মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বিয়ানাম আৰু অসমীয়া সমাজৰ ঐতিহ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিয়ানাম আৰু অসমীয়া সমাজৰ ঐতিহ্য

বিয়ানাম আৰু অসমীয়া সমাজৰ ঐতিহ্য

মহান সাহিত্যিক সত্যনাথ বৰাদেৱে “সাহিত্য সমাজৰ দাপোণ” বুলি আখ্যা দি অসমীয়া আধ্যাত্মিক জগতত নানান দিশত ইতিবাচক খোৰাক যোগাই থৈ গৈছে। সেয়েহে এই উক্তিষাৰিৰ গইনা লৈ ক’ব খোজো যে, লোকসংস্কৃতিৰ চোতালত বিয়ানাম, আইনাম, বিহুনাম, নিচুকনি গীত আদি অসমীয়া আইদেউ সকলৰ সাতোৰঙী বোলনিৰ সৃষ্টিশীল প্ৰতিভা। যাৰ যোগেদি অনেক জাতি-উপজাতিৰ সমষ্টি অসমীয়া জাতিয়ে একেখন আকাশৰ তলত ঐক্যতাৰ স্বস্তিৰ নিশ্বাস লৈ আগুৱাই গৈ আছে চিৰ প্ৰবাহিত গঙ্গাৰ ধাৰ হৈ। এই ক্ষেত্ৰত বিয়ানামৰ প্ৰাধান্য মুখ্য। লগুণ দিয়া, নোৱা তুলনি, বৰবিয়া, ভেকুলী বিয়া আৰু বুঢ়া বিয়া আদিত সুকীয়া সুকীয়া বিয়ানামেৰে বিয়াঘৰৰ পৰিবেশ উত্সৱ মুখৰ কৰি তোলে।

কুমাৰী কন্যাৰ প্ৰথম ৰজস্বলা হোৱাৰ চতুৰ্থ দিনা ইকৰাৰ বেইৰ তলত গোপীনীক সাক্ষী কৰি গা ধোৱাওতেই বিয়ানাম আৰম্ভ হয়। “গা ধুই আইদেৱে কলচীৰে পানী ঢালে ভৰুণ বিৰিখলৈ চাই”। অৰ্থাৎ জীৱন যাত্ৰাৰ দ্বিতীয় খোঁজ প্ৰথম স্নানত গুটিৰে ভৰপুৰ গছলৈ চাই গা ধোৱা যাতে তোমাৰ অনাগত ভৱিষ্যৎ সুন্দৰ হয়।

ঠিক তেনেদৰেই প্ৰতিখন বিয়াৰ প্ৰথম দিনটোক মুৰৰ তেল দিয়া বুলি কয়। সেইদিনা আৰু বাকী কেইদিনো গা ধুওৱাৰ আগতে গোপিনীসকলৰ সহযোগত ল’ৰাৰ অথবা ছোৱালীৰ মাকে নৈত পানী তুলিবলৈ যায়। “ৰামকৃষ্ণ পানী তুলিবলৈ ওলাইছে ৰক্মিণী ঐ ৰাম যমুনা বহুদূৰ হে”। যমুনাৰ পবিত্ৰ জল আনি মাকে নিজৰ পুতেক বা জীয়েকক বেইৰ তলত মাহ হালধীৰে গা ধোৱাই। তেতিয়া আয়তী সকলে উৰুলি দি দি সুন্দৰ সুন্দৰ বিয়ানাম গায়। “গা ধুই আইদেৱে দেউতাকক সুধিলে ঐ ৰাম কিনো সাজ সলাব পায়ে হে। ছাঁতে শুকোৱা মুঠিতে লুকোৱা ঐ ৰাম হেনো সাজ শলাব পায়ে হে”। তাৰ পিচত ৰভাৰ তলত কন্যা বা দৰাৰ মুৰত তেলটেঙা দি নতুন সাজপাৰ পিন্ধাওতেও বিয়ানাম গায়। “ড্ৰেচিং আইনা আগত লৈ ড্ৰেচ কৰা অকলে, আজি কিয় ৰৈ আছা লোকে সজাই দিবলৈ”। “মাৰাৰ অলঙ্কাৰ থোৱা কাতি কৰি, দেউতাৰৰ অলঙ্কাৰ থোৱাহে, ৰামচন্দ্ৰই পঠাইছে লাকতৰ অলঙ্কাৰ, মুৰ পাতি লৈ পিন্ধা হে”।

উল্লেখনীয় যে অকল দৰা বা কইনাকে কেন্দ্ৰ কৰি বিয়ানাম গোৱা নহয়, কইনা-দৰাৰ সখা-সখি, মাক-দেউতাককে ধৰি প্ৰতিজন আত্মীয়ক জুৰিও বিয়ানাম গায়। “কন্যাৰ দেউতাক ৰুলুম ঝুলুম, গাৰে চোলা লৰে ঐ, দিব লাগে লং জিৰা, মনতে নপৰে ঐ নেখাওঁ আমি লং জিৰা নেচাওঁ আমি ভণ্টিৰ বিয়া আমাক বিদায় দিয়া ঐ”।

বেইৰ তলত গা ধোৱাই নতুন কাপোৰ পিন্ধাই আৰু ৰভাৰ তলত পাটীত বহুৱাই মূল্যবান সাজপাৰ পিন্ধাই সাতগৰাকী গোপিনীয়ে হাতত চাউল লৈ কন্যা অথবা দৰাৰ মুৰৰ ওপৰত কাপোৰ এখন ধৰি আশীৰ্ব্বাদ কৰি এনেদৰে গায়, “পুখুৰীৰে পাৰে ইন্দ্ৰপহু চৰে কি ৰাম ৰাম ইন্দ্ৰপহু চৰে তাৰে এটি ধৰি আনা কন্যাই (দৰাই) ভোজন কৰে কি ৰাম ৰাম কন্যাই (দৰাই) ভোজন কৰে”।যিহেতু আমিষাহাৰী অসমীয়া সমাজত এসময়ত পহু মাংসৰ স্থান বহুত উচ্চ আছিল। তাৰপিছত দৰা আদৰি আনি ৰভাৰ তলত বহাই দৰাঘৰীয়াই কন্যা খোজি আনি হোম অথবা নাম কীৰ্ত্তনীয়া সমাজৰ শৰাইৰ ঠিক পিছত বহাই পুৰোহিতে যাৱতীয় নিয়ম-নীতি কৰি থাকোঁতে দুয়োপক্ষৰ নামতীয়ে যোৰানাম গায়। “অ পকা বিলাহী দৰাঘৰৰ ল’ৰাবোৰ বৰ চলাহী, এইবোৰ ল’ৰায়ে কিনো ধন ঘটিব জেপ লুৰুকি জেলহে খাব”। ঠিক সেইদৰে দৰা ঘৰীয়াৰ নামতীয়ে “অ মনেতৰা কন্যাঘৰীয়া ছোৱালীবোৰ ঘোঁৰামুখীয়া, এইবোৰ ছোৱালীয়ে কিনো ঘৰ ধৰিব চানা চোবাওঁতে দিনবোৰ যাব”।

এনেদৰে নানান ধেমেলীয়া নামেৰে ৰাইজৰ টোপনি দূৰ কৰে আৰু পুৰোহিতে যাবতীয় কাম কৰি যায়। এইখিনিতে এটি হৃদয় বিদাৰক ক্ষণ আহে যেতিয়া কন্যাৰ ভায়েকে বায়েকক দৰাৰে অগ্নিসাক্ষী কৰি নিজ কুল গোত্ৰ ছেদ কৰি স্বামীবৰণ কৰি ঘৃতাহুতি কৰি থাকোঁতে ভায়েকে বায়েকৰ হাতত আখৈ দিয়ে অগ্নিত দিবলৈ। “আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই আজি তোমাৰ বাইদেৰে সুত ছিঙি য়ায়”।

ঠিক সেইদৰে দুয়ো পক্ষৰ নামতীয়ে কন্যাক বিদায়ৰ আগমুহুৰ্ত্তত গায়। “হাতত পাণ বঁটা লৈ দেউতাৰক কোৱাগৈ দেউতা দেউতা অ আজি মই ওলালো যাবৰে সময়ত মাতহে লগালোঁ”। এনেদৰে প্ৰতিজন আত্মীয়ক লৈ বিদায়ী গীত গায়। ইয়াৰ উপৰিও উপদেশ মূলক নামো গায়। “নীলাকৈ আকাশত ৰঙাকৈ বেলি ল’বগৈ লাগিব ওৰণি টানি বানিব লাগিব এমোনকৈ ধান ৰাখিব লাগিব শাহু আইৰ মান”।

বিয়ানামৰ অন্ত নাই। থাওকতে কৈ শেষ কৰা সম্ভৱ নহয়। আচৰিত যেন লাগিলেও বাহুল্য যে আমাৰ সমাজত খৰাং পৰিলে কৃষকে মেঘদেৱতাক সন্তুষ্ট কৰিবলৈ মানুহৰ বিয়াৰ দৰেই নিয়ম কৰি ভেকুলীৰ বিয়া পাতে। গাৱঁৰে এঘৰত মতা ভেকুলী আৰু এঘৰত মাইকী ভেকুলী ৰাখে। দুয়োকে কাপোৰ কানি পিন্ধায়। আকৌ নোৱাবলৈ নৈত পানী তোলেগৈ। বিয়ানামো গায় এইদৰে, “অ মেঘদেৱতা ভেকুলীৰ বিয়া, ঝৰঝৰ কৈ বৰষুণ দিয়া”।

