অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰপেটাৰ দৌল মহত্ত্ব আৰু ঐতিহ্য :

বৰপেটাৰ দৌল মহত্ত্ব আৰু ঐতিহ্য :

 

ফাগুন-চ’ত মাহ। ধুলিয়ে সেউজত আবিৰ সানে। মদৰুৱা পাতবোৰ সৰিবলৈ লয়। কুঁহিপাতক বাট এৰে। এনে এক সুন্দৰ সময়ত মানুহে পালন কৰে ৰঙৰ উৎসৱ। ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া আবিৰে বতাহ ৰঙীন কৰি তোলে।

ফাকুৱা বৰপেটাৰ এক প্ৰাণৰ উৎসৱ। জীৱনৰ সকলো সুখ-দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ উঠে সকলো।

শ্ৰীমন্ত শংকৰদেৱৰ মহৎ সৃষ্টি চিহ্নযাত্ৰাৰ সমাপ্তিত এই দৌল উৎসৱ গুৰুজনাই শুভাৰম্ভ কৰাৰ লগতে কিছু যুগমীয়া হোলী গীতো ৰচনা কৰিছিল।

‘ৰঙে ফাগু খেলে চৈতন্য বনমালী।

দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰি’।

নামনি অসমৰ বৰপেটা এখন সৃষ্টিশীল ঠাই। মহাপুৰুষ মাধৱদেৱে ১৫০৫ শকাব্দত এই সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষ মাধৱদেৱ গণককুছি সত্ৰত ১৮ বছৰ ৬ মাহ আছিল আৰু বৰপেটাৰ সত্ৰৰ নৃত্য, গীত, ভাওনা ইত্যাদিৰ কামসমুহ বৰপেটাৰ কীৰ্তনঘৰত পৰিচালনা কৰিছিল।

মাধৱদেৱে সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে। বৰপেটাত মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠপুৰীৰুপেও জনা যায়।

দৌল উৎসৱ ৩/৫ দিনলৈ পালন কৰা হয়।ৰোহিণী নক্ষত্ৰৰ অৱস্থানমৰ্মে প্ৰতি বছৰে দৌল কেই দিনৰ বাবে হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়। এই বছৰ দৌল ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব।

তিনিদিনীয়া দৌলক বুঢ়া দৌল (চ’ত মাহ) আৰু চাৰি/ পাঁচদিনীয়া দৌলক ডেকা দৌল (ফাগুন মাহ) বোলা হয়। চাৰি/ পাঁচদিনীয়া দৌল উৎসৱ ফাগুন মাহৰ পুৰ্ণিমাত আৰু তিনিদিনীয়া দৌল উৎসৱ চ’ত মাহৰ পুৰ্ণিমাত অনুষ্ঠিত হয়। দৌল উৎসৱৰ প্ৰথম দিনাখনক কোৱা হয় গন্ধোৎসৱ বা গন্ধযাত্ৰা।

দ্বিতীয় দিনাখনক ভৰদৌল আৰু তৃতীয় দিনাখনক-ফাকুৱা , সুৱেৰি বোলা হয়। এই ক্ষেত্ৰত এটা কথা উল্লেখনীয় যে দৌল যদি পাঁচদিনীয়া হয়, তেতিয়া ভৰ দৌল তিনিদিনীয়া আৰু দৌল যদি তিনিদিনীয়া হয়, তেতিয়া ভৰ দৌল এদিনীয়া হয়।

প্ৰথমদিনাখন গন্ধোৎসৱ বোলা হয় আৰু এই গুৰুত্বপুৰ্ণ দিনটোত বৈষ্ণৱসকলে নল, খাগৰি, ইকৰাৰে মেজি সাজে। সেইদিনা আবেলি কলিয়া গোসাঁইক মণিকুটৰ পৰা মঠৰ চোতাললৈ অনা হয় গায়ন-বায়নসহিতে। মহাপ্ৰভুক তাৰ পিচত মেজিৰ কাষলৈ নিয়া হয়। মেজি জ্বলোৱাৰ পিচত মহাপ্ৰভুৱে মেজিক সাতবাৰ প্ৰদক্ষিণ কৰে। যাক কোৱা হয় মেজি পুঁওৱা। আতচবাজি আৰু ফানুচ গন্ধোৎসৱৰ মুল আকৰ্ষণ। মেজি পুঁওৱাৰ অন্তত কলিয়া গোঁসাইক দৌল ঘৰলৈ নিয়াৰ এক পৱিত্ৰ মুহুৰ্তত সাতটা খোজেৰে অনা হয় আৰু হোলী গীতৰ আৰম্ভণি হয়।

