মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ফাকুৱা উৎসৱত প্ৰাকৃতিক ৰং
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফাকুৱা উৎসৱত প্ৰাকৃতিক ৰং

ফাকুৱা উৎসৱত প্ৰাকৃতিক ৰংৰ বিষয়ে লিখা হৈছে

 

আমাৰ দেশৰ ফাকুৱা উৎসৱ বুলি ক’লেই ৰঙৰেই সমাহাৰ, ৰঙৰেই উৎসৱ বুলি ক’ব পাৰি। এই উৎসৱৰ বাবে বিভিন্ন ৰং প্ৰস্তুত হৈ আহিছে আৰু এইবোৰ ব্যৱহাৰ কৰি দেশৰ জনসাধাৰণে সেই বিশেষ দিনকেইটাত আনন্দ কৰি আহিছে। বজাৰত সুলভ এই ৰংবোৰত সাধাৰণতে ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে। মানুহৰ ছালত এই ৰঙে কুপ্ৰভাৱ পেলোৱাটো স্বাভাৱিক। কম বয়সৰ ল’ৰা – ছোৱালী এনে ধৰণৰ কথাৰ প্ৰতি বেছি সজাগ নহয়। কিন্তু ছালত হোৱা কু – প্ৰভাৱ দূৰ কৰিবলৈ যথেষ্ট সময় লাগে আৰু খৰচীও হয়।

আমি আমাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰি বা ঘৰুৱাভাৱে ব্যৱহৃত খামগ্ৰী বিধৰ পৰা যদি ফাকুৱা উৎসৱত আনন্দ কৰিবৰ জোখাৰে ৰং ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰোঁহক, নিশ্চয় কুপ্ৰভাৱৰ পৰা মুক্তি পোৱাই নহয়, কিছু ক্ষেত্ৰত ছালৰ বাবে উপকাৰহে হ’ব। এই ৰং আহৰণৰ বাবে আমি নিশ্চয়কৈ নিৰ্ভৰ কৰিব লাগিব গছ – গছনি, ফুল – পাত, গছৰ ছাল ইত্যাদিৰ ওপৰত। ফাকুৱাত ফাকু শুকান পাউদাৰৰ দৰেও ব্যৱহাৰ কৰা হয় নাইবা পানীৰ লগত মিহলাই পনীয়াকৈও ব্যৱহাৰ কৰা হয়। এই দুয়ো বিধেই বেলেগে বেলেগে প্ৰস্তুত কৰিব লগীয়া হয়।

জাৰকালি মানুহৰ ঘৰে ঘৰে নানান ৰঙৰ ফুলেৰে ফুলনি তৈয়াৰ কৰা দেখা যায়। এই ফুলবোৰ শুকোৱাৰ আগতেই ছিঙিব লাগে। পুৰণা বাতৰি কাকতত এই ফুলবোৰ মেলি ছাঁত শুকোৱাব লাগে। ৰ’দত থ’লে ইয়াৰ ৰং নাইকিয়া হ’ব। শুকোৱাত পাছত গ্ৰাইণ্ডাৰত গুড়ি কৰিলে ৰঙীন পাউডাৰ পোৱা যায়।

ৰঙা ৰং : ৰঙা ৰং তৈয়াৰ কৰিবলৈ হ’লে বিট বা গাজৰ গ্ৰাইণ্ডাৰত পিহি পানীৰ লগত মিহলাই ল’লেই ৰঙা ৰং পোৱা যায়। গাঢ়তা বঢ়াবলৈ বা কমাবলৈ পানীৰ পৰিমাণ কম – বেছি কৰিব পাৰে। বিলাহী আৰু গাজৰৰ ৰসৰ পৰাও ৰঙা ৰং পোৱা যায়। দুচামুচ ৰঙা চন্দন পাউডাৰ অলপমান পানীত উতলাই ঠাণ্ডা হ’বলৈ দিব লাগে আৰু পানী মিহলাই পৰিমাণ বঢ়াই ল’ব লাগে। ডালিমৰ ৰঙা বাকলি পানীত উতলাই ল’লে ৰঙা ৰং পাব পাৰি। খাবলৈ লোৱা এখন পাণত খয়েৰ আৰু চূণ সানি গুড়ি কৰি দুচামুচ হালধি আৰু কেইটোপালমান পানী মিহলাই পেষ্ট কৰি ১০ লিটাৰ পানীত মিহলাই ল’ব লাগে। সুন্দৰ ৰঙাৰং পোৱা যাব। পুৰৈ শাকৰ গুটিৰ পৰাও ভাল ৰং পোৱা যায়। আফ্ৰিকাৰ বহু ঠাইত প্ৰাকৃতিক ৰঙা ৰঙৰ উৎস হিচাপে পুৰৈ শাক আৰু জবা ফুল বহুলভাৱে প্ৰচলিত হৈ আছে।

