মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বড়ো জনগোষ্ঠীয় সমাজত ৰংজালী বৈছাগুৰ ৰুপৰেখা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বড়ো জনগোষ্ঠীয় সমাজত ৰংজালী বৈছাগুৰ ৰুপৰেখা

বড়ো জনগোষ্ঠীয় সমাজত ৰংজালী বৈছাগুৰ ৰুপৰেখা

অসমৰ লোক-সাহিত্যৰ লেখীয়াকৈ লোক-উৎসৱ সমূহতো অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠী সকলৰ অৱদান লেখত ল’বলগীয়া। জাতীয় উৎসৱ বিহুৰ উৎপত্তিৰ মূলতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা বিভিন্ন জনগোষ্ঠীৰ প্ৰভাৱ আৰু অৱদান অনস্বীকাৰ্য। বিহু অসমীয়াৰ জাতীয় উৎসৱ বাপতি সাহোন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া উপাদানেৰে বিকশিত হৈ ই আজিৰ পূৰ্ণৰুপ পৰিগ্ৰহণ কৰিছে। বিশেষকৈ অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ উপাদানেৰে ৰমক-জমক জকমকীয়া হৈ উঠিছে। কাৰণ প্ৰাচীন কামৰুপত তথা উত্তৰ-পূৰ্বাঞ্চলত কৃষি কাৰ্যৰ উদ্ভাৱন পোন প্ৰথমে অষ্ট্ৰিক আৰু মংগোলীয় জাতি-গোষ্ঠীৰ মানুহেই যে কৰিছিল তাত তিলামানো সন্দেহৰ অৱকাশ নাই। সমগ্ৰ বিশ্বত আদিম মানৱে কৃষিক জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰি প্ৰকৃতিৰ বিভিন্ন পৰিৱৰ্তন অনুসৰণ কৰি ৰং-ৰহইচৰ তথা উৎসৱ-পাৰ্বন, পূজা-পাতলৰ প্ৰচলন হ’ল। এই লোক-উৎসৱ বিহুৰ সৃষ্টি বা উৎপত্তি সম্পৰ্কে নানা অভিমত প্ৰকাশিত হৈ আহিছে। কিন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থান, ঐতিহাসিক দৃষ্টিকোণ আৰু নৃতাত্ত্বিক অধ্যয়নৰ পৰা বিচা-বিশ্লেষণ কৰিহে ৰঙালী বিহুৰ প্ৰকৃত তাৎপৰ্য আৰু উৎপত্তিৰ প্ৰক্ৰিয়া নিৰ্ণয় কৰিব লাগিব।

