মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিভিন্ন জনগোষ্ঠীৰ মাঘ বিহু আৰু ইয়াৰ তাৎপৰ্য:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন জনগোষ্ঠীৰ মাঘ বিহু আৰু ইয়াৰ তাৎপৰ্য:

বিভিন্ন জনগোষ্ঠীৰ মাঘ বিহু আৰু ইয়াৰ তাৎপৰ্য লিখা হৈছে

 

মাঘ বিহু আহিছে

ভোগৰ সম্ভাৰ লৈ

উৰুকাৰ নিশা মিলিজুলি

আহা লগভাত খাওঁ গৈ

সংস্কৃতি হৈছে এটা জাতিৰ পৰিচয়। বিশেষকৈ লোক কৃষ্টি-সংস্কৃতিৰ অন্যতম উপাদান হৈছে উৎসৱ-পাৰ্বণ। লোক জীৱনৰ আনন্দ-বিনোদন আৰু মংগল কামনাৰে বছৰৰ বিভিন্ন ঋতুত এই উৎসৱ-পাৰ্বণসমূহ পালন কৰা হয়। ইয়াত নৈতিক শিক্ষা, সামাজিকৰণ আৰু সামাজিক নিয়ন্ত্ৰণৰ বিষয়টোও সাঙোৰ খাই থাকে। ঋতুকালীন কৃষি উৎসৱৰ ভিতৰত বিহু হৈছে অন্যতম।

বিহু আমাৰ তিনিটা-

 

ব’হাগ বিহু ৰঙালী

কাতি বিহু কঙালী

মাঘ বিহু ভোগালী।

ভোগালী বিহু অকল অসমীয়াই নহয় বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰে পালন কৰি আহিছে।

অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ লোকে মাঘ বিহু পালন কৰা দেখা যায়। ইয়াৰ লগত জড়িত হৈ আছে জাতীয় চেতনা, পৰম্পৰা, ধৰ্মীয় বিশ্বাস, লোক পৰম্পৰা, লোক নীতি ইত্যাদি।

মাঘ বিহু ভোগৰ উৎসৱ। ইয়াৰ লগত জড়িত হৈ থাকে ধৰ্মীয় কৃত্য সাধনা, ৰীতি-নীতি, খেল-ধেমালি ইত্যাদি। বিভিন্ন জাতি গোষ্ঠীৰ লোকে মাঘ বিহু নিজ নিজ জাতীয় পৰম্পৰাৰে পালন কৰা দেখা যায়।

বড়ো কছাৰীৰ দোমাচী:

 

বড়ো-কছাৰীসকলে মাঘ বিহুক দোমাচী বুলি কয়। মাঘ বিহুত বিশেষকৈ উৰুকা, মেজি ভেলাঘৰ আৰু ভোগৰ সম্ভাৰ হৈছে ইয়াৰ মূল বৈশিষ্ট্য। বড়োসকলৰ কৃষি উৎসৱৰ ভিতৰত মাঘ মাহৰ মাগৌ দোমাচী পালন কৰে। তেওঁলোকে মেজি আৰু ভেলাঘৰ সাজি লখিমী আদৰাৰ উদ্দেশ্যে অগ্নি পূজা কৰে। ইয়াৰ লগতে মেজিৰ গুড়িত লগভাত খোৱাৰ বাবে মাগৌ দোমাচী পালন কৰে। গৰখীয়া ল’ৰাহঁতে তোলা পইচাৰে ভেলাঘৰ সজায়। তাত ভোজ খায় আৰু ‘লাওখাৰ’ মৌদায়(গৰখীয়া গোসাঁই)ক পূজা কৰে। সেইদিনা ফল ধৰা গছত উৰান্ধনি শাল(ইসিং লিখৰ নায়) আৰু বাখ্ৰী লিখৰ নায় অৰ্থাৎ ভঁৰাল গোবৰ মাটিৰে মচি শুচি হয়। সেইদিনা বাথৌধৰ্মী লোকসকলে চিফুং মাদল খাম বজায় ৰং-ধেমালি কৰি ভেলাঘৰত এসাঁজ লগভাত খায়।

ৰাভাসকলৰ মাঘ বিহু(দোমাচী):

 

