মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিয়া গীতত চৰ-চাপৰিৰ নাৰী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিয়া গীতত চৰ-চাপৰিৰ নাৰী

বিয়া গীতত চৰ-চাপৰিৰ নাৰীৰ কথা লিখা হৈছে

 

বিবাহ এটি পাৰিবাৰিক বন্ধন-

 

সৃষ্টিৰ ঊষালগ্ন কালৰ পৰাই এই বন্ধনৰ ওপৰত ভিত্তি কৰিয়েই বিস্তাৰ লাভ কৰিছে মানৱ প্ৰজাতি, বিস্তাৰ লাভ কৰিছে মানৱ সভ্যতা। এই বন্ধনৰ ওপৰত ভিত্তি কৰিয়েই পৰিয়াল আৰু পৰিয়ালৰ পৰাই সমাজৰ বিস্তৃতি সম্ভৱ হৈছে। নাৰী – পুৰুষৰ দাম্পত্য বন্ধনেই পৃথিৱীক কৰি তুলিছে পৰিপূৰ্ণ, কৰি তুলিছে কৰ্ম চঞ্চল। এই বন্ধন নাথাকিলে হয়তো কেতিয়াবাই হেৰাই গ’লহেঁতেন মানুহৰ সুদূৰ অতীত। যৌথ জীৱনৰ প্ৰতি আকৰ্ষণেই মানুহক সকলো প্ৰতিকূল অৱস্থাৰ স’তে যুদ্ধ কৰিও জীয়াই থকাৰ প্ৰেৰণা যোগাইছিল তেতিয়া আৰু এতিয়াও।

পৃথিৱীৰ বুকুত অসংখ্য জাতি, ধৰ্ম আছে। সমাজৰ নিয়ম – নীতিও সেয়ে অসংখ্য। যুগৰ পৰিৱৰ্তনত বহুতো ৰীতি – নীতি, আচাৰ – অনুষ্ঠানৰ সাল – সলনি ঘটিছে। সমাজৰ ইতিহাস আলোচনা কৰিলে আমি দেখিবলৈ পাওঁ যে সামাজিক আৰু পাৰিবাৰিক আচাৰ – অনুষ্ঠান সমূহ কোনো নিৰ্দিষ্ট নিয়মৰ বাটেৰে নচলে। কিছু পৰিমাণে ধৰ্ম, কিছু ভাবাবেগ, কিছু পৰিমাণে কুসংস্কাৰৰ সমন্বয়ত গঢ়ি উঠে পাৰিবাৰিক আচাৰ – অনুষ্ঠানবোৰ। পৃথিৱীত প্ৰায় সকলো দেশতেই এনে ধাৰাতেই জীৱন চলিছে আৰু আজিও মানুহ পূৰ্ণভাৱে সংস্কাৰমুক্ত নহয়। চৰ – চাপৰিৰ নাৰী সকলো এই বৃত্তৰ ভিতৰত। চৰ – চাপৰিৰ বিবাহ উৎসৱত বহুতো স্ত্ৰী আচাৰ পদ্ধতিযুক্ত হৈ আছে। এইবোৰত নাৰীয়ে সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰে। চৰ – চাপৰিৰ বিবাহ অনুষ্ঠানত বিয়াৰ আগদিনা তেলাই অনুষ্ঠান হয়। দৰাপচৰ নবৌ, আইতা, ভনীয়ে কইনাৰ ঘৰলৈ আহি তেল, কেঁচা হালধি কইনাৰ গাত ঘঁহে, ৰঙা পাৰি দিয়া বগা শাৰী পিন্ধায়। তেলাই অনুষ্ঠানৰ দিনা দুপৰীয়া চৰ – চাপৰিৰ নাৰী সকলে দল বান্ধি কাষত কলহ লৈ নৈৰ ঘাটলৈ পানী আনিবলৈ যায় – দৰা বা কইনাক গা ধোৱাবৰ বাবে। পানী কলত ভৰোৱাৰ সময়ত তলত দিয়া গীতটি সমস্বৰে গাই গাই ঘৰলৈ পানী কঢ়িয়াই আনে।