ইয়াৰ উপৰিও পলাই অনা সকলোৰো সেই একে নিয়মেৰে বিয়া পাতি বিয়া নাম গাই ফূৰ্তি কৰা হয়। সমাজৰ এজন হ’বলৈ ভকতক সাক্ষী কৰি বিয়া পাতিবই লাগে। কেতিয়াবা সতি সন্ততি ডাঙৰেই হৈ যায়। এই প্ৰসঙ্গত গালিও আছে। অতি বিষ্ময়কৰ কথা আবিয়ৈ বিধৱা আৰু বিধুৰ পুৰুষৰো বিয়া পতা হয় একো একোটা শিলগুটিৰ লগত, তেহে তেওঁ পবিত্ৰ হয়। ইয়াৰ দৃষ্টান্ত আছে ৰামায়ণত। আই সীতাৰ অনুপস্থিতিতিত পৰম তপস্বী ৰজা শ্ৰী শ্ৰী ৰামচন্দ্ৰই সোণৰ সীতাৰ মূৰ্তি কাষত লৈহে যজ্ঞত বহিছিল। আজিৰ পৰা প্ৰায় সত্তৰ বছৰ মানৰ আগলৈকে অসমীয়া ভব্য গব্য লোকসকলে নিজৰ পাট-গাভৰু জীয়েকক সেন্দুৰকত দিয়া বিয়া পাতিছিল। ই প্ৰায় হিন্দুস্থানী সমাজৰ বাল্যবিবাহৰ দৰে। পাৰ্থক্য ইমানেই যে ইয়াত কন্যাক আঙুঠি পিন্ধাই দৰাঘৰীয়াই ৰাইজক সাক্ষী কৰি কন্যাক সেন্দুৰ দিয়ে।

অসমৰ জনজাতীয় সমাজতো দোৱানত বা সংমিশ্ৰিত অসমীয়া ভাষাত বিয়ানামৰ প্ৰচলন আছে। ভাৰতর্বষৰ অন্য প্ৰদেশতো নিজ নিজ ভাষাত বিয়ানামৰ প্ৰচলন আছে। সেইবোৰক বিবাহগীত অথবা ‘চাদী কী গীত বুলি কয়। ইয়াৰ ভিতৰত জেতুকা বা মেহেন্দী লগোৱাৰ দিনাৰ মেহেন্দী গীত বৰ আমোদজনক। দৰাৰ জোতা লুকুৱাই কন্যাৰ ভনীয়েকহঁতে কৰা ধেমেলীয়া গীত বিয়ানাম নহয় যদিও ইও বিবাহ অনুষ্ঠানৰ এক অপৰিহাৰ্য্য অঙ্গ।যেনেকৈ আমাৰ সমাজত কোলাবুঢ়ী আৰু বিহু আদি অপৰিহাৰ্য্য। সেইফালে দৰাই ছোৱালী আনিবলৈ যোৱাৰ পিছত দৰাৰ ঘৰত মহিলা সকলে এখন ওমলা বিয়াপাতে। এগৰাকী মহিলাই দৰা সাজে আৰু আনগৰাকীক কন্যা সজাই লৈ বিয়াৰ সকলো নিয়ম কৰে। এইসময়চোৱাত গোৱা নামবোৰক টুটীয়াবুলিয়া কয়। ইয়ো একপ্ৰকাৰৰ বিয়ানামেই। এনেদৰে পৰৰ ঘৰৰ জীয়াৰীক অগ্নিত সাক্ষী কৰি পত্নী বনাই গাৰ্হস্থ্য জীৱন আৰম্ভ কৰি পুৰুষে সংসাৰ গঢ়ে। হিন্দু ধৰ্ম শাস্ত্ৰত উল্লেখ আছে যে পতি-পত্নীৰ সর্ম্পক হ’ল তেজৰ লগত তেজ, মঙহৰ লগত মঙহ আৰু দুখন হৃদয় এক হয় অনাদি অনন্ত কাললৈ, যাৰ জৰিয়তে পুত্ৰৰ জন্ম হয়। পুত্ৰই মৃত্যুৰ পিছত মাক-দেউতাকক মোক্ষ প্ৰাপ্ত কৰায়। সেয়েহে নোৱাতুলনিৰ পৰা আৰম্ভ কৰি নানান উপমা, উপদেশ আৰু মঙ্গল উচ্চাৰণেৰে যি গীত গোৱা হয় তাকে বিয়ানামৰ আখ্যা দি অসমীয়া সংস্কৃতিৰ বৰ ভেঁটি টনকীয়াল কৰিলে। আশা কৰোঁ সৌন্দৰ্য্য চৰ্চা, সাজপাৰৰ আধুনিকতা আৰু বৃৰ্তিমুখী শিক্ষাৰ ধামখুমীয়াৰ মাজতো নৱপ্ৰজন্মই বিয়ানামৰ পৰম্পৰাক জীয়াই ৰাখিব।

অৱশেষত এষাৰ যোৰা নামেৰে লেখাটোৰ সামৰণি মাৰিছো, “বাহৰে লেকেচী দৰা ঘৰৰ ছোৱালী বোৰৰ মুখ ভাঙিম থেকেচী”।

সেউজী চাইনী

2.85416666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top