ৰঙা জবা, ৰঙা গোলাপৰ পাহি পুৰণা বাতৰি কাকতৰ মাজত মেলি ছাঁত শুকুৱাই গুড়ি কৰি ল’লে ৰঙা ৰঙৰ পাউডাৰ পোৱা যাব। ৰঙা চন্দন কাঠৰ গুড়ি কৰিও ৰঙা ৰং প্ৰস্তুত কৰি ল’ব পাৰে। এই গুৰি (পাউডাৰ) ছালৰ বাবেও অতিশয় উপকাৰী, ফেছপেক হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

সুমথিৰা ৰং : ভগৱান শ্ৰীকৃষ্ণৰ লগত কদম ফুলৰ যেন বিশেষ সম্পৰ্ক। কৃষ্ণই হেনো ৰঙৰ উৎসৱত কদম ফুলৰ ব্যৱহাৰ কৰিছিল। এই কদম ফুল এৰাতি পানীত তিয়াই থ’লে বা উতলা পানীত কেই মিনিটমান উতলাই ল’ব লাগে। পানীখিনি চেকি ল’লে সুগন্ধি হালধীয়া সুমথিৰা ৰং পোৱা যাব। ইয়াত জেতুকা গুড়ি মিহলাই সুন্দৰ সুমথিৰা ৰং পোৱা পোৱা যাব। আধাকাপ পানীত কেইডাল মান ছেফৰণ কেইঘণ্টামান তিয়াই থৈ পাছত পিহি পেষ্ট তৈয়াৰ কৰি অলপ পানীত মিহলাই ল’ব লাগে। সুমথিৰা ৰঙৰ গাঢ়তা বঢ়াবলৈ এই ছেফৰণৰ পৰা তৈয়াৰ কৰা পেষ্ট মিহলাই ল’ব লাগে।

হালধীয়া ৰং : দুভাগ হালধি গুড়িৰ লগত চাৰি ভাগ বেছন মিহলাই হালধীয়া ফাকু তৈয়াৰ কৰিব পাৰে। কিছুমান হালধীয়া ফুল, যেনে – নাৰ্জী ফুল, হালধীয়া ইন্দ্ৰমালতী বা অন্যান্য হালধীয়া ৰঙৰ ফুল ছাঁত পুৰণা বাতৰি কাকতৰ মাজত শুকুৱাই গুড়ি কৰি বেছনৰ লগত মিহলাই হালধীয়া ৰং তৈয়াৰ কৰি ল’ব পাৰে। পকা বেলৰ শাহখিনি শুকুৱাই গুড়ি কৰি সুন্দৰ হালধীয়া ৰঙৰ পাউডাৰ পাব পাৰে। হালধীয়া ৰঙৰ ক্ষেত্ৰত অসমত সহজে হোৱা কেতুৰী হালধি (এইবিধ হালধি খোৱাত ব্যৱহাৰ কৰা নহয়) শুকুৱাই গুড়ি কৰি বেছনৰ লগত বা পিঠাগুড়িৰ লগত মিহলাই হালধীয়া ফাকু গুড়ি প্ৰস্তুত কৰিব পাৰে।

