অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিহু আৰু মাছ :

বিহু আৰু মাছ

 

বিহু অসমীয়া জাতিৰ বাপতি সাহোন-

 

এই বিহুত অসমীয়াৰ মন-প্ৰাণত আনন্দৰ জোৱাৰ উঠে।মাঘ বিহুটো অসমীয়া সমাজত ভোগৰ বিহু হিচাপে উদযাপন কৰা হয়।সেয়েহে ইয়াক ভোগালী বিহু বুলি কোৱা হয়।এই বিহুত অসমীয়া ডেকা-গাভৰু,বুঢ়া-বুঢ়ী সকলোৱে লগ লাগি মেজি সাজি উৰুকাৰ দিনা একেলগে এসাঁজ খোৱাৰ পৰম্পৰা অতীতৰেপৰাই অব্যাহত আছে।উৰুকাৰ দিনা ডাঙৰ মাছেৰে সকলোৱে এসাঁজ খোৱা,ঘৰৰ পুখুৰীৰপৰা মাছ উঠাই আলহীক আপ্যায়ন কৰাৰ নিয়ম বহু পুৰণি।মাঘ বিহুৰ সময়তে আমাৰ পুখুৰীসমুহত থকা পানীৰ পৰিমাণ কমি আহে।গতিকে আমাৰ মীনপালকসকলে তেওঁলোকৰ পুখুৰীসমুহ সিঁচি ডাঙৰ ডাঙৰ মাছসমুহ বিহুৰ বজাৰত বিক্ৰী কৰে।বিহুৰ সময়ত মাছৰ দাম অলপ বেছিকৈ পোৱা যায় বাবে মীনপালকসকলেও তাৰ সুবিধা লয়।একেদৰে পুখুৰী সিঁচি দিয়াৰ ফলত শুকান বতৰৰ বাবে সোনকালে পুখুৰী মেৰামতি কৰিব পৰা হয়।পুখুৰী সিঁচাৰ পিছত অতি কমেও ১৫ দিনমান পিছত পুখুৰীৰপৰা বোকা-মাটি অপসাৰণ কৰি সেই মাটি পুখুৰীৰ পাৰত দি পাৰটো মজবুট কৰিব লাগে।পুখুৰীৰ পৰা বোকা অপসাৰণৰ পিছত সুৰ্যৰ পোহৰ পুখুৰীৰ তলিত পৰিবলৈ দিব লাগে।কিছুদিন পিছত পুখুৰীৰ তলিত চুণ প্ৰয়োগ কৰিব লাগে।চুণ প্ৰয়োগৰ ফলত পুখুৰীৰ মাটিত থকা বীজাণু ধ্বংস হয়।চুণে মাটিৰ পি এইচৰ মান উন্নত কৰে।চুণ দিয়াৰ পিছত পুখুৰীত কেঁচা গোবৰ দিব লাগে।এনেদৰে কিছুদিন ৰখাৰ পিছত বৰষুণৰ ফলত পানী ২-৩ ফুট পৰ্যন্ত হ’লে তাত ইউৰিয়া,ছুপাৰ ফছফেট আদি দিব লাগে।এই সাৰ দিয়াৰ ১৫-২০ দিন পিছত পুখুৰীত উন্নত জাতৰ মাছ মেলিব লাগে।

গতিকে,অসমত বিহু অহাৰ লগে লগে মাছৰ প্ৰতিপালনৰ বাবে পুখুৰী প্ৰস্তুতিৰ কামো কৰিব লগা হয়।পুষ্টিগত দিশৰ পৰা আমি মাছ খাব লাগে।মাছে আমাৰ দেহ সুস্থ আৰু সবল কৰি ৰখাত বিভিন্ন ধৰণে সহায় কৰে।এজন মানুহ নিৰোগী হৈ থাকিবলৈ বছৰেকত তেওঁ  অতি কমেও ১৩ কিলোগ্ৰাম মাছ খাব লাগে।আমাৰ ককাহঁতে অতিপাত মাছ খোৱাৰ বাবে তেওঁলোক বহুদিনলৈ সুস্থ হৈ আছিল।মাছত প্ৰ’টিন,ভিটামিন ,মিনাৰেল আদি থকাৰ উপৰি ওমেগা -৩ ফেটি এচিড থাকে,যিয়ে আমাৰ শৰীৰ আৰু মগজুৰ বিকাশত অভুতপুৰ্ব বৰঙণি যোগায়।

