মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বাৰমাহী আৰু বিলাপ গীত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰমাহী আৰু বিলাপ গীত

বাৰমাহী আৰু বিলাপ গীত

অতি পুৰণি কালৰে পৰা মানুহৰ মুখে মুখে কিছুমান গীত-পদ চলি আহিছে। জনসাধাৰণৰ মাজত আজিও তাৰ সমাদৰ আছে। পৃথিৱীৰ প্ৰত্যেক দেশ আৰু জাতিৰে সুকীয়া সাহিত্য, সংস্কৃতি আৰু বুৰঞ্জী আছে। যি দেশৰ সাহিত্য, সংস্কৃতি আৰু বুৰঞ্জী নাই, সেই দেশ বা জাতিৰ নিজা ভাষাও নাই। অসম ভাৰতৰ ভিতৰত এখন সংস্কৃতিপূৰ্ণ দেশ। পৃথিৱীৰ বিভিন্ন দেশ বা জাতিৰ দৰে কিছুমান লোকগীত মৌখিক অৱস্থাতে অসমতো আজিলৈকে মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়। তাৰে কিছুমান সংগৃহীত হৈছে আৰু কিছুমান সময়ৰ সোঁতত লুপ্ত হ’বলৈ ধৰিছে। এইটো বৰ পৰিতাপৰ কথা। গতিকে অনুসন্ধিৎসু আগবাঢ়ি অহা উচিত। তেতিয়াহে দেশৰ ভাষা সংস্কৃতি চহকী হ’ব। অধ্যাপক প্ৰমোদ ভট্ৰাচাৰ্য্যি লিখিছে-“লোকগীত ৰাইজৰ অন্তৰৰ পৰা নিজৰি ওলোৱা আবেগৰ সুৰ। লোকগীত লোক-স্ংস্কাৰৰ (ফ’ক ল’ৰ) এটি ঘাই অংগ। লোক- সংস্কাৰ হৈছে মানৱ জীৱনৰ চৌপাশে থকা আচাৰ, ব্যৱহাৰ, ৰীতি-নীতি, ধ্যান ধাৰণাৰ ঐতিহ্য পূৰ্ণ ৰুপ। ফ’ক ল’ৰ বা লোক-সংস্কাৰ এই সংজ্ঞাৰ পৰিসৰ বৰ বহল। ইয়াৰ ভিতৰত সকলো শ্ৰেণীৰ লোকগীত, লোকাচাৰ, লোকসাধু, লোকবিশ্বাস, কাহিনী আখ্যান, যোজনা, পটন্তৰ, সাঁথৰ-দৃষ্টান্ত আদিক ঠাই দিয়া হয়। ডব্লিউ. জে. থমাছ নামৰ পণ্ডিত এজনে ‘ফ’ক ল’ৰ এই নামকৰণ প্ৰথমে ব্যৱহাৰ কৰে। আজিকালি আধুনিক সকলো ভাষাতে ‘ফ’ক ল’ৰ এই শব্দৰ প্ৰচলন হৈছে আৰু ইয়াৰ সমৰ্থক শব্দৰ সৃষ্টি হৈছে। অসমীয়া ভাষাত লোক-সংস্কাৰ শব্দৰ দ্বাৰা ইংৰাজী ‘ফ’ক ল’ৰ শব্দৰ অৰ্থ প্ৰকাশ কৰিব পাৰি। লোক-গীত লোক-সাহিত্যৰ(‘ফ’ক লিটৰেচাৰ) ভিতৰুৱা। লোক-সাহিত্যৰ উপৰিও লোক-সংস্কৃতি(‘ফ’ক কালচাৰ) শব্দৰ ব্যৱহাৰো আমাৰ ভাষাত চলিব ধৰিছে।