এই ফালৰ পৰা বিচাৰ কৰি চালে পুৰণি অসমৰ প্ৰাচীনতম জনগোষ্ঠী সমূহেই যে ইয়াৰ স্ৰষ্টা আৰু ৰুপকাৰ এই কথা বিহুৰ সৈতে সম্পৰ্ক থকা প্ৰতিটো উপকৰণ আৰু আংগিকে ইয়াৰ উপযুক্ত প্ৰমাণ দাঙি ধৰে। ৰঙালী বিহুকে আদি কৰি তিনিওটা বিহু উৎসৱৰে মূল তাৎপৰ্য কৃষি উৎসৱৰ এক আনন্দময় স্বৰুপৰ প্ৰকাশ মাথোন। পণ্ডিত সকলেও এই কথা স্বীকাৰ কৰিছে। কাৰণ বসুমতীক (পৃথিৱী) অন্তঃসত্ত্বা শস্য সম্ভৱা হ’বলৈ বাসনা কৰি যি নৃত্য-গীত, আমোদ-প্ৰমোদ, পূজা পাঠ কৰা হয় সেয়ে বিহু উৎসৱৰ আদিম কৃষ্টি-সংকৃষ্টিৰ বীজ মন্ত্ৰ। গতিকে বিহু সংস্কৃতিৰ মূল বুনিয়াদ হৈছে কৃষি। এই কৃষিৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জাতিৰ জীৱন-ধাৰণৰ আচল বুনিয়াদো গড়ি উঠিছে। সেই ফালৰ পৰা আমি ন দি ক’ব পাৰো যে, অসমৰ আদিম জনগোষ্ঠী সকলেই কৃষি কৰ্মৰ প্ৰাৰম্ভতে বসুমতীক শস্য শ্যামলা হ’বৰ কাৰণে বিভিন্ন নৃত্য-গীতৰ আয়োজন কৰিছিল আৰু সেয়ে বিহু উৎসৱৰ মূল উৎস। ইয়াৰ জলন্ত প্ৰমাণ স্বৰুপে বড়ো সকলৰ খেৰাই নৃত্যতো ডেকা জৌহৌলাউ সকলে খাম, জোথা, চিংফু, ছেৰজাল তালে তালে লয়লাসেৰে গাভৰু ছিখলা সকলক নচুৱাই বসুমতীৰ অন্তঃসত্ত্বা কামনা কৰে। ঠিক তেনেদৰে ৰাভা সকলৰ বসন্ত উৎসৱ ‘বায়খু’ৰ লগত বিহু উৎসৱৰ অনেক মিল আছে। ব’হাগ-জেঠ মাহত শালি খেতিৰ বাবে কঠীয়া সিঁচাৰ আগে আগে ‘বায়খু’ আৰু ঋষি দেৱতাক বলি-বিধান দি খেতি-বাতিৰ মংগল কামনা কৰি ‘বায়খু’ উৎসৱ পালন কৰা ৰীতি আজিও প্ৰচলিত। মিচিং সকলে উদ্‌যাপন কৰা ফাগুন মাহৰ বসন্ত উৎসৱ ‘আলি-আই-লৃগাঙ’ৰ লগত বিহু উৎসৱৰ ওচৰ সম্বন্ধ। ই মূলতঃ কৃষি প্ৰধান উৎসৱ। দেউৰী-চুতীয়া আৰু তিৱা সকলেও ব’হাগৰ প্ৰথম বুধবাৰে বিহুৰ দেওধানী তোলে। গাৰো সকলৰ ‘ওৱালাংগালা’ আৰু ‘ৱংচুগালা’ নৃত্য-গীতো কৃষি উৎসৱৰে পৰম্পৰা। ডিমাছা সকলৰ দৃষ্টি ‘বসু’ অৰ্থাৎ বিহু উৎসৱৰ প্ৰধান লক্ষ্য শস্যৰ দেৱতা বাইশিব্ৰাই আৰু বতাহ-বৰষুণৰ দেৱতা গামাতী বা দেৱী পাৰ্বতীক সন্তষ্ট কৰা। ‘বুসু’ৰ অৰ্থ হ’ল সকলোৱেই একগোট হৈ নৃত্য গীত অনুষ্ঠিত কৰি ভোজ-ভাত খোৱা। ‘বুসু’ উৎসৱ যে কৃষি উৎসৱ তাৰ আভাস ইয়াৰ পৰাই সহজে পাব পাৰি। সেইদৰে খাছীয়া সকলৰ ‘নংক্ৰেম নৃত্য’, মণিপুৰী সকলৰ ‘লাইহাৰাওৱা’ নৃত্যগীত, কামেঙৰ মোনপা আৰু ছেৰচুকপেনৰ ‘লেচেৰ’, অঁকা সকলৰ ‘হুফুগ্ন’, নেচিদাউ, আপা-টানি সকলৰ ‘ঘৰকো’, ডফলা সকলৰ ‘চিৰম মলোচচুম’, চিংফৌ সকলৰ ‘চাংকেন’ ৱাঞ্চো সকলৰ ‘চাওজিয়লল্লুক’ আদি উৎসৱ, নৃত্য-গীত সহূহ আজি অসমীয়াৰ প্ৰজনন উৎসৱ বিহুৰেই আদিমতম উৎসৱ। সেই আদিম জনগোষ্ঠীয় সংস্কৃতিৰ ভেটি গঢ়ি উঠিছে বৰ্তমানৰ ৰুপত। ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে “ফোল্ক লিটাৰেচাৰ অব্‌ আসাম” নামৰ পুথিখনত তাকে এনেদৰে কৈছে – ‘Some or all pf the feature of the Bihu festivel are found among most of the people of Assam, whether plains or tribal. Festival none even obscured sites meant for cattle welfare. Among all these people the festival is primarily agriculture coinciding with the seed times’.