বিজ্ঞানীসকলে মাছ খোৱাৰ ফলত আমাৰ শৰীৰত হোৱা লাভালাভৰ বিষয়ে বিত্ংকৈ অধ্যয়ন কৰিছে।এনে অধ্যয়নৰ ফলত লাভ কৰা তথ্যসমুহ হ’ল-

 

*মাছ হ’ল অতি গুৰুত্বপুৰ্ণ পুষ্টিগত খাদ্য।মাছত অতি উচ্চ গুণসম্পন্ন প্ৰ’টিন,আয়’ডিন ,ভিটামিন-ডি আৰু মিনাৰেল থাকে।সকলো মাছতে কম-বেছি পৰিমাণে এই মৌলসমুহ থাকে।ফেটি ফিচ,যেনে-চালমন,ট্ৰাউট,চৰডিন,টিটনা আৰু মেকৰেল (এইবোৰ সাগৰীয় মাছ)হ’ল অতি উচ্চ ফেটযুক্ত খাদ্য।এই মাছবোৰৰ পৰা আমাৰ মানুহৰ দেহত প্ৰায়ে ঘাটি হোৱা ভিটামিন ‘ডি’পোৱা যায়।

*মাছে হাৰ্ট এটাক (Heart attacks)আৰু ষ্ট্ৰোকৰ হাৰ কমোৱাত সহায় কৰে।বৰ্তমান সমাজত মানুহৰ মৃত্যুৰ কাৰণৰ ভিতৰত হাৰ্ট এটাক,ষ্ট্ৰোকৰ দৰে বেমাৰ বহুখিনি লাঘৱ কৰিব পৰা যায়।হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবৰ বাবে ফেটি ফিচ বেছি উপকাৰী,কিয়নো ফেটি ফিচত ওমেগা-৩ ফেটি এচিডৰ পৰিমাণ বেছি থাকে।

*মাছৰ দেহত থকা ওমেগা-৩ ফেটি এচিডৰ বাবে মগজু আৰু চকুৰ বিকাশ হয়।সেয়েহে সন্তান সম্ভৱা মহিলাই ওমেগা-৩ ফেটি এচিড বেছিকৈ খাব লাগে।

*মাছে বুঢ়া বয়সত দেখা দিয়া মগজুৰ বিভিন্ন বেমাৰত প্ৰতিৰোধক হিচাপে কাম কৰে।যিবোৰ মানুহে মাছ বেছিকৈ খায়,সেইবোৰ মানুহৰ মগজুত গ্ৰে মেটাৰ (grey matter)যথেষ্ট পৰিমাণে থাকে,যাৰবাবে বুঢ়া বয়সত স্মৃতিশক্তি লোপ নাপায়।

*মাছে ‘ডিপ্ৰেচন’প্ৰতিৰোধ কৰি মানুহক সুখী কৰি ৰাখিব পাৰে।বৰ্তমান সমাজত ‘ডিপ্ৰেচন’এটা ডাঙৰ সমস্যাৰুপে দেখা দিছে।অধ্যয়নৰপৰা দেখা গৈছে যে যিবোৰ মানুহে মাছ সদায় খায়,সেইবোৰ মানুহৰ ডিপ্ৰেচনত ভোগাৰ সম্ভাৱনা কম হয়।কিয়নো মাছত থকা ওমেগা-৩ ফেটি এচিডৰ বাবে এণ্টি ডিপ্ৰেচন মেডিকেচনৰ ক্ৰিয়া খৰতকীয়া হয়।গতিকে মাছে আমাক সুখী কৰি ৰখাৰ উপৰি আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখে।

*মাছ হ’ল ভিটামিনযুক্ত খাদ্যৰ উৎস।ফেটি ফিচ চালমন আৰু হেৰিং ফিচত যথেষ্ট পৰিমাণে ভিটামিন ‘ডি’থাকে।কিছুমান মাছৰ তেল,যেনে-ক’ড লিভাৰ তেলত বহু পৰিমাণে ভিটামিন ‘ডি’থাকে।যদি এজন মানুহে সদায় সুৰ্যৰ পোহৰ আৰু মাছ খায়,তেনেহ’লে তেওঁ অতিৰিক্তভাৱে ভিটামিন ‘ডি’টেবলেট নাখালেও হয়।

*মাছ খোৱাৰ বাবদ টাইপ-১ ডাইবেটিচ ৰোগ হোৱাৰ প্ৰৱণতা কমে।টাইপ-১ ডাইবেটিচ হ’ল পেনক্ৰিয়াচত থকা ইনচুলিন প্ৰস্তুত কৰা কোষসমুহক আক্ৰমণ কৰি ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হ্ৰাস কৰে।বিভিন্ন অধ্যয়নৰ পৰা পোৱা গৈছে যে মাছত থকা ওমেগা-৩ বা মাছৰ তেল খোৱা বাবে টাইপ-১ ডাইবেটিচ সৰু ল’ৰা-ছোৱালীৰ মাজত হোৱাৰ প্ৰৱণতা কমি যায়।মাছে আন বহু অট’ইমিউনো ৰোগ হোৱাতো বাধা দিয়ে।

*মাছে শিশুৰ মাজত এজমা (Asthma)ৰোগ হোৱাত বাধা দিয়ে।সৰু ল’ৰা-ছোৱালীৰ মাজত এজমা ৰোগ এটা সাধাৰণ ৰোগ।বৰ্তমান এই ৰোগ যথেষ্ট বৃদ্ধি হৈছে পৰিৱেশ প্ৰদুষণৰ বাবে।কিন্তু যিসকল ল’ৰা-ছোৱালীয়ে সদায় মাছ খায়,সেইসকলৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ প্ৰাৱল্য যথেষ্ট পৰিমাণে কমি যায়।কিন্তু বয়সীয়াল মানুহৰ ক্ষেত্ৰত ইয়াৰ ক্ৰিয়া তেনেকৈ দেখা নাযায়।

*মাছে মানুহৰ বৃদ্ধ অৱস্থাত চকুৰ দৃষ্টিশক্তি ঠিকে ৰখাত সহায় কৰে।বৃদ্ধ বয়সত আমাৰ চকুৰ দৃষ্টিশক্তি যথেষ্ট লোপ পায়।কিন্তু সদায় মাছ খোৱা মানুহৰ চকুৰ দৃষ্টিশক্তি সহজতে লোপ নাপায়।বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে মাছ খোৱা মহিলাৰ ক্ষেত্ৰত প্ৰায় ৪২ শতাংশ মেকুলাৰ ডিজেনেৰেচন ৰোগ হোৱাৰ প্ৰাৱল্য কমি যায়।

*মাছে টোপনিৰ মাত্ৰা উন্নত কৰে।চালমন আদি ফেটি ফিচ খোৱাৰ ফলত টোপনিৰ মাত্ৰা বাঢ়ে।মাছ খোৱাৰ পিছত ভিটামিন ‘ডি’পোৱা যায়,সেয়েহে আমাৰ টোপনি ভাল হয়।

গতিকে আমি মাছ খাব লাগে।মাছে আমাক বিভিন্ন ধৰণে সহায় কৰে।আমাৰ সমাজত মাছৰ ব্যৱহাৰ বহু পুৰণি।আমাৰ উৎসৱ-পাৰ্বনত মাছৰ ব্যৱহাৰ অতীজৰেপৰা হৈ আহিছে।আমি মাছ পালনৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি কৰি আমাৰ পুষ্টিৰ বাবে লগা মাছ আমি যাতে খাব পাৰো,তাৰ বাবে চেষ্টা কৰিব লাগিব।আমাৰ বিহুত আমি যাতে মাছে-ভাতে এসাঁজ খাব পাৰো তাৰ আশা কৰিলোঁ।

লেখক: প্ৰতুল ডেকা (দৈনিক অসম)

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top