অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰহ্মপুত্ৰ

অসমত ইয়াৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা

বিহুগীতত আছে দিহিং দিখৌ সোৱণশিৰি বহু নদী লগ লাগি বয়নো ব্ৰহ্মপুত্ৰ মহানদী নাচনী...

হয়, ব্ৰহ্মপুত্ৰ কেৱল মাত্ৰ এখন নদী নহয়— মহানদী। যুগ যুগ ধৰি চীন, ভাৰতবর্ষ আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈ থকা এখন চিৰপ্রবাহী নদী- ব্ৰহ্মপুত্ৰ। কত যে ৰূপ এই নদীৰ। পৰ্বতৰ মাজত দেও দি নাচি বাগি নামি অহা ৰাংঢালী ছিয়াং, অসমৰ সমভূমিত শান্ত-বিশাল বুঢ়া লুইত, সময়ে সময়ে ব্ৰহ্মপুত্ৰই বলিয়া বানৰ কালৰূপ ধৰি দুয়ো পাৰত সংহাৰ চলাইছে, কেতিয়াবা একতাৰ ডোলেৰে সকলোকে বান্ধি সমন্বয়ৰ সেতু গঢ়িছে। পাৰে পাৰে ৰচিছে ইয়াৰ নিযুত বছৰীয়া ইতিহাস। ব্ৰহ্মপুত্ৰৰ প্রাচীন নাম লৌহিত্য। মহাকাব্য মহাভাৰতত লৌহিত্যৰ নাম উল্লেখ আছে। মার্কণ্ডেয় পুৰাণতো প্ৰাগজ্যোতিষপুৰ আৰু লৌহিত্য ভাৰতবৰ্ষৰ পূব ভাগত থকাৰ কথা পোৱা যায়।

পৃথিৱীৰ বিখ্যাত নদীসমূহৰ মাজত এখন ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ মুঠ পৰিমাণ হ’ল ৫৮০,০০০ বর্গকিলোমিটাৰ। ইয়াৰে ৫০.৫% চীন দেশৰ, ৩৩.৬% ভাৰতবৰ্ষৰ, ৮,১% বাংলাদেশৰ আৰু ৭.৮% ভূটানৰ অন্তৰ্গত। তিব্বতৰ দক্ষিণ ঢালৰ উৎপত্তিস্থল পৰা বংগোপসাগৰৰ মোহনালৈকে নদীখন মুঠ ২,৮৮০ কিলোমিটাৰ দীঘল। ইয়াৰে ১,৬২৫ কিলোমিটাৰ তিব্বতৰ, ৯১৮ কিলোমিটাৰ ভাৰতবৰ্ষত আৰু ৩৩৭ কিলোমিটাৰ বাংলাদেশত অৱস্থিত। পানী পৰিবহণৰ জোখেৰে আমাজান, কংগো, য়াংচিকিয়াং নদীৰ পিছতে ব্ৰহ্মপুত্ৰৰ স্থান (চতুর্থ) যদিও গেদ পৰিবহণৰ জোখেৰে ব্ৰহ্মপুত্ৰৰ স্থান দ্বিতীয়, হোৱাংহোৰ পিছতে।