লোক-সংস্কৃতিৰ চৰ্চ্চা ওঁঠৰ শতিকাৰ শেহ ভাগৰ পৰা ক্ৰমে বাঢ়িবলৈ ধৰে। ১৭৬৫ চনত প্ৰকাশ পোৱা পাৰ্চীৰ “ৰেলিকছ অব্‌ এন্‌চিয়েণ্ট ইংলিছ পয়েট্ৰি” নামৰ গ্ৰন্থই ইয়ৰোপৰ আৰু আমেৰিকাৰ সুধী সমাজত লোকগীতৰ অধ্যয়ন, সংগ্ৰহ, চৰ্চ্চা আৰু বিশ্লেষণৰ আৱশ্যকতা সম্বন্ধে জাগৰণৰ ঢৌ তোলে।

লোকগীত সাধাৰণতে দুভাগত ভগাব পাৰি-

১। প্ৰথমতে সৰ্ব্বসাধাৰণ ৰাইজৰ মুখে মুখে প্ৰচলিত গীতসমূহ। এইবোৰে কোনো জনজাত ৰচয়িতাৰ ৰচনা নহয়। ঠাই ভেদে এনে লোকগীতৰ ভিন ভিন ৰুপ পোৱা যায়। মৌখিক অৱস্থাত এই গীত পদবোৰে গায়ক-গায়িকা আৰু শ্ৰোতা সমাজৰ মনোৰঞ্জন কৰে। যেনে- বিহু গীত, বিয়া নম ইত্যদি।

আনবিধ লোকগীতক সাহিত্যৰ পৰশ পোৱা লিখিত গীত বুলি আখ্যা দিব পাৰি। স্বদেশ প্ৰেম, জাতীয়তা, বীৰত্ব বাৎসল্য আদি ভাবব্যঞ্জক কাহিনী কোনো নিৰ্দিষ্ট ৰচকে ৰচে আৰু এই ৰচনা সৰ্বসাধাৰণ মানুহৰ মুখে মুখে প্ৰচলিত হ’বলৈ ধৰে। সাধাৰণতে আমি প্ৰথম বিধ লোকগীতৰ ওপৰতহে অধিকতৰ গুৰুত্ব আৰোপ কঁৰো। লোকগীতৰ উৎপত্তি সম্বন্ধে পণ্ডিতসকলে বিভিন্ন মতবাদ আগবঢ়াইছে। নৃত্ত, গীতৰ পূৰ্বৱৰ্ত্তী অৱস্থা আৰু গীত কবিতাৰ জননী। তেনেস্থলত নৃত্য-গীত কবিতা একেডাল সূতাৰে গঁথা।

(২) পৃথিৱীৰ অন্যান্য দেশৰ লোকগীত, লোকনৃত্যৰ দৰে অসমৰ লোকগীত-নৃত্যৰো সুকীয়া সামাজিক পৰিবেশ আছে। বিশেষকৈ অসমত আৰ্য্য, অষ্টিক, তিৰ্ব্বত-বৰ্ম্মী আদি বিভিন্ন গোষ্ঠীৰ নৰ-নাৰীয়ে বাস কৰা গতিকে সামাজিক বৈচিত্ৰ্য বৰ্তমান। লোকগীত, লোকনৃত্য আৰু লোক-সংস্কাৰৰ সামাজিক বৈচিত্ৰ্য বিভিন্ন ৰুপত প্ৰকাশিত হয়।

অসমত বাস কৰা আৰ্য্য হিন্দু সমাজত প্ৰচলিত আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, বিশ্বাস-প্ৰবাদক কেন্দ্ৰ কৰি কিছুমান লোকগীত গোৱা হয়, ইয়াৰে কিছুমান সংগৃহীত হৈছে যদিও এতিয়াও ভালেমান মৌখিক ৰুপতে আছে, হয়তো কিছুমান লোপ পাবলৈও ধৰিছে। আৰ্য্য হিন্দুসকলৰ উপৰিও অসমীয়া মুছলমান সমাজত প্ৰচলিত জাৰি-জিকিৰ আদি লোকগীতৰ উৎকৃষ্ট নিদৰ্শন। অসমীয়া, শিখ, অসমীয়া গুৰ্খা আদি লোক গোষ্ঠীৰ মাজতো কিছুমান লোকগীত প্ৰচলিত হৈ থকা বুলি জনা যায়। ইয়াৰ বাহিৰেও অসমত জন-জাতিসকলৰ মাজত চলি অহা গীত পদবোৰৰ পৰিধি বৰ বহল বুলি জনা গৈছে। জনজাতীয় গীত পদৰ সংগ্ৰহ, সংকলন আৰু প্ৰকাশে অসমৰ লোকগীতৰ সম্ভাৰ চহকী কৰিব তদুপৰি অসমীয়া লোকগীত, লোক-সংস্কৃতি আৰু লোক-সংস্কাৰৰ স্বৰুপ মূল্যাঙ্কনত যথেষ্ট ৰুপে সহায় কৰিব। অসমৰ খাছিয়া, বড়ো, নগা, মিৰি, লুচাই, লালুং, মিকিৰ আদিৰ মাজত অলেখ গীত-পদ সাধু প্ৰচলিত হৈ আছে। এই গীতবোৰত আছে গাৱেঁ-ভূঞে লোকগীত, লোকসাধু, বচন, পটন্তৰ আদি সৃষ্টি হৈয়ে আছে। জন-জাতীয় সমাজত এই সৃজনী প্ৰতিভাই অধিকতৰ সমল যোগাইছে। শিক্ষাৰ পোহৰ পোৱা লোকসকলৰ মাজত লোকগীত, লোকসাহিত্যৰ সৃষ্টিৰ আকাংখ্যা ক্ষীণ”।

“ বাৰমাহী আৰু বিলাপ গীত” অসমীয়া লোক-সাহিত্যৰ অন্যতম সম্পদ। বাৰমাহী গীতৰ যোগেদি জনকবিয়ে প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি বাৰমাহৰ সুন্দৰ বৰ্ণনা দিছে। বাৰমাহী গীত কামৰূপ আৰু গোৱালপাৰা জিলাতহে শুনিবলৈ পোৱা যায় কিন্তু অঞ্চল বিশেষে একে গীতেই ভিন ভিন ৰুপত পোৱা যায়। আগৰ দিনত এতিয়াৰ নিচিনা ৰেলগাড়ী, মটৰগাড়ী, জাহাজ আৰু বিমানৰ প্ৰচলন নাছিল। তেতিয়াৰ দিনৰ লোকসকলে নাও(ডিঙা), গৰুৰ গাড়ী আৰু ঘোঁৰা বা গাধৰ পিঠিত বস্তু বাহিনী বোজা দি বেহা-বেপাৰ কৰিছিল। সেই বিষয়ে বাৰমাহী গীতত সদাগৰ, সাউদ, বৰডিঙা, বণিজ আদি শব্দৰ সুন্দৰ বৰ্ণনা দিছে। বাৰমাহী গীত স্বাভাৱিকতে মুনিহ তিৰোতা উভয়ৰে মুখত শুনিবলৈ পোৱা যায়। যেতিয়া গাৰোৱান বা নাৱৰীয়া সকলে বাৰমাহী গীতৰ কৰুণ সুৰ দি অটব্য হাবি নাইবা ভৰা নদীৰ বুকেদি গাড়ী বা নাওৰে গৈ থাকে, দেওঁ-ভূত, আৰু হিংসুক জন্তুবোৰেও বাট এৰি দিয়ে বুলি আমাৰ আইতাই কোৱা কথাবোৰ মনত পৰিছে। “সংসাৰ মৰু ভূমিত গান সৰোবৰ” এই কথাষাৰৰ জলন্ত প্ৰমাণ চহা লোকৰ গীতবোৰৰ পৰা অনুমান কৰিব পাৰি। মানুহৰ মনত যেতিয়া দুঃখ নাইবা আনন্দৰ হিল্লোল উঠে, তেতিয়াই সুৰৰ সৃষ্টি হয়। “বাৰমাহী আৰু বিলাপ গীত” তাৰ উদাহৰণ।  আঞ্চলিক ভাৱে সংগৃহীত বাৰমাহী আৰু বিলাপ গীত ইয়াত যিমান দূৰ পৰা যায়, দিয়া হ’ল। তুলনামূলক আলোচনা আৰু বিষয় বস্তুৰ গুৰুত্ব চাই গীতবোৰৰ গৱেষণাৰ যথেষ্ট স্থল আছে। আমাৰ সংগৃহীত ‘ফুলৱন্তী কন্যাৰ শান্তি বাৰমাহী গীত’ অধ্যাপক প্ৰমোদ ভট্ৰাচাৰ্য্যৰ “শান্তি বাৰমাহী” আৰু হেমচন্দ্ৰ গোস্বামীৰ’ অসমীয়া সাহিত্যৰ চানেকিত প্ৰকাশিত কন্যা বাৰমাহী একে গীতৰে অঞ্চল আৰু সময় ভেদে বিভিন্ন ৰুপত উদ্ধাৰ কৰা হৈছে। গোস্বামীদেৱকে আন এটি “মধুমতী গীত”ৰ লগত অধ্যাপক ভট্ৰাচাৰ্য্যৰ সংগৃহীত “শান্তি বাৰমাহী”ৰ কিছু মিল দেখা যায়।

