অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈছাগু

বৈছাগু

বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ সেতুবন্ধন হৈ থকা অসমত এটা সৰ্ববৃহৎ জনগোষ্ঠী হৈছে বড়ো। বড়োসকলে বসন্ত ঋতুত পালন কৰি আহিছে বৈছাগু উৎসৱ। বড়োভাষাত ‘বৈছ’ মানে বছৰ আৰু ‘আগু’ মানে আগ। অৰ্থাৎ বছৰৰ প্ৰথম মাহ। এই ‘বৈছাগু’ শব্দৰ পৰাই সময়ৰ কষটি শিলত খুন্দা খাই ৰূপান্তৰেদি ৰূপ পাই ‘বিহু’ শব্দটিৰ উৎপত্তি হৈছে বুলি তাত্বিকে ক’ব খোজে।

বিহুৰ লগত ‘বৰদৈচিলা’ ৰ প্ৰগাঢ় সম্পৰ্ক আছে। লোকবিশ্বাস মতে চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। এই বৰদৈচিলা মাকৰ ঘৰলৈ যায়। এই বৰদৈচিলা বড়োভাষাত ‘বাৰ’ মানে বতাহ ‘দৈ’ মানে বৰষুণ আৰু ‘ছিখলা’ মানে গাভৰু। সহজ অৰ্থত বতাহ বৰষুণ লগত লৈ উৰিব পৰা গাভৰুগৰাকীয়েই হৈছে বাৰদৈচিখলা অসমীয়া ভাষাত যাক বৰদৈচিলা বুলি কোৱা হয়। এই বৰদৈচিলাখলাক লৈয়ে বড়োসকলৰ বাৰদৈছিখলা মাছানায়’ নৃত্যৰ প্ৰচলন আছে।

চ’ত মাহৰ সংক্ৰান্তিৰ পৰা বড়োসকলে ‘বৈছাগু’ উদযাপন কৰে। এই বৈছাগু বড়োসকলে দুই ধৰণে পালন কৰে। ‘মৌছৌ’ অৰ্থাৎ গৰুবিহু আৰু ‘মানছিবিহু’ অৰ্থাৎ মানুহ বিহু। অসমীয়া সমাজত গৰু বিহুৰ দিনা দীঘলতি, মাখিয়তী পাতেৰে গৰুক কোবোৱা, মাহ-হালধি সানি গৰুক গা ধুওৱা, লাও-বেঙেনা-হালধি-বেঙেনাৰ চাট সাজি গৰুৰ গাত মৰাৰ যি পৰম্পৰা আছে বড়োসকলৰ মাজতো আছে সেই একেই পৰম্পৰা।

নৈ-বিল পুখুৰী আদিত গৰু বিহুৰ দিনা গৰুক গা ধুওৱাৰ সময়ত লাও-বেঙেনাৰ চাট গৰুৰ মাত মাৰি বড়ো সমাজৰ লোকসকলেও এইদৰে কয়-

‘লাও খা জানথাও জা

বৌছৰ খিথেৰ, ফিফালি খিথেৰ

নৌংছৌৰ জাগৌন হালুৱা গেদেৰ।

বিয়া গায়কে বাদি দাজা

ফিকা বলদ্‌ বাদি জা

বাৰি খনানি এমবু বংগীলা

বিবাদি জা গেদেৰ জংগীলা’।

অসমীয়া ভাষাত ইয়াৰ অৰ্থ

এনেধৰণৰ- ‘লাও খা বেঙেনা খা/বছৰ বছৰ পালক পালে বাঢ়ি যা/মাৰ প্ৰতিশোধ/বাপেৰ প্ৰতিশোধ/তহঁত হবি ডাঙৰ হালোৱা/মাৰৰ দৰে নহ’বি চাপৰ/বাপেৰৰ দৰে বলধ হবি ডাঙৰ/বাৰীৰ চুকৰ ভেকোলা বেং/তাৰ দৰে হবি দীঘল।

