মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বৰপেটাৰ হাতীদাঁতৰ শিল্প: এক বিস্মৃত ইতিহাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰপেটাৰ হাতীদাঁতৰ শিল্প: এক বিস্মৃত ইতিহাস

বৰপেটাৰ হাতীদাঁতৰ শিল্প: এক বিস্মৃত ইতিহাস

ভাৰতবৰ্ষৰ ভিন্ন স্থানত অসমীয়া শিল্পীৰ দক্ষতা, সৃষ্টিৰ নিপুণতাক সগৌৰৱে প্ৰতিষ্ঠা কৰা হাতীদাঁতৰ শিল্প আজি বিস্মৃত ইতিহাস মাথোন। হেজাৰ বছৰীয়া পৰিক্ৰমাৰ দীঘলীয়া ইতিহাস বুকুত বান্ধি মৃত্যুৰ শীতল কোলাত আশ্ৰয় লৈছে হাতীদাঁতৰ শিল্পই। অৱশ্যে ইয়াৰ মাজতে সঞ্জীৱনী সুধা দান কৰি এইবিধ অমূল্য শিল্পক বৰপেটাৰ এচাম স্বভাৱশিল্পীয়ে প্ৰায় এশ বছৰৰ বাবে জীয়াই ৰাখিছিল যদিও শেষ ৰক্ষা নহ’ল। অসমৰ বুকুৰ পৰা, বিশ্বৰ মানচিত্ৰৰ পৰা আপুৰুগীয়া শিল্প এবিধৰ কৰুণ মৃত্যু ঘটিল।

বৰপেটাৰ শিল্পীৰ হাতৰ যাদুকৰী পৰশত যেতিয়া কঠিন হাতীদাঁতৰ সামগ্ৰীত প্ৰাণৰ সঞ্চাৰ ঘটিছিল, সেই শিল্পই ৰাজ্যৰ পৰিধি ভাঙি দেশ জয় কৰিছিল, বিদেশ জয় কৰিছিল। প্ৰখ্যাত লণ্ডন মিউজিয়ামো দখল কৰি থৈছে অসমৰ এইবিধ আপুৰুগীয়া শিল্পই। বৰপেটাৰ প্ৰয়াত ৰাধানাথ দাসে যেতিয়া থলুৱা হাতুৰি-বটালিৰে হাতী দাঁতৰ ফণিখনত মহাৰাণী ভিক্টোৰীয়াৰ ছবিসহ ইংলেণ্ডৰ মোহৰ এটা অংকন কৰে, সেয়া হৈ পৰে অসমৰ গৌৰৱ। বিস্ময়ত চকু থৰ হৈ যায় চাওঁতাৰ। সেইদৰে স্বভাৱশিল্পী শৈলেন দাসেও হাতীদাঁতেৰে নিৰ্মাণ কৰি উলিওৱা গুৰু আসনখন বিশ্বৰ যিকোনো প্ৰান্ততে শ্ৰেষ্ঠতাৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম। প্ৰয়াত ৰাধানাথ দাসৰ পুত্ৰ জগন্নাথ দাসো আছিল এগৰাকী প্ৰতিভাৱান হস্তীদাঁতৰ শিল্পী।

বৰপেটাত কেতিয়াৰ পৰা হাতীদাঁতৰ শিল্পকৰ্ম আৰম্ভ হৈছিল সেই সম্পৰ্কে কোনো লিখিত তথ্য পোৱা নাযায়। সম্ভৱতঃ ঊনৈশ শতিকাৰ আৰম্ভণিত বৰপেটাত হাতীদাঁতৰ শিল্পই প্ৰাণ পাই উঠিছিল। অৱশ্যে ৰাজ্যখনৰ ক্ষেত্ৰত সেই ইতিহাস কেইবা হেজাৰ বছৰ পুৰণি। অসম বুৰঞ্জী অনুসৰি কামৰূপৰাজ বীৰ ভগদত্তই ধৰ্মৰাজ যুধিষ্ঠিৰলৈ পঠিওৱা উপহাৰৰ ভিতৰত হাতীদাঁতৰ নালেৰে তৈয়াৰী তৰোৱালো আছিল। একেদৰে বাণভট্টৰ ৰচনাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কনৌজৰ নৃপতি হৰ্ষবৰ্ধনলৈ অসমীয়া শিল্পীৰ অমৰ সৃষ্টি হাতীদাঁতৰ ‘কুণ্ডল’ আৰু আঙুঠি পঠিয়াইছিল। Dr John Peterৰ An Account of Assamত দিল্লীৰ ৰজাক সময়ে সময়ে দিয়া উপহাৰ সামগ্ৰীত হাতীদাঁতেৰে নিৰ্মিত বিচনী আৰু বহুতো মূল্যৱান সামগ্ৰী আছিল। I Donalৰ Monograph of Ivory Curving in Assam নামৰ পুথিখনত আহোমৰ শাসনকালত যোৰহাটৰ ফিজনুৰ মুছলমান নামৰ এজন হাতীদাঁতৰ শিল্পীৰ কথা পোৱা যায়।
সেই যুগত শিৱসাগৰত কিছুমান অতি নিপুণ হাতীদাঁতৰ শিল্পী আছিল। তেওঁলোকে হাতীদাঁতৰ ধুনীয়া ধুনীয়া সামগ্ৰী তৈয়াৰ কৰি ৰাজ পৰিয়ালক যোগান ধৰিছিল। সেই সময়ত হাতীদাঁতৰ শিল্পীক ‘বক্তাৰ খনিকৰ’ বোলা হৈছিল। বৰপেটাত আত্মাৰাম দাস নামৰ এজন লোকে হাতীদাঁতৰ শিল্পকৰ্ম আৰম্ভ কৰিছিল বুলি কোৱা হয়। কোনোৱে কয় তেওঁৰ ঘৰ বৰপেটাৰ বিলট্টাৰীহাটীত। আন এচামৰ মতে দক্ষিণহাটীত। কোনোৱে কোনোৱে আত্মাৰাম দাসৰ ঘৰ পাটবাউসীত আছিল বুলি ক’ব খোজে। আত্মাৰামৰ এজন শিষ্য আছিল ৰাধাকান্ত দাস। তেওঁ ১৯২৩ চনত বৰপেটাত ‘আছাম আইভ’ৰী ৱৰ্কছ’ নামৰ প্ৰতিষ্ঠান এটা মুকলি কৰিছিল। ইয়াৰ পূৰ্বে ১৯২২ চনত ছিলঙত অসম গৃহ উদ্যোগে অনুষ্ঠিত কৰা এখন বাণিজ্য মেলাত হাতীদাঁতৰ উৎকৃষ্ট শিল্পকৰ্মৰ কাৰণে চৰকাৰৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিছিল। ৰাধানাথ দাসৰ অধীনত কাম কৰি পিচত নিজাকৈ কাৰখানা কৰাসকল হৈছে—ভগৱান দাস (আছাম আইভ’ৰী ৱৰ্কছ), নৰহৰি পাঠক (নিউ আছাম আইভ’ৰী ৱৰ্কছ), কৰুণাকান্ত দাস (নিৰুপমা আইভ’ৰী ৱৰ্কছ) আৰু টিকেন বায়ন (ভগৱতী আইভ’ৰী এণ্ড উড কাটিং)। ইয়াৰে টিকেন বায়ন আৰু ৰাধাকান্ত দাসৰ নাতিৰ নিজ নিজ ঘৰৰ সন্মুখত ভগৱতী আইভ’ৰী এণ্ড উড কাটিং আৰু ৰাধানাথ আইভ’ৰী আৰ্ট হাউছৰ নামত থকা দুখন জৰাজীৰ্ণ নাম-ফলকত জীয়াই আছে বৰপেটাৰ ঐতিহ্যমণ্ডিত হাতীদাঁতৰ শিল্পৰ অস্তিত্ব। অথচ প্ৰতিষ্ঠানকেইটাত এসময়ত শিল্পীসকলে তৈয়াৰ কৰা আটক ধুনীয়া ফণি, কলম, লাখুটি, খাৰু, কাণফুলি, অলংকাৰৰ বাকচ, কণ্ঠহাৰ, সেন্দূৰৰ বাকচ, খোপাত মৰা কাঁটা, নানাবিধ মূৰ্তি আদিত দেশ-বিদেশৰ অগণন লোক মুগ্ধ হৈছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে বৰপেটাৰ হাতীদাঁতৰ শিল্পৰ উত্তৰণ, বিস্তৃতিত ইংৰাজ শাসকৰ অৱদান অপৰিসীম। বিশেষকৈ হাতীদাঁতৰ ভিন্ন বাকচ, গহনা ৰখা বাকচ, গঁড় আদি তেওঁলোকৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। স্বাধীনতাৰ পিচত বিষ্ণুৰাম মেধি, মহেন্দ্ৰমোহন চোধুৰী, বিমলাপ্ৰসাদ চলিহা আদি বিদ্বান লোকসকলে সেই শিল্পৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছিল। ৰাজ্য চৰকাৰে বছৰি ৪০ কিলোগ্ৰামকৈ হাতীদাঁত যোগান ধৰিছিল। কিন্তু CITES অৰ্থাৎ Convention of International Trade in endangered Species নামৰ সংগঠনটোৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ লগতে সকলোধৰণৰ বন্যপ্ৰাণীৰ কৰিবলৈ দাঙি ধৰা যুক্তিসংগত কাৰণ দৰ্শাই সদস্য ৰাষ্ট্ৰক বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰাত ১৯৭৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই হাতীদাঁতৰ যোগান বন্ধ কৰি দিয়ে। তেতিয়াই শিল্পবিধৰ মৃত্যুঘণ্টা বাজি উঠে। সময়ৰ পৰিক্ৰমাত আজি শিল্পবিধ অস্তিত্বই নাইকিয়া হ’ল। আজিৰ যুগত জীৱ-জন্তুৰ অংগৰে ব্যৱসায় চলি থকাটো কোনেও সমৰ্থন নকৰে। কিন্তু স্বাভাৱিকভাৱে মৃত্যু হোৱা হাতীৰ পৰা দাঁত সংগ্ৰহ কৰি সেইবোৰ কঠোৰ নীতিৰ জৰিয়তে হাতীদাঁত শিল্পলৈ যোগান ধৰাৰ ব্যৱস্থা কৰিব পৰা যায়। কিন্তু সেই দাবীক আজিও মানি নোলোৱা চৰকাৰে কিন্তু নিজৰ প্ৰয়োজনত হাতীদাঁতৰ সামগ্ৰী নিৰ্মাণ কৰোৱাই আহিছে। ১৯৮৪ চনত ৰাজ্য চৰকাৰে অসম ভ্ৰমণলৈ অহা উপ-ৰাষ্ট্ৰপতিক উপহাৰ দিয়া হাতীদাঁতৰ লাখুটি বৰপেটাৰ শিল্পীৰ হতুৱাই তৈয়াৰ কৰাইছিল। এইদৰে নিজৰ প্ৰয়োজনত আইন ভংগ কৰি হ’লেও হাতীদাঁতৰ সামগ্ৰী তৈয়াৰ কৰোৱা চৰকাৰে অসমৰ এটা আপুৰুগীয়া শিল্পকৰ্ম হিচাপে হাতীদাঁতৰ সামগ্ৰী নিৰ্মাণ কাৰ্য জীয়াই ৰখাত অকণো গুৰুত্ব নিদিলে। পৰিণতিত এসময়ত ৰজা-মহাৰাজা, সম্ভ্ৰান্তৰ পছন্দৰ সামগ্ৰী হৈ পৰা তথা সাধাৰণ ৰাইজৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ অসমৰ নাম দেশে-বিদেশে উজলাই তোলা হাতীদাঁতৰ শিল্প আজি বিস্মৃত ইতিহাস হৈ পৰিল। অৱহেলাৰ বলি হৈ বৰপেটাৰ হাতীদাঁতৰ শিল্পীয়ে চৰম দাৰিদ্ৰ্যতাৰ মাজেৰে দিন নিয়াব লাগিছে। কৰ্মহীন শিল্পীয়ে হাতীৰ দাঁত এৰি কাঠত খোদাই কৰি শিল্প প্ৰতিভাক জীয়াই ৰখাৰ কঠোৰ সংগ্ৰাম কৰিবলগা হৈছে। এই শিল্পৰ প্ৰতি ৰাজ্য চৰকাৰৰ ইমানেই অনীহা যে মহাভাৰতৰ সময়ৰ পৰা ৰাজ্যখনক মহীয়ান কৰা হাতীদাঁতৰ শিল্পক আধুনিক যুগলৈ জীয়াই ৰখা বৰপেটাৰ দুখীয়া শিল্পীসকলক পেঞ্চন দি তেওঁলোকৰ নিৰলস সাধনা, শ্ৰম, সৃষ্টিকৰ্মক স্বীকৃতি দিয়াৰো মন মেলা নেমেলিল। চৰকাৰী উপেক্ষাৰ বলি হৈ বদন চন্দ্ৰ দাস, কৰুণা দাস, ৰোহিনী দাস, ভগৱান দাসকে ধৰি এজন এজনকৈ স্বভাৱশিল্পীয়ে চৰম দাৰিদ্ৰ্যতাৰ মাজেৰে ইহলীলা সম্বৰণ কৰে। হাতীদাঁতৰ শিল্পী হিচাপে আজিলৈকে চৰকাৰী পেঞ্চন পোৱা একমাত্ৰ শিল্পীজন হৈছে টিকেন বায়ন। বাকীসকলৰ ভাগত পৰিছে মাথোঁ অৱহেলা। নিৰ্মম অৱহেলা।

লিখক: ৰঞ্জিত কুমাৰ বৰা।

2.91071428571
ধ্ৰুৱজ্যোতি কলিতা Jun 10, 2019 09:28 PM

সুন্দৰ লিখনি আমাৰ বৰপেটাৰ এক ইতিহাস শিল্পৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top