অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰপেটা কীৰ্তন ঘৰ

বৰপেটা কীৰ্তন ঘৰ স্থাপন কৰে ১৫৮৫ চনত । ইয়াৰ আগতে বৰপেটাৰ নাম আছিল তাতি কুছি । মহাপুৰুষ মাধৱদেৱে গনক কুছিৰ পৰা

চমু বিৱৰণ

বৰপেটা কীৰ্তন ঘৰ স্থাপন কৰে ১৫৮৫ চনত । ইয়াৰ আগতে বৰপেটাৰ নাম আছিল তাতি কুছি । মহাপুৰুষ মাধৱদেৱে গনক কুছিৰ পৰা শংকৰদেৱ বেহাৰলৈ যোৱাৰ পাছত সুন্দৰীদিয়ালৈ যায় তাৰ পাছত তাতি কুছিলৈ আহি ৰাম লাডুৱা বুঢ়াৰ চোমনি খনতেই বৰপেটাৰ কীৰ্তন ঘৰৰ আৰম্ভণি কৰে ।

আদিকথা

১৫৮৭ চনত ৰাঙলিয়াল ঘৰ নিৰ্মাণ কৰাই ভাওনা ঝুমুৰা চালি নৃত্য আদিৰ বিকাশ ঘটাই । ১৫৯০ চনত অসুৰাৰি ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মনে মাধৱ দেৱৰ লগত তৰ্কত পৰাজিত হৈ বিজয়নগৰ বৰ্তমান সৰভোগত শাসনকৰ্তা চিলাৰাই পুত্ৰ ৰঘুদেৱক ক’লে যে ” বাউসীত এজন মহাজন আছে । নাম মাধৱ । সোন ৰূপেৰে ঘৰ কৰি যুৱতী স্ত্ৰী নচুৱাই সভাতে সাবটি লয় । ব্ৰাহ্মনক নামানে , ভাগৱত নামানে ….. তোমাৰ দেশত এনে অধৰ্মী অনাচাৰী হ’লে ৰজাৰ চত্ৰভংগ হয় , প্ৰজা ক্ষয় হয় , দুৰ্ভিক্ষ হয় ।”

তাৰ পিছত ৰজাই সুৰানন্দ ভাণ্ডাৰী বৰুৱা আৰু ৰূপাবৰ লস্কৰক মাধৱক ধৰিবলৈ পাচিলে । সুৰানন্দই হাজোলৈ যোৱা অজোহাত দেখুৱাই তন্ন তন্ন কৈ সকলো চালে আনকি পুৰুষে নাটৰ বাবে বক্ষ পৰিধাৰন কৰা কাঠৰ বক্ষও টিপি মেলি চাই মাধৱক বন্দী কৰে । যেতিয়াই হাতত গামোছাৰে বান্ধিবলৈ আগবাঢ়ি আহিল তেতিয়া ভকত সকলে কাকুতি মিনতি কৰিলে । সুৰানন্দই হাতকেৰিয়া নলগাবলৈ ৰূপ হাজাৰ টকা বিছাৰিলে । অৱশেষত বিছাৰি খোছাৰি তিনিশ টকা সংগ্ৰহ কৰি সুৰানন্দক যাচি হাতকেৰিয়া লগোৱাৰ পৰা বচাই লৈ ৰজাৰ ওচৰত নিলে । ৰজাই বিচাৰ কৰি মাধৱক নিৰ্দোষী বুলি মানি সসন্মানে এৰি দিলে । সেয়া আছিল ১৫৯১ চন । ঘুৰি অহাৰ পিচত মহাপুৰুষ মাধৱদেৱে মনৰ দুখত ন দিন বৰপেটা কীৰ্তন ঘৰত থাকি ভনীয়েকৰ অনুৰোধত সুন্দৰী দিয়া লৈ গুছি আহে তাত কিছু দিন থাকি আকৌ ৰজাক এটা পৱিত্ৰ স্থান বিছাৰি অনুৰোধ কৰিলে । ব্ৰাহ্মন সকলে তেওক গকুলত যাবলৈ কোৱাত তেওঁ পিছত আলোচনা কৰি হাজোলৈ যায় , তাত কিছুদিন থাকি বেহাৰলৈ যায়গৈ ।

তাৰ আগতেও গুৰুজনাই গনককুছিত থাকোতে গুৰুপত্নী কালিন্দী আই পাটবাউসীত থাকোতে মাধৱদেৱে খবৰ খাতি লৈ থকা বাবে বহু ৰটনা ৰটাত মাধৱদেৱে সুন্দৰীদিয়ালৈ গমন কৰিছিল । ইয়াৰ পাছৰে পৰা এনে ৰটনা আঁতৰাবলৈ মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰে, ই কোনো লিংগ বৈষম্য নহয় , কাৰন গুৰুজনাই কৈছে ” পুৰুষ প্ৰকৃতি হৈব একমতি , তেবেহে ৰহিব হৰিত ভকতি।” দ্ৰষ্টব্য এই যে কীৰ্তন ঘৰৰ আয়তন বৃন্দাবনী বস্ত্ৰৰ সমান , দীঘলে এশ বিশ হাত পুতলে ষাঠি হাত ।

উৎস:- সন্ধান ই-আলোচনী

3.14583333333
মুকুল দাস May 18, 2019 08:52 PM

কথাতু হ'ল নামঘৰ আৰু কীৰ্তন ঘৰৰ পাৰ্থক্য বিচাৰি নাপালো,,ভালকৈ জনালে ভালপাম

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top