উৎপত্তি আৰু গতিপথ

সাগৰপৃষ্ঠৰ পৰা ৫,৩০০ মিটাৰ উচ্চতাত অৱস্থিত কৈলাস পর্বতৰ দক্ষিণ ঢালত ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছে (অক্ষাংশ ৩০0২৩/ উত্তৰ, দ্রাঘিমাংশ ৮২°৫/ পূব)। তিব্বত মালভূমিৰ এই অংশত কেইবাটাও হিমবাহৰ পানী আহি এটা কুণ্ড বা হ্রদত জমা হয়হি। তাৰ নাম ব্ৰহ্মকুণ্ড। ইয়াৰে চেমায়াংদুং হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছে বুলি জনা যায়। আদিতে মানস সৰোবৰৰ পৰাহে ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছিল বুলি ভবা হৈছিল। যদিও এই সৰোবৰ এই ঠাইৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত। বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে কৈলাস-মানস সৰোবৰৰ এই অংশক অতি পবিত্র জ্ঞান কৰে। উৎপত্তিস্থলৰ পৰা মাৰলুং চাংপো নামেৰে নৈখনে হিমালয়ৰ পৰা প্ৰায় ৬০ৰ পৰা ১০০ কিলোমিটাৰ উত্তৰেৰে ১,৬২৫ কিলোমিটাৰ পশ্চিমৰ পৰা পূবলৈ ব'বলৈ আৰম্ভ কৰে। তিব্বতী ভাষাত চাংপো শব্দৰ অৰ্থ হ’ল পৰিশোধক (Purifier), বৰফ গলা নির্মল পানী প্ৰবাহিত হোৱাৰ বাবেই নৈখনৰ এই নাম। শিলাময় ভূ-প্রকৃতিৰ বৰফাবৃত এই অংশৰ মাজেৰে প্ৰবাহিত হোৱা নৈখনে লাট্‌ছে জং, অঞ্চলত ৰাগা চাংপো নামৰ এখন ডাঙৰ উপনৈক লগত লৈ ক্ৰমে বহুল আৰু নাব্য হৈ পৰে। এই অংশৰ মুঠ ৬৪০ কিলোমিটাৰ গতিপথত নৈখন জাহাজ চলাচলৰ উপযোগী। উল্লেখ্য, সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৫০০ মিটাৰ উচ্চতাত জাহাজ চলিব পৰা চাংপো হ’ল পৃথিৱীৰ একমাত্র নদী। তিব্বতৰ ৰাজধানী লাছা চহৰৰ ওচৰত পুনৰ ক্ৰি-চু নৈক বাঁওপাৰে লোৱা অংশত চাংপোখন ৩ কিলোমিটাৰ পর্যন্ত বহল হোৱা দেখা যায়। কিন্তু চেলা অঞ্চলৰ পৰা নৈখন পুনৰ ঠেক হ’বলৈ আৰম্ভ কৰে (৬০০ মিটাৰ) আৰু পেৰ ওচৰত নৈখনে যাত্রাপথৰ দিশ পৰিৱৰ্তন কৰি ক্ৰমে উত্তৰ আৰু উত্তৰ-পূব দিশে ববলৈ লয়। এই অংশত সুউচ্চ নামচা বাৱৰা শৃংগ (৭,৭৫৫ মিটাৰ) আৰু গয়েলা পেৰি শৃংগৰ মাজত অসংখ্য সৰু সৰু জলপ্রপাত আৰু খৰস্ৰোতৰ সৃষ্টি কৰি নৈখন দুর্গম পৰ্বতৰ মাজত সোমাই পৰে। অতীজত পেৰ ওচৰৰ পৰা চাংপোখন কোনফালে গ’ল জনাটো সাধ্যাতীত আছিল। সেই সময়ত কোনো কোনোৱে নৈখন চীন বা ম্যানমাৰলৈ বৈ যোৱা বুলিও ভাবিছিল। কিন্তু তিব্বতৰ যাত্ৰাপথৰ পশ্চিম প্ৰান্তৰ পৰা নৈখন যে পূৰ্বতকৈও অধিক ঠেক হৈ (মাত্ৰ ৩০ মিটাৰ) নামঢ়া বাৱণা শংশল কায়েৰে এপাক ঘূৰি পৃথিৱীৰ আটাইতকৈ গভীৰ গিৰিখাদটোৰ (৫,৩৮২ মিটাৰ) সৃষ্টি কৰি (Tsangpo Grand Canyon) হিমালয়ৰ পূব প্রান্তৰে দক্ষিণ-পশ্চিম দিশেৰে মোংকু নামৰ ঠাইত চীন-ভাৰত আন্তর্জাতিক সীমা পাৰ কৰি ভাৰতবৰ্ষত প্ৰৱেশ কৰে এই কথাৰ সত্যতা ১৯২৪ চনতহে প্রমাণিত হয়। অৰুণাচল প্ৰদেশৰ কোৰবো নামৰ ঠাইৰ পৰা নৈখনে পূৰ্বৰ চাংপো নাম এৰি ছিয়াং নাম লয়। নদীখনৰ এই অংশত ভূমিভাগৰ ঢাল হ’ল প্রতি কিলোমিটাৰত ১৬.৮ মিটাৰ। এইদৰে নৈখনে অৰুণাচল প্ৰদেশৰ মাজেদি ক্ৰমে দক্ষিণলৈ বৈ আহি পাছিঘাটৰ কাষেৰে অসমৰ জোনাই মহকুমাৰ সমভূমি অঞ্চলত প্ৰৱেশ কৰে। এইবাৰ ছিয়াঙে নাম সলাই দিহাং নাম লয়। পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ দক্ষিণত অৱস্থিত ক’বো চাপৰিৰ ওচৰত উত্তৰ-পূব দিশৰ পৰা দিবাং আৰু পূব দিশৰ পৰা লোহিত নদী আহি দিহাং নদীৰ লগ লাগে। এই দিহাং, দিবাং আৰু লোহিত নদীৰ সংগম ক্ষেত্ৰৰ পৰা আৰম্ভ হয় অসম ভূমিৰ মাজেদি মহাবাহু ব্ৰহ্মপুত্ৰৰ ৬৫০ কিলোমিটাৰ পশ্চিমমুখী যাত্ৰা। এইখিনিতে ব্ৰহ্মপুত্ৰৰ প্ৰাচীন নাম লৌহিত্য হোৱাৰ সম্পর্কে বিবেচনা কৰিব পৰা যায়। কাৰণ সেই সময়ত অৰুণাচলৰ লোহিত জিলাৰ পৰা বৈ অহা এই লোহিত নদীখনকে ব্ৰহ্মপুত্ৰৰ ঘাই সুঁতি বুলি ভবা হৈছিল। দিহাং নৈখনেই যে ব্ৰহ্মপুত্ৰৰ আগলি অংশ সেই কথা তেতিয়ালৈকে মানুহে জনা নাছিল। আন কিছুমানৰ মতে আকৌ সেই সময়ত সঁচাকৈয়ে লোহিতখন ব্ৰহ্মপুত্ৰৰ মুল সুঁতি আছিল। কিন্তু পিছৰ কালত অৰুণাচল প্ৰদেশৰ ছিয়াং নৈখনে শীর্যখনন (Hardward Irosion) কৰি ক্ৰমাৎ উত্তৰলৈ আগুৱাই গৈ চাংপো নৈখনক স্পর্শ কৰাত ভূমিৰ ঢলৰ প্ৰবলতা অনুসৰি সম্পূর্ণ চাংপো নৈখনেই দক্ষিণলৈ বৈ অহাত তিব্ৰতৰ চাংপো নৈখন ব্ৰহ্মপুত্ৰৰ আগলি অংশলৈ পৰিৱৰ্তিত হৈ পৰে। অৱশ্যে প্রাচীন কালতে সংঘটিত এই নদী অপহৰণৰ কথা হয়তো ভাৰতীয় ঋষি-মুনিসকলে জানিছিল আৰু সেইবাবেই তেওঁলোকে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল কৈলাস পৰ্বতৰ মানস সৰোবৰৰ ওচৰত বুলি চিনাক্ত কৰিছিল। যি কি নহওঁক, চাংপোৰ তিব্ৰতৰ যাত্ৰাপথত আৰু ছিয়াঙৰ অৰুণাচল প্ৰদেশৰ যাত্ৰাপথত ভালেমান সৰু-বৰ উপ-নদী আহি নদীখনত লগ লাগিছেহি।

অসমৰ সমভূমিত ব্ৰহ্মপুত্ৰই লাভ কৰে বিশালতা। এই অংশত নদীখনৰ বিশেষত্ব হ’ল চেলাজৰী গঁঠা বা গুম্ফিত উপত্যকাৰে অসংখ্য চৰ-চাপৰি, শাখা নদীৰে গড়ে প্রায় ৮ কিলোমিটাৰ বহল ব্ৰহ্মপুত্ৰৰ বৃহৎ কলেৱৰ। উত্তৰৰ হিমালয়ৰ পৰা সোৱণশিৰি, জীয়াভৰলী, মানাহ আদি আৰু দক্ষিণৰ নাগালেণ্ড, মেঘালয় আদি উচ্চভূমিৰ পৰা বুঢ়ীদিহিং, দিখৌ, কপিলী আদি অসংখ্য সৰু বৰ নদী এই অংশতে ব্ৰহ্মপুত্ৰৰ লগ লাগিছেহি। বুঢ়ীসুঁতি, খেৰকটীয়া-লুহিত সুঁতি আৰু কলং সুঁতি হ’ল অসমৰ সমভূমি অংশত নদীখনৰ তিনিটা প্ৰধান সুঁতি। এই অংশতে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। অসমৰ যাত্ৰাপথৰ অন্তত ধুবুৰী নগৰৰ পশ্চিমত ব্ৰহ্মপুত্ৰই অসম-বাংলাদেশৰ সীমা পাৰ কৰি, যমুনা নামেৰে দক্ষিণমুখী যাত্ৰা আৰম্ভ কৰে। এই অংশত উত্তৰৰ পৰা তিস্তা নদী আহি যমুনাৰ লগ লাগে। ক্ৰমে দক্ষিণলৈ প্ৰবাহিত হৈ বাংলাদেশৰ গোৱালণ্ডৰ ওচৰত ভাৰতৰ অন্যতম প্রধান নদী গংগাৰ সৈতে লগ লাগি যমুনাই পদ্মা নাম লয়। পদ্মা নৈখন দক্ষিণ-পূর্ব মুথে ঘূৰি ১০ কিলোমিটাৰ আহি মেঘনা নৈৰ লগ লাগি মেঘনা নামেৰেই পুনৰ দক্ষিণমুৱা হৈ ৫০ কিলোমিটাৰ গৈ হাটিয়া, চাহবাজপুৰ আৰু টেণ্টুলিয়া নামেৰে তিনিটা সুঁতিত বিভক্ত হৈ পৃথিৱী বিখ্যাত সুন্দৰবন ব-দ্বীপৰ সৃষ্টি কৰি বংগোপ সাগৰত বিলীন হয়।