‘ফাগু খেলে কৰুণাময়

এ নন্দকুমাৰ’।(মাধৱদেৱ)

দ্বিতীয় দিনাখনক কোৱা হয় ভৰ দৌল। বৈষ্ণৱসকলে জগমোহনৰ ঘৰত নাম-প্ৰসংগ কৰে। পুৱাৰ প্ৰসংগৰ পিচত ওজাপালি, গায়ন-বায়ন, ঢুলীয়া নৃত্যও অনুষ্ঠিত হয়। শেষৰ দিনাখন কোৱা হয় ফাকুৱা অথবা সুৱেৰি। শেষৰ দিনাখন আবিৰ সনাৰ এক উৎসৱেৰে বৰপেটা নগৰী ৰঙীন হৈ পৰে। আকাশে-বতাহে হৃদয়পৰশা সুন্দৰ ছন্দোময় সুৰীয়া হোলী গীত-

‘গকুল মাজে

আজিহে

গকুল মাজে

মধুৰ, মধুৰ মুৰুলী বাজে।

নন্দোৰ নন্দন

ব্ৰজেৰ জীৱন

ফাগু ৰসে

খেলন খেলায়।

সুৱেৰিৰ দিনা কলীয়া গোসাঁইক কলবীৰ সত্ৰলৈ নিয়া হয় হেকেটা খুৱাবলৈ (মাহজাতীয় শস্য খুওৱা হয়), যিখন বৰপেটা কীৰ্তনঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত। বৰপেটা ৰাইজে হোলীগীত আৰু আবিৰৰ যাত্ৰাৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ঘুৰি অহাৰ পিচত ঘুনুচাৰ ঘৰৰ পৰা অহা বাবে কলীয়া গোসাঁইক ৰুক্মিণীয়ে বাধা দিয়ে আৰু বাঁহৰ হেঙাৰ ধৰা হয়। ইয়াৰ পিচত সাতবাৰ কীৰ্তনঘৰ প্ৰদক্ষিণ কৰি কলীয়া গোঁসাই পুনৰ কীৰ্তনঘৰৰ স্বস্থান গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হয়।

গোসাঁই মণিকুটলৈ যোৱাৰ পিচত ১০৮ বাৰ দবা কোবোৱা হয় আৰু এনেদৰেই উলহ-মালহেৰে দৌল উৎসৱৰ সামৰণি পৰে।

বৰপেটাৰ দৌল উৎসৱৰ এই পৰম্পৰা ৫৫০ বছৰৰো অধিক প্ৰাচীন। পুৰ্বতে এই দৌল উ্‌ৎসৱত ব্যৱহাৰ হোৱা ৰ্ংসমুহ প্ৰাকৃতিক আছিল-হেঙুল, হাইতাল ইত্যাদি। বৰ্তমান বজাৰৰ ফাকুগুড়িয়ে ব্যৱহাৰ হয়। অন্যান্য ৰঙৰ মাজৰ ‘ৰঙা’ ৰংটো অধিক ব্যৱহাৰ হয়।

‘আজি ৰঙে ৰঙে একাকাৰ

আহা ভাই খেলো সবে

মিলি প্ৰাণে প্ৰাণ’।

বৰপেটা চহৰক অসমৰ দ্বাৰকা, মথুৰা নগৰী বুলিলেও ভুল কোৱা নহ’ব। এই উৎসৱত অসমৰ  বিভিন্ন ঠাইৰ মানুহে উলাহেৰে অংশগ্ৰহণ কৰে। ৰঙা, গুলপীয়া ৰঙৰ আবিৰে সক লোৰে মন-হৃদয় ৰঙীয়াল কৰি তোলে। কৃষ্ণৰ স্তুতি আৰু প্ৰকৃতিৰ বন্দনাৰে হোলী গীতসমুহ সুৰীয়া আৰু সৃষ্টিশীল। দৌল উৎসৱৰ দিনকেইটাত সত্ৰনগৰীখন হৈ পৰে বৈকুণ্ঠপুৰী।

এইবেলিও পাঁচদিনীয়াকৈ দৌল উৎসৱ বৰপেটাত অনুষ্ঠিত হ’ব। ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ। হোলী গীতত আবিৰৰ সৈতে খেলি গাওঁ আহক-

বাজে ঢোল

বাজে খোল

হোলীৰ উঠিছে ৰোল।

লেখক: কৰবী কাকতী (দেওবৰীয়া সম্ভাৰ )

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate