মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিষ্ণু প্রসাদ ৰাভাৰ এটা ঐতিহাসিক ভাষণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষ্ণু প্রসাদ ৰাভাৰ এটা ঐতিহাসিক ভাষণ

বিষ্ণু প্রসাদ ৰাভাৰ এটা ঐতিহাসিক ভাষণ

অসমৰ জাতীয় জীৱনৰ উন্নতিৰ হকে যি কেইজন মনিষীয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ’ল, সেইসকলৰ ভিতৰত বিষ্ণু প্রসাদ ৰাভাৰ নাম সোণালী আখৰেৰে সৰ্বকালৰ বাবে প্রতিজন জাতীয় ভাবাপন্ন অসমীয়াৰ হৃদয়ত খোদিত হৈ ৰ’ব।

বিষ্ণু প্রসাদ ৰাভা একেধাৰে শিল্পী, গায়ক, নৃত্যশিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্রপৰিচালক, অভিনেতা, খেলুৱৈয়ে নাছিল। তেওঁ প্রকৃতাৰ্থত ৰূপান্তৰৰ সাধক, নিপীড়িত জনগণৰ সখা, ত্যাগী পুৰুষ, এজন মহান বিপ্লৱী আছিল।
১৯১৭ চনত ঢাকা নগৰীত এখন উৰ্দ্দু নাটকত এটা সৰু দহ বছৰীয়া ৰাজকোঁৱৰৰ ভাওত অভিনয়ৰে সামাজিক জীৱন আৰম্ভ কৰা ৰাভাই “ৰাইজকে গণ দেৱতা, নাটঘৰ আৰু ভাৱঁৰীয়া” জ্ঞান কৰি এদিন ৰাইজৰ “হিয়াৰ কোঁহ”ৰ পৰা অসমৰ পুৰণি কৃষ্টি সংস্কৃতিৰ “অমৃতৰ সুৰৰ টোপালবোৰ বুটলি” আনি নিজৰ “মনকোঁহ”ত ভৰাই পুনৰ ৰসাল কৰি ৰাইজক বিলাই দিছিল।
ৰাইজৰ প্রীতি, চেনেহ আশীষ আৰু সহানুভূতিকেই পশুপাত অস্ত্রৰূপে জ্ঞান কৰা ৰাভাদেৱে, ১৯৪৫ চনৰ ১৪ এপ্রিলৰ বিহুৰ বতৰত, কামৰূপৰ কনিহাত ৰঙিয়া ছাত্র সন্মিলনীৰ অধিৱেশনৰ সভাপতিৰূপে এটি বহুমূলীয়া ভাষণ প্রদান কৰিছিল। ১৯৪৬ চনত প্রগতি প্রকাশ ভৱনে, ৰাভাৰ সেই ভাষণ “অসমীয়া কৃষ্টিৰ চমু আভাস” নামেৰে প্রথম ছপা হোৱা পুথি ৰূপে পাঠক সমাজলৈ আগবঢ়াই দিয়ে।

পুনৰ, ১৯৫৬ চনত, গুৱাহাটীৰ প্রাগজ্যোতিয়ে প্রকাশ কৰে। বিষ্ণু প্রসাদ ৰাভাৰ পাতনি সম্বলিত এই ভাষণ পুথি খনত, ৰাভাদেৱৰ নিজৰ জীৱনৰ উপৰি প্রাচীন অসমৰ বহু কেইটা গৌৰৱোজ্জল দিশ, তথ্য সহকাৰে উল্লেখ কৰি, নতুন প্রজন্মৰ জ্ঞান চকু মুকলি কৰি দিয়াত প্রভূত্ব সহায় কৰিছে। অতি মন পৰশাকৈ তেখেতে ভাষণৰ পাতনি মেলি কৈছে – -

“পোন পোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী মাতৰ বানী লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোছা এখনো আগবঢ়াওঁ, তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ। সিবিলাকৰ তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলীত দল্ দোপ হেন্দোল দোপকৈ নাচি উলহ-মালহ উখল মাখল লগাওঁ। লগে লগে ছেঙেলীয়া চফল ডেকা সকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা; ঢোপ হাফলু আদি খেলো। আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্রহণ কৰোঁ, ভাই সকলৰ মৰমৰ সুৱাগ তুলোঁ, বুঢ়া- মেঠা সকলৰ প্রতি সেৱা জনাওঁ; নিৰ্দ্দেশ উপদেশ শুনো; শেহত হুচৰী গাই বিহুৱা দলৰ মাজত নতুন তেজেৰে কৰ্মক্ষেত্রত নামো…” । বিহুৰ লগত যেনেকৈ সেউজীয়া পথাৰ খন নাঙল জোৰ আৰু বলধ গৰু হালৰ সম্পৰ্ক আছে, তেনেকৈ অসমীয়া শিপীনীৰ তাঁতশাল খনো অসমীয়া কৃষ্টিৰ স’তে জড়িত। তেনেকৈ ছালিমাৰি, নিগনি খুটি, গৰকা, মহুৰা, মাকো, দোপতি, ৰাচ, পুতল, কানমাৰি, টুলুঠা, যঁতৰ, উঘা, চেৰেকী, লেটাৰ সম্পৰ্ক তাঁতশালখনৰ সৈতে। জান- জুৰি নৈৰ পাৰৰ গৰু ম’হ জাকৰ সৈতে। ল’ৰা ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বঢ়ী, সকলৰ সৈতে। হাবি- বননিৰ ভেটো গছৰ ডাল, মাখিয়তী, দীঘলতী পাত, চাপৰিৰ বৰ্হমথুৰি গছ জোপাৰ উপৰি লাউ-বেঙেনা, মাহ-হালধি, খলিহৈৰ লগতো নিবিড় সম্পৰ্ক আছে।

চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰীহা যেনেকৈ সম্ভান্ত অসমীয়া সাজ-পাৰ, তেনেকৈ ঘিলা খোপা, নেঘেৰী খোপা, কলডিলীয়া খোপা তাহানিৰ গাভৰুৰ সৌন্দৰ্যৰ ৰূপ।

বিহুৰ বতৰত প্রতি ঘৰ গৃহস্থৰ ঘৰত সন্ধিয়াৰ পৰা হুচৰীয়ে গোৱা নহয়; সত্র নামঘৰত খোল, তাল, ডবা, নাগাৰাৰে নাম-ঘোষা আদিৰে মুখৰিত কৰা হয়। সেইদৰে, গোলা, হাফলু, কচু-গুটি, ঢোপ খেল, নাৱ খেল, ম’হ যুঁজ, হাতী যুঁজ, কনী যুঁজ আদি খেল সমূহো অনুষ্ঠিত কৰা হয়।

বিহুৰ সমন্বয় ৰূপটোক ব্যাখ্যা কৰি তেখেতে আকৌ ক’বলৈ লাগিল — ” কেৱল ভৈয়ামৰ বিহুৱা সকলেই যে এনে কৰে, সেয়া নহয় – পৰ্ব্বতীয়া আৰু দাতিয়লীয়া ডেকা গাভৰু সকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙৰ টিংখাং বাজি উঠে, খাচীয়া পাহাৰৰ খাচী ” কান্থেই ” অপেচৰী সকলে ” উখ্ পিং ” ” কাঞ্জৰী তাৰ ” ” পান্সিনিহাৎ” আদি গঢ়ানা-গঢ়না পিন্ধি ” কাবামৰ ” ছেৱে ছেৱে ” নংক্রেম ” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা পাতল পাতি ডেকা গাভৰুৱে ” দিৰঙীয়া ” চুটিয়া ভাষাৰ নাম ” অ’নিতম ” গাই গাত লহৰ তোলে। মৰাণ হঁতৰ মৰাণ ঘৰৰ এটা কোঠাত ডেকাদলে আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে,বৰো কছাৰী সকলৰ মাজত ডেকা “ঝহু লাউ ” লৰা বাঠো সকলে” চিফুং” বাঁহী, জোথা তাল বজায় আৰু “গাভৰু – চিখ্লা ” সকলে নতুন ফুলাম দখনা-মেখেলা পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা কছাৰী সকলে বসতি অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে” ৰিগু ” মেখেলা , ” ৰিজাংফাই ” ৰিহা আৰু “ৰিখা ওছা ” চাদৰ পিন্ধি খছাৰী – মাঠলা “গাভৰু” সকলে নগা সকৰ লগত হেলাৰঙে নাছে বাগে, “হাচৰী” হুচৰী গাই উমলে আৰু “বিষু” মেলা পাতে। মণিপুৰীয়া মৈতে লৈপাকৰ ( মিশ্রিত জাতিৰ দেশ) লাইছৱি (নাচনী), “মগলৌ” কুঁৱৰী সকলে ডেকা সকলৰ লগত থাংজিং ” বৰষুণ ” দেৱতাৰ উপলক্ষে ” লাই -হাৰওৱা ” নৃত্য কৰে ……”

