অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰপেটা সত্ৰৰ পচতি

বৰপেটা সত্ৰৰ পচতি

বৰপেটা সত্ৰৰ পচতি স্বকীয় ঐতিহ্য-গৰিমাৰে মহিমামণ্ডিত বৰপেটা সত্ৰই প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে তিনি ৰাজ্যৰ বন্দনীয় থান ৰুপে ভক্তগনৰ মন আকৰ্ষণ কৰি আহিছে। অক্ষয় বন্তিৰ আলোকেৰে সমুজ্জ্বল বৰপেটা সত্ৰত তিথি-নক্ষত্ৰ অনুযায়ী প্ৰতি বছৰে বিভিন্ন উতসৱ-মহোতসৱ পালন কৰা হয়। বৰপেটা সত্ৰত উদ্‌যাপিত তিথি-মহোতসৱৰ ভিতৰত ‘পচতি’ আইসকলৰ মাজত পালিত এটা আকৰ্ষণীয় আৰু সুকীয়া উতসৱ।

পুত্ৰ সন্তানৰ জন্মৰ পঞ্চম্ন দিনা প্ৰসূতিয়ে গা ধোৱে আৰু সেইদিনা দৈৱজ্ঞ(গণক) মাতি আনি পুত্ৰ সন্তানৰ নামাকৰণৰ কগতে গণনা কৰা নিয়ম। এই নিয়ম অনুসৰি ভাদ মাহৰ কৃষ্ণা অষ্টমীত শ্ৰীকৃষ্ণৰ জন্ম হোৱা বাবে দ্বাদশী তিথিত পচতি উতসৱ পালনকৰিব লাগে, কিন্তু বৃদ্ধ বয়সত পুত্ৰ লাভ কৰা নন্দই কংসৰজাৰ ভয়ত শ্ৰীকৃষ্ণৰ পচতি উতসৱ পলমকৈ পাতে। সেই আৰ্হিত আজিও কাতি মাহৰ কৃষ্ণা একাদশীৰ দিনাখন পচতি উতসৱৰ আয়োজন কৰা প্ৰথা চলি আছে।

অসমৰ লোক-সমাজত পূৰ্বৰপৰাই প্ৰচলিত হৈ অহা ‘পচতি’ পৰৱৰ্তি সময়ত শ্ৰীকৃষ্ণৰ জন্মৰ লগত স্ংম্পৃত হৈ পৰে আৰু কল্যাণ কামনাৰে আয়োজন কৰা এই অনুষ্ঠান উতসৱ হিচাপে অসমৰ বিভিন্ন সত্ৰত উদ্‌যাপন কৰিবলৈ লোৱা হয়। সহজ ভাষাত ক’বলৈ গ’লে কৃষ্ণ জন্মৰ পিছত পালন কৰা উত্সৱেই ‘পচতি’ ৰুপে জনাজাত হৈ পৰে। সেয়ে ‘পচতি উতসৱ’ গোপনীয়ভাৱে পালন কৰাৰ পৰম্পৰা আজিও কোনো কোনো সত্ৰত প্ৰচলিত। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনাখন ল’ৰাসকলে আনন্দত নন্দোতসৱৰ পেঁকযাত্ৰা(বোকা ভাওনা) কৰাৰ লগতে পঁইষষ্ঠি দিনত আইসকলে বৰপেটা সত্ৰত ‘পচতি’উতসৱ পালন কৰে। ‘পচতি’ক ‘পাচতি’ বুলিও উল্লেখ কৰা হয়। কোনো কোনো লেখকে ইয়াক যশোদা উতসৱ বুলিও কয়। জীৱন-বৃত্তৰ লগত সম্পৰ্ক থকা পচতি মূলত: লোক উতসৱ যদিও বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি-নীতি, পৰম্পৰাৰে শ্ৰীকৃষ্ণ জন্মৰ লগত পচতি উতসৱক স্ংম্পৃক্ত কৰা হৈছে।

বৰপেটা সত্ৰত বদলা আতা বাদপদ্ম আতাৰ ভিঠিৰ সন্মুখৰ মুকলি ঠাইত ‘পচতি উতসৱ’ উদ্‌যাপন কৰা হয়। এই উতসৱত দৰ্শকৰ ৰুপত থকা আইসকলে কেইপিনে ঘেৰি আনন্দেৰে অনুষ্ঠান উপভোগ কৰা দেখা যায়। একপ্ৰকাৰৰ লোকনাট্য বুলি অভিহিত কৰিব পৰা এই পচতি উতসৱক দুটা ভাগত ভগাব পাৰি- আগ পচতি আৰু পাছ পচতি।

আইসকলৰ মাজত নাট্যাভিনয়ৰ গুণ থকা তিৰোৰাইহে এই উতসৱৰ মূল আকৰ্ষণ ‘দধি মথন’ নাটত অংশগ্ৰহণ কৰা দেখা যায়। আইসকলৰ মাজৰ মূল পাঠকনী বাআন্য এগৰাকীয়ে সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ ‘পচতি’ অনুষ্ঠান সঞ্চালনা কৰে। নন্দ, গৰ্গ ঋষি আদি চৰিত্ৰ ৰুপায়ণ কৰিব লগা আইসকলে আগদিনা উপবাসে থাকিব লাগে। ‘পচতি উতসৱ’ বুলি সাধাৰণতে বিশেষভাৱে ঘোষাগীত পদ আদি গাই গোপীসকলে আনন্দত নৃত্য কৰে।

