মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকী আৰু ভোগালী বিহু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকী আৰু ভোগালী বিহু

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকী আৰু ভোগালী বিহুৰ বিষয়ে লিখা হৈছে ।

ঢেং কোলোচ – ঢেং কোলোচ। ঢেকীৰ মাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন বাসীন্দা সকলে ‘ঢেং কোলোচ’ বুলি কয়। অৱশ্যে এই ধৰণৰ শব্দৰ ব্যৱহাৰ দিনক দিনে কমি আহিব ধৰিছে। ঢেকীৰ মাত, শিয়ালৰ হোৱা আদি শব্দবোৰৰ লগত চন্দ্ৰ মিলা কিবা এটা মনতে ভাবি ল’লে সেই মাতটোকেই শুনা পোৱা যেন লাগে। তেনেদৰে শুনা পোৱা ‘কুক্-কু-উ-উ…জগবন্ধু ফটাছাতি .. ‘ৰেলৰ উকীটো অৱশ্যে আজিকালি আৰু শুনা পোৱা নাযায়।

কাৰণ ভাপ ইঞ্জীন লুপ্ত হোৱাৰ লগে লগে ৰেলগাড়ীৰ শব্দ আৰু উকীটোও সলনী হ’ল। ঢেকীক নাৰদৰ বাহন বুলি কোৱা হয় কিন্তু তেনেধৰণৰ কাহিনীবোৰ যিহেতু সৰ্বভাৰতীয় পৰ্য্যায়ৰ, সেয়েহে তাৰ বাখ্যা কেৱল অসম বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিত্তিত দিয়া সমীচিন নহ’ব।

মানৱ সভ্যতাৰ সভ্য স্তৰৰ আৰম্ভণিৰ পৰাই খাদ্যৰ বাবে বিভিন্ন মাহ, শস্য আদিবোৰ সৰু টুকুৰা,মিহি বা গুৰি কৰাৰ প্ৰয়োজন আহি পৰিছিল।

লগতে ধান, মাহ আদিবোৰৰ বাকলি গুচাবৰ বাবেও সঁজুলীৰ প্ৰয়োজন হৈছিল। তেনেধৰণৰ প্ৰয়োজনবোৰ পুৰাবৰ বাবেই বহু প্ৰাচীন কালতেই উৰাল জাতীয় সঁজুলীৰ আৱিস্কাৰ হৈছিল। শ্ৰীকৃষ্ণৰ বৃত্তান্তটো উৰালৰ উল্লেখ আছে।

ঐতিহাসীকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলটো উৰালৰ ব্যৱহাৰ বহু পুৰণী আৰু বৰ্তমানেও আছে। ঢেকী হৈছে উৰালৰ নিচিনা একেধৰণৰ কাম কৰিবৰ বাবে সৃষ্টি কৰা উৰালতকৈ পৃথক অথচ সহজ উপায়েৰে কাম সম্পন্ন কৰিব পৰা সঁজুলি।

কৃষিৰ লগত ঢেকীৰ ওত: পোত সমন্ধ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঢেকীৰ নিচিনাকৈ পৃথিবীৰ আন কোনো ঠাইত ইয়াক ইমান বহুলভাৱে ব্যৱহাৰ কৰা নহয়। ই ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ এক উল্লেখযোগ্য উপাদান। ঢেকী এই উপত্যকাটোৰ প্ৰাচীন বাসিন্দা সকলৰ অৱদান।

ই এই সভ্যতাটোৰ সমাজ জীৱনৰো এক অংগ। ঢেকীক লৈ বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰাৰে এই অঞ্চলৰ লোকজীৱন জড়িত হৈ আছে।

ঢেকীৰ মূল অংগবোৰ হৈছে –

  • থোৰা,
  • গুল,
  • খুবলী,
  • ঢেকী ডাং,
  • কটৰা,
  • কটৰা মাৰি বা আসল শলা আদি।

