অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাইথ’ পূজা

বাইথ’ পূজা

সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা বাইথ’ পূজা আৰু ইয়াৰ সৈতে সংপৃক্ত ব’হাগ বিহু অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পিছৰ দ্বিতীয় দেওবাৰে সন্ধিয়া অনুষ্ঠিত ‘দেও নমোৱা’ কাৰ্য্যসূচীত আৰম্ভ কৰি চাৰিদিনীয়াকৈ পালন কৰা হয়। আধ্যাত্মিকতাভিত্তিক এই লোক-পৰম্পৰা সৃষ্টিতত্বৰ সৈতে সংগতিসম্পন্ন।

অন্যান্য কছাৰীসকলৰ লগতে সোণোৱালসকলে প্ৰাচীন কালৰে পৰা পালন কৰি অহা ধৰ্মটোৰ নাম হৈছে ‘কিৰাত’ বা ‘কৈৰাত’। এই ধৰ্মমতৰ প্ৰধান উপাস্য দেৱতা কিৰাত বা শিৱ হোৱাৰ বাবেই ধৰ্মটোৰ নাম হয় ‘কিৰাত’ বা ‘কৈৰাত’। সোণোৱালসকলে বাইথ’ পূজাত পৰিৱেশিত তেওঁলোকৰ প্ৰাচীনতম স্তুতিগীত ‘হায়দাং গীত’ত ‘হা ইয়হ নমো নাৰায়ণ’....বুলি নাৰায়ণৰূপী ব্ৰহ্মাক প্ৰণাম জনাই সৃষ্টিতত্বৰ ৰহস্য ব্যাখ্যা কৰে। তেওঁলোকে বিশ্বাস কৰে যে পৰমাত্মাৰ আদি ৰূপ হ’ল ‘নাৰায়ণ’। এই নাৰায়ণক আৰোপ কৰা হৈছে শিৱত। কিৰাত দেৱতাক বড়ো ভাষাত ‘বাথান’ বা ‘বাথৌ’ বুলি কোৱা হয় আৰু তাৰেই অপভ্ৰংশ ৰূপত হয়তো সোণোৱালসকলে ইয়াক বাইথ’ আৰু উপাসনাক বাইথ’ পূজা বুলি অভিহিত কৰিছে। বাইথ’ পূজা সোণোৱালসকলৰ কেৱল আধ্যাত্মিক পৰম্পৰাই নহয়, আৱহমান কালৰে পৰা পালন কৰি অহা ই এটি কৃষিভিত্তিক লোক-উত্সৱ। এই পূজা-উত্সৱ তিনিচুকীয়া জিলাৰ ডাঙৰিৰ বৰপথাৰ-নপথাৰ গাঁৱত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাঙ্গণত মহা সমাৰোহেৰে অনুষ্ঠিত কৰা হয়। পূজাৰ অন্তিম দিনা শিৱ-লিঙ্গৰূপে প্ৰতিষ্ঠা কৰা জামু গছৰ খুঁটাৰ কাষত হাইঠা শিমলু লেং ঠাই ঠাই, সকলো দেৱতাৰ একে ঠাই, জামুকৰ খুঁটাতে দিছং ঠাই। বুলি মন্ত্ৰোচ্চাৰণ কৰি পূজাৰীয়ে পূজা সামৰাৰ লগে লগে যৌৱনোন্মোত্ত উত্সাহীসকলে পূজাৰীৰ চোতালত হুঁচৰি গায় আৰু ঢোল, তাল, পেঁপা, বাঁহী, গগণাৰ সমন্বয়ত উলাহ-উচাহেৰে বিহু মাৰি পৰিৱেশ উত্তাল কৰি তোলে। সম্প্ৰতি অন্য সোণোৱাল প্ৰধান অঞ্চলত ইয়াক এদিনীয়াকৈ সমাপন কৰা দেখা যায়।

অধ্যাত্ম্য দৰ্শনৰ দৃষ্টিৰে ইয়াৰ সম্পাদন বিধি নিৰীক্ষণ কৰিলে অনুমান কৰা যায় যে এই পূজা-উত্সৱ মূলতঃ শিৱৰ দ্বাৰা উদ্ভাৱিত তন্ত্ৰস্বভাৱসমৃদ্ধ আধ্যাত্মিক আচাৰ-আচৰণ। ইয়াত হাইদাং গীত আৰু হাইদাং নৃত্য পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে বৰদৈচিলাক আমন্ত্ৰণ জনাই মাটিৰ উৰ্বৰতা কামনাৰে স্বতঃস্ফূৰ্ত উন্মাদনা, উল্লাস-আনন্দ আৰু উদ্যম বিহু নৃত্যৰে বহাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সমাপন কৰা হয়। এই পূজা-উত্সৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উত্সৱ। কেতবোৰ নিৰ্দ্দষ্ট মুদ্ৰাৰে সৃষ্টিতত্বৰ সাংগীতিক প্ৰকাশ আৰু লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা এই হাইদাং গীত, হাইদাং নৃত্য আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ত ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয়, য’ত হুচৰি গোৱাৰ আগতে বৰদৈচিলাক দেৱীৰূপে সন্মান জনাই আমন্ত্ৰণ জনোৱা হয়। বিশ্বাস যে এই বিশেষ তান্ত্ৰিক পদ্ধতিৰ প্ৰভাৱত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈচিলাৰূপে ধৰাৰ বুকুলৈ নামি আহে, ধৰণী উৰ্বৰা হয়, সৃষ্টিৰ বীজ অংকুৰিত হয়, বসুমতী সেউজ-সুন্দৰ হয়। উল্লেখনীয় যে ইয়াত নৃত্যৰত ময়ূৰ পক্ষীৰ নৃত্য-ভঙ্গীমাৰ সৈতে সামঞ্জস্য ৰাখি হাইদাং নৃত্য আৰু বিভিন্ন জীৱৰ স্বভাৱগত প্ৰৱণতা, সেইসমূহৰপৰা নিঃসৃত স্বৰধ্বনি আৰু মেঘৰ গাজনি-ঢেৰেকনিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱেশন কৰা হয় বিহু, য’ত ঢোল, তাল, পেঁপা, বাঁহী, সুতুলি, গগনা, টকা ইত্যাদিৰ সমাহাৰ ঘটোৱা হৈছে আৰু সেইসমূহৰ ঐক্যতানৰ সু-সমন্বিত শব্দ তৰংগৰ দ্বাৰা প্ৰকৃতিক জগাই তোলাৰ পৰম্পৰা চলি আহিছে, যি অধ্যাত্মবিজ্ঞানৰ গভীৰ ৰহস্য আৰু তাত্পৰ্য্য বহন কৰাৰ লগতে কলা-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে। সেয়ে বাইথ’ পূজা আৰু ব’হাগ বিহুৰ সম্বন্ধ ওতঃপ্ৰোত।

সোণোৱালসকলৰ হুঁচৰিত বাঁহেৰে তৈয়াৰী একোডাল টকা সহ স্বকীয় নিয়মবদ্ধ প্ৰথাৰে নিৰ্দিষ্ট মুদ্ৰাশৈলী আৰু অংগচালনেৰে উল্লসিত স্বৰে ঘৰে ঘৰে গীত পৰিৱেশন কৰি, মন-শৰীৰ-আত্মাৰ একত্ৰীকৰণৰ জৰিয়তে গৃহস্থৰ মঙ্গলাৰ্থে আশীৰ্বাদ বৰিষণ কৰা হয় আৰু হুঁচৰি গোৱা অন্ত পৰিলে ৰোগ-ব্যাধি, অপায়-অমংগল বিসৰ্জন দিয়া বুলি গণ্য কৰি টকাডাল গাঁৱৰ বাহিৰলৈ নি বিসৰ্জন দিয়া হয়। ইতিমধ্যে উল্লেখ কৰা হৈছে যে জীৱত্ শক্তি ভাৱ-তৰংগৰ মাধ্যমেৰেও প্ৰৱাহিত হ’বলৈ সক্ষম। সেয়ে ইয়াৰ সপক্ষত আমি এই কথা ক’ব পাৰো যে হুঁচৰিত অংশগ্ৰহণকাৰীসকলে ধাৰণ কৰা শুদ্ধ ধাৰণা, পৱিত্ৰ ভাৱ, শুভ-কামনাই ৰোগ ব্যাধি, অপায়-অমংগলৰ কাৰক ঋণাত্মক জীৱত শক্তিৰ বিনাশ ঘটাই আৰু তাৰ ঠাইত ধনাত্মক জীৱত্ শক্তিৰ প্ৰৱহন ঘটাই পৰিয়াল একোটাত অনুকূল বাতাবৰণ সৃষ্টি কৰে। অন্যহাতে, এই কথা সকলোৰে জ্ঞাত যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে ইয়াৰ গতিশীল পৰ্য্যায়ত ঋতুৰ পৰিৱৰ্তন ঘটে আৰু এনেদৰেই চ’তৰ সংক্ৰান্তিত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব এনে এক স্থানত অৱস্থান কৰেহি যে তেতিয়া সূৰ্য্যৰ পোহৰ বিষুৱ ৰেখাৰ ওপৰত একেবাৰে লম্বভাৱে পৰে। সেয়ে, কোনো কোনো পণ্ডিতে এই বিষুৱৰ পৰাই ‘বিহু’ শব্দটো উত্পত্তি হোৱা বুলিও ক’ব খোজে।

লেখকঃ ব্ৰজেন সোণোৱাল

2.89230769231
ইন্দুমনি দিহিঙীয়া Mar 09, 2018 11:40 AM

বাগুৰুম্বা নৃত্যৰ বিষয়ে কিছু তথ্য পালে উপকৃত হ'ম ।‌

InDG Assam Apr 23, 2016 12:17 PM

ব্ৰজেন সোণোৱাল ডাঙৰীয়া আপোনাৰ যোগাযোগৰ নম্বৰটো অনুগ্ৰহ কৰি আমাৰ ই-মেইল ঠিকনালৈ প্ৰেৰণ কৰিলে সুখী হʼম।
আমাৰ ইমেইল ঠিকনাঃ *****@gmail.com
ধন্যবাদেৰে
বিকাশপেডিয়া দল।

ব্ৰজেন সোণোৱাল Apr 22, 2016 12:31 PM

ধন্যবাদ ! পিছে এয়া মাথো এটা সংক্ষিপ্ত বিৱৰণহে । ভৱিষ্যতে অসমীয়া সমাজৰ অন্যতম অংগ সোণোৱালসকলৰ এই চহকী লোক-পৰম্পৰাৰ বিষয়ে সবিশেষ লিখাৰ প্ৰতিশ্ৰুতি থাকিল ।

কিশোৰ বৰগোহাঁই Apr 22, 2015 02:48 PM

বাইথʼ পূজাৰ বিষয়ে কিছু জানিব পাই ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top