জল আৰু গেদ পৰিবহণ

জল পৰিবহণত ব্ৰহ্মপুত্ৰৰ স্থান পৃথিৱীৰ ভিতৰত চতুৰ্থ যদিও মাটিকালিৰ হিচাপত এই পৰিমাণ সর্বাধিক। নদীখনৰ এই বৃহৎ পৰিমাণৰ পানীৰ উৎস হ’ল অৱবাহিকা অঞ্চলত প্রবাহিত মৌচুমী জলবায়ুৰ ঋতুভিত্তিক বৰষুণ আৰু পৰ্বতৰ ওপৰৰ বৰফ গলা পানী। বছৰি গড় হিচাপত পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰৰে প্রবাহিত সর্বাধিক পানীৰ পৰিমাণ হ’ল প্ৰতি ছেকেণ্ডত ৭২,৭২৬ ঘনমিটাৰ এই পৰিমাণ ১৯৬২ চনৰ আগষ্ট মাহৰ। সেইদৰে সৰ্বনিম্ন পৰিমাণ হ’ল প্ৰতি ছেকেণ্ডত ১,৭৫৫ ঘনমিটাৰ, ১৯৬৮ চনৰ ফেব্ৰুৱাৰী মাহত। ইয়াৰ পৰা এই কথা স্পষ্ট হৈ উঠিল যে বৰ্ষা আৰু শীত ঋতুৰ পার্থক্যত এই পানীৰ পৰিমাণৰ পাৰ্থক্যও যথেষ্ট বেছি। নদীখনৰ পানী পৰিবহণৰ বছৰেকীয়া গড়মান হ’ল প্ৰতি ছেকেণ্ডত ৪৮,২০৫ ঘনমিটাৰ।

সেইদৰে গেল পৰিবহণৰ হিচাপত ব্ৰহ্মপুত্ৰৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়- হোৱাংহোৰ পিছতে। এতিয়ালৈকে গণনা কৰিব পৰা তথ্যৰ ভিত্তিত পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰই বছৰি গড়ে ৪০০ নিযুত মেট্ৰিকটন গেদ পৰিবহণ কৰে। অৱশ্যে বানপানীৰ সময়ত এই পৰিমাণ দিনে ২ নিযুত মেট্রিকটনলৈ বৃদ্ধি পায় আৰু পানীৰ সৰ্বোচ্চ প্ৰবাহৰ (Peak Flood) সময়ত এই পৰিমাণ দিনে ২৬ নিযুত মেট্ৰিক টন পর্যন্ত হয়গৈ। নদীখনৰ এই বৃহৎ পৰিমাণৰ গেদৰ উৎস হ’ল হিমালয় অঞ্চলৰ কোমল শিল আৰু ভূমিস্খলনজনিত শিল-মাটি। ইয়াৰে এক বুজন অংশ যোগান ধৰে উপ-নদীসমূহেও। উদাহৰণস্বৰূপে অসম ভূমিৰ মাজেদি প্ৰবাহিত উত্তৰপাৰৰ উপনদী সোৱণশিৰি আৰু জীয়া ভৰলীৰ গেদ উৎপাদনৰ পৰিমাণ হ’ল প্রতি বর্গকিলোমিটাৰত ক্ৰমে ২,৫০০ টন আৰু ৪,৭০০ টন। দক্ষিণ পাৰৰ উপনৈসমূহৰ ক্ষেত্ৰত অৱশ্যে এই পৰিমাণ যথেষ্ট কম। প্রাপ্ত তথ্য মতে, অসমৰ ১৯৫০ চনৰ ১৫ আগষ্টৰ ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোৰ পিছত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ নদীতলসমূহ যথেষ্ট বাম হৈ পৰাত আগৰ পৰিমাণৰ পানী কঢ়িয়াবৰৰ বাবে নৈসমুহ বহল হোৱাৰ প্ৰয়োজন হ’ল। তাৰ ফলতেই সৃষ্টি হ’ল অসমৰ আনটো প্রধান সমস্যা— গৰাখহনীয়াৰ। কিন্তু ব্ৰহ্মপুত্ৰৰ দৰে গুম্ফিত উপত্যকাৰে প্ৰবাহিত নদী এখন অসমৰ পলসুৱা মাটিৰ মাজেৰে প্ৰবাহিত হ’লে নদীখনৰ দুইপাৰে গৰাখহনীয়া হোৱাটোৱেই স্বাভাৱিক। উদাহৰণস্বৰূপে ভূমিকম্পৰ আগত ডিব্ৰুগড়ত নদীখনৰ এটা পাৰে উকি মাৰিলে আনটো পাৰত শুনিছিল। বৰ্তমান কিন্তু সেই অংশত ব্ৰহ্মপুত্ৰ ১০.৫ কিলোমিটাৰ বহল। অসম চৰকাৰৰ এক প্রশাসনিক তথ্য মতে ১৮৯২-৯৩ চনত ডিব্ৰুগড় নগৰখন ব্ৰহ্মপুত্ৰৰ খৰালি সুঁতিৰ পৰা ৮ কিলোমিটাৰ দূৰত আছিল। কিন্তু ভূমিকম্পৰ পিছৰ ১৯৫৪ চনৰ তথ্য মতে, ডিব্ৰুগড় নগৰৰ এক বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এইদৰে সেই সময়ৰ পৰা অসম ভূমিত নদীখনে পূৰ্বৰ সুঁতিৰ দক্ষিণ ঢালেৰে ব’বলৈ লোৱা দেখা যায়। কাৰণ সপ্তদশ শতিকালৈকে ব্ৰহ্মপুত্ৰখন চাৰিকড়ীয়া নৈয়েদি, খেৰকটীয়া সুঁতি হৈ মাজুলীৰ উত্তৰৰ লুইতেদি প্ৰবাহিত হৈছিল। অসম বুৰঞ্জীৰ তথ্য মতে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত (১৬৪৮-৬৩) হোৱা মিৰজুমলাৰ আক্ৰমণৰ সময়ত বৰ্তমানৰ মাজুলীৰ অস্তিত্বই নাছিল। মাজুলী তেতিয়া ‘মাজালি’ নামেৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৈতে সংলগ্ন হৈ আছিল। সেয়েহে মাজুলীৰ ভূ-প্রকৃতি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভূ-ভাগৰ সৈতে মিলে। ১৭৫০ চনৰ কাতি মাহত অহা প্ৰলয়ংকৰী বানৰ সময়ত ব্ৰহ্মপুত্ৰই উত্তৰৰ লুইত সুঁতি এৰি ডিব্ৰুগড়ৰ দক্ষিণ-পশ্চিমত দক্ষিণপাৰৰ উপনৈ দিহিঙেৰে ব'বলৈ লয় আৰু তেতিয়াৰ পৰা দিহিং ব্ৰহ্মপুত্ৰ আৰু লুইতৰ মাজৰ ভূ-খণ্ড মাজুলী নামেৰে জনাজাত হৈ পৰে। লেফ্‌টেনেন্ট নিউভিলৰ টোকামতে এই বান ১৫ দিন ধৰি হৈছিল। সেইদৰে পূৰ্বতে ধনশিৰি নৈখন কাৰ্বি পাহাৰৰ নামনিৰে নগাঁৱৰ কাজলীমুখত ব্ৰহ্মপুত্ৰত মিলিছিল। কিন্তু কাজিৰঙা অঞ্চলত ব্ৰহ্মপুত্ৰই দক্ষিণ ঢালেৰে ব’বলৈ লোৱাত সেই অংশতে ধনশিৰিক গ্রাস কৰে আৰু তেতিয়াৰে পৰা ধনশিৰিৰ নিম্নাংশই কলং সুঁতিৰ ৰূপ লয়। উত্তৰ পাৰে বিশ্বনাথৰ পৰা তেজপুৰলৈকে পূৰ্বৰ ব্ৰহ্মপুত্ৰৰ অৱশিষ্টৰূপে বহুতো বিল আৰু জলাহভূমি দেখা যায়। কোনো কোনোৰ মতে প্রাচীন কালত প্ৰাগজ্যোতিষপুৰৰ ভূ-ভাগ উমানন্দলৈকে একাকাৰ হৈ আছিল। এইদৰে ক্ৰমে পশ্চিমলৈ চালে দেখা যায় একালত শুৱালকুছি ব্ৰহ্মপুত্ৰৰ দক্ষিণফালেহে আছিল। নীলাচল আৰু শুৱালকুছিৰ মাজত এতিয়াৰ দৰে ব্ৰহ্মপুত্ৰ বৈ থকা নাছিল। কাৰণ শুৱালকুছি গাঁৱত বাস কৰা ব্ৰাহ্মণসকলেই তেতিয়া পাল পাতি কামাখ্যাত পূজা-সেৱা চলাইছিল (শ্ৰীমান চক্ৰৱৰ্তী)। ১৫৩২-৩৩ চনত মোগল সেনাপতি তুৰ্বকৰ লগত হোৱা যুদ্ধৰ পিছৰ পৰাহে ব্ৰহ্মপুত্ৰৰ একাংশ শুৱালকুছিৰ দক্ষিণেৰে ব’বলৈ আৰম্ভ কৰে। অৱশ্যে অসম ভূমিৰ মাজত ব্ৰহ্মপুত্ৰই এইদৰে দক্ষিণ ঢাললৈ গতি কৰাৰ প্ৰধান আৰু একমাত্ৰ কাৰণটো হ’ল- উত্তৰৰ হিমালয়ৰ উত্থান। কাৰণ হিমালয় পর্বতমালা ভূ-তাত্ত্বিকভাৱে এতিয়াও এক সক্রিয় অঞ্চল। যি আজি পৰ্যন্ত অস্থিৰ অৱস্থাত আছে। চৰম স্থিৰতা পাবৰ বাবে বৰ্তমানেও হিমালয় প্রতিবছৰ প্রায় ৫ ছেণ্টিমিটাৰকৈ ওপৰলৈ উঠি আছে। হিমালয়ৰ লগে লগে তাৰ গাতে লাগি থকা উত্তৰ অসমৰ সমভূমি খণ্ডও ওপৰলৈ উঠি আছে। ফলত স্বাভাৱিকতেই ব্ৰহ্মপুত্ৰই নিজৰ উত্তৰৰ সুঁতি এৰি দক্ষিণলৈ ঢাল লৈছে। বাংলাদেশৰ অংশতো নৈখনে কেইবাবাৰো সুঁতি সলনি কৰা দেখা গৈছে।

অসমত ব্ৰহ্মপুত্ৰৰ গুম্ফিত গতিপথৰ মাজত অসংখ্য চৰ-চাপৰিৰ সৃষ্টি হৈছে। কিন্তু নদী তলত খনন আৰু গেল নিক্ষেপণ অহৰহ চলি থকাৰ বাবে এই চৰ-চাপৰিবোৰ দীৰ্ঘদিনৰ বাবে স্থায়ী হোৱা দেখা নাযায়। অৱশ্যে সর্ববৃহৎ নদীদ্বীপ মাজুলী (৩৫২ বৰ্গকিলোমিটাৰ) আৰু পৃথিৱীৰ ক্ষুদ্ৰতম স্থায়ী বসবাস থকা নদীদ্বীপ উমানন্দ (মাত্র ০.০২ বর্গ কিলোমিটাৰ) ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত যদিও দ্বীপ দুটা ব্ৰহ্মপুত্ৰৰ সৃষ্টি নহয়। সেইদৰে বাৰিষাৰ সময়ত নদীখনৰ সকলো সুঁতি একাকাৰ হৈ পৰে। যদিও খৰালি পানী কমাৰ লগে লগে প্রধান সুঁতিসমূহৰ বাহিৰে গেদ পৰি বাম হৈ পৰা বাকী সুঁতিবোৰ শুকাই যায়। সেই সময়তে - চাপৰিসমূহত খেৰ-বন, গছ-গছনি আদি গজি উঠে। ঝাওবন এই চাপৰিসমূহৰ প্ৰধান উদ্ভিদ।

বানপানী

মাটিকালিৰ হিচাপত ব্ৰহ্মপুত্ৰৰ প্ৰবাহিত পানীৰ পৰিমাণ পৃথিৱীৰ ভিতৰত সৰ্বাধিক। তাতে তিনিওফালে উচ্চ ভূমিৰে আগুৰি থকা অসম উপত্যকাত বানপানী সৃষ্টি হোৱাটো নদীখনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। নদী এখনৰ পানী আৰু গেদ পৰিবহণ ক্ষমতা নদীখনৰ ঢালৰ ওপৰত নিৰ্ভৰ কৰে। পৰ্বতীয়া গতিপথ এৰি অসমৰ সমভূমিত প্ৰৱেশ কৰাৰে পৰা ব্ৰহ্মপুত্ৰৰ ঢাল অভাৱনীয়ভাৱে হ্ৰাস পাইছে। প্রাপ্ত তথ্য মতে, এই অংশত ব্ৰহ্মপুত্ৰৰ ঢাল প্রতি কিলোমিটাৰত কবোচাপৰিৰ পৰা ডিব্ৰুগড়লৈ ০.৬২ মিটাৰ, ডিব্ৰুগড়ৰ পৰা নিমাতী ঘাটলৈ ০.১৭ মিটাৰ, নিমাতী ঘাটৰ পৰা শিলঘাটলৈ ০.১৫ মিটাৰ, শিলঘাটৰ পৰা গুৱাহাটীলৈ ০.১৪ মিটাৰ, গুৱাহাটীৰ পৰা গোৱালপাৰালৈ ০.১১ মিটাৰ, গোৱালপাৰাৰ পৰা ধুবুৰীলৈ ০.০৯৪ মিটাৰ আৰু ধুবুৰীৰ পৰা মোহনালৈকে ০.০৭৯ মিটাৰ। এই অংশত বছৰি গড়ে ১.,৫০৮ ৰ পৰা ৪.০৬৫ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হয়। তাৰ শতকৰা ৯০ ভাগ হয় দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত অৰ্থাৎ মে’ৰ পৰা অক্টোবৰ মাহৰ ভিতৰত। সেই সময়তে উচ্চ হিমালয়ৰ বৰফসমূহো গলিবলৈ ধৰাত পানীৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। গতিকে সেই সময়ৰ বৰষুণৰ স্থিতিকাল (Duration) আৰু প্ৰবলতা (Intensity) যেতিয়াই বাঢ়ে তেতিয়াই নদীত বান আহে। এই পানীৰ এক বুজন অংশ উপ-নদীসমুহেও যোগান ধৰে, তাতে এই সমস্ত পানীভাগৰ নিৰ্মানৰ একমাত্ৰ পথ হ’ল পশ্চিমৰ ঠেক সমভূমি খণ্ড, সেয়েহে প্রাক ঐতিহাসিক কালৰে পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা বানপানী প্ৰবল অঞ্চল আছিল। সেই সময়ত এই বানপানী আছিল আৰ্শীবাদস্বৰূপ। বানপানীৰ বাবেই উপত্যকাটো সাৰুৱা কৃষিভূমিৰূপে বিকশিত হৈছিল, মাছ-কাছেৰে ভৰপূৰ ভোগালী অঞ্চলৰূপে বিখ্যাত হৈছিল। প্রকৃততে ৰূপহী অসমৰ সেউজী সমভূমিখন ব্ৰহ্মপুত্ৰৰেই দান। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহে যোৱা ২ নিযুত বছৰত অৰুণাচল হিমালয়ৰ পৰা কাঢ়ি অনা কোমল গেদীয় শিলাসমূহ ২০০ৰ পৰা ৩০০ মিটাৰ দ কৈ জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে। এই অৱস্থাৰ পৰিৱৰ্তন আহিল ইংৰাজসকলৰ মথাউৰি ব্যৱস্থা সংযোজনৰ পিছৰ পৰা। প্রথম অৱস্থাত এই মথাউৰি ব্যৱস্থাই দ’ অঞ্চলসমূহ বানপানীমুক্ত কৰি ৰাখিছিল যদিও পিছৰ কালত মথাউৰিবোৰ দূৰ্বল হৈ পৰাত আৰু মেৰামতিৰ অভাৱত কোনোবা দুর্বল অংশত হঠাতে মথাউৰি ভাগি যি বানপানীৰ সৃষ্টি হ’ল, সি ঘৰ দুৱাৰ ভাঙি, খেতিপথাৰ নষ্ট কৰি সংহাৰী ৰূপ ল’লে। ১৯৫৪ চনৰ মুঠ ২০০ কিলোমিটাৰ মথাউৰিৰ পৰিৱৰ্তে ১৯৮৮ চনত ইয়াৰ জোখ হ’লগৈ ৪,১৩৪ কিলোমিটাৰ। তদুপৰি যোৱা কেইবাটাও দশকত প্ৰকৃতিৰ ওপৰত মানুহৰ বিভিন্ন কার্যকলাপৰ বাবে বানপানীৰ তাণ্ডৱ যথেষ্ট বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে সঘনাই বানপানী হৈ থকা নৈপৰীয়া অঞ্চলসমূহতো মানুহে বসবাস কৰিবলৈ ল’লে। জলাহভূমি, খাল-বিল— যিসমুহে আদিতে নদীসমুহৰ অতিৰিক্ত পানী ধাৰণ কৰি বানপানী নিয়ন্ত্ৰণ কৰি ৰাখিছিল মানুহৰ বাসগৃহ নিৰ্মাণ, খেতি-বাতি, উদ্যোগ স্থাপন আদি কাৰ্যৰ বাবে সেই অঞ্চলসমূহ অধিগ্ৰহণ কৰাত নৈসমূহৰ জলধাৰণ এলেকাৰ পৰিসৰ ক্ৰমে কমি আহিল। তদুপৰি ভূমিভাগৰ অপৰিকল্পিত ব্যৱহাৰ, পৰিৱেশ বিনষ্টকৰণ, বনাঞ্চল ধ্বংস আদিয়ে বানপানীৰ প্ৰৱণতা বঢ়োৱাত যথেষ্ট অৰিহণা যোগালে। সেয়েহে ১৯৮০ চনৰ পিছৰ পৰা বানপানীৰ প্ৰবলতা যথেষ্ট বৃদ্ধি পালে। এটা বাৰিষাতে প্রায় চাৰি-পাঁচবাৰ বান অহাটো তেতিয়াৰে পৰা একেবাৰে সাধাৰণ কথা যেন হৈ পৰিল। তথাপি সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রায় ৪০ শতাংশ অঞ্চলতহে বানপানী হৈছিল। ১৯৯০ চনত এই পৰিমাণ ৫৫ শতাংশলৈ বৃদ্ধি পালে। আৰু বৰ্তমান কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া জিলা দুখনক এৰি সমগ্ৰ অসম বানপানীৰ কবলত পৰিছে। প্ৰতিবছৰে বাঢ়ি আহিছে ক্ষয়-ক্ষতিৰ পৰিমাণ। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ শেহতীয়া বানপানীৰ অৱস্থা পর্যবেক্ষণ কৰি বিশ্লেষণ কৰি চালে দেখা যায় মৌচুমী বতাহৰ অস্বাভাৱিক ব্যৱহাৰ অর্থাৎ জলবায়ু পৰিৱৰ্তনো ইয়াৰ এক অন্যতম কাৰণ। ডাৱৰ বিস্ফোৰণ, কম সময়ত অধিক মাত্ৰাত বৰষুণ, প্রচণ্ড ধুমুহা আদিয়ে ভূমিকম্প প্রবণ কোমল মাটিৰে গঠিত অঞ্চলটোত সঘনাই জলপ্ৰলয়ৰ সৃষ্টি হোৱাত অৰিহণা যোগাইছে।