এইদৰে, বিহুৰে আৰম্ভ কৰি, ভৌগলিক পৰিৱেশ আৰু ইতিহাসৰ বোঁৱতী সুঁতিত প্রাচীন অসমৰ কৃষ্টি-সভ্যতাৰ ক্রমবিকাশ আৰু ক্রম বিবৰ্তনৰ কথা ক’বলৈ গৈ – বিষ্ণু ৰাভাই , অগ্নিৰ সৃষ্টি, কৃষিৰ আৱিস্কাৰ,নাৰী মূৰ্ত্তি স্থাপনৰ পৰা পূজা পাতল, নামকীর্তন, বিহু নাচৰ উৎপত্তি, তান্ডৱ নৃত্যৰ উৎপত্তি, “মাৰ্গ” সংগীত, “দেশী” সংগীতৰ ব্যাখ্যা, অংকন আৰু লিখন কলাৰ উদাহৰণ আৰু ৰৰ্ণমালাৰ সৃষ্টিৰ কথালৈকে বহু কথা কলে।

সেইদৰে, ভীষ্মক জীয়ৰী ৰুক্মিনী দেৱী, বান জীয়ৰী শোণিত কুঁৱৰী, উমাদেৱীৰ পৰা কামৰূপা নৃপতি কুমাৰ ভাস্কৰ বৰ্মণে, হংসবেগৰ জৰিয়তে মগধৰ ৰজা, হৰ্ষ-বদ্ধনৰ হৰ্ষচৰিত, কাশ্মীৰ বুৰঞ্জী-”ৰাজতৰঙ্গিঁনী” বিশাখাদত্তৰ পুথি- “মুদ্রাৰাক্ষক”ত বৰ্ণিত সপ্তম-শতিকাৰ অসম খনৰ কথা, প্রাক শংকৰী যুগৰ সাহিত্যৰ কথা। কামৰূপীয়া সংগীত পদ্ধতিৰ কথা, ভট্টদেৱৰ অসমীয়াৰ জাতীয় নৃত্য শাস্র ” শ্রী হস্ত মুক্তাৱলী” ৰ পৰা বৃটিছৰ আমোলত উনৈশ শতিকাৰ শেহভাগত এন্ডাৰ্চন চাহাবৰ “এচিয়াটিক জাৰ্ণেল” প্রবন্ধৰ জৰিয়তে অসমীয়া ভাষাৰ পুনৰ প্রতিষ্ঠালৈকে তেখেতে কৰা অধ্যয়ন পুষ্ট ব্যাখ্যা জাতীয় উণ্থানৰ বাবে মন কৰিবলগীয়া দিশ।

একেদৰে, বয়ন শিল্প, মৃৎ শিল্প, ধাতু শিল্পৰ পৰা অলংকাৰ শিল্পলৈঃ বাস্ত্তু বিদ্যা, স্থাপত্য কলাৰ পৰা ৰন্ধন শিল্প, ৰূপ সজ্জা, মন্ত্র সাহিত্যলৈ; অসমৰ ভাৱনা, ওজাপালি, নাটক ৰংগমঞ্চৰ পৰা আধুনিক ছায়াচিত্রৰ কথালৈকে বিবৰি ক’লে।

অলংকাৰ শিল্পৰ বিষয়ে ক’বলৈ গৈ- ” সোণৰ কেৰুৰ লংকৌ , নেজাপতাযুৰীয়া, বাখৰুৱা লুকাপাৰ, সোনা কাণত গামখাৰু, খুচৰীয়া আৰু হাতত; গেজেৱা, গলপতা, সাতসৰি, জোনবিৰী, মান্দুলী-মনি, ঢৰিয়ামনি, খিলিখা মনি ডিঙিত, চিৰিপতা আঙঠি, বাখৰুৱা আঙুঠি আঙুলিত পিন্ধাৰ কথা উল্লেখ কৰিলে।