বড়ো সকল অসম তথা পূৰ্বাঞ্চলৰ আদিম জনগোষ্ঠী। বিহু বড়ো সকলৰ্ত আদিমতম কৃষি ভিত্তিক উৎসৱ। বড়ো সকলেও তিনি ধৰণৰ বিহু পালন কৰে। বৈছাগু বিহু (ব’হাগ বিহু) খাথি দমাছি (কাতি বিহু) আৰু মাগৌ দুমাছি(মাঘ বিহু)। আচলতে বড়ো সকলে বৈছাগু বিহুৰ বাহিৰে কাতি বিহু আৰু মাঘ বিহুক বিহু বুলি নুবুলি দমাছি বুকিহে কয়। যি কি নহওক এই তিনিটা বিহুক প্ৰধানকৈ কৃষিজীৱী গাঁৱলীয়া আৰু প্ৰকৃতিৰ মাজত বসবাস কৰা সহজ-সৰল মানৱৰ উৎসৱ। আদিম যুগত সমগ্ৰ বিশ্বত আদিম মানৱে স্থায়ী ভাৱে বাস কৰিবলৈ লোৱাৰ পিছতে কৃষি কাৰ্যৰ কেন্দ্ৰ কৰি কিছুমান উৎসৱ-পাৰ্বন প্ৰচলিত হ’লৰ উদ্ভাৱনক প্ৰকৃতিৰ বিভিন্ন সময়ৰ বিভিন্ন পৰিৱৰ্তন অনুসৰি কৰি। এই ক্ষেত্ৰত বিস্তৃত অনুসন্ধান আৰু বিশ্লেষণৰ প্ৰয়োজন। এই চমু প্ৰবন্ধত কৃষি উৎসৱ ৰংজালী বৈছাগু (ৰঙালী বিহু) বড়ো সকলে কেনেদৰে পালন কৰে এই বিষয়ে আলোচনা কৰা হ’ল।

বড়ো সকলেও দুই ৰকমে ‘ৰংজালী বৈছাগু’ ৰঙালী বিহু পালন কৰে। ইয়াৰে এটা ‘মৌছৌ ছান’ (গৰু বিহু), আৰু আনটো ‘মানছি ছান’ (মানুহ বিহু)। চ’তৰ সংক্ৰান্তিত মৌছৌ ছান (গৰু বিহু) পালন কৰা হয়। কৃষিজীৱী মানৱৰ প্ৰধান আহিলা তথা বন্ধু হ’ল গৰু। গৰু নহ’লে কৃষি কাৰ্য প্ৰায় অসম্ভৱ। খেতিয়ক সকলে বিশেষকৈ হিন্ধু ধৰ্মৰ কৃষিজীৱী লোক সকলে গৰুক দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰে। এনে এটা পৰ্ব হ’ল গৰু বিহুৰ দিনটো। এই দিনটোত বড়ো জনগোষ্ঠীৰ লোক সকলে দোকমোকালিতে উঠি নিজৰ নিজৰ কামত লাগি যায়। আগদিনাখনে গোটাই থোৱা মাহ, হালধি, লাউ, বেঙেনা ইত্যাদিবোৰ ডোখৰ ডোখৰকৈ কাটি বাঁহৰ শলিতাৰে ভালেকেইডাল মালা গাথেঁ আৰু গৰু ম’হক সৰিয়হ তেল আৰু লাউ পাতৰ লগত ভাত ৰন্ধা হান্দিৰ (চৰু) তলত থকা এঙাৰখিনি চাচি একেলগ কৰি পিহি লয় আৰু তিনিডাল তৰা গছ একেলগে বান্ধি লৈ তাৰ তলৰ সমান অংশটো পিহি লোৱা বস্তুত ঘঁহি লৈ গৰু-ম’হৰ গাত পতকা-পতকি চাব মাৰি দিয়ে আৰু মাহ, হালধি, সৰিয়হ সনা তেল গৰু-ম’হৰ শিং আৰু খুড়াত ঘঁহি দিয়ে। ডেকাচমৰ গৰখীয়া বিলাকে গোহালিৰ পৰা গৰু-ম’হ উলিয়াই বিল, জন-জুৰি, নৈৰ ঘাটলৈ দীঘলতি, মাখিয়তীৰে কোবাই লৈ যায় আৰু গায়-

