মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বড়োসকলৰ বস্ত্ৰ-উৎপাদন, ৰন্ধন-প্ৰণালী, গৃহ-নিৰ্মাণ পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বড়োসকলৰ বস্ত্ৰ-উৎপাদন, ৰন্ধন-প্ৰণালী, গৃহ-নিৰ্মাণ পদ্ধতি

বড়োসকলৰ বস্ত্ৰ-উৎপাদন, ৰন্ধন-প্ৰণালী, গৃহ-নিৰ্মাণ পদ্ধতিৰ বিষয়ে লিখা হৈছে

-

 

পৃথিৱীৰ নানা দেশ জাতি, উপজাতি সম্প্ৰদায় সম্পৰ্কে বহুজনে বহু কথা জানে। কিন্ত ভাৰত মহাদেশৰ উত্তৰ – পূব দিশে ঠিক ভূটান ৰাজ্যৰ দক্ষিণ পাদদেশস্থিত নেপাল, বংগ, অসম, অৰুণাচল, ত্ৰিপুৰা, ম্যানমাৰ আৰু বাংলাদেশ আদি বিস্তৃত বিশাল অঞ্চলত সিচঁৰতি হৈ থকা অৱস্থাত বহুকালৰে পৰা বসবাস কৰি অহা মংগোলীয় গোষ্ঠীৰ মানুহৰ উন্নত মান বিশিষ্ট কলা – কৃষ্টি, সংস্কৃতি সম্পন্ন সুসভ্য বড়ো সকলৰ বিষয়ে প্ৰায় কোনও নাজানে বা জানিবলৈ আগ্ৰহী নহয়।

নাক ভোটা, সৰু নয়ন বিশিষ্ট, মূৰ গোলাকাৰ, গল চুটি আৰু মোটা, কপাল বহল, গাল গোলাকাৰ আৰু ফুলা, কমগুঁফীয়া আৰু ললাভ হালধীয়া ৰংযুক্ত বড়ো, কছাৰী সকলে স্বকীয় ভাষা – সংস্কৃতি সম্পন্ন শক্তিশালী আৰু সুবৃহৎ মংগোলীয় গোষ্ঠীৰ মানুহ। এই জাতিৰ মানুহ সংখ্যাত অতি নগন্য যদিও তেওঁলোকে সকলো দিশতে বিজ্ঞানসন্মত আৰু উন্নত মানৰ জীৱন যাপন কৰি আহিছে। বড়ো সকল প্ৰকৃতি প্ৰেমী, সহজ – সৰল, সুস্থ – সবল, ধৰ্ম ভীৰু, শান্তিপ্ৰিয় আৰু বিশ্বাসী জাতি। তেওঁলোকৰ বাসস্থান, খোৱা – খাদ্য, ধৰ্ম –কৰ্ম, কলা – কৃষ্টি, ভাষা – সংস্কৃতি, নৃত্য – গীত, বাদ্য – বাজনা আদি বিজ্ঞান ভিত্তিক গৱেষণাৰ যোগ্য। তেওঁলোক মূলতঃ কৃষিজীৱী। থকা – খোৱাৰ পৰা আদি কৰি বড়ো সকলৰ জীৱন – যাপনৰ প্ৰক্ৰিয়া অতি উন্নত মান বিশিষ্ট আৰু সুশৃংখলিত।

বড়ো জাতিৰ জাতীয় জীৱনৰ বিষয়ে অন্তহীন দিশ আছে-

 

তেওঁলোকক জানিবলৈ হ’লে কেৱল এটা দিশতে সীমাবদ্ধ থাকি উপৰুৱা ভাৱে অধ্যয়ন তথা চৰ্চা কৰাটো সমীচীন নহ’ব। সেয়েহে এনে বহু দিশৰ ভিতৰৰে কেইটামান বিষয় সন্দৰ্ভত প্ৰণালীবদ্ধ বিশ্লেষণ আগ বঢ়াব বিচাৰিছোঁ।