ইয়াৰ উপৰিও ঢেকীৰ লগত বহনি মাৰি থাকে। ঘৰত ঢেকী ৰখা ঠাইটুকুৰাক ঢেকীশাল বোলে। ঢেকীশালতে ঢেকীৰ লগত জড়িত আনুসংগিক বস্তুবোৰ সততে পোৱাকৈ ৰখা হয়। ঢেকীতো সাধাৰণতে নাহৰ কাঠ বা তেনে গধুৰ আৰু দীৰ্ঘমাদি গছৰ কাঠৰ পৰা তৈয়াৰ কৰা হয়।

ঢেকীৰ ডাঙৰ দিশটোক ‘ঢেকী মূৰ’ আৰু সৰু দিশটোক ‘ঢেকী নেজ’ বোলা হয়। নেজৰ অংশ ভৰিৰে ঢেকী দিবৰ বাবে সামান্য চেপেতাকৈ তৈয়াৰ কৰা হয়। থোৰাটো ঢেকীৰ মূৰৰ ফালে থাকে। ঢেকী পাতোতে এশাৰি প্ৰৱচন মানি চলা হয়। সেয়া হ’ল – ‘ ডেৰ, দুই, চাৰেতিনি, ঢেকী পাতিবা মনে জানি’।

ই ঢেকীটোৰ ভাৰসাম্য ৰাখিবৰ বাবে সম্পূৰ্ণ বিজ্ঞানসন্মত। থোৰাটো বনাবলৈও অতি উন্নত মানদণ্ডৰ কাঠহে ব্যৱহাৰ কৰা হয়। কিয়নো এনে নহলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। সেয়ে ‘অচিন কাঠৰ থোৰা নলগাবা’ বুলিও বহল অৰ্থবহ প্ৰৱচন আছে।

ঢেকী থোৰাৰ আগ অংশত ধাতুৰ ‘গুল্’ লগোৱা হয়। খুবলীটো ঢেকীৰ মাতিত পুতি ৰখা অংশ যি ঢেকীটোৰ মূল অংশৰ লগত প্ৰতক্ষ্য ভাৱে সযুক্ত হৈ নাথাকে। খুবলীটো সাধাৰণতে ডাঙৰ আকাৰৰ কাঠৰ মাজ অংশত খোল দি তৈয়াৰ কৰা হয়।

খুবলীটো প্ৰথমে মাটিত গাত খান্দি পুতি দিয়া হয় যাতে মাতিৰ সমান্তৰালকৈ ইয়াৰ ওপৰ পৃষ্ঠটো থাকে। বহু ঠাইত শিলৰ খুবলিও ব্যৱহাৰ কৰা হয়। এনেকুৱা বহুবছৰ পূৰণী খুবলী সংৰক্ষণ কৰাৰো প্ৰয়োজন আছে। খুবলীটোতে ধান, মাহ, চাউল অথবা অন্যান্য ঢেকীত খুণ্ডিব বা বানিব লগা বস্তুবোৰ দি লোৱা হয়।

খুবলীৰ কাষৰ পৰা মাটি বা বালি বস্তুবোৰত মিহলি নহ’বৰ বাবে ডলা বা কুলা এখনৰ মাজত বৃত্তাকাৰে কাটি লৈ খুবলীৰ ওপৰত পাৰি দিয়া হয়। ঢেকী ডাং বাঁহেৰে তৈয়াৰ হয়। ইয়াক প্ৰয়োজনত ঢেকীতো খুবলীত নপৰাকৈ মূৰৰ ফালে ডাঙি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়।

ঢেকীত বনা বা খুণ্ডা বস্তুবোৰ চালিবৰ সময়ত ঢেকীৰ মূৰৰ ফালে ডাং লগাই দি সেইবোৰ খুবলীৰ পৰা উলিওৱা হয়। ঢেকীৰ মূৰৰ ফালৰ অংশটো ডাঙিব পৰাকৈ নেজৰ ফালে ভৰি ৰখা ঠাইৰ পৰা কিছু আগত কটৰা পোতা হয়।