‘দীঘলথি লাওথি মৌছৌনি মুলি

দুদালি জাগৌন গাই খুখিলি

দীঘলথি লাওথি খ্ৰি খ্ৰি গান্থি

জৌংনি মৌছৌআ জাগৌন বলদ জাথি

জানায় নঙা গাইদে থেমফ্ৰা

মাৰখা জাগৌন ফালৌনি বেহেৰা’।

ইয়াৰ অৰ্থ হ’ল – দীঘলতিৰ এচাৰি গৰুৰ মহা ঔষধি, এই এচাৰিৰে কোবালে গাইগৰু খীৰতি হয়। দীঘলতিৰ এচাৰি ঘন ঘন গাঁঠি। আমাৰ গৰু হ’ব বলদ জাতৰ। আমাৰ গৰু সৰু চাপৰ জাতৰ নহ’ব ইত্যাদি।

এই গৰু বিহুৰ দিনাখন বাঁহ নাইবা কাঠৰ এচাৰিৰে কোবোৱাটো একেবাৰে নিষেধ। দীঘলতি, মাখিয়তী, তৰা আদিৰে কোবালে গৰু-ম’হৰ শৰীৰত থকা সকলো ৰকমৰ বেমাৰ-আজাৰ দূৰ হয় আৰু গাই গৰু খীৰতি হয় বুলি আদিম যুগৰে পৰা বড়ো সকলে বিশ্বাস কৰি আহিছে। গৰু বা ম’হৰ গাত পখৰা-পখৰী ফোঁট দিয়াৰ অৰ্থ হ’ল হাবিত এৰি দিওঁতে যাতে বাঘ, সিংহ আদি হিংস্ৰ জন্তুবোৰে আক্ৰমণ কৰিব নোৱাৰে আৰু কোনো ধৰণৰ মাৰি-মৰকে লম্ভিব নোৱাৰে তাৰ বাবে দিয়া হয়। ঘৰৰ পৰা লগত কঢ়িয়াই নিয়া লাউ, বেঙেনা, হালধিৰ টুকুৰাবোৰ গৰু-ম’হৰ গালৈ ছটিয়াই দি ডেকা-গাভৰু আৰু গৰখীয়া বিলাকে গায়-

‘লাও জা ফানথাও জা

বৌছৌৰ বৌছৌৰ এৰ হানজা হানজা।

বিফনি খিথেৰ বিমানি খিথেৰ

নৌংছৌৰ জাগৌন হালুৱা গেদেৰ।

বিমা গাইদে বাদি দাজা

বিফা বলদ বাদি জা’।

ইয়াৰ অৰ্থ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ দৰে চুটি-চাপৰ নহ’বি, বাপেৰৰ দৰে হ’বি বলদ জাতৰ।

গা ধুওৱা পৰ্ব শেষ হোৱাৰ পিছত ঘৰৰ পৰা নিয়া লাউ,  বেঙেনা, হালধিৰ মালাবোৰ নদীৰ পানীত ধুই পখালি লয় আৰু মালাবোৰ গৰখীয়া সকলে পৰস্পৰৰ মাজত সাল-সলনি কৰে। এনেদৰে ইজনৰ মালাবোৰ আন জনৰ লগত সাল-সলনি কৰিলে কাৰোবাৰ যদি সৰু চাপৰ জাতৰ গৰু থাকে তেনেকুৱা কৰাৰ পিছত ডাঙৰ-দীঘল জাতৰ গৰু জন্ম হয় বড়ো সকলে বিশ্বাস কৰে। গধুলি সময়ত আকৌ গৰু-ম’হবোৰক দীঘলতি, মাখিয়তী, তৰাবোৰেৰে কোবাইছে ঘৰলৈ খেদি আনে আৰু নতুন বছৰত নতুন পঘাৰে বান্ধে। এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে পঘাবোৰক চোতালৰ উত্তৰ-পূব দিশত থকা বথৌ বেদীৰ ওচৰত পৱিত্ৰ পানীৰে ঠাই ডোখৰ মচি-কাচি এখিলা আগলি কলপাত মাটিত পাৰি তাৰ ওপৰত এযোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি সৃষ্টিকৰ্তা বৌৰাই বাথৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় যাতে গৰু-ম’হবোৰক মাৰি-মৰকে লম্ভিব নোৱাৰে। তাৰ পিছতে সোণ-ৰুপৰ আৰু তুলসী তিওৱা পানীৰে পঘাবোৰৰ ওপৰত ছটিওৱা হয়। তেনে কৰিলে পঘাবোৰ পৱিত্ৰ হয় আৰু বেমাৰ-আজাৰ, মাৰি-মৰকে সহজে লম্ভিৱ নোৱাৰে বুলি বিশ্বাস কৰি আহিছে। ইয়াৰ পিছতহে গৰুবোৰৰ ঠেংবোৰ পানীৰে ধুই নতুন পঘাৰে গোহালিত বন্ধা হয়। এনেদৰে বিভিন্ন ৰকমে অলেখ জন বিশ্বাসেৰে বড়ো সকলে গৰু বিহু ‘মৌছৌ ছান’ পালন কৰে।

ইয়াৰ পিছতে মানুহে বিহু ‘মানছি ছান’। গৰু বিহু পালন কৰাৰ দিনটোৰ পিছৰ দিনটোৱেই মানুহ বিহু। এই দিনটো নতুন বছৰৰ প্ৰথম দিন হ’ব ব’হাগ মাহৰ পহিলা তাৰিখ। সেইদিনাখন ল’ৰা-ছোৱালী, কিশোৰ-কিশোৰী, ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে দোক-মোকালিতে বিছনা-পাটী এৰি ধুম ধামেৰে গা পা ধোৱে। সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। বিশেষকৈ মাক-দেউতাকৰ বাহিৰেও গাঁৱৰ বুঢ়া-মেথা, সন্মানিত লোকক সেৱা আৰু শ্ৰদ্ধা জনায়। এই দিনাখনে বিভিন্ন দেৱ-দেৱীক পূজা-অৰ্চনা কৰে। স্বৰ্গগামী পূৰ্বপুৰুষক স্মৰণ কৰি স্বৰ্গগত অত্মাৰ সদ১গতিৰ কামনা কৰা হয় আৰু তেওঁলোকেও যাতে পৰিয়ালৰ লোকলৈ আশীষ দিয়ে তাৰ বাবে এনে কৰা হয়। মানুহ বিহুৰ দিনাখন আবাল-বৃদ্ধ-বনিতা সকলোৱে নতুন গামোচা, দখনা, ফুলাম ফালিৰে সাজি-কাচি ওলায়। এই দিনাখন আগতে হাবি-বননিৰ পৰা মহিলা, গাভৰু সকলে বুটলি আনি থোৱা বিবিধ তিতা-কেঁহা, টেঙা শাক-পাচলিৰ লগত কুকুৰা-গাহৰিৰ মাংসৰে ৰন্ধা তৰকাৰি মদৰ লগত গাঁৱৰ কোনোবা এঘৰত নাইবা গাঁৱৰ ৰজহুৱা স্থানত মুনিহ-তিৰোতা সকলোৱে একেলগে নাচি-বাগি ৰংধেমালি কৰি খায়। ব’হাগ বিহুত ৰং-তামচা কৰাটো বড়ো সকলৰ প্ৰধান ৰং-ৰহইচৰ উৎসৱ। বড়োসকলে সুখে দুখে ভৰা পুৰণি বছৰক বিদায় সম্ভাষণ জনায় আৰু নতুন বছৰক আদৰণি জনায়। এই সময়ছোৱাত মানৱ সমাজৰ বাহিৰেও প্ৰকৃতিৰ ৰাজ্যতো আকাশ, পাতাল, সৰ্বত্ৰতে ৰং-ৰহইচৰ পয়োভৰ হয়। খাম, চিফুং, জোথাৰ ঝংকাৰত স্বৰ্গ-মৰ্ত্য-পাতাল, আকাশ মুখৰিত হয়। গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলোৱে দুখ-বেদনা কাতি কৰি থৈ বৈছাগুৰ বা লাগি তৎ নাইকীয়া হয়। খাম চিফুং জোথা আৰু গগণাৰ ছেৱে ছেৱে, তালে তালে গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-মেথা, আইতা সকলোৱে জুমে জুমে দলে বলে নাচে গায়। ডেকাহঁতৰ দল, গাভৰু হঁতৰ দল, বুঢ়া-বুঢ়ীৰ দল, কিশোৰ-কিশোৰীৰ দল আদি বিভিন্ন দলৰ কিছুমানে আকৌ দূৰ-দূৰণিৰ গাঁৱলৈ মাগিবলৈ ওলায় যায়। গিৰীহঁতে দিয়া বিভিন্ন তৰহৰ দান – টকা-পইচা, চাউল আদিৰে কান্ধৰ মোনা উপচি পৰে। ঘৰে ঘৰে বিহু মাৰিবলৈ যাওঁতে বুঢ়া জাকে কণী, কুকুৰা, মদ পানী খায়, ডেকা-গাভৰু, আদহীয়া, আইতা-তিৰোতা সকলে লয় টকা-পইচা, চাউল ইত্যাদি। বিহু মাৰিবলৈ যাব নোৱাৰা সকলে জ্ঞাতি-গঞাৰ লগ হৈ এঘৰত ভোজ-ভাত খায় ৰং-তামাচা কৰে। কাৰণ বৈছাগুৰ পিছতে খেতিত ছমাহলৈ আৱদ্ধ হৈ থাকিব লাগিব। টোপোটোপে কপালৰ ঘাম মাটিত পেলাই প্ৰাণভৰি হেঁপাহেৰে বুকুৰ হাড় মাটি কৰি, তেজক পানী কৰি খেতিত একান্ত মনে মনোনিবেশ কৰিব লাগিব। সেয়েহে বড়ো সকলে নতুন বছৰ বৈছাগু বৌথৌৰত প্ৰাণ ভৰি নাচে আৰু গায় এইবুলি-

‘বৈছাগু আই বৈছাগু

বৈছাগু বৈছাগু

বৌথৌৰ গৌজামা থাংলায়বায়

বৌথৌৰ গৌদানা ফৈলায়বায়

বৈছাগু আই বৈছাগু

বৌথৌৰ গৌদাননি বাৰ মৌননামৌ

দৈমা-দৈছাং বিফাং লাইফাং দাওমা দাওছা

ৰংজাখাংবায় হনৈ

ফৈদী দিনে ফৈদৌ বয়বৌ

বৌৰাই-বুৰৈ, ছেংগ্ৰা-ছিখলা

গথ’-গথাই ৰংজাদিনি’।

ইয়াৰ অৰ্থ হ’ল – ৰঙালী বিহু ঐ, ৰঙালী বিহু, পুৰণি বছৰ গ’ল, নতুন বছৰ আহিল। নতুন বছৰৰ বা লাগি নদ-নদী, গছ বিৰিখ, চৰাই-চিৰিকটি আটাইয়েই আনন্দত নাচি উঠে। আহা, আজি আমিও বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, ল’ৰা-ছোৱালী সকলোৱে মিলি-জুলি আনন্দ, ৰং-ধেমালি কৰোঁ।

এই ৰঙালী বিহুতে গাভৰু বিলাকক, বিশেষকৈ খুলশলীহঁতক সম্বন্ধ কৰি নাচিবলৈ গীত গাবলৈ আহ্বাঞ্জনাই এনেদৰে গায়-

‘আই ব্বিনাং গ’দাই

আগৈ মৌনবাৰী ব্বিৰী

ফৈ মৌছানি সোনাফৌৰ

বয়বৌ সাৰি সাৰি’।

এই গীতৰ অৰ্থ হ’ল – ঐ নুমলীয়া খুলশালী মৌনবাৰী, বিবাৰী, আহা চেনেহীহঁত নাচোঁ আটায়ে শাৰী শাৰীকৈ। ডেকা-গাভৰুৰ প্ৰেম-প্ৰণয়, মিলন-বিচ্ছেদ, বিৰহ-বেদনা, ভালপোৱাৰ চিন স্বৰুপে ফুলাম গামোচা, ৰুমাল আদি উপহাৰ দিয়াৰ বিৱৰণ বড়ো বৈছাগু গীতত পোৱা যায় এনেদৰে-

‘দেগ্লায় বৈছাগু আও হাংমা-হাংসানি

ফালি গাংছেখৌনৌ লাংফৈস্ৰাদৌ আদা

বে জৌনৌমাও মৌনাব্লাবৌ

বৈ জৌনৌমাও মৌনহৈথৌংছৈ’।

এই বড়ো বৈছাগু গীতৰ অৰ্থ হ’ল – এই বছাৰৰ ৰঙালী বিহুটিৰ শেষ হেঁপাহৰ বিহুৱানখনি লৈ যাবহি দাদা (ককাই)। এই জনমত নাপালেও পিছৰ জনমত পাম আপোনাক।

অতীতত আজিকালিৰ দৰে মানুহৰ অভাৱ-অনাটন বৰ বেছি নাছিল। সকলো ফালে জয়জয়-ময়ময় অৱস্থা আছিল। কিন্ত বৰ্তমান যুগত অভাৱ-অনাটনে মানুহক জুৰুলা কৰি পেলাইছে। এই কথাও বড়ো বৈছাগু বিহুগীতত বাদ পৰি যোৱা নাই। যেনে-

‘ঔৱানি খানজংজৌ খানাই খাননায়

গৌদৌনি দিনা বৌজৌং থাংখৌ

আংখামনি আলি বেদৰনি আখায়

জৌনি ফখ্ৰিআ গৈলিয়া বাজৈ গৈলিয়া’।

এই গীতৰ অৰ্থ হ’ল – এনে ধৰণৰ তাহানিৰ যুগত বাঁহৰ ফণিৰে চুলি আঁচোৰাৰ দিন আজি ক’লৈ গ’ল? ভাতৰ আলি, মাছ-মঙহৰ আখৈ আৰু মপানীৰ পুখুৰী সেই দিন আৰু নাই নবৌ, সেইদিন নাই।

এনেদৰে অতীতৰ পৰা বড়ো সকলে খাম, চিফুং, জোথা, সেৰেজা, থৰখা (টকা) লগত লৈ প্ৰতি ঘৰে ঘৰে ৰং-ধেমালি আৰু খোৱা-লোৱাৰ মহা পয়োভৰেৰে বৈছাগু ৰঙালী বিহু পালন কৰি আহিছে।

লেখক: ৰত্নেশ্বৰ বসুমতাৰী, বিশ্বৰ সন্ধান

3.12068965517
চিমাংৰাজা Sep 15, 2018 10:55 PM

অতি সুন্দৰ হৈছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top