গুলপীয়া, মেজেণ্টা ৰং : কেইটামান বীট পাতলকৈ কাটি বা গ্ৰাইণ্ডাৰত গুড়ি কৰি ১ লিটাৰ পানীত উতলাই বা এৰাতি তেনেকৈয়ে থ’লে সুন্দৰ ৰং ওলায়। পানী মিহলাই পাতল কৰি ব্যৱহাৰ কৰিব পাৰে। ১০-১৫ টা মান পিঁয়াজৰ বাকলি আধা লিটাৰ পানীত উতলাই ল’লে গুলপীয়া ৰং পোৱা যায়। ব্যৱহাৰৰ আগতে বাকলিবোৰ পানীৰ পৰা উঠাই পেলাব লাগে যাতে গোন্ধ নাইকিয়া হয়। গুলপীয়া ৰঙৰ ফুল শুকুৱাই গুড়ি কৰি ব্যৱহাৰ কৰিব পাৰে।

সেউজীয়া ৰং : সেউজীয়া ৰঙৰ বাবে কিছু নিমপাত পানীত সিজাব লাগে। বহু ৰোগৰ আৰোগ্যৰ কাৰণ নিমপাতৰ পৰা তৈয়াৰ কৰা দ্ৰব্য খেলাত ব্যৱহাৰ কৰোঁতে বহু উপকাৰ পাব। নতুন ৰং এটি পাবৰ বাবে ইয়াত কিছু হালধি মিহলাই ল’ব পাৰি। কৃষ্ণচূড়াৰ পাত পানীৰ লগত গ্ৰাইণ্ডাৰত পিহি সুন্দৰ সেউজীয়া ৰং পাব পাৰে। একেদৰে ঘেহুঁৰ পাতৰ পৰাও সেউজীয়া ৰং পোৱা যায়। সাধাৰণতে পোৱা সেউজীয়া শাক, যেনে – পালেং, ধনিয়া, মেথি, মূলাৰ পাত ইত্যাদি পানীৰ লগত গুড়ি কৰি সেউজীয়া ৰং উলিয়াই ল’ব পৰা যায়।

জেতুকাৰ পাউডাৰৰ লগত সমান পৰিমাণৰ ময়দা মিহলাই সুন্দৰ ৰং পোৱা যায়। ইয়াৰ লগত আমলখিৰ গুড়ি মিহলালে মুগা ৰং পোৱা যায়। মেথিৰ গুড়ি পদিনাৰ গুড়িৰ লগত মিহলাই সুন্দৰ ৰং এটি পোৱা যায়।

নীলা ৰং : নীলা ৰঙৰ ফুল ছাঁত শুকুৱাই গুড়ি কৰি নীলা পাউডাৰ পোৱা যায়। যিসকলে নীল খেতি কৰে তেওঁলোকে নীলৰ গুটি গুড়ি কৰি পানীত মিহলাই ইচ্ছামতে নীলা ৰং প্ৰস্তুত কৰি ল’ব পাৰে।

বেঙুনীয়া ৰং : বেঙুনীয়া ৰঙৰ বাবে ক’লা জামু পানীত তিয়াই থ’লে সুন্দৰ বেঙুনীয়া ৰং পোৱা যায়। সংৰক্ষণ কৰি সময়ত পানী মিহলাই ব্যৱহাৰ কৰিব পাৰে।

মুগা ৰং : কফি পানীত উতলাই দৰকাৰ অনুযায়ী পানীত মিহলাই ব্যৱহাৰ কৰিব পাৰে। আকৌ ক’ক পাউডাৰৰ লগত পাউডাৰৰ গাখীৰ মিহলাই পানীৰ লগত মিহলাই দিলে ধুনীয়া মুগা ৰং পোৱা যায়। শিশুহঁতৰ বাবে বৰ ভাল লগা হয়। আকৌ আমি খাবলৈ লোৱা তামোল – পাণ ভালদৰে  গুড়ি কৰি পানীত মিহলাই ল’লেও মুগা ৰং পোৱা যায়। খয়েৰ লগোৱা পাণ গুড়ি কৰি পানীৰ লগত মিহলাই মুগা ৰং পাব পাৰি।

ক’লা ৰং : শুকান আমলখি এটা লোহাৰ পাত্ৰত সিজাই ৰাতিটো তিয়াই থ’ব লাগে। এই পানীখিনি পাতল কৰিবৰ বাবে পানীৰ লগত মিহলাই ক’লা ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে। মূৰত এই ৰং দিলে চুলিৰ কাৰণেও।

লেখক : ড° ইভা হাজৰিকা

উৎস : প্ৰান্তিক।

 

 

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top