কটৰা ইংৰাজী ‘H’ আখৰৰ আৰ্হিত তৈয়াৰ কৰা হয় আৰু তলৰ অংশটো মাটিত পুতি ৰখা হয়। এনেকুৱা দুটা কতৰা ঢেকীটোৰ দুয়োফালে পুতি কটৰা দুটাৰ মাজত কটৰামাৰি সোমাই থাকিব পৰাকৈ ব্যৱস্থা কৰা হয়।

কটৰা মাৰিডাল থোৰাৰ ১৮০ ডিগ্ৰী কোণ কৰি লগোৱা হয়। কটৰাত ঢেকীটো স্থায়ীভাৱে সংযুক্ত কৰি ৰখা নহয়। বহনি মাৰি হৈছে খাগৰি, বাঁহৰ শকত অচৰা অথবা আগঁবাহৰ পৰা তৈয়াৰ কৰা এক দণ্ড।

ইয়াৰ আগটোত পৰিস্কাৰ কাপোৰৰ এটা টোপোলা সুন্দৰকৈ বান্ধি লোৱা হয়। বহনি মাৰিৰ কাম হৈছে ঢেকী দি থাকোতেই নেজৰ ফালৰ পৰা ইয়াৰ সহায়ত খুবলিৰ পৰা আঁতৰি যোৱা বস্তুখিনি চপাই থকা।

পুৰঠ আৰু দীঘল ইকৰাৰ পৰা উত্কৃষ্ট মানৰ বহনি মাৰি তৈয়াৰ কৰিব পাৰি। বহনি মাৰিদাল ঢেকীশালৰ বেৰত ওলোমাই ৰখা হয়।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীয়ৰী বোৱাৰী প্ৰায়সকলেই ঢেকী দিয়াত নিপুণ। ঢেকীৰ গুমগুমনি শব্দৰ লগত সভ্যতাটোৰ আৱেগ অনুভুতি জড়িত হৈ আছে।

‘ঢেকী দে ঢেকী দে অ’ মোৰে লাহৰী, ঢেকীৰে চাবতে কঁপাই তোল চুবুৰি .. ‘ৰ নিচিনা বহু বিহুগীত আধুনিক যুগতো সৃষ্টি হৈছে। ইয়াৰ উপৰিও ঢেকীৰ লগত বহুতো পুৰণী লোকবিশ্বাস আৰু পৰম্পৰা সাঙোৰ খাই আছে।

যেনে খৰাং বতৰত বৰষুন আহিবৰ বাবে পথাৰৰ মাজত বা তেনে কোনো মূকলী ঠাইত ঢেকী এটা ওলোটাকৈ পুতি ৰাখিলে বৰষুন আহে বুলি খেতিয়কৰ বিশ্বাস। ঢেকী দিওঁতে শৰীৰৰ ভাৰসাম্য ধৰি ৰাখিবৰ বাবে হাতেৰে ধৰি ল’ব পৰাকৈ জৰী এডাল ঢেকীনেজৰ ওপৰত ওলোমাই বান্ধি ৰখা হয়। ইয়াক ঢেকীজৰী বোলে।

ঢেকীত ধান বনা, পিঠাগুড়ী, সান্দহগুড়ী, চিৰা খুণ্ডা আদিবোৰ কৰা হয়। ইয়াৰ উপৰিও মাহজাতীয় শস্যৰ বাকলি গুচোৱা, হালধী খুণ্ডা আদি কামবোৰো কৰা হয়। অসমীয়াৰ আত্মপৰিচয়ৰ অন্যতম উপাদান বিভিন্ন প্ৰকাৰৰ পিঠাসমূহ ঢেকীত খুণ্ডা পিঠাগুড়ীৰ পৰাই তৈয়াৰ কৰা হয়।