প্রতিৰোধ

ব্ৰহ্মপুত্ৰৰ দৰে এখন আন্তর্জাতিক নদীৰ বান নিয়ন্ত্ৰণৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। দেশৰ ভিতৰতে প্রয়োজন বিভিন্ন সামাজিক, অর্থনৈতিক আৰু পাৰিপাৰ্শ্বিক সহযোগিতাৰ সৈতে এক উন্নত প্রণালীবদ্ধ কৰ্মপন্থা। অসমৰ বান নিয়ন্ত্ৰণৰ বাবে এতিয়ালৈকে বহুতো বিশেষজ্ঞ কমিটী গঠন কৰা হ’ল, বহুত উন্নত মানৰ আঁচনি প্ৰস্তুত কৰা হ’ল বানপানী কিন্তু আজিও নিয়ন্ত্ৰণ নহ’ল। অসমক বানপানীৰ ভয়াৱহতাৰ পৰা মুক্ত কৰিবলৈকে এসময়ত কেন্দ্ৰীয় চৰকাৰে নদী সংযোগী আঁচনিৰ পৰিকল্পনা কৰিছিল। আঁচনি মতে ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানীভাগ নদী সংযোগী আঁচনিৰ দ্বাৰা ভাৰতৰ আন আন খৰাং অঞ্চললৈ বোৱাই নিয়াৰ কথা। কিন্তু বিভিন্ন কাৰণত এই আঁচনি আজিও কাৰ্যকৰী নহ’ল। ১৯৭৪ চনতে ব্ৰহ্মপুত্ৰ খননৰো এক পৰিকল্পনা চলিছিল যদিও বাস্তৱত সিও কার্যক্ষম হৈ নুঠিল। এটা কথা ঠিক যে বানপানী আমাক লাগে– অসম ভূমিৰ সাৰুৱা মাটি গঠন প্ৰক্ৰিয়াৰ বাবে, কাজিৰঙা-ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ অসম উপত্যকাৰ পৰিস্থিতিতন্ত্ৰ সজীৱ কৰি ৰাখিবৰ বাবে। তাকে লাগে যেনিবা নিয়ন্ত্রিত ৰূপত। বর্তমান যুগত বানপানী নিয়ন্ত্ৰণৰ প্ৰধান ব্যৱস্থাসমূহ হ’ল মথাউৰি, স্পাৰ বা বান্ধ নিৰ্মাণ কৰা। ভূমিৰ উচিত ব্যৱহাৰ আৰু প্লাৱন ভূমিৰ মণ্ডলীৰণ কৰা, আগজাননীৰ সহায়ত জনসাধাৰণক বানপানীৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰা, নহ’লে বানপানীৰ সৈতে সহাৱস্থানৰ বাবে জনসাধাৰণক প্ৰশিক্ষণ প্ৰদান কৰি উপযুক্ত কৰি তোলা।

এইখিনিতে আমি চীন দেশৰ হোৱাংহো নদীৰ কথা ক’ব পাৰোঁ। এসময়ত চীনৰ চকুলো “হোৱাংহো’ৰূপে বিখ্যাত নদীখন আজি চীন দেশৰ সমৃদ্ধিৰ প্ৰধান বাহক হৈ পৰিছে। দেশখনৰ ৫০ শতাংশ খাদ্যশস্যৰ উৎপাদনস্থলী আজি এই হোৱাংহো উপত্যকা। এই অসম্ভৱক সম্ভৱ কৰিবলৈ সেই দেশে ১৯৪৯ চনতে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতত ল’লে। “ইয়েল্ল" লিভাৰ কনজাৰভেন্সী কমিছন" গঠন কৰি সেই দেশৰ চৰকাৰে নদীখনৰ এক শুদ্ধ আৰু উচিত ব্যৱহাৰৰ প্ৰস্তুতি চলালে। পৰিকল্পনা অনুসৰি নদীখনৰ মুঠ ৫,৪৬৪ কিলোমিটাৰ যাত্ৰাপথত মুঠ ৩,১৪৭টা বৃহৎ, মজলীয়া আৰু ক্ষুদ্ৰ নদীবান্ধ প্রকল্প আৰম্ভ কৰা হ’ল। খেতিপথাৰত জনসিঞ্চনৰ বাবে ২৯,০০০টা পাম্পটে বহুওৱা হ’ল। তদুপৰি হোৱাংহোপৰীয়া চহৰসমূহত পানী যোগানৰ বাবে প্ৰকল্প স্থাপন কৰা হ’ল। নদীখনৰ পানী আৰু গেদ নিয়ন্ত্ৰণৰ মুখ্য ভূমিকা ল’লে এই প্রকল্পসমূহেই। কিন্তু হোৱাংহোৰ লগত ব্ৰহ্মপুত্ৰৰ যথেষ্ট পার্থক্য আছে। ব্ৰহ্মপুত্ৰই গতিপথৰ আধাতকৈ বেছি অংশ পাৰ কৰিছে উচ্চভূমিৰ মাজেদি। সম্ভাব্য ক্ষেত্ৰত বান্ধৰ পৰিকল্পনা কৰিলেও অতি ভূমিকম্পপ্রবণ অঞ্চল বাবে এই অংশত বৃহৎ নদীবান্ধৰ ভয়াৱহতা যথেষ্ট বেছি। বর্তমান অৰুণাচলত যিবোৰ বৃহৎ বান্ধ গঢ় লৈ উঠিছে বা নির্মীয়মাণ অৱস্থাত আছে, তাৰ কোনোটোৱেই বহুমুখী প্রকল্প নহয়। জলসিঞ্চন বা পানী যোগানৰ ইয়াত কোনো ব্যৱস্থা নাই। ব্যৱসায়িক ভিত্তিত কেৱল মাত্র জলবিদ্যুৎ উৎপাদনৰ উদ্দেশ্যে নিৰ্মাণ কৰা এই বান্ধসমূহ অসমৰ বাবে বৰ্তমান বিপজ্জনক জলবোমাসদৃশ হৈ পৰিছে। তাতে উপত্যকাটোত একে সময়তে প্ৰায় সকলো ঠাইতে অধিক বৃষ্টিপাত হোৱাৰ বাবে বানপানীৰ সময়ত পথাৰত পানী যোগানৰ প্ৰয়োজন নহয়, খৰাং বতৰৰ বাবে সেই পানী জমা কৰি ৰাখিবলৈও অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জলাধাৰ নির্মাণকার্য একেবাৰেই সম্ভৱ নহয়, কাৰণ এই অংশত ধৰাপৃষ্ঠ ১০০ মিটাৰ গভীৰতালৈকে কোনোধৰণৰ কঠিন শিলাস্তুৰ পোৱা নাযায়। তাতে হোৱাংহো উপত্যকাৰ তুলনাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা তেনেই ঠেক আৰু ভূমি ভাগৰ ঢাল অতি কম। তিনিওফালে উচ্চ ভূমিৰে আগুৰি থকাৰ বাবে যিটো হাৰত পানী উপত্যকাটোত প্ৰৱেশ কৰে, সেইটো হাৰত ওলাই যাব নোৱাৰে। আৰু যি সুফল পাবলৈ চীনৰ ৫০ বছৰ লাগিল, ভাৰত-অসম চৰকাৰে আজিলৈকে তেনে দীর্ঘম্যাদী পৰিকল্পনাৰ ব্যৱস্থাই কৰা নাই। অসমতো ব্ৰহ্মপুত্ৰ ব’ৰ্ড, জলসম্পদ উন্নয়ন বিভাগ আদি চৰকাৰী দপ্তৰ আছে কিন্তু বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি বর্তমানেও সন্দেহজনক। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ সাহায্যৰে অসমৰ চৰকাৰে ব্ৰহ্মপুত্ৰ খননৰ এক পৰিকল্পনা হাতত লৈছে। চৰকাৰৰ মনোভাব যদি ১৯৫০ চনৰ ভূমিকম্পৰ আগলৈকে অসমত বানপানী গৰাখহনীয়াৰ সমস্যা নিয়ন্ত্ৰিত অৱস্থাত আছিল আৰু ভূমিকম্পত নদীতলসমূহ বাম হৈ যোৱাৰ বাবেই যদি আজিৰ এই সমস্যাসমূহৰ সৃষ্টি হৈছে, তেন্তে নদীতল খনন কৰি আগৰ অৱস্থালৈ নিলেই নি:সন্দেহে অসমত বানপানী আৰু গৰাখহনীয়াৰ সমস্যা নির্মল হ'ব। সঁচাকৈয়ে ই এক শলাগিবলগীয়া প্রচেষ্টা। বিশেষজ্ঞসকলৰ অসমত পুত্ৰৰ খননকার্য তেতিয়াহে সফল হ'ব যেতিয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈসমুহে প্রতিদিনে কঢ়িয়াই অনা হাজাৰ হাজাৰ টন গেদ নিয়ন্ত্রণ কৰিব পৰা যাব। অন্যথা আমাৰ সকলো শ্রম পশু কৰি সেই বৃহৎ পৰিমাণৰ গেদে অতি কম সময়তে নদীতল পুনৰ পুতি পেলাব। অতবোৰ অৰ্থৰ অপচয় হ’ব। কাৰণ যোৱা ৬৭ বছৰত পৰিৱেশ যথেষ্ট সলনি হৈছে। স্বাভাৱিক বৃদ্ধিৰ বাবেই হওক বা প্রব্ৰজনৰ বাবেই এই অঞ্চলত জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আগৰ জলাহভূমি বা উন্মুক্ত চৰ-চাপৰিসমূহ বৰ্তমান জনবহুল অঞ্চললৈ পৰিৱৰ্তিত হৈছে। ইফালে, সমগ্ৰ অৰুণাচল প্ৰদেশত নগৰীকৰণ হোৱাৰ বাবে বনাঞ্চল ধ্বংস আৰু পাহাৰ অননকার্য যথেষ্ট বৃদ্ধি পাইছে। ফলত উন্মুক্ত অংশৰে পানী অধিক জোৰেৰে প্ৰবাহিত হোৱাৰ ফলত নদীসমুহত গেদৰ পৰিমাণ বাঢ়িছে, পাহাৰৰ কোমল মাটিয়ে অধিক হাৰত সমভূমি অঞ্চলৰ নদীৰ বক্ষ উপচাই পেলাইছে। তেনেহ’লে আমাৰ উপায় কি? আমি কি সদায়েই বানপানীৰ তাণ্ডৱ লীলাৰ বলি হৈ থাকিব লাগিব! জাপান এখন ভূমিকম্পপ্রবণ দেশ। সেই দেশত গড়ে দিনে তিনিটাকৈ ভূমিকম্প আহে। কিন্তু জাপান পৃথিৱীৰ এখন উন্নত দেশ। উন্নত প্রযুক্তিবিদ্যাৰ সহায়ত জাপানে নিজকে ভূমিকম্পৰ সৈতে সহবাস কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিছে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতো বানপানী হয় ভয়াৱহ বানপানী- আজিৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ যুগত আমি তেনেহ’লে কি কৰা উচিত? অসম ভূমি এৰি কোনোবা আন উচ্চভূমিলৈ চিৰদিনৰ বাবে আঁতৰি যাম নে বানপানীৰ সৈতে সহাৱস্থানৰ পৰিকল্পনা