মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / বৰ্ণাঢ্য নেপালী নৃত্য মাৰুনী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্ণাঢ্য নেপালী নৃত্য মাৰুনী

বৰ্ণাঢ্য নেপালী নৃত্য মাৰুনীৰ বিষয়ে লিখা হৈছে

নেপালী সকলৰ প্ৰখ্যাত লোক নৃত্য বোৰৰ ভিতৰত মাৰুঈ অন্যতম। বছৰৰ বিভিন্ন সময়ৰ উৎসৱ – পাৰ্বণ উপলক্ষে পৰিবেশিত বাৰে – ৰহণীয়া বালক নাচ, সংগিনী নাচ, ডমফু নাচ, ধান নাচ, খুকুৰী নাচ, লাখে নাচ, মাদলে নাচ, ঘাটু নাচ, দেউছী – ভৈলী নাচ আদিৰ সুকীয়া সুকীয়া বিশেষত্ব থকাৰ দৰে মাৰুনী নাচৰো এক বিশেষ পৰিচয় আছে।

মাৰুনীৰ ‘মাৰু’ এটা সংস্কৃত শব্দ। ‘নেপালী বৃহৎ শব্দকোষ’ মতে ‘মাৰু’ৰ অৰ্থ হ’ল দীপক ৰাগত গোৱা এক প্ৰকাৰৰ গীত। এই শব্দটোৰ পিছত স্ত্ৰী – প্ৰত্যয় নী যোগ হৈ মাৰুনী শব্দৰ উৎপত্তি হৈছে। ‘মাৰুনী’ৰ অৰ্থ স্ত্ৰীৰ, ভেশত নচা আৰু গোৱা ব্যক্তি, নাচনী।

কাতি মাহৰ অমাৱস্যাৰ সন্ধিয়া লক্ষ্মী পূজা সম্পন্ন হোৱাৰ পিছত এই নৃত্য পৰিৱেশনৰ প্ৰস্তুতি চলোৱা হয়। নৃত্য প্ৰদৰ্শনৰ প্ৰক্ৰিয়া ঠাই বিশেষে কেইবাদিন লৈকে চলে। পৰম্পৰামতে একাদশীৰ দিনা নিদিৰ্ষ্ট নীতি – নিয়মৰ মাজেদি এই নৃত্যৰ সামৰণি মৰা হয়। মাৰুনী নৃত্য আৰু গীতত তালৰ এটা গুৰুত্ব পূৰ্ণ ভূমিকা থাকে। এই তালবোৰ হ’ল বিৰহিনী, খেলী, টপ্পা, লাহৰে টপ্পা, গৰ্বা, খেমটা, ছমলা, ছমলা, ছোকড়া, সাৰঠী, বিভাস আদি। সকলো তাল নেপালী মদলৰ পৰাই উলিওৱা হয়। মাৰুনী নৃত্যত দুজন মাদল বাদক আৰু দুগৰাকী মাৰুনী বা নৰ্তকী থাকে। তদুপৰি মুখা আদি পিন্ধা এজন বহুৱা থাকে। মাদলৰ ধুনৰ লগত বাঁহী আৰু তালৰো সংযোজন ঘটনা হয়। মাৰুনীৰ সাজ – পোছাক পিন্ধাৰ পিছত নৃত্যৰ সামৰণি নমৰালৈকে সেই একে পোছাকেৰে ঘৰে ঘৰে নৃত্য প্ৰদৰ্শন কৰিব লগা হোৱাত পুৰুষেই নাৰীৰ ভেশ লৈ নৃত্য পৰিৱেশন কৰে। মাৰুনী নৃত্য অধিক আকৰ্ষণীয় আৰু আমোদ জনক হোৱাৰ ইও এটা কাৰণ। প্ৰথমে মাদলে বা মাদল বায়ন জনে নেপালী সাজ – পোছাক যেনে দৌৰা (বিশেষ ধৰণৰ এবিধ নেপালী চোলা), ছুৰুৱাল (বিশেষ ধৰণৰ নেপালী পেণ্ট), ইষ্টকোট (দৌৰাৰ ওপৰত পিন্ধা এবিধ হাতকটা কোট), টুপী আৰু পটুকা (কঁকালত মেৰিওৱা কাপোৰ) পিন্ধি লয় আৰু মাদল আৰি লয়। উল্লেখযোগ্য, মাৰুনী নৃত্য পৰিৱেশনৰ বাবে আন আন নৃত্যৰ দৰে আগৰে পৰা ‘মাৰুনী’ সাজু হৈ নাথাকে। মাৰুনীয়ে গীত আৰু তালৰ ছেৱে ছেৱে আগতে সাজু কৰি থোৱা প্ৰয়োজনীয় পোছাক এখন এখনকৈ পিন্ধি লয়। এই পোছাক যোৰ হ’ল – গুণ্যু (শাৰী), চোলী (মহিলাই পিন্ধা চোলা), পছ্যৌৰী (বুকু আৰু পিঠিৰ ফালে মেৰিওৱা এটুকুৰা দীঘল কাপোৰ), পটুকী (কঁকালত মহিলাই মেৰিওৱা কাপোৰ), ঘুংঘুৰু, পোতে (বিবাহিতা মহিলাই পিন্ধা এবিধ মালা, স্বামীৰ জীৱিতাৱস্থা), চুৰা (খাৰু), কল্লী (মহিলা সকলে ভৰিত পিন্ধা এবিধ ৰুপৰ গহণা), শিৰফুল (মহিলা সকলে মূৰত পিন্ধা চকৰিৰ আকৃতিৰ এবিধ মূল্যৱান গহনা) আদি।

মাৰুনী নাচ পৰিৱেশক সকলে দিনটো উপবাসে থাকি সন্ধিয়া গুৰুৰ (নৃত্যৰ বিধি জনা অভিজ্ঞ সংগীত সাধক) ঘৰত সমবেত হৈ বিধি – বিধান মতে নৃত্যৰ আৰম্ভণি কৰে। বাদ্যযন্ত্ৰটোক নাৰ্জি ফুলেৰে সু – সজ্জিত কৰা হয়। অভিজ্ঞ গুৰুৱে সংগীতৰ এক বিশেষ শক্তি সৃষ্টি কৰি মাৰুনী আৰু মাদলেকেইজনৰ গাত কম্পন সৃষ্টি কৰে। আউসীৰ সন্ধিয়া দীপান্বিতা আৰু লক্ষ্মী পূজাৰ পিছত মহিলা সকলে যেতিয়া পৰম্পৰাগত ভৈলেনী গীতেৰে গোটেই অঞ্চল তোলপাৰ লগায়, তেতিয়াই মাৰুনী নাচ আৰম্ভ হয়। আৰম্ভণিৰ সময়ত চোতালত বিভিন্ন ৰঙৰ কাপোৰৰ টুকুৰা বান্ধি এডাল খুঁটি (লিংগো) পুতি লয় আৰু গায় :

পূৰ্বৈ দিছাবাট আয় যোগী

বস্যো যোগ আগনৈমা, ধুনী লগাই …

ইয়াৰ পিছত ‘শষি’ বা ‘সখী’ গোৱা হয়। ‘সখি’ গোৱা কামটো অত্যন্ত কঠিন। কাৰণ, সংগীতৰ নিৰ্দিষ্ট তাল, ‘মাৰুনী’ৰ মুদ্ৰা আৰু গীতৰ সঠিক লয় বা শুদ্ধতাৰ সমাহাৰ নঘটিলে গায়ন জনৰ গাত কম্পন উঠে। মাদলৰ দুং দুং তালৰ লগত মাৰুনীয়ে থিয় হৈ ঘুংঘুৰ বজায়। গীতৰ মাজেৰে উপাস্য দেৱ – দেৱী, নদী – নলা, পৰ্বত – পাহাৰ, মাটি – বায়ু অদি সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা জনোৱা হয়। দীঘলীয়া নৃত্য অভিযানৰ সময়ত যাতে কোনো অপায় – অমংগল নহয় তাৰ বাবেই এই প্ৰাৰ্থনা। মাৰুনী নৃত্যৰ বহুৱা জনক ‘ঢটুৱাৰে’ বুলি কোৱা হয়। এই জনে ক্ৰমে নৃত্যৰ নিৰ্দেশকৰ ভাও লয়। ঘৰে ঘৰে গৈ প্ৰদৰ্শন কৰা এই নাচৰ সময়ত একালত মাজত ‘ধুনী’ লগোৱা (জুই জ্বলোৱা) প্ৰথাও আছিল। মাৰুনী নৃত্যৰ প্ৰতিটো অংশই একোটা তাৎপৰ্য্য বহন কৰে। ঘাইকৈ মাদল বা মৃদংগই সৃষ্টি, হাতৰ ভংগিমাই ৰক্ষা, ‘ধুনী’য়ে সংহাৰ আৰু ভৰিৰ তালে মুক্তি বজায়।

মাৰুনী নাচৰ আটাইতকৈ মৰ্মস্পৰ্শী তাল হ’ল বিৰহিনী। সোৰঠী তাল আৰু গীত ভৰ নিশাতহে প্ৰয়োগ কৰাৰ নিয়ম। গৃহস্থক আশীৰ্বাদ দিয়াৰ সময়ত মাৰুনী আৰু বহুৱাই নাৰ্জি ফুল আৰু দৈ - চাউল মিহলাই তৈয়াৰ কৰা ‘অক্ষতা’ ছটিয়াই ছটিয়াই মাদলৰ তালে তালে নাচে আৰু মাদল বায়ন জনে গায় :

‘য়াছৈ ৰ ঘৰকো কুলপিত্ৰ দেৱতালাই

অছেতা পাতী চড়াই জাউলা

নাংলোমাথি ফুল ৰ পাতি

ফুল পাতী মাথি সুৱৰ্ণকো অছেতা …

একাদশীৰ দিনা মাৰুনীৰ সাজ – পোছাক বিধি মতে এখন এখনকৈ খোলা হয়। প্ৰথমতে যি খন ঘৰত নাচৰ প্ৰস্তুতি চলোৱা হৈছিল সেই ঘৰতে পুনৰ সমবেত হৈ সামৰণী অনুষ্ঠান পতা হয়। আৰম্ভণী আৰু সামৰণী অনুষ্ঠান যথেষ্ট কৌতুহলপূৰ্ণ হয় বাবে দৰ্শকৰ ভিৰ লাগে। সাজ – পোছাকবোৰ খুলি খোৱাৰ পিছত নৃত্যত অংশ লোৱা প্ৰ্তিজনেই ঘীৰ ধূপ, অক্ষতা, ফুল আদিৰে সজা – পোছাক, দীপ, কলহ, মুখা আদিক পূজা কৰে। সংগৃহীত দান – দক্ষিণাৰে ভোজ খায়। অৱশিষ্ট খিনিৰে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা সামূহিক ভোজ খায়। কুকুৰাৰ মাংস আৰু চাউলৰ খিচিৰিৰ এই ভোজটোক ‘ৱাচিপপা’ বুলি কোৱা হয়। ৰাই ভাষিকামতে ‘ৱা’ মানে ‘কুকুৰা’ আৰু ‘চিপ্‌পা’ মানে খিচিৰি। অৱশ্যে কোনো কোনোৱে এনে জমা ধন খিনি সামাজিক কামত ব্যৱহাৰ কৰাও দেখা যায়। নানা বৈশিষ্ট্যৰে পূৰ্ণ মাৰুনী নৃত্যৰ এই চুটি লেখাত পৰিচয় দিয়াটো মুঠেই সম্ভৱ নহয়। ই হ’ব পাৰে গৱেষণাৰ বিশাল ভাণ্ডাৰ। উদাৰ সংস্কৃতি প্ৰাণ গৱেষক আৰু দক্ষ কলা – কুশলীৰ অভাৱত এই আপুৰুগীয়া প্ৰাচীন নেপালী সংস্কৃতিৰ প্ৰকৃত স্বৰুপ বৰ্তমান বিলুপ্তিৰ পথত। উত্তৰ ভাৰত আৰু নেপালৰ পাৰ্বত্য এলেকাবাসী খাচ গ্ৰামীণ ওক সকলৰ একাংশৰ মাজতহে ই কিছু পৰিমাণে সংৰক্ষিত। মাৰুনী নৃত্যৰ দৰেই এসময়ত ভৰত – নাট্যম, কথাকলি, কথক আদি নৃত্য একশ্ৰেণীৰ লোকৰ মাজত সীমিত আছিল যদিও আধুনিক শাস্ত্ৰীয় নৃত্যৰ ৰুপ পাই বিশ্বৰ দৰবাৰত চমকি উঠিছে। নেপালী সংস্কৃতিৰ বিষয়ে পণ্ডিত পৰমহংস মিশ্ৰই কৈছে – ‘মেৰী য়হ ধাৰণা হে কি নেপালী সংস্কৃতি সংসাৰকী সৰ্বশ্ৰেষ্ঠ সংস্কৃতি হেয়’। কিন্তু পৰিতাপৰ বিষয় যে এনে শ্ৰেষ্ঠ সংস্কৃতিৰ বহুমূলীয়া নৃত্যবোৰ আৰু কিমানদিন উপেক্ষিত হৈ থাকিব।

লেখক : ডম্বৰ দাহাল(লোক – সংস্কৃতিৰ সঁফুৰা)

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top