মাখিয়তী আৰু দীঘলতি পাতেৰে গৰুৰ গাত কোবাই বড়োসকলে গায়-

‘দিগিলথি লাও থি মৌছোনি মুলি

দুদালি জাগৌন গায় খুখিলি।

দিগিলথি লাওথি খ্ৰি খ্ৰি গানথি

জৌংনি মৌছৌআ জাগৌন বলদ জাথি।

জানায় নঙা গায়দে থেমফ্ৰা

মাৰ্খা জাগৌন ফালানি বেহেৰা।’

ইয়াৰ অৰ্থ অসমীয়াত এনে হ’ব-‘দীঘলতি গৰুৰ ঔষধি/খীৰতি গাই হ’ব কপিলি/দীঘলতিৰ এচাৰি ঘন ঘন গাঁঠি/আমাৰ গৰু হ’ব বলদ কুলৰ/নহ’ব চুটি-চাপৰ/হ’ব দুৰ্দান্ত পালৰ যুঁজাৰু।’

গৰু বিহুৰ পিছদিনাখন অৰ্থাৎ ব’হাগৰ পহিলা দিনটিত বড়োসকলে পালন কৰে ‘মানছি বিহু’ অৰ্থাৎ মানুহ বিহু।

‘ছত্ৰাঞ্জলি’ৰ চিফুঙৰ সুৰেৰে বড়োসকলে মানুহ বিহুৰ দিনটো আৰম্ভ কৰে। লোকবিশ্বাস আছে যে এই বাঁহীৰ সুৰ শুনিলে সাপৰ কণী ঘোলা হয়। এই বিহুৰ দিনাখন সকলোৱে নতুন ‘দখনা’, ফুলাম, ফাণী লয়। খাম, চিফুং, খাৱা, থকা, গংগনা আদিৰ সুৰত আকাশ-বতাহ মুখৰিত হৈ পৰে।

বৈছাগু উৎসৱত গাভৰু, বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালীসকলেও দলবদ্ধ হৈ গাঁৱে-ভূঞে, ঘৰে ঘৰে মাগন কৰিবলৈ যোৱাটো বড়ো সংস্কৃতিৰ এটা প্ৰাচীন প্ৰথা। গাভৰুসকলে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে মিলনৰ আশা কৰি এই বৈছাগুৰ বতৰতে নিজৰ মনৰ হাবিয়াসৰ কথা গীতৰ মাজেৰে প্ৰকাশ কৰে এনেদৰে-

‘আংখৌ, লাংখৌ

আংখৌ লাংখৈ আদা

আদা ছায়াৰাম মান্দাৰ বিবাৰ

বৈছাগুৱাও দানাইষ হাংমা হাংমানি

নেইবে, ফালিখৌ

লাংফৈদৈ নৈং আদা

আদা ছায়াৰাম মান্দাৰ বিবাৰ

ইয়াৰ অসমীয়া অৰ্থ এনেধৰণৰ:

‘মোক লৈ যোৱাহি মোক লৈ যোৱাহি

অ’ ককাইদেউ ছায়াৰাম, মদাৰৰ ফুল,

বহাগৰ বিহুলৈ বোৱা হুমুনিয়াহৰ ৰুমালখন

লৈ যোৱাহি অ’ ককাইদেউ ছায়াৰাম মদাৰৰ ফুল।’

ছিখ্‌লাজনীৰ গান শুনি ডেকাই উত্তৰ দিয়ে গীতৰ মাজেৰে এনেদৰে-

‘হ্বাজৌ খৰনি হলোলখা

আংজৌং ৰায়জী জানায়া নৌংলেখা

আঠিংয়া ফৌলাই ৰংজালি

আঠিংয়া ফৌলাউ

ছেৰজা চিফুং মিলিউহাদ

হাংমা গৌলাউ।

অসমীয়া অৰ্থ:

‘পাহাৰৰ দাঁতিৰ হলোলেখা শাক

তুমিয়ে জীৱনৰ সাৰথি হ’বা মোৰ সংসাৰত

ভৰি দীঘলকৈ পোনাই অধীৰ হৈ নাচাচোন আনন্দত

ছেৰজা বাঁহীৰ হিয়া পমি যোৱা সুৰত।’

লিখক: জোনমণি দাস, দৈনিক অসম।

2.94594594595
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top