কৰিম। নিশ্চয় আমি তাৰেই পৰিকল্পনা কৰিম। প্রথম অৱস্থাত হাতত থকা অর্থসাহায্যৰে আমি বিভিন্ন উন্নত পদ্ধতিৰে মথাউৰিসমূহ শক্তিশালী কৰিব পাৰোঁ। নদীখনক নিজৰ নিৰ্দিষ্ট গতিপথেৰে; নির্দিষ্ট মানত, নির্দিষ্ট আকাৰ আৰু আকৃতিত বোৱাই ৰখাৰ প্ৰচেষ্টা চলাব পাৰোঁ। এনে কৰিলে নৈখনৰ স্বাভাৱিক গতি, স্বয়ং পৰিশোধন ব্যৱস্থা আৰু সুস্থিৰতা বাঢ়িব বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ কমিব। অসম ভূমিত ব্ৰহ্মপুত্ৰৰ মাজেৰে ২০৫ মিটাৰ বহলকৈ খননকাৰ্যৰ যি পৰিকল্পনা কৰা হৈছে, সি নিশ্চয় নদীখনক স্থিৰতা প্ৰদান কৰিব যদিহে তাৰ আগতে আমি নদীখনৰ উচ্চাংশ আৰু প্ৰধান। উপনদীসমূহৰ গেদৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন হ'ব বহল ভিত্তিত বৃক্ষৰোপণ আৰু ভূমি সংৰক্ষণ ব্যৱস্থা। কিন্তু তাৰবাবে ৰ’বৰ আৰু সময় নাই, বানে ইতিমধ্যে ভয়াৱহ ৰূপ ল’বলৈ আৰম্ভ কৰিলেই, আমি হাতে-কামে বৃক্ষৰোপণত লাগিবৰ হ’ল। তাৰ আগতে আমি বানপানীৰ আগজাননীৰ দ্বাৰা ধনজন ৰক্ষাৰ ব্যৱস্থা ল'ব লাগিব ব্ৰহ্মপুত্ৰৰ আগলি অংশৰ খবৰ পাবলৈ এতিয়া আৰু চুবুৰীয়া চীন দেশৰ মুখলৈ চাই থকাৰ প্ৰয়োজন নাই। নিজ দেশৰ উপগ্রহ তথ্য-প্রযুক্তিৰেই আমি জনসাধাৰণক সম্ভাব্য বানপানীৰ বাবে সচেতন কৰি তুলিব পাৰোঁ। এই দায়িত্ব ৰাজ্যিক দুর্যোগ প্রশমন বিভাগেই যে সুচাৰুৰূপে চলাব পাৰিব, তাত কোনো সন্দেহ নাই। বানপানীৰ সময়ত বানৰ ভয়াৱহতা কমাবলৈ পুৰণি পুখুৰী, বিল, জলাহ ভূমি আদিৰ লগতে মৰাসুঁতিসমূহ সঞ্জীৱ কৰি তুলিব পাৰোঁ। বান নিয়ন্ত্ৰণৰ শেহতীয়া ফলপ্রসু ব্যৱস্থাটো হ’ল প্লাৱন ভূমিৰ মণ্ডলীকৰণ ব্যৱস্থা। এই ব্যৱস্থাৰ সৈতে আছে বানপীড়িত লোকৰ সমস্যাসমূহৰ উচিত সমাধানৰ পথ, ভূমিৰ উচিত ব্যৱহাৰ আৰু বানৰ সৈতে সহাৱস্থানৰ বিভিন্ন কর্মপন্থা। এই ব্যৱস্থাত প্ৰথমতে সমগ্ৰ প্লাৱন ভূমিৰ সীমা নিৰ্ধাৰণ কৰা হয়। ইয়াৰ পিছত বানপানীৰ ভয়াৱহতাৰ অনুপাত, পানীৰ সৰ্বোচ্চ সীমা, প্রতিবছৰত হোৱা বানৰ সংখ্যা, মাটিৰ প্রকাৰ আদিৰ ওপৰত ভিত্তি কৰি সমগ্ৰ প্লাৱন ভূমিখনক কিছুমান মণ্ডলত ভাগ কৰা হয়। যেনে— অতি ভয়াৱহ মণ্ডল, ভয়াৱহ মণ্ডল, মজলীয়া ভয়াৱহ মণ্ডল, কম ভয়াৱহ মণ্ডল আৰু বানমুক্ত মণ্ডল। নদীৰ পাৰৰ জলাহ, এৰাসুঁতি আদিৰে উপচি থকা অংশটো অতি ভয়াৱহ মণ্ডল নদীত পানী বঢ়াৰ লগে লগেই এই অংশতো বান আহে, গতিকে এই অংশ বসবাস বা কৃষি কৰ্মৰ বাবে অনুপযোগী মণ্ডল। ভয়াৱহ মণ্ডলত বানপানীৰ উচ্চ সীমাৰ ওপৰত নিৰ্ভৰ কৰি প্রয়োজনসাপেক্ষে মজবুত চাংঘৰৰ ব্যৱস্থা কৰিব পাৰি (অতীজৰে পৰা অসমৰ নৈপৰীয়া মিচিং-দেউৰীসকলে চাংঘৰত বাস কৰি আহিছে আৰু সমভূমি অঞ্চলতো ভঁৰালসমুহ সদায়েই ওখ চাঙৰ ওপৰত সজা হয়) আৰু পানীত তিষ্টি থাকিব পৰা মৰাপাট, কল আদিৰ খেতি কৰিব পাৰি। তদুপৰি প্ৰতিঘৰ মানুহৰ এখনকৈ নাও থকাটো বাঞ্ছনীয়। মজলীয়া ভয়াৱহ অঞ্চলত পানীৰ উচ্চসীমা অনুসৰি ওখ ভেটিৰ ঘৰ বা চাংঘৰৰ ব্যৱহাৰ বাধ্যতামূলক, সেইদৰে নাও, ধানখেতি বা ৰবি শস্যৰ খেতিয়ে প্রধান্যতা পাব। কম ভয়াৱহ অঞ্চল আৰু বানমুক্ত অঞ্চলসমূহ প্ৰায় সকলো ফালৰ পৰাই নিৰাপদ আৰু বাসোপযোগী। অসমৰ বানপানী ঋতুভিত্তিক। অসমত কেৱল মাত্র বাৰিষাহে বৰষুণ হয়-খৰালি কাল সম্পূৰ্ণ শুকান। সেয়েহে খাৰিফ শস্যৰ খেতি সম্ভৱ হৈ নুঠিলেও তাত ৰবি শস্যৰ খেতি কৰিব পৰা যায়। এইদৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাক বানপানীৰ ভয়াৱহ মণ্ডলত ভাগ কৰি, উচিত পদক্ষেপ ল’লে বানপানীৰ ক্ষয়-ক্ষতি যথেষ্ট হ্রাস পাব। কিন্তু এইধৰণৰ জটিল আৰু কষ্টসাধ্য পদক্ষেপ কাৰ্যকৰীকৰণৰ বাবে আমি মানুহবোৰ সত্যনিষ্ঠ হ’ব লাগিব, নিজৰ মাতৃভূমি, জাতি আৰু সভ্যতা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। চৰকাৰৰ অৰ্থ-সাহায্যৰ উচিত ব্যৱহাৰ হ’ব লাগিব। অন্যথা বিশ্ববাসীৰ ওচৰত আমাৰ এটাই মাত্ৰ পৰিচয় ৰ'বগৈ বানপীড়িত এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত যথেষ্ট অধ্যয়ন হৈছে-হোৱা নাই মাত্ৰ তাৰ ব্যৱহাৰ। অনাগত দিনত অসমৰ ব্ৰহ্মপত্ৰ উপত্যকা উন্নতিৰ জখলাৰে আগুৱাই যাওক, বানপীড়িত লোকৰ হা-হুমুনিয়াহবোৰ কোনোবা অজান দেশত নিদ্ৰামগ্ন হৈ ৰওকগৈ। তিব্বতৰ তুষাৰভূমিৰ পবিত্ৰ পানীৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰ আমাৰ বাবে অভিশাপ নহয় আশীর্বাদ হওক আৰু সকলোৰে কণ্ঠত সঁচা অৰ্থত প্ৰতিধ্বনিত হওক বেজবৰুৱাৰ এফাকি গীত ‘অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল’।

লেখিকা: ড° স্বপ্নালী গগৈ।

সহায়ক গ্ৰন্থপুঞ্জী:

(ক) ড° যোগেন্দ্ৰ নাথ শৰ্মা, অসমৰ নদ-নদী।

(খ) ডুলাল চি. গোস্বামী, ষ্টৰি অব দা ব্ৰহ্মপুত্ৰ।

(গ) অন্যান্য বাতৰিকাকত, আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহ।

3.30303030303
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top