মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিহুৰ যোজনা আৰু ৰঙালী বিহু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিহুৰ যোজনা আৰু ৰঙালী বিহু

অসমৰ জাতীয় উৎসৱ বিহু

 

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো

তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।

 

ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে । ঠিক একেদৰে আৰু কেইটামান বিহুৰ যোজনা হল

 

১, আজি বিহু বিহু কালি বিহু বিহু চিৰে গৰখীয়াই তৰা ;

সীতাই কুমাৰে বাদতি মাৰিলে চ'তৰ বাৰে খৰৰপৰা ।

২, আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিব নাহৰ ;

কেতেকী চৰায়ে কাটে সৰু সুতা মৰুৱা কাঠৰে যতঁৰ ।

৩, বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত ;

বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক ।

৪,চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা ;

কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা ।

৫,বিহু মাৰি থাকিবৰ মনে ঐ লাহৰি বিহু মাৰি থকিবৰ মন ;

বিহু মাৰি থাঁকোতে পলুৱাই নিনিবি ভৰিব লাগিব ধন ।

৬,তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই ;

অতি চেনেহৰ বহাগৰ বিহুটি হাততে মলঙি যায় ।

৭,এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ ;

নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই গৰকি ভাঙি যায় যঁতৰ ।

৮,বিহুলৈ কেইদিন আছে সমনীয়া বিহুলৈ কেইদিন আছে ;

উজনি নামনি মাৰো কেওখিনি বিহুলৈ চাৰি দিন আছে ।

৯,নগা জলকীয়াৰ কাক সমনিয়া নগা জলকীয়াৰ কাক ;

বিহু থাকে মানে বিহুকে বিনাবি বিহু গলে বিনাবি কাক ।

১০,আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই ;

সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই ।

বসন্তৰ আগমণত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোঁসাই বিহু বুলিও পালন কৰা যায়।

অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উৎসৱ- বহাগ বিহু। প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন বাপতিসাহোন এই বিহু। সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছয় দিনলৈকে মুঠ সাতদিন এই বিহু পালন কৰ হয়। প্ৰত্যেক দিনৰে সুকীয়া সুকীয়া নাম আছে। এই সাতটা বিহুকে একেলগে ‘সাতবিহু’ নামেৰে জনা যায়। সেয়া হ’ল- গৰুৰ বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী (চেনেহী) বিহু আৰু চেৰা বিহু। প্ৰত্যেক দিনৰে সুকীয়া পৰম্পৰা আছে- সাতবিহুৰ যিকোনো এটা দিনত ১০১ পৰা ১১৫ লৈ বিভিন্ন শাক-পাচলিৰে এসাঁজ খোৱাতো এক পুৰণিকলীয়া প্ৰথা। ঠাইভেদে শাকৰ পৰিমাণো বেলেগ বেলেগ হয়। উজনি অসমত সাধাৰনতে ১১৫ বিধ শাক খোৱাৰ প্ৰথা আছে। বাৰীৰ সকলো শাক-পাচলিৰ সংমিশ্ৰণৰে ৰন্ধা ব্যঞ্জনে কেৱল তৃপ্তি দিয়াই নহয় বহু পৰিমাণে শৰীৰ ৰোগ মুক্ত কৰি তোলে বুলি জনবিশ্বাস আছে।

 

যি কি নহওক, ১০১ বিধ শাকেৰে আঞ্জা ৰান্ধি খোৱাৰ নিয়মটো উজনি অসমত গৰুৰ বিহুৰ দিনাই পালন কৰা হয়। এই বিহুৰ দিনা পুৱা বেলাতে গৰুক মাহ-হালধি সানি নোৱাই-ধোৱাই পথাৰত চৰিবলৈ দিয়া হয় আৰু সেই সময়তে পথাৰত শাক বোটলাৰ এক পৰম্পৰা আছে। এই শাকবোৰত বিভিন্ন পাচলি আৰু তৰু-লতা অন্তৰ্ভূক্ত কৰা হয়। এই শাক-পাচলিবোৰত যাতে টেঙা, কেঁহা, তিতা আদি গুণৰ সমাহাৰ ঘটে তাৰ প্ৰতি গুৰুত্ব দিয়া হয়। প্ৰায়বোৰ শাক ঔষধি গুণ সম্পন্ন হয়। এই ১০১ বিধ শাকত খাদ্যৰ কোনো অশুভ প্ৰতিক্ৰিয়া নেথাকে আৰু নিঃসঙ্কোচে এইবোৰ গ্ৰহণ কৰা হয়। বিহুৰ প্ৰথম দিনটোতে ঔষধি গুণ সম্পন্ন শাক খাই অসমীয়া মানুহে বছৰটোলৈ নিৰোগী হৈ থাকিবলৈ সকলোৱে মাৰ বান্ধি ঠিয় হয়।

এতিয়া গৰুৰ বিহুৰ দিনা ১০১ বিধ শাকৰ আঞ্জা খোৱাৰ যি পৰম্পৰা সেয়া লুপ্ত হবৰ উপক্ৰম হৈছে। কাৰণ এই বন শাক বিলাকৰ চিনাক্তকৰণ কৰাতো অসুবিধা হৈছে। আনকি কিছুমান আমাৰ পথাৰবোৰৰ পৰা নাইকীয়াও হৈছে। সেয়ে পৰম্পৰাৰ খাতিৰত ১০১ বিধৰ ঠাইত পাৰিলে ৫০/৬০ বিধ মান, নোৱাৰিলে ৭ বিধ মান শাকেৰেই ৰক্ষা কৰা হয়।

 

3.24390243902
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top