সত্র, নামঘৰৰ দুৱাৰত আৰু কাঠৰ বেৰত নানান লতা, ফুল আৰু মূৰ্তিৰ কটা ছবিৰে বাস্তু বিদ্যা আৰু কাৰু কাৰ্য্যৰ কলা নিদৰ্শন, ইয়াৰ উপৰি, স্থাপত্য কলাৰ বিষয়ে লিখিবলৈ গৈ; তেখেতে, অসমীয়াৰ মাৰল ঘৰ, বৰ- ঘৰ, চৰা-ঘৰ, বাট-চৰা, ৰোহ ঘৰ , ভড়াল ঘৰ, ঢেকী শাল, গোহালী ঘৰ, ভাঁজ ঘৰৰ পৰা, ডিমাপুৰৰ ভগ্নাৱশেষ, শদিয়াৰ ভীষ্মক নগৰ, তেজপুৰৰ বামুনী পাহাৰৰ ধ্বংসাৱশেষ, শিলৰ ইটাৰ মন্দিৰ দেউল, হাজো, কামাখ্যা, শুক্লেশ্বৰ, উমানন্দ, মহাভৈৰব, তাম্রেশ্বৰী, শিৱ – দেউল, মায়াবং ঘৰ, শিলৰ সাঁকো, তলাতল ঘৰ, কাৰেং ঘৰৰ অনেক কথা ক’লে।

এইয়াই, বিষ্ণু ৰাভাৰ দৃষ্টিত জগত সভাত অসমীয়া কৃষ্টি সংস্কৃতিৰ প্রকৃত ৰক্ষক হিচাপে অভিহিত কৰি, অসমৰ দুখীয়া গাৱঁলীয়া অসমীয়া সকলৰ ওপৰত পূৰ্ণ আস্থা স্থাপন কৰি কৈছিল —”অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতা, নিৰ্য্যাতিত নিষ্পেষিত দুখীয়া কৃষক বনুৱা অসমীয়াইহে আজিও অৱহেলিত ভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি অনুভৱ কৰিব পাৰো, অসমীয়া বুলি জগতত চিনাকি দিব পাৰো। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ, এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততেই।”

সেয়েহে, এখন শোষণ মুক্ত সুন্দৰ সমাজৰ কল্পনা কৰি তেখেতে পুনৰ কৈছিল — ” তেতিয়াহে প্রকৃত শিৱৰ উৎকৰ্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্রকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নিত হ’ব আৰু তেওঁলোক এই আহল – বহল পৃথিৱীৰ বুকুত চিৰমুক্ত, চিৰ-স্বাধীন হৈ উমলি ফুৰিব পাৰিব।”

সৰ্ব্বশেষত, অসমীয়া কৃষ্টি -সংস্কৃতি আৰু অসমীয়া জাতিৰ সন্দৰ্ভত এটা সুন্দৰ মন্তব্য প্ৰকাশ কৰি বক্তৃতা সামৰণি মাৰিছে — “অসমৰ যি কৃষ্টি – সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব, যি নতুন আহিছে তাকে অসমীয়া ঠাচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ কৃষ্টি – সংস্কৃতি আৰু সভ্যতা পূৰ্ণ বিকাশ পাব আৰু আমাৰ জাতি বাঁচিব ।

নিশ্চিতভাবে, ৰাভাদেৱৰ এইভাষণটি কেৱল ঐতিহাসিকেই নহয়, অসমীয়া কৃষ্টি -সভ্যতাৰো, থোৰতে পোৱা এখন হাতপুথি আৰু দলিল স্বৰূপ।

বিদূল বৰুৱা

3.08
মনজীৎ দাস Aug 26, 2018 06:53 AM

ভাল লাগিল পঢ়ি

শ্ৰীঅজন্ত ৰাভা Jul 13, 2018 11:04 AM

ভাল লাগিল, ৰাভাদেৱৰ বহুত কতা জানিব পাৰিলো ৷ ধন্যবাদ গুগল আৰু ধন্যবাদ গুগলক সঠিক তথ্য প্ৰদান কৰা সকলোলৈ ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top