মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বৰপেটা সত্ৰৰ পেঁকযাত্ৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰপেটা সত্ৰৰ পেঁকযাত্ৰা

অনাদি, অনন্ত, অসীম শক্তি স্বৰুপ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সৈতে যুক্ত এটি আনন্দ-উৎসৱ হৈছে নন্দোৎসৱ বোকাযাত্ৰা ভাওনা|

বিৱৰণি

অনাদি, অনন্ত, অসীম শক্তি স্বৰুপ ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সৈতে যুক্ত এটি আনন্দ-উৎসৱ হৈছে নন্দোৎসৱ বোকাযাত্ৰা ভাওনা| শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনাখন পুৰুষ সকলে বোকা ভাওনা নামৰ এই আনন্দ উৎসৱ পালন কৰে| বোকা শব্দৰ অৰ্থ হৈছে পানীৰে মিহলি হৈ কোমলা মাটি|

আভিধানিক অৰ্থ

বোকা ভাওনাৰ আভিধানিক অৰ্থ হ’ল জন্মাষ্টমীৰ দিনা বোকাৰে কৰা ভাওনা বা ধেমালি|

বৰপেটা সত্ৰত ‘পেকঁযাত্ৰা’

শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষত গোকুলত পালন কৰা নন্দোৎসৱক অনুসৰণ কৰি অসমৰ কোনো কোনো সত্ৰ-নামঘৰ বা থানত বোকা ভাওনা কৰাৰ পৰম্পৰা এতিয়াও প্ৰচলিত আছে| অসমৰ বৰপেটা সত্ৰত এই নন্দোৎসৱ বা বোকা ভাওনা বৰ আনন্দেৰে পালন কৰা হয়| নিৰ্মল আনন্দ প্ৰদান কৰি অহা উপভোগ্য-আকৰ্ষণীয় এই উৎসৱক বৰপেটাৰ স্থানীয় লোকে ‘পেকঁযাত্ৰা’ বুলি কয়| বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি-নীতি আৰু বিধিগত ব্যৱস্থাৰে এই উৎসৱ উদ্‌যাপিত হয়| সেইদিনাখন কীৰ্তন ঘৰত পুৱা যথাবিধি অনুযায়ী পুৱাৰ গীত-ভটিমা গাই নাম-প্ৰসংগ কৰা দেখা যায়| পিছত যথানিয়ম অনুসৰি গায়ন বায়নে খোল-বাজনা পৰিৱেশন কৰাৰ অন্তত ভৱানীপুৰীয়া গোপাল আতা বিৰচিত ‘জন্ম যাত্ৰাৰ নন্দোৎসৱ বা বোকা যাত্ৰা’ নাটখন পৰিৱেশন কৰা হয়| তদুপৰি কীৰ্তন ঘৰৰ কাঁথিত বহি আই মাতৃ সকলে গীত পদৰ সুৰেৰে নন্দোৎসৱ তথা পেঁকযাত্ৰাৰ পুৱাটো মুখৰিত কৰি আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে| -‘আহা সখি, আহা বাই নন্দৰ ঘৰে যাওঁ/যশোদাৰ পুত্ৰ হৈছে নয়ন ভৰি চাওঁ|’

‘পেঁকযাত্ৰা’ৰ পৰম্পৰা আৰু ৰীতি-নীতি

বৰপেটাৰ কীৰ্তনঘৰৰ ভিতৰত সত্ৰীয়া ৰীতি-নীতিৰ ব্যৱস্থা অনুসৰি নন্দোৎসৱৰ ক্ৰিয়া-কাৰ্য সম্পন্ন হোৱাৰ পিছতেই কেলিকদম গছৰ তলৰ টুপৰ চোতালত শিশু, চেমনীয়া, চেঙেলীয়া যুৱ ল’ৰাই পেঁকযাত্ৰাত অংশগ্ৰহণ কৰি আনন্দত মতলীয়া হয়| টুপৰ চোতালত নিৰ্দ্দিষ্ট চাৰিসীমাৰ ভিতৰত তেল সানি বোকা-মাটিৰে পিছল কৰি তোলা হয়| তাতে বোকাত লুতুৰি পুতুৰি হৈ ল’ৰাবোৰে সাঁতোৰাৰ নিচিনাকৈ বাগৰা-বাগৰি কৰি এক সুকীয়া আনন্দ লাভ কৰা দেখা যায়| ইজনে-সিজনৰ গাত বোকা (পেঁক) সানি পুলকিত কৰি তোলে নিজৰ দেহ-মন| ইজনে-সিজনক টানি নি বোকাপানীত বগৰাই পৰম আনন্দ লাভ কৰা ‘পেঁকযাত্ৰা’ৰ দৃশ্যই শাওণ-ভাদ মাহৰ হয়তো ক’ব পাৰি পেকযাত্ৰা ভাওনা মূলতঃ আছিল চহা আৰু কৃষিজীৱি মানুহৰ অনুষ্ঠান| ব্ৰজধামত নন্দ ৰজাৰ আনন্দ-উৎসৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াসেৰে বৰপেটা সত্ৰত এনেদৰে ‘পেঁকযাত্ৰা’ৰ পৰম্পৰা চলি আহিছে|

সমাজ জীৱনত বিশেষ ভূমিকা পালন কৰি অহা এই উৎসৱ-পাৰ্বণে মানুহক সংস্কৃতি সম্পন্ন কৰি গঢ়ি তোলাৰ লগতে মানুহৰ মনত সাংস্কৃতিক আধ্যাত্মিক ভাৱধাৰাৰ জন্ম দিয়ে| তদুপৰি ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে সংঘবদ্ধ আৰু সুন্দৰ সমাজ গঢ়াত প্ৰেৰণা যোগাই মানুহৰ জীৱনত এক মধুৰ আত্মীয়তা গঢ়ি তোলাত বিশেষ বৰঙণি যোগায়|

লেখক:-মণ্টুৰাজ দাস

উৎস:-দৈনিক অসম

 

 

 

2.88461538462
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top