অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বগাই ৰাজ্য

বগাই ৰাজ্য

ব’হাগৰ শেষত বা জেঠ মাহৰ আৰম্ভণিতে বকো অঞ্চলত ‘বগাই সাংস্কৃতিক সন্ধিয়া’ উদ্‌যাপন কৰি আহিছে। এই সাংস্কৃতিক সন্ধিয়াত যথেষ্ট উতসুকতাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী পৰ্যায়ত বকো অঞ্চলত ঘূৰি বিভিন্ন ব্যক্তিক সাক্ষাত কৰি ‘বগাই’ শব্দৰ অৰ্থ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিলো। এই ক্ষেত্ৰত বন্ধুবৰ জীতেন ৰাভাৰ সহযোগিতা শলাবলগীয়া।

‘বগে’ বা ‘বগাই’ (স্থানীয় ভাষাত ইয়াক বগে বুলি কোৱা হয়) ৰাজ্যত ১৪৯০ খৃ:ৰ পৰাই ৰাজতন্ত্ৰ প্ৰচলিত আছিল বুলি স্থানীয় বিভিন্ন আলোচনীৰ পাতত পোৱা যায় যদিও এই বগে বা বগাই ৰাজ্য কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য এতিয়াও পাবলৈ নাই। পৰিতাপৰ কথা এই বগে বা বগাই ৰাজ্যৰ বিষয়ে বুৰঞ্জীৰ পাতত কোনো তথ্য নাই। অতীতৰ বুৰঞ্জী লেখকে ৰজা-মহাৰজাৰ কথা লিখিছিল যদিও বগাই ৰাজ্যৰ বিষয়ে উল্লেখ নকৰিলে। বুৰঞ্জীৰ পাতত তাহানিৰ বগে বা বগাই ৰাজ্য উপেক্ষিত হৈ থাকিল।

ভূবিন ৰাভা, দেবেন চন্দ্ৰ বড়ো আৰু মৃন্ময় ৰাভাই লিখা আৰু বকো অঞ্চলৰ স্থানীয় আলোচনীত প্ৰকাশিত প্ৰবন্ধ কেইটামানত এইটো এইটো স্পষ্ট হৈছিল যে প্ৰাচীন কালত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোৱালপাৰাৰ পৰা নগাওলৈ সৰু সৰু ওঠৰখন ৰাজ্য আছিল। ৰাজ্যকেইখন হ’ল- ১) ৰাণী, ২)বেলতলা, ৩)বৰদুৱাৰ, ৪)ভোলাগাঁও, ৫)মৈৰাপুৰ, ৬)লুকি, ৭)গলিহা, ৮)শালমাৰা, ৯)পাণবাৰী, ১০)তেতেলীয়া, ১১)ভূৰবন্ধা, ১২)হেঙেৰাবাৰী, ১৩)ডুমুৰীয়া, ১৪)পাণ্টান, ১৫)বনগাঁও, ১৬)বগাদুৱাৰ, ১৭)কুকী আৰু ১৮)ছমৰীয়া।

ইয়াত উল্লেখিত বগাদুৱাৰ ৰাজ্যখনেই বগাই ব বগে ৰাজ্য বুলি নিশ্চিত কৰা হৈছে। গাদুৱাৰ নামৰ আগতে ৰাজ্যখনৰ নাম বুগ্ৰী আছিল। তাহানিৰ বগাই ৰাজ্যৰ ৰাজধানী আছিল বৰ্তমান কামৰুপ জিলাৰ বামুণী গাওঁৰ দক্ষিণত অৱস্থিত ঔফুল নামৰ অঞ্চলত। তাহানিৰ বগাই ৰাজ্যৰ চাৰিসীমা আছিল পূবে এতচুদোঙা চিবিমা(খৰখৰী নদী), পশ্চিম চিচল চিবিমা(বকো নদী), উত্তৰে কুলচী চিবিমা (কলহী) আৰু দক্ষিণে ৰামৰায় ৰাজ্য(বৰ্তমান মেঘালয়)।

১৫৪০ খৃ:ৰ পৰা ৰজা বগা সিং (বগে সিং)ৰ ৰজত্বকালৰ পৰা ৰাজ্যখনৰ নাম বগাই ৰাজ্য হিচাপে নামাংকিত কৰা হৈছে বুলি বহুতে ক’ব খোজে। ১৪৯০ খৃ:ৰ পৰা ৰজাসকলৰ নাম একাদিক্ৰমে লিপিবদ্ধ আকাৰত পোৱা গৈছে। সেয়া হ’ল-উমান সিং(ময়না সিং, ১৪৯০-১৫১৪), বিশু(১৫১৪-১৫১৫), জীৰাবাই(১৫১৫-১৫৪০),বগাসিং (১৫৪০-১৫৬০), সন সিং(সোণ সিং, ১৫৬০-১৬০০), ভূ সিং(১৬০০ ৰপৰা), প্ৰয় ডেৰশ বছৰ ৰজাৰ নাম পোৱা নাযায়। ৰায় সিং(১৭৯০-১৮২৪), জুব্বুৰ সিং(১৮২৪-১৮৩০), নয়ন সিং(১৮৩০-১৮৩৪), খুন্দা সিং(কুণ্ডু সিং,১৮৩৪-১৮৬৫), নিত্য সিং(১৮৬৫-১৯০০), তাৰ পিছত প্ৰায় ৫০ বছৰ ৰজাৰ নাম পোৱা নাযায়। ফগুনা সিং(১৯৫৬-১৯৫৭), দণ্ডি সিং(১৯৫৭-১৯৯১), পুনৰ ৮ বছৰ কাল ৰজা নাছিল। ভূবন সিং ৰাভা ১৯৯৯ চনৰ পৰা ২৭ বছৰ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈ।

বনগাঁও মৌজা পৰিষদে পৰম্পৰা অনুসৰি ভূবন সিং ৰাভাক প্ৰাচীন বগই ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিছে। অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানত ৰজাক নিমন্ত্ৰণ কৰি সন্মান জনাই আহিছে। তাহানিৰ সেই ওঠৰখন ৰাজ্য বৰ্তমান আমৰ মানচিত্ৰত একত্ৰিত হৈ আধুনিক শাসন ব্যৱস্থাৰ মাজত বনগাঁও মৌজা পৰিষদে সেই অঞ্চলৰ সামাজিক অনুষ্ঠানত ৰজাৰ অস্তিত্ব বৰ্তাই ৰাখিছে। অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানত বগাই ৰাজ্যৰ ৰজা উপস্থিত থাকে। আনকি কিছুমান অনুষ্ঠান ৰজা আহি পোৱাৰ পিছতহে আৰম্ভ কৰাৰ নিয়ম। ইয়াৰ জৰিয়তে বনগাঁও মৌজা পৰিষদে নতুন প্ৰজন্মৰ মাজত তাহানিৰ ৰজা তথা ৰাজতন্ত্ৰৰ বিষয়ে সম্যক ধাৰণা দিয়াত সফল হৈছে বুলি ক’ব লাগিব।

বগাই ৰাজ্যৰ নতুন পুৰুষে বগাই সাংস্কৃতিক সন্ধিয়া উদ্‌যাপন কৰি বগাই ৰাজ্যৰ পূৰ্বৰ অস্তিত্বক জীপাল কৰি ৰাখিছে। বগাই ৰাজ্যৰ তাহানিৰ কিছুমান পৰম্পৰা তথা কিছুমান নীতি-নিয়মৰ মাজেৰে যদি বগাই সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি ‘বগাই উতসৱ’ হিচাপে উদযাপন কৰি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে, তেন্তে সেই বগাই উতসৱে ভৱিষ্যতে গোভা ৰাজ্যৰ ‘জোনবিল মেলা’ৰ লেখীয়া এক পৰম্পৰাগত উতসৱ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। সাম্প্ৰতিক সময়ছোৱাত এনেধৰণৰ পৰম্পৰাগত উতসৱে আমাৰ ঐক্য, স্ংহতি আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰিব পাৰি। তদুপৰি প্ৰাচীন বগাই ৰাজ্যৰ ৰজাদিনীয়া সম্পদসমূহ জাতীয় সম্পদ হিচাপে ঘোষণা কৰি এটা যাদুঘৰো নিৰ্মাণ কৰি উলিয়াব পাৰি। বনগাঁও মৌজা পৰিষদ তথা অঞ্চলটোৰ বিজ্ঞ ব্যক্তিয়ে সেই ক্ষেত্ৰত আগভাগ লৈ আগবাঢ়িলে সেই অঞ্চলটো অসমৰ পৰ্যটন মানচিত্ৰতো স্থান পোৱাৰ সম্ভাৱনা আছে।

পৱন দত্ত, দৈনিক অসম।

3.03921568627
দিলীপ কুমাৰ ৰাভা Apr 19, 2018 07:31 PM

নজনা কথা জানিব পাৰি ভাল লাগিল ৷ তাৰ বাবে লেখকলৈ অশেষ ধন্যবাদ !

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top