বিজ্ঞান মানে কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন আদি কালৰে পৰা প্ৰচলিত বড়ো লোক – সংস্কৃতিৰ অন্তৰ্গত কিছু বিষয়ত তেনে অধ্যয়ন কৰিলে নিশ্চয় বিশেষ তাৎপৰ্যপূৰ্ণ দিশ ওলাই পৰিব, যিবোৰ নেকি অতি আওপুৰণি হ’লেও বিজ্ঞান সন্মত। উদাহৰণ স্বৰুপে প্ৰথমেই ফঁহিয়াই চোৱা যাওক বস্ত্ৰ তৈয়াৰ আৰু ইয়াৰ ৱ্যৱহাৰিক দিশলৈ।

আগতেই উল্লেখ কৰিছোঁ যে বড়ো জাতি ৰাজকীয় মৰ্য্যাদা সম্পন্ন, সকলো দিশতে ঐতিহ্য মণ্ডিত এক শক্তিশালী জাতি। আদি কালৰেপৰাই বড়ো সকলে প্ৰতি দিশতে স্বকীয় পদ্ধতিৰ আধাৰত নিজাববীয়াকৈ জীৱন ধাৰণ কৰি আহিছে। শীত তাপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু লজ্জা নিবাৰণৰ বাবে প্ৰয়োজনীয় বস্ত্ৰ আৰু কানি – কাপোৰ তৈয়াৰ কৰাত তথা ইয়াৰ ব্যৱহাৰৰ কলা – কৌশক লৈ বিজ্ঞান ভিত্তিক বিশ্লেষণৰ প্ৰয়োজন।

ঠাৱৰ কৰিব পৰা দিনৰে পৰা বড়ো জাতিৰ মানুহে বিভিন্ন কৌশলেৰে গছৰ ছালৰ আঁহৰ পৰা, বাঁহ গছৰ তন্তু বা জেঙৰ পৰা, কল গছৰ পচলাৰ আঁহৰ পৰা, আনাৰস বা মাটি কঁঠালৰ আঁহৰ পৰা, কপাহৰ তুলাৰ আঁহৰ পৰা আৰু বিশেষকৈ এৰী পলু পুহি তাৰ লেতা আদিৰ পৰা নানা তৰহৰ বিধে বিধে সূতা উলিয়াই প্ৰয়োজনীয় ব্যৱহাৰযোগ্য বস্ত্ৰ তৈয়াৰ কৰি আহিছে : যেনে, দখনা, জৌমগ্ৰাছি (মাতৃ জাতিয়ে পিন্ধা বা উৰা কাপোৰ), ছিমাচ্ছি গানচা (গামোচা), বগ্ৰাছি, ইন্দিছি, ছিশ্ৰী (ছিজিৰ), দানায়, দিছখাপা ছি আৰু এৰননায়ছি বা আৰণাই ইত্যাদি।

বড়ো সকলে গছৰ ছাল, জেং এৰী আৰু কপাহৰ সূতা উকিয়াই ইয়াৰে কাপোৰ তৈয়াৰ কৰিয়ে ক্ষান্ত থকা নাই। প্ৰকৃতিৰ ৰম্যভূমিৰ ৰক্ষ কাননত প্ৰকাশ প্ৰাপ্ত মনোগ্ৰাহী নানা ৰং – বিৰঙৰ প্ৰতি আকৃষ্ট হৈ ইয়াক জীৱনৰ চিৰলগৰী কৰাৰ উদ্দেশ্যেৰে নিষ্কাশিত সূতাত তেওঁলোকে হৰেক ৰঙৰ ৰং সানিবলৈ / বুলাবলৈ / গবালৈ / দিবলৈ (গাৰগানৌ) শিকিলে। যি কাৰ্য্যই নেকি সম্পূৰ্ণ বিজ্ঞানসন্মত, লগতে এক সুসভ্য মানৱ জাতিৰ পৰিচায়ক।

বড়ো সকলে পাহাৰ – পৰ্বত, নদ – নদী, গছ – গছনিৰে পৰিপূৰ্ণ সেউজী প্ৰকৃতিৰ বুকুত জীৱন – যাপন কৰে বাবেই তেওঁলোকে সেউজীয়া ৰংটো বৰ ভাল পায় আৰু ভাল পায় ফল – ফুলৰ বিবিধ ৰং, বাদামী, কমলা, ৰঙা, নীলা, গেৰুৱা, হালধীয়া, গোলাপী, বেঙুনীয়া আদি ৰং। মন জুৰোৱা ৰংবোৰ চিৰলগৰী কৰাৰ ইচ্ছাৰে তেওঁলোকে উলিয়াই লোৱা সূতাবোৰত সানি / বুলাই / লগাই / গবাই তাৰে কাপোৰ ব’বলৈ ধৰিলে। বড়ো সকলৰ সাতামপুৰুষীয়া বিজ্ঞানসন্মত এই পদ্ধতি মন কৰিব লগীয়া আৰু বিশ্লেষণযোগ্য। উদাহৰণস্বৰুপে :

(১) সেউজীয়া ৰঙৰ বাবে সেউজীয়া দুবৰি বন, (খ) সেউজীয়া শেলুৱৈ, (গ) কচুৰ পাত আদি উৰলত খুন্দি চৰিয়াত সিজোৱা হয়। গৰম অৱস্থাতেই সূতাখিনি তাত জোবৰাই ৰ’দত শুকোৱা হয়। শেষত ইয়াক চাউলৰ খুদৰ ভাতৰ মাৰত বুৰাই বা ঘৰ্ষণ ঘটাই ৰ’দত শুকুৱাই সেউজীয়া ৰঙৰ সূতা উলিওৱা হৈছিল।

(২) বড়ো সকলৰ প্ৰতি প্ৰিয় হালধীয়া ৰঙৰ বাবে (ক) কেঁচা হালধী, (খ) সৰি পৰা পূৰঠ হালধীয়া পাণ, (গ) ৰঘুমলা বা সোণালী লতা, (ঘ) কোমল বাঁহৰ শুকান অৱস্থাত ধৰা ঘুণৰ গুৰি আদি একেলগে উৰলত খুন্দি মাটিৰ চৰিয়াত সিজোৱা হয়। (ঙ) সিজোৱাৰ সময়ত নতুনকৈ কটা ধানৰ নৰা খেৰ কাটি দিয়া হয়। (চ) কিছু সংখ্যক কেঁচা বাঁহৰ ডাল লৈ এমূৰে জুই দি আনটো মূৰে চৰিয়াৰ পানীত বুৰাই দিয়া হয় : যাতে জুইৰ তাপৰ পিচফালে ওলোৱা ধোঁৱা খিনি চৰিয়াৰ পানীত মিহলি হয়। বাঁহৰ ধোঁৱা দিয়া কাৰ্য্যই হালধীয়া ৰংটো স্থায়ী কৰে বুলি বিশ্বাস কৰা হয়। এনেকুৱা পদ্ধতিৰে ওলোৱা ৰংযুক্ত জুলীয়া পদাৰ্থ গৰম হৈ থকা অৱস্থাতে সূতাবোৰ জুবুৰিয়াই হালধীয়া ৰঙৰ সূতা তৈয়াৰ কৰা হয়। পিচত ইয়াক চাউলৰ খুদৰ ভাতৰ মাৰত বুৰাই ৰ’দত শুকোৱা হয়। এইদৰে হালধীয়া ৰঙৰ সূতা তৈয়াৰ কৰা হৈছিল।

(৩) কমলা ৰঙৰ বাবে হালধীয়া ৰং তৈয়াৰ কৰা সকলো প্ৰক্ৰিয়াৰ লগত ডাঙৰ শামুকৰ খোলাক পুৰি উলিওৱা চূণৰ অলপ পৰিমাণ দি সিদ্ধ কৰি সূতা তৈয়াৰ কৰা হৈছিল।

(৪) ৰঙা ৰঙৰ বাবে (ক) থেতেলাই লোৱা কেঁচা হালধী, (খ) খুম গছৰ ছাল, (গ) জুমাইখোং নতুবা ডাঙৰ শামুকৰ খোলা পুৰি বনোৱা চূণ, (ঘ) ৰঙা গোলাপ ফুলৰ পাহি, লোহাৰ পাত্ৰত নেমু টেঙাৰ লগত পিহি উলিওৱা ৰস একেলগে মাটিৰ চৰিয়াত সিদ্ধ কৰি ৰঙা ৰং তৈয়াৰ কৰি পিচত গৰম অৱস্থাতে সূতাবোৰ জুবুৰিয়াই ৰঙা ৰঙৰ সূতা তৈয়াৰ কৰা হৈছিল।

(৫) ঠিক তেনেকৈ নীলা ৰঙৰ বাবে (ক) সেউজীয়া ঘাঁহ, (খ) শেলুৱৈ, (গ) খুম গছৰ ছাল, (ঘ) ক’লা কচুৰ ঠাৰি একেলগে মাটিৰ চৰিয়ত সিদ্ধ কৰি তাত সূতা জুবুৰিয়াই নীলা ৰংযুক্ত সূতা উলিয়াইছিল।

(৬) বেঙুনীয়া ৰঙৰ বাবে (ক) খুম গছৰ ছাল, (খ) কচুৰ ঠাৰি, (গ) (মাটি) মিঠা আলু, (ঘ) বাৰমহীয়া বেঙেনা গছৰ পাত – ফল আদি একেলগে থেতেলিয়াই সিদ্ধ কৰি তাত সূতা জুবুৰিয়াই বেঙুনীয়া সূতা তৈয়াৰ কৰা হৈছিল।

(৭) বাদামী বা গাঢ় সেউজীয়া ৰঙৰ বাবে। (ক) শেলুৱৈ (বাদামালী) (খ) সেউজীয়া ঘাঁহ, (গ) সেউজীয়া কঁঠালৰ পাত, (ঘ) কচুৰ ঠাৰি বা পাত একেলগে থেতেলিয়াই সিদ্ধ কৰি তাত সূতা জুবুৰিয়াই গাঢ় সেউজীয়া বা বাদামী ৰঙৰ সূতা তৈয়াৰ কৰা হৈছিল।

(৮) গেৰুৱা ৰঙৰ বাবে (ক) ‘দাওৱা’ নামৰ গছৰ ছাল থেতেলিয়াই ইয়াক (খ) আঠালেতীয়া প্ৰকৃতিগত গেৰুৱা মাটিৰ লগত (গ) ধান খেৰ অলপ দি সিদ্ধ কৰা হয়। সিদ্ধ কৰাৰ পিচত তৰল হৈ থকা অৱস্থাত একে পদ্ধতিৰে গেৰুৱা ৰঙৰ সূতাও তৈয়াৰ কৰা হৈছিল।

উল্লেখযোগ্য যে উপৰোক্ত পদ্ধতিৰে তৈয়াৰ কৰা প্ৰতিটো ৰংবিশিষ্ট সূতাকে খুদ চাউলৰ ভাতৰ মাৰত ঘৰ্ষণ ঘটাইহে ব্যৱহাৰ কৰিছিল, আজিও কৰে।

মুঠতে বড়ো জাতি এনে এটা জাতি যি জাতিয়ে পৃথিৱীৰ বুকুত সুস্থ শৰীৰে, সুখ – শান্তিৰে জীয়াই থাকিবৰ বাবে প্ৰতিটো দিশতে নিজাববীয়াকৈ পদ্ধতি তথা কলা – কৌশল উদ্ঘাটন কৰি বৰ্তমানলৈ সুখেৰে জীৱন – নিৰ্বাহ কৰি আহিছে। ওপৰত উল্লেখ কৰি অহা সকলো প্ৰকাৰৰ বড়ো লোক – কৃষ্টিয়েই বিজ্ঞান ভিত্তিক বিশ্লেষণযোগ্য।

এতিয়া আহক বড়ো সকলৰ কিছুমান বিশেষ বিধৰ খাদ্যৰ ৰন্ধন প্ৰণালী বা প্ৰস্তুত প্ৰকৰণ লৈ : (ক) বড়ো সকলৰ প্ৰধান খাদু ভাত। উৰলত খুন্দি নিকা কৰা চাউলৰ ভাত এই জাতিৰ মানুহে এনেধৰণে প্ৰস্তুত কৰে যে এতিয়াও প্ৰেচাৰ কুকাৰ সম পৰ্য্যায়ৰ সাধাৰণ ভাণ্ডতে বা পাত্ৰতে পানী নোলোৱাকৈ সুন্দৰ ভাৱে ৰান্ধিব পাৰে। ইয়াৰ লক্ষণীয় বিষয় হ’ল – খাঁওতাৰ সংখ্যানুসাৰে চাউলৰ পৰিমাণ, তাৰ সমানুপাতিক পানীৰ মাপকাঠী। ভাণ্ডৰ তলৰ অংশত লাগি নাথাকে বা পোৰা নাযায়, ওপৰ ফালেদিও ওপচি নপৰে। কিয়? কেনেকৈ? কি বিশেষত্ব?

আঞ্জা বা তৰকাৰী

 

(১) অনদ্‌লাখাৰী : বড়ো সকলৰ অতি প্ৰিয় আৰু প্ৰায় সঘনাই খাব পৰা অতি কম খৰচ যুক্ত আঞ্জা – চাউলৰ গুড়িৰ তৰকাৰী অনদ্‌লাখাৰী। কণী গোলা, মুৰ্গী বা কুকুৰা চৰাইৰ মাংস, হৰিণ, গাহৰি মাংস আদি, যিকোনো সৰু জাতৰ মাছ (শুকান বা কেঁচা), শেৱালি ফুল, গমাৰি ফুল, খাৰৌ ধান্দাই ফুল, বাস্ক ফুল, মধুফল বা অমিতাৰ ফুল, বাঁহৰ গাজ, নৰসিংহৰ পাত, থিয়ৰ পাত, সৰু জাতৰ তিতা কেৰেলাৰ পাত নতুবা মূলা, আলু ইত্যাদিৰ নিচিনা বিভিন্ন শাক – পাচলিৰ দ্বাৰা এই প্ৰিয় খাদ্য অনদ্‌লাখাৰী আঞ্জা ৰন্ধা হয়। ই খাৰ প্ৰধান আঞ্জা। কোনটো বিধৰ উৎসৰ লগত কিমান পৰিমাণৰ খাৰৰ প্ৰয়োজন এয়া বিচাৰ্য্যৰ বিষয়।

(২) অঐংখ্ৰীগৌবাৰ (এবিধ খাৰৰ বিজলুৱা আঞ্জা) : ই এবিধ খাৰ প্ৰধান আঞ্জা। খাওঁতাৰ সংখ্যানুসাৰে লফা শাক আৰু আৰু তাৰ লগত পঁচিশ শতাংশ বঠুৱা শাক খাৰ কৰি এজেণ্ট হিচাপে লৈ নিদিৰ্ষ্ট পৰিমাণৰ পানীত সিজোৱা হয়। বিশেষ সময়ত ইয়াক ছাংগং (দাইল কাটা) দি ঘুটোৱাই পূৰ্ণ মিশ্ৰণ অৱস্থালৈ অনা হয়। প্ৰয়োজন সাপেক্ষে খাৰক টাট্ৰেচন পদ্ধতিত উতলা আঞ্জাত ঢালি দিয়া হয়। তেনেকৈ সিদ্ধ কৰি থাকোঁতে এটা সময়ত এনে এটা অৱস্থালৈ আহি পৰিব যে সেই আঞ্জাখিনি সম্পূৰ্ণ বিজলুৱা হৈ অতি সুস্বাদু আঞ্জা হৈ পৰিব।

(৩) নাৰ্জেখাৰী : এই জাতিৰ আৰু এটি প্ৰিয় খাদ্য হ’ল নাৰ্জেখাৰী (মৰাপাটৰ আঞ্জা)। ইয়ো এবিধ খাৰ প্ৰধান আঞ্জা। শুকানেই হওক বা কেঁচাই হওক প্ৰয়োজনীয় পৰিমাণৰ মৰাপাটৰ পাত খাৰৰ সহায়ত সিজাই এই আঞ্জা ৰন্ধা হয়। ইয়াৰ ৰন্ধন প্ৰণালী বৰ কষ্টসাধ্য। এই আঞ্জা সম্পূৰ্ণ সিদ্ধ হোৱাৰ প্ৰাকমুহূৰ্তত আগতে ভাজি লোৱা মুৰ্গী বা কুকুৰা চৰাইৰ মাংস, গাহৰিৰ মাংস নতুবা মাছ আদি দি সুস্বাদুকৈ তৈয়াৰ কৰা হয়। কৃমিৰ সীতিকৰণত এই আঞ্জা ঔষধি গুণ থকা বুলি বড়ো সকলে ভাবে। ইয়াক বিজ্ঞান সন্মতভাৱে বিশ্লেষণৰ প্ৰয়োজন আছে নিশ্চয়।

(৪) ছোবাই খাৰী : প্ৰকাশযোগ্য যে বড়ো সকলৰ অতি প্ৰিয় খাদ্যই হ’ল ছোৱাইখাৰী। এই আঞ্জায়ো খাৰ প্ৰধান। নিৰ্দিষ্ট পৰিমাণৰ আঞ্জা সাপেক্ষে নিদিৰ্ষ্ট পৰিমাণৰ খাৰ দি সিদ্ধ হয়। শেষত আগতীয়াকৈ ভাজি লোৱা যিকোনো মাছ, মিছা মাছ, (শুকান বা কেঁচা), মুৰ্গী বা গাহৰিৰ মাংস আদি এই সুস্বাদু খাদ্য তৈয়াৰ কৰা হয়। এই আঞ্জাক অৱশ্যে মাছ বা মাংস একো নিদিয়াকৈও কেৱল মায়ছুন্দ্ৰী, উৰাউদ, গংগাৰ ধুনিয়া, ছমফেৰাৰ আলু, নহৰু বা ৰচুন আদিৰ দৰে সুগন্ধীযুক্ত মচলা বা ৰি এজেণ্টৰদ্বাৰাও নিৰামিষ আহাৰ স্বৰুপে অতি সুস্বাদু খাদ্য খাব পাৰি।

বড়ো সকলৰ ডাঙৰ ঘৰ বা থকা ঘৰ

(ক) ভেটি মাটিৰ পৰা দুফুটমান ওখকৈ (অৰ্থাৎ বিষাক্ত কাৰ্বন – ডাই – অক্সাইড গেছৰ পৰা ৰক্ষা পাবলৈ) ফাঁক ৰাখি বনোৱা চাংখন বিশেষ বিধৰ আঠালেতীয়া বগা মাটিৰে লেপা হয়।

(খ) ঘৰৰ বেৰ খন এঙখৌৰ (খাগড়ি) নামৰ এক বীজ পোক – পৰুৱাই সহজে নষ্ট কৰিব নোৱাৰা ডাঠ অথচ কম ওজন বিশিষ্ট (বাহিৰে – ভিতৰে শীত তাপ নিয়ন্ত্ৰ্ণ কৰিব পৰা) এবিধ বনৰ দ্বাৰা ৰন্ধা হয়।

(গ) উক্ত বেৰ খন সেই বিশেষ বিধৰ মাটিৰে দুই – তিনিবাৰ প্ৰ্লেপ – স্বৰুপে লেপা হয়।

(ঘ) প্ৰয়োজন সাপেক্ষে বেৰ খনত পোহৰ আৰু বতাহৰ বাবে অলপ সৰু পৰিমাণৰ দুই – চাৰি বা ততোধিক সংখ্যাৰ খিৰিকী ৰখা হয়।

(ঙ) ওপৰৰ ছাল খন ‘থুৰী’ নামৰ এবিধ মিহি আৰু লাহী বন খেৰৰ দ্বাৰা আবৃত কৰা হয়। যাৰ ফলত ঘৰ খনৰ শীত তাপ বাৰমাহে সকলো ঋতুতে প্ৰ্কৃতিগতভাৱে নিয়ন্ত্ৰিত হৈ থাকে।

বড়ো সকলৰ জনজীৱনত ভঁৰাল ঘৰ অতি অপৰিহাৰ্য্য। ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াও বিজ্ঞান ভিত্তিক। ভঁৰাল ঘৰৰ সকলো নিৰ্মাণ পদ্ধতি সমূলি থকা ঘৰ খনৰ দৰে যদিও ইয়াৰ বিশ্লেষণ যোগ্য দিশকেইটা হ’ল – ভেঁটি মাটিৰ পৰা ইয়াৰ চাং পাঁছশ ফুটমানৰ পৰা তিনি ফুটমান উচ্চতাৰ ভিতৰত। ভঁৰাল ঘৰৰ চাঙৰ বাহিৰ ভাগৰ চাৰিও ফাল বেৰৰ পৰা এফুট মান পৰা ডেৰফুটমান বহল বাৰাণ্ডা – স্বৰুপ।

 

লেখক : অৰুণ কুমাৰ বৰগয়াৰী।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top