৰণত শাক-পাচলি, মাছ, মাংস, দাইল আদি নানা প্ৰিয় খাদ্য ওপৰিও আদা, জীৰা, জলকীয়া, জালুক্, কৰ্পূৰ, সৰিয়হ আদি বিভিন্ন মচলাৰ উল্লেখ পোৱা যায়। যোগিনীতন্ত্ৰত মূলা, ৰাজক, বাস্তুক, পালেং, নল, শুক্ল, লফা, চংগা, ঢেকীয়া আদি শাক-পাচলিৰ নাম পোৱা যায়। কিন্তু এই উল্লেখবোৰ সৰ্বসাধাৰণৰ জীৱনৰ পৰিপেক্ষিতত কৰা হৈছিল বুলি বিস্বাস কৰিবলৈ তান লাগে। অসমীয়া খাদ্য আচলতে সৰল-সহজ আছিল। সৰহ ভাগ মানুহৰে নিত্য প্ৰয়োজন খিনি ঘৰতে উত্পন্ন কৰি লৈছিল। প্ৰত্যেক গৃহস্থৰে নিজা গৰু-ম’হ, খেতিৰ পথাৰ, শাক-পাচলিৰ বাৰী, লাগনী গছ আদি আছিল। ঘৰতে বনোৱা চাউলৰ মদ, জনজাতিসকলে যাক লাওপানী বোলে, প্ৰায় সকলোৱে খাইছিল্। অৱশ্যে অতীত অসমত ইয়াৰ প্ৰচলনৰ প্ৰামাণ প্ৰায় নথকাৰ দৰে। বাণে উল্লেখ কৰা মতে, ভাস্কৰে হৰ্ষলৈ “সুস্বাদু সুৰাৰ গন্ধ ওলাই থকা উল্লকৰ পাত্ৰ” পঠিয়াইছিল। বৰগাঁও লিপিত থকা ‘মধুমদ’ যিমান দূৰ সম্ভৱ মৌৰ পৰা তৈয়াৰ কৰা হৈছিল। যোগিনীতন্ত্ৰত কামেশ্বৰীৰ পূজাৰ সন্দৰ্ভত মদৰ কথা কোৱা হৈছে “ৰুধিৰৈব মাংস্-মদ্যশ চ পূজয়েত পৰমেশ্বৰীম্” সম্ভৱত সকলো মানুহৰ মাজত এই মদ প্ৰচলিত নাছিল্। অসমীয়া মানুহৰ মাজত আন এটা জনপ্ৰিয় অভ্যাস আছিল তামোল খোৱা। অনাৰ্য, বিশেষকৈ তামোল অতিশয় ভাল পোৱা খাচীসকলেই বোধহয় তামোল-পাণ প্ৰচলন কৰিছিল। অসমত প্ৰচুৰ তামোল-পাণ উত্পন্ন হোৱাৰ কথা লিপিসমূহ আৰু সাহিত্যগ্ৰন্থ উভয়তে পোৱা যায়। যোগিনীতন্ত্ৰত এইবিধ বস্তু বিশেষকৈ মহিলাসকলৰ মাজত অতিশয় প্ৰচলিত থকাৰ কথা কোৱা হৈছে। প্ৰকৃততে কেঁচা তমোল-পাণ চুণৰ সৈতে খোৱা প্ৰথা অসমৰ বাহিৰে ভাৰতৰ আন কোনো ঠাইতে দেখা নাযায়। এইবিধ বস্তু অসমত এতিয়াও সৰ্বজনপ্ৰিয় আৰু ইয়াৰ এক বিশেষ সামাজিক তথা জাতীয় তাত্পৰ্যও আছে ।

উত্স:  পলাশ জ্যোতি ভৰালী

2.94339622642
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top