অসমৰ বিভিন্ন থান সত্ৰত পচতি গোৱা প্ৰথা পৰম্পৰাগতভাৱেই চলি আহিছে। পচতি গোৱা প্ৰথা বিশেষভাৱে নাৰী সমাজ বা আইসকলৰ মাজতে সীমিত বুলিব পাৰি। পচতি গীত গোৱাৰ সমান্তৰাল ভাৱে পুতুনা বধ, গৰ্গ ঋষিৰ আগমন আদিক কেন্দ্ৰ কৰি হাস্যৰস প্ৰধান অভিনয় অনুষ্ঠিত হয়।

বৰপেটা সত্ৰত উদ্‌যাপিত ‘পচতি’ৰ দিনাখন পুৱা আইসকলৰ নিৰ্দিষ্ট স্থান কাঁথিত শৰাই ভাগ পাতি নিত্য প্ৰস্ংগ কৰা হয়। সেই দিনাখন চেনি, নাৰিকল, মিঠৈৰ লাড়ু প্ৰস্তুত কৰাৰ লগতে প্ৰসাদৰ ব্যৱস্থা কৰা হয়। পিছত বেলা হ’লে সমৰণিত প্ৰসাদ বিতৰণ কৰা হয়। পচতিৰ দিনা আইসকলে মুঠ তিনিবাৰ নাম প্ৰস্ংগ কৰে। আইসকলৰ মাজৰে এগৰাকীয়ে নন্দ ৰজাৰ ভাও লোৱাৰ পিছত আন এগৰাকীয়ে গৰ্গ ঋষিৰ ভাৱত অভিনয় কৰে, আন কিছুমানে গোপীৰ ভূমিকা লৈ নন্দ ৰজাৰ ঘৰত জন্মা পুত্ৰ সন্তানৰ আৰতি কৰি কেউপিনে নৰিত্য কৰিবলৈ লয়। বৰপেটা সত্ৰৰ বদলআতা বা পদ্ম আতাৰ ভিঠিত সাতপাক ঘুৰি নৃত্য-গীতেৰে পৰিৱেশ ৰসাল কৰি তোলে। এই পচতিত বিশেষভাৱে জাগৰণৰ এটি গীত গায়। নাম ছন্দ, শৰণ ছন্দৰ লগতে শিশু লীলাৰ ঘোষা কীৰ্তন কৰা হয়। এগৰাকী তিৰোতাই গৰ্গ ঋষিৰ বেশত উপস্থিত হৈ নন্দ ৰজাৰ ঘৰত জন্মা নৱজাতকৰ নামাকৰণ কৰি গণনা কৰিবলৈ ধৰে। গণনাৰ পিছত নানা গীত-পদ পৰিৱেশন কৰে। বিশেষকৈ ‘কৃষ্ণ গোপাল  ‘ আৰু ৰাম পাৰ কৰা   ‘ গীত পদ দুটা গায়। মাজতে কোনো তিৰোতাই পুৰুষৰ পোছাক পিন্ধি নাঙল লৈ হাল বোৱাৰ অভিনয় কৰি আনন্দৰ খোৰাক যোগায়। আকৌ পিছত নাম-প্ৰস্ংগ কৰা হয়। পুতুনা বধৰ লগে লগে ‘শিৱলীলা’ বা ‘দশম’ত থকা পুতুনা ভাধৰ গীত গাই ‘পচতি’ অনুষ্ঠানৰ সামৰণি মাৰে। নৱজাতকৰ অম্ংগল দূৰ কৰি ম্ংগল বিধানৰ অৰ্থে জন্ম-বৃত্তৰ লগত জড়িত এই উতসৱৰ অন্তৰালত দেখা যায় কল্যাণকামিতা। ‘পচতি’ৰ মাজেৰে সাকাৰ হৈ উঠে চিৰন্তন মাতৃৰ পুত্ৰস্নেহ।

শ্ৰীকৃষ্ণা লীলা-গুণ বন্দনাৰে ‘পচতি’ উতসৱ উদ্‌যাপনৰ ক্ষেত্ৰত বৰপেটা সত্ৰৰ আইসকলৰ অৰিহণা কোনোগুণে কম নহয় বুলি ক’ব লাগিব।বৰপেটা সত্ৰৰ ‘পচতি’ আইসকলৰ মাজত এক সূকীয়া ৰুপত পালন কৰি অহা শ্ৰীকৃষ্ণৰ জন্মৰ লগত স্ংম্পৃক্ত এটি জনপ্ৰিয় অনুষ্ঠান- য’ত ক’ব নোৱাৰাকৈয়ে নীৰৱে বৈ আহে ভকতি আৰু আনন্দৰ স্নিগ্ধ ধাৰা। তদুপৰি পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰৰ লগতে বৰতাপা গাঁৱত পচতি উতসৱ পালন কৰা হয়।

লিখক: মন্টুৰাম দাস,দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate