অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাগানীয়া অসমীয়া:

বাগানীয়া অসমীয়াৰ বিষয়ে লিখা হৈছে

 

প্ৰত্ন প্ৰস্তৰ যুগৰপৰা এতিয়ালৈকে অসমলৈ প্ৰব্ৰজন ঘটিছে ভিন্ন জনগোষ্ঠীৰ। ভগৱান যীশুখ্ৰীষ্টৰ জন্মৰ কেইবা হাজাৰ বছৰৰ আগৰপৰা অসমলৈ আহি থকা জনস্ৰোতবোৰ ক্ৰমে দক্ষিণ-পূব এছিয়াৰ পৰা অহা অষ্ট্ৰ’-এছিয়াটিক ভাষিক গোষ্ঠীৰ আগমন, তিব্বত- বৰ্মণ ভাষিক গোষ্ঠীৰ আগমন বড়ো, নগা, কুকি, চিন আৰু কাচিনমূলীয় জনগোষ্ঠী মঙ্গোলীয় প্ৰজাতিৰ লোক। এনে জনগোষ্ঠীৰ লোকসকলে সীমান্তৰ সিপাৰৰপৰা আজিও আহি থকা বুলি কোৱা হয়। ইয়াৰ ভিতৰত ম্যানমাৰৰ টাংচা, নগা, কুকি-চিন মূলৰ লোকক ধৰা হয়। অসমলৈ শেহতীয়াকৈ অহা আৰু খিলঞ্জীয়া তিৰ্ব্বতীয় বৰ্মণ ভাষীৰ সংখ্যাধিক এই শ্ৰেণীটোত পৰে বুলি উপৰিউক্ত দুই গ্ৰন্থত উল্লেখ আছে। পূৰ্ব জন্মৰ ৫ম শতিকাত গংগা সমভূমিৰপৰা ইণ্ডো-আৰ্য ভাষীৰ এটা স্ৰোত অসমলৈ আহিছিল বুলি লিখিত আছে। এই জনস্ৰোত চলি থকাৰ মাজতে ইছলামপন্থী মুছলমান সৈন্যধ্যক্ষ মহম্মদ বিন বখতিয়াৰ খালজীৰ নেতৃত্বত প্ৰায় ১২০৫ চন মানত এটা স্ৰোতে অসমত প্ৰৱেশ কৰে। অভিযানটোত মহম্মদ বিন বখতিয়াৰ পৰাজিত হোৱাত বখতিয়াৰৰ বাহিনীৰ বহু সৈন্য বিশেষকৈ অসমৰ হাজো আৰু ছিপাঝাৰ অঞ্চলৰ মাজত বসতি কৰি থাকিবলৈ লয়। পৰৱৰ্তী কালত গৌড়ৰ নবাব, ঢাকাৰ চুলতান আৰু দিল্লীৰ সম্ৰাটে অসমত কেইবাটাও আক্ৰমণত লিপ্ত হয়। যুদ্ধত জয়েই হওক বা পৰাজয়েই হওক আক্ৰমণকাৰী দলৰ কিছুসংখ্যক লোক আৰু সা-সম্পত্তি অসমত থাকি যায়। উল্লেখ কৰিব লাগিব যে মুছলমানৰ আক্ৰমণত অসমত থাকি যাবলগীয়া লোকসকল কেৱল সৈনিক বা সেনা বিষয়াই নাছিল। শ্ৰেণীটোৰ মাজত আছিল কিছু কলা-কুশলী, হস্তবিদ্যাধৰ, কাৰিকৰী, কেৰাণী পদ আদিৰ লোক। থলুৱা ৰজাসকলৰ কামত এইসকল নিয়োজিত হৈছিল আৰু পিছলৈ সেই শ্ৰেণীটোৱে স্থায়ী বসতি লৈছিল আৰু বিয়া-বাৰু কৰাই ইয়াতে থাকি গৈছিল আৰু বৃহৎ অসমীয়া জাতিৰ লগত মিলি গৈছিল। মুছলমানৰ প্ৰথম আক্ৰমণৰ প্ৰায় ২৩ বছৰৰ পিছত উত্তৰ ম্যানমাৰৰ চান ৰাজ্যৰপৰা চুকাফাৰ বলিষ্ঠ নেতৃত্বত ১২২৮ খৃষ্টাব্দত আহে তাই ভাষী আহোমসকল। পূব অসমৰ বুঢ়ীদিহিং আৰু দিচাং নৈৰ মাজত তাই ভাষী আহোমসকলে ৰাজ্য স্থাপন কৰি তেওঁলোকে ৰাজ্যখনৰ প্ৰসাৰ ঘটায়। এইসকল লোকে স্থানীয়ভাৱে বিয়া-বাৰুৰ দৰে সামাজিক বান্ধোন, ধৰ্ম আদিৰে অসমীয়া সমাজত বান্ধ খায় যায় অৰ্থাৎ বৃহত্তৰ অসমীয়া জাতি সত্তাৰ অবিচ্ছেদ্য অংগ হৈ পৰে। স্বৰ্গদেউ চুকাফাই ইয়াৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ এক কৰি গঢ়ি তোলে বৰ অসম- যিটো কাৰণত আখ্যাও দিয়া হয় তেওঁক বৰ অসম নিৰ্মাতা বুলি। আহোম ৰাজ্য নামৰ বৰ অসমখন ১৮২৬ খ্ৰীষ্টাব্দলৈকে চলে। সপ্তদশ আৰু অষ্টাদশ শতিকাৰ মাজত তাই জনগোষ্ঠীৰে পাঁচটা সৰু ঠাল তাই খামটি, তাই খাময়াং, তাই আইতন, তাই ফাকে আৰু আই টুৰুংসকল বৰঅসম ভূমিত প্ৰৱেশ কৰে। উজনি অসমৰ বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলা আৰু অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইত এওঁলোকৰ বসতি আছে। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ তদানীন্তন ভাৰত তথা বৃটিছ চৰকাৰ আৰু আহোম শাসনৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ যোৱাত অসম প্ৰশাসনত সহায়ক হিচাপে বৰাক উপত্যকাৰ বঙালীসকলৰ লগতে ৰাজ্যখনৰ ভিন্ন কামৰ বাবে কিছুসংখ্যক উত্তৰ ভাৰতীয় ৰাজস্থানী আৰু নেপালী লোকৰ অসমলৈ আগমন ঘটে বৃটিছৰ সুবিধাৰ্থেই। অসমলৈ আগমন ঘটা বৃটিছসকলে অসমত চাহ খেতিৰ প্ৰৱৰ্তন কৰাত চাহ বাগিচা তথা উদ্যোগত কাম কৰিবলৈ আনে দক্ষিণ ভাৰতৰ ছোটানাগপুৰ মালভূমিৰপৰা কেইবা ৰাজ্যৰ শ্ৰমিক। অষ্ট্ৰ’-এছিয়াটিক নৃ-গোষ্ঠীৰ মুণ্ডাৰী ভাষিক এই জনগোষ্ঠীৰ লোকসকলৰ স্ৰোত ঘটিছিল ১৮৫০ খ্ৰীষ্টাব্দৰপৰা প্ৰায় ১৯৪০ খ্ৰীষ্ট্ৰাব্দলৈ। সেইসকলৰ বৰ্তমান প্ৰজন্মক চাহ জনগোষ্ঠীয় বা প্ৰাক্তন চাহ জনগোষ্ঠীয় চাহ শ্ৰমিক ৰূপে পৰিচিত। ইয়াৰ পিছতো ভিন্ন সময়ত ভিন্ন জনগোষ্ঠীৰ ‘সোঁত’ বা ‘ঢৌ’ অসম ভূমিলৈ ভিন্ন পৰিস্থিতিত চলিয়েই আছে।

অসমলৈ আগমন ঘটা উপৰিউক্ত ভিন্ন ‘জনস্ৰোত’ আৰু ‘জন ঢৌ’ৰ মাজৰে চাহ জনগোষ্ঠীয়ে অসমৰ জনগাঁথনিত এক বিশেষ স্থান দখল কৰি আছে। দেশৰ ৰাজনীতি, অৰ্থনীতি, ক্ৰীড়া আদি ক্ষেত্ৰলৈও উল্লেখনীয় বৰঙণি আগবঢ়াইছে। তৎসত্ত্বেও চাহ বাগিচা বা চাহ উদ্যোগত কাম কৰি থকা বিশেষ জনগোষ্ঠীটো চাহ জনগোষ্ঠীয় বা ‘বাগানীয়া’ আখ্যাৰে পৰিচিত হৈয়ে থাকিল। নীচাত্মিক বাগানীয়া আখ্যাটোৱে তেওঁলোকৰ মনত কেতিয়াবা দুখ দিয়াও দেখা যায়। তাৰ মাজতে জনগোষ্ঠীটোৰ গুৰুত্বপূৰ্ণ ব্যক্তি এচামে এই কথা নসাৎ কৰাও দেখা যায়। উদাহৰণস্বৰূপে বিশিষ্ট সাহিত্যিক প্ৰহ্লাদ চন্দ্ৰ তাচাই কয় যে তেওঁলোকে কেতিয়াও নীচাত্মক উক্তিৰ সন্মুখীন হোৱা নাই। তাৰ অৰ্থ হ’ল নিজকে তেওঁলোকে অসমীয়া নামৰ বৃহৎ সমাজখনত উপেক্ষিত হোৱা বুলি ভবাৰ যুক্তিযুক্ততা নেদেখে। তথাপি, অসমৰ আন ছয় খিলঞ্জীয়া জনগোষ্ঠী ক্ৰমে তাই আহোম, চুতীয়া, কোচ ৰাজবংশী, মটক আৰু মৰাণ জনগোষ্ঠীৰ দৰে জনজাতিৰ মৰ্যাদা বিচাৰি আছে। সেই মৰ্যাদা বিচাৰিবলৈ অপৰিহাৰ্য যোগ্যতা বিচৰা আৰু নিৰ্ণয়ৰ ক্ষমতা এই লোকৰ নাই। কিন্তু জনগোষ্ঠীটোৰ এটা বিশেষ বিশেষ সচেতন অসমীয়াক ভাবিবলৈ বাধ্য কৰাব নিশ্চয়।

আমাৰ লগত আছিল ভ্ৰাতৃপ্ৰতিম ব্যক্তি অধ্যাপক অশ্বিনী মাচে আৰু তেওঁৰেই নেতৃতত প্ৰায় দুকুৰি সক্ৰিয় ছাত্ৰী বিদ্যালয়খনত সমৱেত হোৱাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ বাবেই বিখ্যাত হৈ উঠা বৃহত্তৰ ৰহমৰীয়াৰ অন্তৰ্গত লাহোৱাল শিক্ষাখণ্ডৰ অধীনস্থ ফুকনখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা প্ৰাৰ্থনাৰ দৃশ্যই হৃদয় স্পৰ্শ কৰি যাব যিকোনো ব্যক্তিৰে। প্ৰাৰ্থনা তথা বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলাও মানিবলগীয়া। পৰিষ্কাৰ-পৰিচ্ছন্নতাও আন উল্লেখনীয় দিশ। উল্লেখনীয় আন এটা দিশ হ’ল বিদ্যালয়খনৰ প্ৰায় নব্বৈ শতাংশ ছাত্ৰ-ছাত্ৰী হ’ল চাহ জনগোষ্ঠীয়। কাষতে অৱস্থিত চেংধৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একে অনুশাসনমূলক দিশ দেখা গ’ল। আন এটা দিনত মোকালবাৰী চাহ বাগিচা আৰু কামাখ্যাবাৰী চাহ বাগিচা এলেকাধীন বাগিচাবোৰৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰাজ কৰা সুশৃংখলিত ৰূপ মানিবলগীয়া। চেংধৰা বাগিচাৰ লাইন প্ৰত্যক্ষ কৰি কেইবাটাও দিশে চাহ জনগোষ্ঠী সম্পৰ্কে থকা আমাৰ কেইবাটাও ধাৰণা ওলট-পালট কৰিলে। ডিব্ৰুগড়ৰপৰা তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় পথৰপৰা উত্তৰলৈ নাদুৱা চাহ বাগিচাৰে সোমাই যাবলগীয়া পথেৰে পোৱা যায় বৃহৎ নাদুৱা, থানাই আৰু মোকালবাৰী চাহ বাগিচাকে ধৰি কেইবাখনো সৰু বাগিচা। তাৰপৰা ব্ৰহ্মপুত্ৰৰ বান-খহনীয়া ৰোধ কৰিবলৈ স্থাপন কৰা ৰহমৰীয়াৰ জিঅ’ টিউবলৈ চলা অভিযানৰ কালত চেংধৰা বাগিচাকে ধৰি কেইবাটাও এলেকা দেখি আমাৰ ধাৰণা নতুন হ’ল যে ‘বাগানীয়া’ সকল ‘বাগানীয়া’ হৈ থকা নাই। আমি দেখা দিনৰ ‘বাগানীয়া’ বুলিলে আছিল অনাময় সম্পৰ্কে অতিকৈ অ-সচেতন, আলহী-অতিথিৰ বাবে বহিবলৈ একোখন পীৰাৰ গৰাকী, আলহী-অতিথিৰ বাবে ঠাণ্ডা পানী এগিলাচ আগবঢ়াবলৈ অভাৱগ্ৰস্ত, শিক্ষা-বিদ্যাৰ প্ৰতি অ-চেতন আদি অধিকাৰী গুণৰ। তদুপৰি ‘বাগানীয়া’ বুলিলেই চাহপাত ছিঙা কামত মজদুৰ হোৱাটো জন্মগত এক স্বভাৱৰূপে গঢ় লৈছিল। পৰিয়ালৰ আকাৰো আছিল বৃহৎ। বৰ্তমানৰ বাগানীয়াৰ ছবিখন সলনি হ’ল বুলি ক’ব পাৰি। এতিয়া একোজন বাগানীয়া পুৰুষৰ ডিঙিত বা মূৰত থকা টাৱেলখনক অসমীয়া গামোচাই অপসাৰণ কৰিছে। চৰকাৰৰ পৰিয়াল কল্যাণ আঁচনিৰ অধীনস্থ ‘সৰু পৰিয়াল সুখী পৰিয়াল’- শীৰ্ষক বাণীবোৰ যেন বাগানত থিতাপি লৈছে। পৰিয়ালবোৰৰ আকাৰ অৰ্থাৎ সদস্যৰ সংখ্যা কমি আহিছে। বাগানীয়া ষ্টাইলত তাহানিৰেপৰা প্ৰচলিত মাদক দ্ৰব্যৰ পয়োভৰ আজিকালি লজ্জাজনক কথা। আলহী-অতিথিৰ বাবে ব্যৱহৃত পীৰাখনৰ ঠাইত চ’ৰা ঘৰে ঠাই ল’লে। চ’ৰা ঘৰো যথাশক্তি সু-সজ্জিত। শ্ৰমিক আইনমতে ১৪ বছৰৰ তলৰ বয়সৰ ল’ৰা-ছোৱালীক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান চাহ কোম্পানী সমূহে মানি চলাত ‘বাগানীয়া’ শ্ৰমিকৰ পয়োভৰ কমিছে যাৰ ফলত বাগান তথা বাগিচা শ্ৰমিকৰ নাটনি হৈছে। আনকি তেনে শ্ৰমিকৰ ওপৰতে নিৰ্ভৰশীল সমীপৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাতো শ্ৰমিকৰ নাটনি হৈছে। চাহ বাগিচাত এনেবোৰ বিপৰীত ছবি বৃহত্তৰ অসমীয়া সমাজলৈ অহা এক ধনাত্মক পৰিৱৰ্তন বুলি চিহ্নিত কৰিব পাৰি।

লেখক:ড° লোহিত শইকীয়া(দৈনিক অসম)

3.15384615385
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top