ৰাভা জনগোষ্ঠীৰ লোকসকলে মাঘ বিহু(দোমাচী) পুহৰ শেষ আৰু মাঘৰ সংক্ৰান্তিত পালন কৰে। এই উৎসৱত ভেলাঘৰ সজা, ভেলা পুজি তৈয়াৰ কৰা দেখা যায়। মেজি আৰু ভেলাঘৰত মদ, গাহৰিৰ মাঙহেৰে ভোজভাত খায়। পিছদিনা পুৱাই গাঁৱৰ বয়োজ্যেষ্ঠজনে ভেলা পুজিত জুই জ্বলাই কয় ‘দোমাচী’ ‘দোমাচী’ মাগা মাগা ৰাংচি বুলি সেৱা জনায়। সকলোৱে মেজিৰ ছাঁইৰ ফোঁট লয় আৰু চাৰিদিনীয়াকৈ ৰাভাসকলে এই দোমাচী পালন কৰে।

কোচ ৰাজবংশীৰ(পুষুণা):

 

মাঘৰ দোমাচীক তেওঁলোকে পুষুণা বুলি কয়। ভেলাঘৰ জ্বলোৱা দিনটোত কোচ ৰাজবংশী লোকসকলে ‘গৰুৰ দোমাচী’, ইয়াৰ পিছত আত্মীয়-কুটুমক খুওৱা ‘মানুষ দোমাচী’ বুলি কয়। পোহনীয়া জীৱ-জন্তুক উচৰ্গা কৰা দিনটোক পথৰী পিতামৰ দোমাচী বুলি কোৱা হয়। ভোগালীৰ দৈ-চিৰা খোৱাৰ উপৰি কোচ ৰাজবংশী লোকে মাঘৰ দোমাচীত টোপোলা ভাত, কৰাই চিৰা বা আটকৰাই খায়। আটকৰাই হৈছে- আঠটা বস্তুৰে তৈয়াৰ কৰা বিশেষ খাদ্য। ১)বুন্নি চাউল(বৰা চাউল), মাটি কলাই(মাটি মাহ)মৌ কলাই, কুণ্টি কলাই(কলা মাহ) ঘাটা(তিল)বুট, আদা আৰু নুন- নিমখ। তেওঁলোকে তিনিদিন ভেলাঘৰ জ্বলাই থাকে।

শৰণীয়া কছাৰী:

 

শৰণীয়া কছাৰীসকলে মাঘৰ ‘দুমহি’(দোমাহী) সাতদিন ধৰি পালন কৰে, পথাৰত ভেলাঘৰ সাজি তাত সকলোৱে লগভাত খায়। ভেলাঘৰৰ কাষতে ভেলা পুজি তৈয়াৰ কৰে। ভেলা পুজি তিনিটা সাজে। ডাঙৰটো মতা পুজি আৰু সৰুটোক মাইকী পুজি বুলি কয়। তিৰোতা আয়তীসকলে সেৱা জনাই মাহ, তিল আৰু খাৰ ছটিয়াই দিয়ে। ভেলা পুঁজিৰ আধা পোৰা বাঁহ খৰি আনি লগনি তামোল নাৰিকল গছত বান্ধি দিয়ে। সাতদিন এই মাঘ বিহুত খেলা-ধেমালি পতা আৰু ইষ্টু-কুটুম্বৰ ঘৰলৈ অহা যোৱা কৰে। এনেদৰে মাঘৰ দুমহী শৰণীয়া কছাৰীসকলে পালন কৰা দেখা যায়।

দেউৰীৰ কেমাচি বিচু উৎসৱ:

 

কেমাচি বিচু উৎসৱ দেউৰীসকলৰ খেতি চপোৱা উৎসৱ। ভোগৰ উৎসৱ। মাঘ মাহৰ প্ৰথম বুধবাৰে দেগৰত কুন্দি মামাক প্ৰমুখ্য কৰি বিচু উৎসৱ আৰম্ভ কৰে।

সেইদিনা গাঁৱৰ ডেকা ল’ৰাহঁতে ভলুকা বাঁহ পুতি তাত কাঠেৰে মেজি সজায়। মেজিৰ ওপৰত এটা কাঠৰ চৰাই সাজি আঁৰি দিয়ে। পুৱা তেওঁলোকে ইষ্ট দেৱতাক স্মৰণ কৰি মেজি জ্বলায়।