বিহুৰ কিছুদিন আগৰে পৰা অসমীয়া গ্ৰাম্য সমাজত ঢেকীৰ মাতেই বিহুক আদৰণি জনায়। বৰ্তমান সমাজত ঢেকীত খুণ্ডা চাউল আৰু চিৰাৰ ব্যৱহাৰ সীমিত হৈ আহিছে। ঢেকীৰ ঠাই বিভিন্ন ধৰণৰ যন্ত্ৰই অধিকাৰ কৰিছে। তথাপি ঢেকীৰ এক সুকীয়া বৈশিষ্ট্য আছে।

আধুনিক যান্ত্ৰিক যুগত ঢেকীৰ ব্যৱহাৰ কমি আহিছে আৰু ইয়াৰ সামান্তৰালভাৱেই ইয়াৰ লগত জড়িত থকা বিশ্বাস আৰু পৰম্পৰাবোৰৰো গুৰুত্ব কমি আহিছে।

সেয়া যিয়েই নহওক ঢেকীৰ লগত আমাৰ এক বুজাব নোৱাৰা সম্পৰ্ক আছে আৰু ঢেকীক বিশ্বদৰবাৰত চিনাকী কৰি দিয়াৰ প্ৰয়োজনো আছে।

লুপ্ত হৈ যাব ধৰা ঢেকী আৰু ইয়াৰ আনুসংগীক পৰম্পৰাবোৰেও যে আমাৰ সামজিক সাংস্কৃতিক পৰিচয় বহন কৰাত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে সেয়া আমি কেতিয়াও পাহৰি যোৱা উচিত নহ’ব। ঢেকী হৈ ৰঁওক আমাৰ সভ্যতাৰ এক চিৰযুগমীয়া অংগ।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভোগালী বিহু -

অতি প্ৰাচীন কালৰে পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন বাসিন্দাসকলে কৃষিভিত্তিক উৎসৱ তিনিটা বিহু পালন কৰি আহিছে।

ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু এই উপত্যকাৰ বাসিন্দা সকলৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু আত্মপৰিচয়ৰ প্ৰধান অংগ।

ইয়াৰ ভিতৰত কাতি বিহু আটাইতকৈ পুৰণি বিহু। কাতি মাহৰ পিছত কৃষিজীৱি লোকৰ ব্যস্ততা বাঢ়ে। কাৰণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান খেতি হৈছে ধানখেতি।

আঘোন আৰু পুহ মাহ হৈছে ধান চপোৱাৰ মাহ। চহা কৃষক জীৱনৰ অশেষ কষ্টৰ বিনিময়ত পৈনত হোৱা ধান চপোৱাৰ সময়ৰ পৰাই মনত অলেখ উছাহৰ সৃষ্টি হয়।

ধান চপোৱাৰ সময়খিনি হৈছে এই উপত্যকাৰ খেতিয়কৰ আনন্দ উলাহৰ সময়। এই সময়খিনিতে খেতিয়কৰ ভঁৰাল পূৰ্ণ হয় আৰু ইয়াৰ সমান্তৰালকৈ দৈনন্দিন জীৱনৰ অভাৱ পুৰাব পৰাকৈও কৃষিজীৱি লোকসকল সক্ষম হয়। এনেহেন সুখৰ দিনত চহাজীৱনৰ কৃষিৰ লগত জড়িত উৎসৱ হৈছে মাঘ বিহু বা ভোগালী বিহু।

মাঘবিহু পুহ আৰু মাঘ মাহৰ দোমাহীৰ দিনা পালন কৰা হয়। মাঘবিহু মূলত খাদ্য সম্ভাৰৰ বিহু। বিহুৰ প্ৰায় দহ দিনমানৰ আগৰে পৰাই গাঁৱৰ সকলো দিশে কেৱল ঢেঁকীৰ গুমগুমনি শুনা যায়। চিৰা, সান্দহ, মুড়ি, হুৰুম, ভজাচাউল, চুঙাচাউল আদিবোৰ তৈয়াৰ কৰাৰ বাবে সকলো জীয়ৰি বোৱাৰী ব্যস্ত হৈ পৰে।

মৌসৰা ধানৰ(বিভিন্ন মিহলি ধান) চাউলৰ পৰা সাধাৰণতে চুঙা পিঠা তৈয়াৰ কৰা হয়। চুঙা পিঠা তৈয়াৰ কৰা পদ্ধতিটো বিশ্বৰ বিভিন্ন ব্যতিক্ৰমী খাদ্য প্ৰস্তুত প্ৰণালী সমুহৰ অন্যতম। এই পদ্ধতিত প্ৰথমে চাউল খুন্দি পিঠাগুড়ি প্ৰস্তুত কৰি লোৱা হয়।

পিঠাগুড়ি খিনি চকলিয়াই লোৱা গুড় আৰু পানীৰে সানি কেঁচা, কুমলীয়া জাতি বাঁহৰ চুঙাত ভালকৈ খুন্দি খুন্দি ভৰোৱা হয়। তাৰপিছত চুঙাৰ সন্মুখৰ ফালে কলপাতৰ সোপা দি চুঙাবোৰ জুইত ওপৰ তল সম্পূৰ্ণকৈ ভালদৰে পোৰা হয়।

পিছত ঠাণ্ডা হ’লে চুঙাবোৰ ফালি পিঠা টুকুৰা টুকুৰ কৰি পৰিবেশন কৰা হয়। চুঙাপিঠাৰ উপৰিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাসিন্দাসকলে তৈয়াৰ কৰা আন কিছুমান উল্লেখযোগ্য পিঠা হ’ল –

  • তিল পিঠা,
  • ফেণী পিঠা,
  • সুতুলী পিঠা,
  • খোলা চাপৰিয়া পিঠা,
  • টেকেলী মুখৰ পিঠা,
  • ধোপ পিঠা বা ফুলা পিঠা,
  • জেং পিঠা,
  • পানী পিঠা বা দুখীয়া পিঠা,
  • তেল পিঠা বা ঘিলা পিঠা।

ইয়াৰ উপৰিও মুড়ি লাৰু, তিলৰ লাৰু, নাৰিকলৰ লাৰু, সান্দহৰ লাৰু আদি বিভিন্ন প্ৰকাৰৰ জা-জলপান যোগাৰ কৰি ভোগালী বিহু উদযাপন কৰা হয়। ভোগালী বিহুৰ উৰুকাৰ দিনটো বিশেষ তাত্পৰ্যপূৰ্ণ।

গাঁৱৰ, চুবুৰিৰ লোকসকলে লগলাগি সেইদিনা ভেলাঘৰ, মেজিঘৰ আৰু মেজি সাজে। এই প্ৰক্ৰিয়াৰ বাবে প্ৰ্যয়োজনীয় খৰি-খেৰ কেইবাদিনৰ আগৰে পৰা যোগাৰ কৰা হয়। গঁঞা ৰাইজে মিলি বাঁহ খেৰেৰে ভেলাঘৰ সাজে।

এই ভেলাঘৰৰ ভিতৰতে ৰাতিলৈ সকলোৱে উৰুকাৰ ভোজ খায়। সকলোৰে সহযোগত মেজি তৈয়াৰ কৰে। বহুক্ষেত্ৰত দুটা মেজি তৈয়াৰ কৰা হয়। এটা উৰুকাৰ নিশা জ্বলাই আৰু আনটো বিহুৰ দিনা ৰাতিপুৱা জ্বলোৱা হয়। উৰুকাৰ নিশা আয়োজন কৰা ভোজ সকলোৱে অতি ৰং ৰহইচ কৰি উপভোগ কৰে।

ইয়াত মাছ, মঙহ, শাক-পাচলি আৰু বিভিন্ন ধৰণৰ থলুৱা ব্যঞ্জন উভৈনদীকৈ যোগাৰ কৰা হয়। উৰুকাৰ নিশাৰ লগত জড়িত এটি অতি আমোদজনক পৰম্পৰা হৈছে চুৰ কৰা। এই পৰম্পৰা কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হয় তাৰ কোনো নিদিষ্ট তথ্য পোৱা নাযায়। হয়তো ই কেৱল মনোৰঞ্জন বা ধেমালীৰ বাবেই আৰম্ভ এই পৰম্পৰা।

কিন্তু পাছলৈ বহু ক্ষেত্ৰত এই পৰম্পৰাৰ ঋণাত্মক প্ৰভাৱ দেখা গ’ল আৰু বৰ্তমান পৰিস্থিতিত এই পৰম্পৰাৰ বিৰোধিতাৰ প্ৰয়োজন আহি পৰিল। এই পৰম্পৰা অনুসৰি ডেকাসকলে এঘৰৰ পৰা ঢেকী বা অন্য তেনে সামগ্ৰী চুৰ কৰি আনি অন্য এঘৰত ৰাখি ৰং চায়।

তেনেদৰে কোনো লোকৰ জেওৰা জপনা চুৰ কৰি আনি ভেলাঘৰৰ দাঁতিত জ্বলাই আনন্দ কৰে। ঠিক তেনেদৰে হাঁহ, পাৰ আদিও চুৰ কৰি আনি উৰুকাৰ ভোজৰ অংশ কৰা হয়।

কিন্তু এই ধৰণৰ পৰম্পৰা প্ৰকৃত বিহু পৰম্পৰা নহয়। ই উৰুকাৰ আনুসংগীক বিষয়হে যিটো আজিৰ পৰিস্থিতিত গ্ৰহনযোগ্য নহয়। উৰুকাৰ নিশাই গৃহিনীসকলে পিঠা পনা তৈয়াৰ কৰা কাৰ্য্যৰ বাকী থকা অংশবোৰ সম্পূৰ্ণ কৰে।

ঘৰ দুৱাৰ সেইদিনাই পৰিষ্কাৰ কৰি সুন্দৰকৈ মচি ৰখা হয়। উৰুকাৰ পিছৰ দিনটোত অৰ্থাৎ মাঘ বিহুৰ দিনা দোকমোকালী পূৱাৰ পৰাই বিহুৰ পৰম্পৰা আৰম্ভ হয়।

সেইদিনা ঠিক সম্পূৰ্ণ পোহৰ নৌ হঁওতেই ‘মাঘ বন্ধা’ হয়। মাঘ বন্ধা হৈছে এন এক প্ৰক্ৰিয়া য’ত ঘৰৰ গৃহস্থই ধানখেৰ পকাই পকাই ৰছিৰ নিচিনা কৰি লয় আৰু বিভিন্ন প্ৰকাৰৰ গছত ফল মূল বৃদ্ধি হ’বলৈ কামনা কৰি গছজোপাত সেইবোৰ বান্ধে। মাঘ বান্ধোতে ‘মাঘ ঐ মাঘ, কঠাল ভৰি ভৰি লাগ’ , ‘মাঘ ঐ মাঘ, আম ভৰি ভৰি লাগ’ … এইদৰে গাই গাই গছবোৰত বন্ধা হয়।

গছত মাঘ বন্ধাৰ উপৰিও ঢেঁকী, ভঁৰাল, ঘৰৰ মূল খুটা, গোহালী আদিটো মাঘ বন্ধা হয়। ই পৃথিবীৰ আচৰ্য্যকৰ পৰম্পৰা সমূহৰ ভিতৰত এটা। এনে কৰিলে লাগনি গছ অথবা ঘৰৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস আছে। ইয়াৰ পাছত দোকমোকালী পুৱাতে মেজি জ্বলোৱা পৰ্ব সমাপন কৰা হয়। সকলোৱে গা ধুইহে মেজিৰ ওচৰলৈ যোৱাটো নিয়ম। মেজি জ্বলোৱৰ সময়ত এযোৰ তামোল পান অগ্নি দেৱতালৈ আগবঢ়াই লোৱা হয়।