চলো গো সখী

মনো গো সখী

জল ভৰিতে খাই

আমাৰ কলসী হেন

ভৰিয়ে দেওঁ গংগা মাও

আমি আতেৰ (হাতৰ) বাজ দিবো লো

আমাৰ কলসীহেন ভৰিয়ে দেও।

এইদৰে সাতপাট গহনা (যেনে : মাৰাক, মুৰকী, মাছিপাত, খাইৰে, কুণ্ঠি, জোমকা, আদুলি চ্ছাব্বা) দি সাত কলহ পানী আনি দৰা – কইনাক গা ধোৱায়। গা ধোৱাৰ আগতে দৰা বা কইনাৰ গাত কেঁচা হালধি বটি গাত সনা হয়। হালধি বটাৰ সময়ত তলত দিয়া গীতটি গোৱা হয় :

হালধি বাটে লো

এতো সুন্দৰ আই য়োৰোলো

সেই হলোদী ঝলকে ঝলকে

কইনেৰ মুখে জ্বলে লো

হলোদী কুটুম জামুৰ জুমুৰ

গিলা কুটুম পায়

যাই সনেলো নাতিল জামাই

কেমুন দেহা যায়।

(বৰপেটাৰ মন্দিয়া অঞ্চলৰ আমেনা বিবিৰ পৰা সংগ্ৰহ)।

সেই একেই উদ্দেশ্যে গোৱা গীত অঞ্চল ভেদে ভিন ভিন পংক্তিৰে গায় একে সুৰত : বহি বহি গাত হালধি সনাৰ সময়ত :

 

হলোদী বাটিতে আৰো কি কি নাগেৰে

ধানমতি আয়ো, ফুলমতি আয়ো।

হলোদী বাটতে পাটা শিলো নাগেৰে

সেয়ো হলোদী তুলিয়ে

কইনেৰ গায়ে মাখায়ো।

(ঔৰংজোংলা চৰৰ গীত)।

বিয়াৰ দিনা কইনাৰ ঘৰত দৰা পক্ষৰ আয়তী সকলে কইনা পক্ষক জোকাই হাত চাপৰি দি তালে তালে উচ্চস্বৰে গায়। মহিলা মহলত ভিতৰ চোতালত দৰা – কইনা পক্ষৰ আয়তীৰ দলৰ প্ৰতিযোগিতা হয়। কইনা – দৰা পক্ষৰ নবৌ, আইতা, ননদ, খুলশালী, গাঁৱৰ ওচৰ – চুবুৰীয়া বিয়া খাবলৈ অহা মহিলা আদিয়ে যোগ দিয়ে বিয়া গীতত। কোনো কোনো চৰত (ব্ৰ্হ্মপুত্ৰৰ দক্ষিণ পাৰ মানকাচৰত) বিয়াৰ গাহান গোৱাৰ বাবে মহিলা সকলক ইষ্ট – কুটুম্বৰে সৈতে আমন্ত্ৰণ জনোৱা হয়।) দৰাই বিয়া কৰাবলৈ কইনাৰ ঘৰলৈ যাত্ৰা কৰাৰ সময়ত আয়তী সকলে গায় :

চান গেল বিয়ে কৰতে

কে কে যাইবো সাথে

সোণাৰ চান্দ আমাৰ

আসিও সকালে।

(বোৱাবলীয়া চৰৰ গান)।

বিয়া কৰাবলৈ অহা দৰাই কইনাৰ বাবে অনা বস্তুৰ কিবা এপদৰ অভাৱ হ’লে তলত দিয়া গীতটিৰে দৰা পক্ষক জোকায় ঘৰৰ ভিতৰৰ পৰা। কইনাক দৰা পক্ষৰ আ – অলংকাৰ, কাপোৰ পিন্ধোৱা হয়, কেশ বিন্ন্যাস কৰোৱা, বা মুখৰ প্ৰসাধন কৰোৱাৰ সময়তে হোৱা হয় :

আয়না আনছাও ভালো কৰছাও

কাৰ্কৈ আনছাও ভালো দাঁতেৰে মেশি কোথায় ৰে।

দাঁতত মেশি আৰু শিৰত সেন্দুৰ দিয়া প্ৰথা এসময়ত আছিল। দাঁতত মেশি লগালে দাঁতৰ গুৰি ভালে থাকে। চৰ – চাপৰিত যে মেশি আৰু সেন্দুৰৰ বহুল ভাৱে প্ৰচলন আছিল সেই কথা সেই সময়ৰ বিয়া গীতৰ পৰাই জানিব পাৰি। ধুবুৰী জিলাৰ চিৰাখোৱা চৰৰ এটি বিয়া গীতত এনেদৰে আছে :

অভাইপুৰীয়ে সেন্দুৰ আইনছেন বৰু

হামাৰে সীথেৰ খাতে।

(চিৰাখাওয়া চৰৰ গীত, খতিজাম বিবিৰ পৰা)

বিয়া গীতবোৰত কেতিয়াবা অশ্লীলগন্ধী বাক্যও ব্যৱহাৰ কৰা দেখা যায়। কইনা পক্ষৰ মহিলা সকলে দৰা ঘৰীয়া মহিলা সকলক নাচি নাচি গীত গাই জোকায় :

সৰ্তা কাটা গবাৰে যাদুৰাম কেচকি কাটাৰে গান

নওসাৰ মায়ৰে দেই কেক আইলাম

খোপাৰ তলে তলে নাং

ঝাৰিয়ে ঝুৰিয়ে বাইন্ধোৰে খোপা

বাহিৰ হৈয়ে যাইবোৰে নাং

গণিয়ে – গাঠিয়ে ৰাইসৰে

নওসা মিঞা একল একটা একটা নাং

বিয়া ঘৰত দৰা ঘৰীয়া মহিলাই কইনা ঘৰীয়া মহিলাক জোকায় এইদৰে :

পঞ্চ গাঞেৰ

পঞ্চ দূত

কইনেৰ বাপেৰ

বিলেই মুখ

সেই খাইলো আমাৰ

নতুন পাইলেৰ দূত।

(পাইলে – পত্ৰ, গাখীৰ ৰখা বাচন)

সমগ্ৰ ভাৰতবৰ্ষতে যৌতুক প্ৰথা বন জুইৰ দৰে প্ৰসাৰ হৈছে। চৰ – চাপৰিও এই যৌতুকৰ পৰা হাত সাৰিব পৰা নাই। এই সম্পৰ্কে বিয়া গীতত আছে :

মাকলা বাঁশেৰ তলে

পানী ঝিলমিল কৰে

ওই হান থানহে দয়াৰ বাবা

আত্তী (হাতী) দান কৰে

আত্তী দিছে দানে।

চড়িয়া বেৰাইবাৰ কাৰণে

তবু দামান্দ সৰম (লাজ) দিলো

ভৰা সবাৰ মাঝে ….

(বোৱালীয়া চৰৰ গীত, জাকিৰ হুছেইনৰ পৰা সংগ্ৰহ)।

গাভৰু ছোবালী জনীক নিজৰ ঘৰৰ পৰা অইনৰ ঘৰলৈ চিৰদিনৰ বাবে উলিয়াই দিয়াটো যে কিমান কষ্টকৰ সেয়া মাক – বাপেকেহে বুজে। বিদায়ৰ মুহূৰ্তত কৰুণ পৰিৱেশৰ সৃষ্টি হয়। এই সময়ত কইনাৰ আত্মীয় – স্বজন সকলোৱে কইনাৰ ডিঙিত ধৰি কান্দে। দৰা – কইনাৰ বয়োজ্যেষ্ঠ সকলৰ ভৰি চুই ছালাম (সেৱা) কৰে কান্দি কান্দি। কইনা পক্ষৰ কান্দোনৰ ৰোলে সকলোৰে বুকুত খুন্দা মাৰি ধৰে। মাক – দেউতাকৰ হিয়াৰ বেদনা উপলব্ধি কৰি আয়তী সকলে সেমেকা চকুৰে ভগ্ন স্বৰেৰে গায় :

মায়ে কান্দে আক্ষেপেৰে

বাপে কান্দে মায়াৰ তৰে

আৰে সোণাৰ ভাই কান্দে

মুখে গামচা দিয়াৰে

(ভাসনী চৰৰ গীত)।

বাপে ডাকে ময়নাৰে ময়না

ময়না নাই ঘৰেৰে

হাতেৰে নুৰি চালে গুইজা

মউঅনাৰে নিতাম কোলে।

(জৰুৱাৰ চৰৰ গীত)।

ভায়ে ডাকে ময়নাৰে ময়না

ময়না নাই ঘৰেৰে

গোড়াৰ গৰু গোড়ায় থুইয়া

ময়নাৰে নিতাম কোলে।

ঠিক এনেকুৱা এটি কৰুণ গীত অবিভক্ত গোৱালপাৰা জিলাৰ মুছলমান সমাজৰ কায়েম অঞ্চলত তাহানিও গাইছিল, আজিও গায়। অতি জনপ্ৰিয় এই গীতটি আজিকালি ধুবুৰী জিলাৰ ঘৰ্ষণখোৱা চৰতো গোৱা শুনা যায়।

উৰিয়ে যায় মোৰ

ঘৰ ভৰা ডাউকীৰে

ডাউকী আছিল মোৰ

নানীৰ চউখেৰ দোসৰ ৰে

উৰিয়ে যায় মোৰ

বাসৰ ভৰা ডাউকীৰে।

(তেলীপাৰা গাঁৱৰ জহ ভানুৰ পৰা সংগ্ৰহ)।

ধুবুৰীৰ পৰা শদিয়া লৈকে মুঠ ২২২৯ খন চৰ গাঁৱৰ জনসংখ্যা প্ৰায় বিশ লাখ হ’ব। তাৰে প্ৰায় সোতৰ লাখ মুছলমান জনগোষ্ঠীৰ। উজনি অসমৰ চৰ – চাপৰিত নেপালী, বড়ো আৰু মিচিং সম্প্ৰদায়ৰ লোকেও বসবাস কৰি আছে। বৰাক উপত্যকাৰ চৰ – চাপৰিতো মুছলমান লোক আছে। নেপালী, বড়ো আৰু মিচিং বিয়াগীত সংগ্ৰহ কৰিব পৰা নহ’ল বাবে প্ৰবন্ধটিত উল্লেখ কৰিব পৰা নগ’ল।

চৰ – চাপৰিৰ এই বিয়া গীতবোৰ প্ৰায় বিলুপ্তিৰ পথত। ঈস্পিত বা অনাকাংক্ষিত পৰিৱৰ্তনে আজকালি চৰ – চাপৰিৰ বিয়াগীত্ৰ প্ৰতি যেন আকৰ্ষণেই নোহোৱা কৰিছে আজিৰ প্ৰজন্মই। এই আপুৰুগীয়া চৰ – চাপৰিৰ বিয়াগীতবোৰ সংগ্ৰহ কৰি ভি ডি অ’, অ’ডি অ’ কেছেট কৰি ৰাখিব লাগিব আৰু লোক সাহিত্যৰ সম্পদ হিচাপে লিপিবদ্ধ কৰি ৰাখিব লাগিব ভৱিষ্যৎ প্ৰজন্মৰ বাবে।

 

লেখক : কাছেমা খাতুন।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

 

 

 

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top