মেজি জ্বলাবলৈ পানীত বুৰ মাৰি গা ধুই লয়। মেজি জ্বলি থাকোতে গাঁৱৰ লোকসকলে মেজিত সেৱা কৰি বিভিন্ন দ্ৰব্য চুজি-কাজি আদি ছটিয়াই দিয়ে। মেজিৰ পৰা আহি তেওঁলোকে ধান খেৰ পুৰি তাৰ ছাইত মিঠা তেল সানি নিজেও ফোঁট লয় আৰু গৰু, ম’হ-ছাগলীক ফোঁট দিয়ে।

মাঘৰ বিহুত কাঠ আলু পুৰি খোৱা নিয়ম। কাঠ আলু নেখালে অহা জনমত গাহৰি হৈ জনম ল’ব লগা হয়। ম’হ যুঁজ আদি বিভিন্ন খেলা-ধূলা কৰে।

সোণোৱালে কছাৰীৰ মাঘ বিহু:

 

কৃষিজীৱী সোণোৱাল কছাৰীসকলৰ আছে বৈশিষ্ট্যপূৰ্ণ উৎসৱ-পাৰ্বণ। মকৰ সংক্ৰান্তি অৰ্থাৎ ৰবি মকৰ ৰাশিত দোমাহী অনুষ্ঠিত কৰে। তেওঁলোকৰ মতে মাঘ বিহু মানে ব্ৰহ্মপূজা বা অগ্নিপূজ। মাঘ বিহুত ভেলা ঘৰ, মেজি সজাই অগ্নি দেৱতাক পূজা কৰে।

মাঘ বিহুত আলু পুৰি খায়। আলু পুৰি নাখালে পিছৰ জন্মত গাহৰি হৈ জনম ল’ব বুলি জনবিশ্বাস আছে। সেই কাৰণে তেওঁলোকে মেজিত মাহ-চাউল, তিল, শিপা থকা কাঠ আলু, মোৱা আলু মেজিৰ জুইত সভক্তিৰে আগবঢ়ায়। ইয়াৰ উপৰি বসুমতী আইক সন্তুষ্ট কৰি ধনে-ধানে উভৈনদী হোৱাৰ মানসেৰে আখৈ, তিল, মাহ আদি ছটিয়াই দিয়ে।

সোণোৱাল কছাৰীসকলে দুটা মেজি সজায়। এটা গৰখীয়া মেজি আৰু আনটো অগ্নি দেৱতাৰ পুজি, এই পুজিটো ১৮ হাতৰ পৰা ২০ হাত পৰ্যন্ত ওখ আৰু ডাঙৰ হয়।

মেজিৰ খলাপ ৰাখি শুকান কলপাত আৰু কাঠখৰি ভৰাই দিয়া হয়। ধান খেৰৰ ছাঁই মিঠা তেল মিহলাই গৰুক ফোঁট দিয়ে। সোণোৱাল কছাৰীৰ চহা জীৱনৰ সৰল প্ৰাণৰ আঁহে আঁহে এনে লোকাচাৰ, লোকনীতিবোৰে জাতীয় বৈশিষ্ট্যক সমৃদ্ধ কৰি ৰাখিছে।

ভাৰতবৰ্ষৰ উত্তৰ-পূৱাঞ্চল বৰ্নময় জাতি-জনজাতিৰ পৃষ্ঠভূমি। এই গৌৰৱময় জাতি-গোষ্ঠীসমূহৰ নিজস্ব জাতীয় ভাষা, কৃষ্টি-সংস্কৃতিয়ে সকলোৰে মাজত এই সমন্বয় সাধন কৰিছে। তেওঁলোকৰ বৰ্ণময় সংস্কৃতিৰ বৈভৱে সকলো জাতিগোষ্ঠীকে সংস্কৃতিৰ ঐতিহ্যৰ মণি-মুকুতাৰে, প্ৰাণ-প্ৰাচুৰ্যৰে গৌৰৱান্বিত কৰি আহিছে।

গতিকে বিভিন্ন জাতি গোষ্ঠীৰ উৎসৱ-পাৰ্বণসমূহে আমাৰ মাজত ঐক্য-সংহতি অক্ষুণ্ণ বুলি ক’ব পৰা যায়।

লেখক: ধনেশ্বৰ হুজুৰী(ৰাইজৰ বাতৰি)

3.13793103448
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top