ইয়াৰ উপৰিও গৃহিনীসকলে প্ৰস্তুত কৰা পিঠা পনাও মেজিলৈ আগ বঢ়োৱা হয়। ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৱে মেজিৰ উত্তাপ লয় আৰু জেষ্ঠ্যজনক সেৱা জনাই সন্মান কৰে। মেজিৰ জুইৰ ওচৰতে পিঠা পনা, জা জলপান খোৱা হয় ; লগতে কাঠ আলু, ৰঙা আলু, মোৱা আলু সিজাই আৰু পুৰি খোৱা হয়।

মাঘ বিহুৰ লগত সংগতি ৰাখি বিভিন্ন অঞ্চলত ভিন ভিন খেল ধেমালীৰো আয়োজন কৰা হয়। মনোৰঞ্জনৰ অনুষ্ঠান আৰু পৰম্পৰা হিচাপে কিছুমান বিশেষ ঠাইত সেইদিনা বুলবুলি চৰাইৰ যুঁজ, শেন যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, ম’হ যুঁজ আদি অনুষ্ঠিত কৰা হয়। পৰম্পৰা হিচাপে পালন কৰা এই অনুষ্ঠানবোৰ সাম্প্ৰতিক পৰিস্থিতিত বহুক্ষেত্ৰত বিতৰ্কৰ সন্মুখীন হোৱা দেখা যায়। এনে বিতৰ্কৰ প্ৰাসংগিকতাও নুই কৰিব নোৱাৰী।

মাঘ বিহুৰ উপলক্ষে নামঘৰটো নাম কীৰ্তন কৰা হয়। মাঘ বিহু মূলত বিভিন্ন খাদ্য সম্ভাৰ যোগাৰ কৰি, সেইবোৰ খাই ৰং ধেমালী কৰি উদযাপন কৰা উত্সৱ। কৃষকৰ ঘৰ, বাৰী, ভঁৰাল সকলো এই সময়ত ভৰি থাকে বাবে সকলো খাদ্যৰ যোগাৰ উভৈনদীকৈ কৰা হয়।

প্ৰকৃত অৰ্থত খেতি চপোৱাৰ পাছত খাদ্য সম্ভাৰৰ যুতি সকলো মিলি লোৱাটোৱেই হৈছে মাঘ বিহুৰ অন্যতম উদ্দেশ্য। মাঘ বিহু বা ভোগালী বিহুৰ ঐতিহ্য পৰম্পৰাবোৰ চিৰযুগমীয়া কৰি ৰখাৰ লগতে মাঘ বিহুক কেৱল ভোগালী বিহু কৰি ৰখাৰো প্ৰয়োজন আহি পৰিছে।

কাৰণ বিভিন্ন দিশৰ পৰা অহা অপসংস্কৃতিয়ে সভ্যতা সংস্কৃতিয়ে ভোগালী বিহুকো বহুক্ষেত্ৰত ৰঙালী বিহু কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

ই সংস্কৃতিৰ বাবে অশনি সংকেট। দুটা ভিন ভিন বিহুক একাকাৰ কৰিলে আমি স্বক্ৰিয়তা আৰু আত্মপৰিচয় হেৰুৱাৰ দিশত এখোজ আগুৱাই যোৱা হ’ব। মাঘ বিহু বা ভোগালী বিহু ভোগৰ উত্সৱ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে সমগ্ৰ বিশ্ববাসীৰ চকুত জিলিকি থাকক।

লেখক: বিজু সেনাপতি

উৎস: সাহিত্য.অৰ্গ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top