বাৰমাহী গীতত প্ৰেমিক-প্ৰেমিকাৰ অন্তৰৰ প্ৰণয় আৰু বিৰহৰ নিদৰ্শন ঋতু বা মাহ পৰিবৰ্তনৰ লগত প্ৰাকৃতিক পৰিবেশত বৰ্ণিত হৈছে। “বাৰমাহী আৰু বিলাপ গীত’ত আদি আৰু কৰুণ ৰসৰ নিদৰ্শন সুন্দৰভাৱে পোৱা যায়। অধ্যাপক ভট্ৰাচাৰ্য্যি আলোচনাত উল্লেখ কৰিছে-“ইউৰোপীয় আৰু ভাৰতীয় কবিৰ ঋতু মাহৰ বৰ্ণনাত পাৰ্থক্য থাকিলেও ঋতু মাহৰ প্ৰভাৱ কোনোৱে উপেক্ষা কৰিব পৰা নাই। ইউৰোপত আনন্দৰ মাহ মে’ই কবিৰ মনত ৰং ৰগৰৰ ৰহণ সানে। তেৰ শতিকাৰ ইটালীয় কবি ফলগ’ৰ ডঃ ছান জেমিনিয়ানোৱে লিখা বাৰমাহৰ বৰ্ণনামূলক ‘ছনেট’তো মে’ৰ বৰ্ণনা এনেদৰে দিয়া হৈছেঃ-

“কুমলীয়া গাভৰু সকল ডেকাৰ লগত মিলে,

যৌৱনে সিহঁতৰ গলে মুখে যাচে চুমা

প্ৰতিদিন পূৰ হয়

আনন্দ ভৰা প্ৰেম আৱাহনেৰে”

পাটনাৰ পৰা সংগৃহীত চৌমাসা গীতত আছে-

“স্বামী ঘৰত থকা তিৰোতা জনী

তাইৰ কপাল কিমান ভাল।

মই যে অভাগিনী মোৰ স্বামী

আঁতৰি আছে

বিৰহ অগনিয়ে মোক

অহৰহ পুৰি মাৰে।

মোৰ পদুমী হিয়াত জুই জ্বলিছে”……………..

(ডব্লিউ. জি। আৰ্চাৰৰ ভাঙণি)

এই গীতৰ লগত শান্তি বাৰমাহী গীতৰ বিৰহিণী গাভৰুৰ শাওণমহীয়া অৱস্থা তুলনা কৰিব পাৰি। মহাকাল পাহাৰত প্ৰচলিত লোকগীততো মাহে মাহে ওপজা মানসিক প্ৰতিক্ৰিয়া বিশেষ হৃদয় গ্ৰাহীঃ-

“আহা ব’হাগ। তোমাৰ গৰমে

মোক ঘমুৱাওক,

আৰু দেহৰ কামনা পূৰ্ণ হওক।

জেঠ মাহত মোৰ প্ৰিয়ালৈ

বাতৰি পঠাওঁ-

মই যে পিপাসিত-অতি পিপাসিত।

(এলুইনৰ ভাঙণি)

মুঠৰ ওপৰত বাৰমাহী গীতৰ নিদৰ্শন আৰু সামঞ্জস্য বিচাৰিলে প্ৰায় সকলো দেশৰ গীততে পোৱা যাব। প্ৰকৃতিৰ বৰঙণি মাহ আৰু ঋতুৱে মানৱ মনত অনুভূতিৰ জোঁৱাৰ সকলো দেশত তুলি আছে আৰু তুলি থাকিব”।

বাৰমাহী গীত বোৰত আমাৰ সচৰাচৰ ব্যৱহাৰ হোৱা “ঘৰুৱা” আৰু “কথিত” শব্দও সোমাই আছে। তাৰ উপৰিও অসমীয়া যোজনা পটন্তৰ আদিও ব্যৱহৃত হৈছে। এইবোৰ পাণ্ডিত্য পূৰ্ণ আভাস আৰু ভাষা গৱেষণাৰ প্ৰধান সমল হ’ব।

বিলাপ গীত অসমীয়া লোক-সাহিত্যৰ অন্যতম সম্পদ। বিলাপ গীতৰ সৃষ্টি হয় শোক, দুঃখ আৰু কোনো কাহিনীৰ কৰুণাত্মক ঘটনা নাইবা আখ্যান উপাখ্যানক ভিত্তি কৰি। কৰুণ ৰস গীত পদে মানুহৰ মন সহজে আকৰ্ষিত কৰে। গতিকে বিলাপ গীত আমাৰ দৈনন্দিন জীৱনৰ লগত সহজে খাপ খায়। বিলাপ গীতৰ ভাষা সহজ আৰু নিভাঁজ অসমীয়া শব্দৰে জন কবিয়ে সাধাৰণ মানুহৰ মনত খাপ খোৱাকৈ ৰচনা কৰিছে। বিলাপ গীতত কোনো কাহিনী, উপাখ্যান সম্পূৰ্ণ নেথাকিলেও তাত এটি গীতৰ মাজেদি চমু অথচ প্ৰাণস্পৰ্শী ঘটনা পোৱা যায়। ৰামায়ণ, মহাভাৰত, মহাকাব্যৰ মাজতো কিছুমান বিলাপ গীত সোমাই আছে। সীতাৰ বিলাপ, দ্ৰৌপদীৰ বিলাপ, অভিমন্যুৰ বিলাপ গীতে তাৰ জলন্ত উদাহৰণ। উষা পৰিণয় আৰু শ্ৰী কৃষ্ণৰ বিলাপ গীতো মানুহৰ মুখত শুনিবলৈ পোৱা যায়। শ্ৰী ৰাধিকাৰ বিলাপ, হৰিণা পহুৰ বিলাপ আৰু গোপীসকলৰ বিলাপ গীতো জনকবিৰ আবেগৰ সুৰ। চহা গাঁৱলীয়া লোকসকলেও গাই আমোদ পায় এই বিলাপ গীতবোৰ।

ৰাসলীলাত গোৱা গোপী বিৰহ গীত বিলাপৰ আন এটি সুন্দৰ ছবি। ৰাস উৎসৱত এই গীতটি গাই গোপীসকলে শ্ৰী কৃষ্ণৰ গুণ বৰ্ণনা কৰিছিল। ভক্তি তত্ত্বৰ বিলাপ গীতো কিছুমান পোৱা যায়। এইবোৰ স্বাভাৱিকতে দেহবিচাৰ আৰু টোকাৰী গীতৰ সৈতে ৰিজাব পাৰি। শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ বৰগীতৰ মাজতো অনেক বিলাপ গীত আছে। শ্ৰী কৃষ্ণ, যশোদা, দৈৱকী, গোপী আৰু কুৰুক্ষেত্ৰৰ মহাৰণৰ কিছুমান দৃশ্যই গীতবোৰৰ কাহিনীৰ মূল উপাদান। অসমীয়া অজ্ঞাত কবিৰ অষ্টাদশ শতিকাৰ প্ৰণয় কাব্য “মধুমালতী” তো বাৰমাহী আৰু বিলাপ গীতৰ নিচিনা বিৰহ-বিলাপৰ ধ্বনি শুনিবলৈ পোৱা গৈছে-

“যি নাৰীৰ স্বামী নাই যুৱা কালে।

ধিক তাইৰ যৌৱন বয়স গৈল হেলে”।

অৱশ্যে মঞ্চনৰ মধুমালতী কাব্যৰ এই খিনিত প্ৰভেদ যে, অসমীয়া কাব্যত বাৰমাহী বৰ্ণনা নাই, মুছলমান কবি মালিক মঞ্চনৰ কাব্যত বাৰমাহী বৰ্ণনা সুন্দৰভাৱে বৰ্ণনা কৰিছে। মুঠৰ ওপৰত মৃগাৱতী, চন্দ্ৰাৱলী, মধুমালতী কাব্যৰ ঘটনাৱলী একে ধৰণৰ যদিও আটাইতে বিৰহ আৰু বিলাপৰ ছবি স্পষ্ট ভাৱে বৰ্ণিত হৈছে।

অধ্যাপক শ্ৰীকান্ত কলিতাই লিখিছে “মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আগৰে পৰা চলি অহা এই বিলাপ সঙ্গীতৰ সোঁত প্ৰাচীন অসমীয়া সাহিত্যত অষ্টাদশ শতাব্দীলৈ আমি ধৰিব পাৰোঁ। পশ্চিমীয়া সাহিত্যৰ শোকগীতি সাধাৰণতে এজন প্ৰখ্যাত বা মহৎ লোকৰ মৃত্যুৰ পিছত কোনো কবিৰ দ্বাৰা ৰচিত হোৱা দেখা যায়। গ্ৰীছ-ইটালী আদিত ইয়াৰ প্ৰথম জনম হলেও ইংৰাজ কবি মিল্টন, শ্যেলী আদিয়েও শোকগীত নামৰ কবিতা ৰচনা কৰিছে। মৃতক জনৰ গুণাগুণ কৰি কিছুমান অতিপ্ৰাকৃত ঘটনা আৰু বিষয় বস্তুৰে কবিতাৰ সৌন্দৰ্য্য বৰ্দ্ধিত কৰা হয়। কিন্তু অসমীয়া বিলাপ সঙ্গীত তেনে পদ্ধতিত ৰচিত হোৱা নাই। কোনো প্ৰাচীন মহাকাব্য, পুৰাণ নাইবা আখ্যানৰ বিশেষ শোকপূৰ্ণ অংশ এটি, তাতে জড়িত থকা নায়ক বা নায়িকাৰ জীৱনৰ মাজেদি প্ৰকাশ কৰাই অসমীয়া বিলাপ সঙ্গীতৰ উদ্দেশ্য।

লিখকঃ ফণীন্দ্ৰনাথ কলিতা

2.83606557377
বিবেক কমান Jun 02, 2018 07:57 PM

ভাল লাগিল |

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top